এডমাণ্ড হিলাৰী
| ছাৰ এডমাণ্ড হিলাৰী | |||||||||||||
|---|---|---|---|---|---|---|---|---|---|---|---|---|---|
১৯৫৩ চনত হিলাৰী | |||||||||||||
| জন্ম | এডমাণ্ড পাৰ্চিভাল হিলাৰী ২০ জুলাই, ১৯১৯ অকলেণ্ড, নিউজিলেণ্ড | ||||||||||||
| মৃত্যু | ১১ জানুৱাৰী, ২০০৮ (৮৮ বছৰ) অকলেণ্ড, নিউজিলেণ্ড | ||||||||||||
| জনা যায় | টেনজিং নৰ্গেৰ সৈতে, প্ৰথমে মাউণ্ট এভাৰেষ্টৰ শিখৰত উপনীত হোৱা | ||||||||||||
| দাম্পত্যসঙ্গী |
| ||||||||||||
| সন্তান | ৩, পিটাৰ আৰু চাৰাকে (চাৰা এগৰাকী শিল্পী) ধৰি | ||||||||||||
| |||||||||||||
| স্বাক্ষৰ | |||||||||||||
ছাৰ এডমাণ্ড পাৰ্চিভাল হিলাৰী (ইংৰাজী: Sir Edmund Percival Hillary )(জন্ম,২০ জুলাই ১৯১৯ – মৃত্যু, ১১ জানুৱাৰী ২০০৮) আছিল নিউজিলেণ্ডৰ এজন পৰ্বতাৰোহী, অভিযাত্ৰী,লেখক আৰু দানশীল ব্যক্তি। ১৯৫৩ চনৰ ২৯ মে’ত হিলাৰী আৰু শ্বেৰ্পাৰ পৰ্বতাৰোহী টেনজিং নৰ্গেই মাউণ্ট এভাৰেষ্টৰ শিখৰত উপনীত হোৱাটো নিশ্চিত হোৱা প্ৰথম পৰ্বতাৰোহী হিচাপে পৰিগণিত হয়। জন হাণ্টৰ নেতৃত্বত এভাৰেষ্টলৈ যোৱা নৱম ব্ৰিটিছ অভিযানৰ অংশ আছিল। ১৯৮৫ চনৰপৰা ১৯৮৮ চনলৈ তেওঁ ভাৰত আৰু বাংলাদেশত নিউজিলেণ্ডৰ উচ্চায়ুক্ত আৰু সমান্তৰালভাৱে নেপালৰ ৰাষ্ট্ৰদূত হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
মাধ্যমিক বিদ্যালয়ত পঢ়ি থকাৰ সময়তে হিলাৰীয়ে পৰ্বতাৰোহণৰ প্ৰতি আগ্ৰহী হৈ পৰিছিল। ১৯৩৯ চনত তেওঁ প্ৰথমটো ডাঙৰ আৰোহণ কৰিছিল, মাউণ্ট অলিভিয়াৰ শিখৰত উপনীত হৈ। [2] দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত তেওঁ ৰয়েল নিউজিলেণ্ড বায়ুসেনাত নেভিগেটৰ হিচাপে কাম কৰিছিল আৰু বিমান দুৰ্ঘটনাত আহত হৈছিল।
কমনৱেলথ ট্ৰেন্স-এণ্টাৰ্কটিক অভিযানৰ অংশ হিচাপে হিলাৰীয়ে ১৯৫৮ চনত স্থলপথেৰে দক্ষিণলৈ যাত্ৰা কৰিছিল। মৰুভূমিত উপনীত হৈছিল। পিছলৈ তেওঁ উত্তৰ মেৰুতো উপস্থিত হ’ল; ইয়াৰ জৰিয়তে তেওঁ দুয়োটা মেৰু ভ্ৰমণ কৰা প্ৰথমজন ব্যক্তি হৈ পৰে আৰু মাউণ্ট এভাৰেষ্টৰ শিখৰত বগাইছিল। ‘টাইম’ আলোচনীয়ে তেওঁক ২০ শতিকাৰ ১০০ জন প্ৰভাৱশালী ব্যক্তিৰ ভিতৰত অন্যতম বুলি অভিহিত কৰিছে। [3]
১৯৬০ চনৰপৰা হিলাৰীয়ে প্ৰতিষ্ঠা কৰা হিমালয়ান ট্ৰাষ্টৰ জৰিয়তে নেপালৰ শ্বেৰপা জনসাধাৰণৰ সেৱাৰ বাবে নিজৰ জীৱন উৎসৰ্গা কৰিছিল। কোৱা হয় যে তেওঁৰ এই প্ৰচেষ্টাৰ ফলত নেপালত অসংখ্য বিদ্যালয় আৰু চিকিৎসালয় নিৰ্মাণ হৈছিল। ১৯৯৫ চনত অৰ্ডাৰ অৱ দ্য গাৰ্টাৰকে ধৰি বহু সন্মানেৰে সন্মানিত হৈছিল হিলাৰী। ২০০৮ চনত তেওঁৰ মৃত্যুৰ পাছত নিউজিলেণ্ডত ৰাষ্ট্ৰীয় সন্মানেৰে তেওঁক সমাধিস্থ কৰা হয়।
প্ৰাৰম্ভিক জীৱন
[সম্পাদনা কৰক]
১৯১৯ চনৰ ২০ জুলাইত নিউজিলেণ্ডৰ অকলেণ্ডত পাৰ্চিভাল অগাষ্টাছ "পাৰ্চি" (১৮৮৫–১৯৬৫) আৰু গেৰ্ট্ৰুড (জন্ম ক্লাৰ্ক) (১৮৯২–১৯৬৫) হিলাৰীৰ ঘৰত হিলাৰীৰ জন্ম হয়।[4][5] তেওঁৰ পিতৃ পাৰ্চিয়ে ১৫ নং (উত্তৰ অকলেণ্ড) ৰেজিমেণ্টৰ সৈতে গালিপলিত সেৱা আগবঢ়াইছিল আৰু ১৯১৬ চনত সেনাবাহিনীৰপৰা তেওঁক চিকিৎসাগতভাৱে অযোগ্য বুলি ঘোষণা কৰা হৈছিল; নিউজিলেণ্ডলৈ উভতি অহাৰ পাছত তেওঁ গেৰ্ট্ৰুডক বিয়া কৰায়। তেওঁৰ ককাদেউতাক এডমাণ্ড ৰেমণ্ড হিলাৰী (জন্ম ১৮৩৬) ইংলেণ্ডৰ লেংকাশ্বাৰৰ, ১৯ শতিকাৰ মাজভাগত উত্তৰ ৱাইৰোয়া অঞ্চলত বসতি স্থাপন কৰা ঘড়ী নিৰ্মাতা। তেওঁ আয়াৰলেণ্ডৰ এনি "ইডা" ফ্লেমিংক বিয়া কৰায় আৰু তেওঁলোকৰ চাৰিটা সন্তান জন্ম হয়। [6][7]
দ্বিতীয় বিশ্বযুদ্ধ
[সম্পাদনা কৰক]অভিযান
[সম্পাদনা কৰক]১৯৪৮ চনৰ জানুৱাৰী মাহত হিলাৰীয়ে অন্যান্য পৰ্বতাৰোহীসকলৰ সৈতে নিউজিলেণ্ডৰ সৰ্বোচ্চ শৃংগ আওৰাকি / মাউণ্ট কুকৰ দক্ষিণ শিখৰত আৰোহণ কৰে।[8] ১৯৪৮ চনত লা পেৰ’জত তেওঁ সহযোগী পৰ্বতাৰোহী নৰ্মান হাৰ্ডিৰ সৈতে বন্ধুত্ব কৰি এক কষ্টকৰ অভিযানত অংশগ্ৰহণ কৰে। ১৯৫১ চনত এৰিক শ্বিপটনৰ নেতৃত্বত এভাৰেষ্টলৈ যোৱা ব্ৰিটিছ অভিযানকাৰী দলটোত তেওঁ অংশ গ্ৰহণ কৰিছিল,[9] তাৰ পিছত ১৯৫৩ চনৰ সফল ব্ৰিটিছ অভিযানত যোগদান কৰে। ১৯৫২ চনত হিলাৰী আৰু জৰ্জ ল' শ্বিপটনৰ নেতৃত্বত চো অউত উঠিবলৈ চেষ্টা কৰা ব্ৰিটিছ দলটোৰ অংশ আছিল। নেপালৰফালৰপৰা উপযুক্ত পথৰ অভাৱত সেই প্ৰচেষ্টা বিফল হোৱাৰ পিছত হিলাৰী আৰু ল’ৱে নুপ লা পাছ পাৰ হৈ তিব্বতত প্ৰৱেশ কৰি উত্তৰ দিশৰ পুৰণি কেম্প ২ পালে, য’ত পূৰ্বৰ সকলো অভিযানৰ দলে শিবিৰ পাতিছিল।[10]
ব্যক্তিগত জীৱন
[সম্পাদনা কৰক]

এভাৰেষ্টৰ শিখৰত উপনীত হোৱাৰ পিছতে ১৯৫৩ চনৰ ৩ ছেপ্টেম্বৰত হিলাৰীয়ে লুইজ মেৰী ৰোজ (১৯৩০–১৯৭৫)ৰ সৈতে বিবাহপাশত আবদ্ধ হয়; তেওঁ স্বীকাৰ কৰিছিল যে তেওঁ লুইজক প্ৰেমৰ প্ৰস্তাৱ দিবলৈ বৰ ভয় খাইছিল আৰু তেওঁৰ হৈ প্ৰেমৰ প্ৰস্তাৱ দিবলৈ লুইজৰ মাকৰ ওপৰত নিৰ্ভৰ কৰিছিল।[11][12] তেওঁলোকৰ তিনিটা সন্তান আছিল: পিটাৰ (জন্ম ১৯৫৪), চাৰা (জন্ম ১৯৫৬) আৰু বেলিণ্ডা (১৯৫৯ – ১৯৭৫)। [13]১৯৭৫ চনৰ ৩১ মাৰ্চত কাঠমাণ্ডু বিমানবন্দৰৰ ওচৰত উৰণৰ কিছুসময়ৰ পাছতে লুইছ আৰু বেলিণ্ডাৰ বিমান দুৰ্ঘটনাত মৃত্যু হয়, হিলাৰীৰ সৈতে তেওঁৰ পত্নী আৰু পুত্ৰ ফাফ্লু গাঁৱত যোগদান কৰিবলৈ যোৱাৰ গৈছিল, য'ত হিলাৰীয়ে এখন চিকিৎসালয় নিৰ্মাণত সহায় কৰি আছিল।[14]
১৯৮৯ চনত তেওঁৰ ঘনিষ্ঠ বন্ধু পিটাৰ মালগ্ৰ'ৰ বিধৱা জুন মালগ্ৰ'ৰ সৈতে বিবাহপাশত আবদ্ধ হয় আৰু ১৯৭৯ চনত এয়াৰ নিউজিলেণ্ডৰ ৯০১ নং বিমানত পিটাৰৰ মৃত্যু হৈছিল।[11] জুন, লেডী হিলাৰীৰ মৃত্যু হয় অকলেণ্ডত ২০২৪ চনৰ ১ জুনত।[15]
তেওঁৰ পুত্ৰ পিটাৰ হিলাৰীয়েও এজন পৰ্বতাৰোহী হৈ পৰিছিল, ১৯৯০ চনত এভাৰেষ্টৰ শিখৰত উপনীত হৈছিল। ২০০২ চনৰ মে' মাহত পিটাৰে ৫০বছৰীয়া জয়ন্তী উদ্যাপনৰ অংশ হিচাপে এভাৰেষ্ট বগাইছিল; জামলিং টেনজিং নৰ্গে (১৯৮৬ চনত মৃত্যু হোৱা টেনজিঙৰ পুত্ৰ)ও এই অভিযানৰ অংশ আছিল। [16]
মৃত্যু
[সম্পাদনা কৰক]২০০৭ চনৰ ২২ এপ্ৰিলত কাঠমাণ্ডু ভ্ৰমণৰ সময়ত হিলাৰী ঢলি পৰে, আৰু নিউজিলেণ্ডলৈ উভতি অহাৰ পাছত চিকিৎসালয়ত ভৰ্তি হয়।[17]
২০০৮ চনৰ ১১ জানুৱাৰীত ৮৮ বছৰ বয়সত অকলেণ্ড চিটি হাস্পতালত হৃদৰোগত আক্ৰান্ত হৈ তেওঁৰ মৃত্যু হয়। [18][19] নিউজিলেণ্ডৰ চৰকাৰী ভৱন আৰু এণ্টাৰ্কটিকাৰ স্কট বেছত পতাকা অৰ্ধনিমিত উৰুৱাই দিয়া হৈছিল, আৰু প্ৰধানমন্ত্ৰী হেলেন ক্লাৰ্কে হিলাৰীৰ মৃত্যুক "নিউজিলেণ্ডৰ বাবে এক গভীৰ ক্ষতি" বুলি অভিহিত কৰিছিল।
২১ জানুৱাৰীত হিলাৰীৰ কফিন অকলেণ্ডৰ হলি ট্ৰিনিটি কেথেড্ৰেলত সমাধিস্থ কৰা হয়। পাছদিনা ২০০৮ চনৰ ২২ জানুৱাৰীত হিলাৰীৰ কফিনটো ওচৰৰ ছেইণ্ট মেৰী চাৰ্চলৈ লৈ যোৱা হয় ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ অন্ত্যেষ্টিক্ৰিয়াৰ বাবে, তাৰ পিছত তেওঁৰ মৃতদেহ দাহ কৰা হয়। ২০০৮ চনৰ ২৯ ফেব্ৰুৱাৰীত তেওঁৰ ইচ্ছা অনুসৰি তেওঁৰ বেছিভাগ ছাই অকলেণ্ডৰ হাউৰাকি উপসাগৰত ডুবাই দিয়া হয়। বাকী থকা ছাইখিনি এভাৰেষ্টৰ ওচৰৰ নেপালী মঠ এটাক গতাই দিয়া হ’ল; শীৰ্ষ সন্মিলনত ছাই ডুবাই ৰখাৰ পৰিকল্পনা ২০১০ চনত বাতিল কৰা হৈছিল।
প্ৰকাশিত গ্ৰন্থ
[সম্পাদনা কৰক]| শীৰ্ষক | বছৰ | প্ৰকাশক | ISBN/ASIN | সহ-লেখক | উৎস |
|---|---|---|---|---|---|
| High Adventure[টোকা 1] | 1955 | Hodder & Stoughton[টোকা 2] | আই.এচ.বি.এন. 1-932302-02-6[টোকা 3] | n/a | [20][21] |
| East of Everest – An Account of the New Zealand Alpine Club Himalayan Expedition to the Barun Valley in 1954 | 1956 | E. P. Dutton | ASIN B000EW84UM | George Lowe | [20] |
| No Latitude for Error | 1961 | Hodder & Stoughton. | ASIN B000H6UVP6 | n/a | [20][21] |
| The New Zealand Antarctic Expedition | 1959 | R.W. Stiles, printers. | ASIN B0007K6D72 | n/a | |
| The Crossing of Antarctica: The Commonwealth Transantarctic Expedition, 1955–1958 | 1958 | Cassell | ASIN B000HJGZ08 | Vivian Fuchs | [20] |
| High in the Thin Cold Air[টোকা 4] | 1962 | Doubleday | ASIN B00005W121 | Desmond Doig | [20] |
| Schoolhouse in the Clouds | 1965 | Hodder & Stoughton | ASIN B00005WRBB | n/a | [20] |
| Nothing Venture, Nothing Win | 1975 | Hodder & Stoughton | আই.এচ.বি.এন. 0-340-21296-9 | n/a | [20] |
| From the Ocean to the Sky: Jet Boating Up the Ganges | 1979 | Viking | আই.এচ.বি.এন. 0-7089-0587-0 | n/a | [20] |
| Two Generations[টোকা 5] | 1984 | Hodder & Stoughton | আই.এচ.বি.এন. 0-340-35420-8 | Peter Hillary | [টোকা 6][20] |
| View from the Summit: The Remarkable Memoir by the First Person to Conquer Everest | 2000 | আই.এচ.বি.এন. 0-7434-0067-4 | n/a |
টোকা
[সম্পাদনা কৰক]- ↑ Also High Adventure: The True Story of the First Ascent of Everest
- ↑ (reprinted Oxford University Press) (paperback)
- ↑ and আই.এচ.বি.এন. 0-19-516734-1
- ↑ the story of the Himalayan Expedition, led by Sir Edmund Hillary, sponsored by World Book Encyclopedia
- ↑ reissued as Ascent: Two Lives Explored: The Autobiographies of Sir Edmund and Peter Hillary
- ↑ (1992) Paragon House Publishers আই.এচ.বি.এন. 1-55778-408-6.
তথ্যৰ উৎস
[সম্পাদনা কৰক]- ↑ "Edmund Percival Hillary". Online Cenotaph. Auckland War Memorial Museum. https://www.aucklandmuseum.com/war-memorial/online-cenotaph/record/C122000। আহৰণ কৰা হৈছে: 3 February 2022.
- ↑ "Sir Edmund Hillary Biography and Interview". American Academy of Achievementwww.achievement.org. https://www.achievement.org/achiever/sir-edmund-hillary/#interview.
- ↑ "Time 100 Persons of the Century". Time. 6 June 1999. Archived from the original on 23 May 2016. https://web.archive.org/web/20160523112333/http://content.time.com/time/magazine/article/0,9171,26473,00.html। আহৰণ কৰা হৈছে: 31 May 2017.
- ↑ "Famous New Zealanders". Christchurch City Libraries. Archived from the original on 17 May 2008. https://web.archive.org/web/20080517073005/http://library.christchurch.org.nz/Kids/FamousNewZealanders/more/SirEdmundHillary.asp। আহৰণ কৰা হৈছে: 23 January 2007.
- ↑ "Edmund Hillary". প্ৰকাশক Wellington, New Zealand: Research and Publishing Group of the New Zealand Ministry for Culture and HeritageNew Zealand History. https://nzhistory.govt.nz/culture/edmund-hillary। আহৰণ কৰা হৈছে: 15 February 2018.
- ↑ Gill, Michael (2019). Edmund Hillary – A Biography: The Extraordinary Life of the Beekeeper Who Climbed Everest. Vertebrate. ISBN 9781911342977. https://books.google.com/books?id=v92LDwAAQBAJ&q=edmund+hillary+grandfather+edmund+yorkshire&pg=PT13। আহৰণ কৰা হৈছে: 22 September 2020.
- ↑ Tyler, Heather (8 October 2005). "Authorised Hillary biography reveals private touches". The New Zealand Herald. NZPA. Archived from the original on 19 October 2013. https://web.archive.org/web/20131019063318/http://www.nzherald.co.nz/nz/news/article.cfm?c_id=1&objectid=10349189.
- ↑ Langton, Graham (22 June 2007). "Ayres, Horace Henry 1912–1987". Dictionary of New Zealand Biography. Ministry for Culture and Heritage. http://www.dnzb.govt.nz/dnzb/default.asp?Find_Quick.asp?PersonEssay=5A28। আহৰণ কৰা হৈছে: 2 December 2009.
- ↑ Isserman, Maurice; Weaver, Stewart (2008). Fallen Giants : A History of Himalayan Mountaineering from the Age of Empire to the Age of Extremes. প্ৰকাশক New Haven: Yale University Press. পৃষ্ঠা. 278. ISBN 9780300115017. https://archive.org/details/fallengiantshist00isse_286.
- ↑ Barnett, Shaun (7 December 2010). "Cho Oyu expedition team, 1952". Te Ara: The Encyclopedia of New Zealand. Archived from the original on 13 March 2011. Retrieved 2 January 2013. Unknown parameter
|url-status=ignored (help) - 1 2 National Geographic, "Everest: 50 Years and Counting". Retrieved 22 January 2007.
- ↑ Famous New Zealanders. Retrieved 22 January 2007.
- ↑ Ministry for Culture and Heritage (20 December 2012). "From Everest to the South Pole". https://nzhistory.govt.nz/culture/edmund-hillary/everest-to-south-pole। আহৰণ কৰা হৈছে: 17 May 2020.
- ↑ Gill, Michael (24 September 2014). "'Dishevelled' pilot who caused Hillary tragedy should have been barred". Stuff. https://www.stuff.co.nz/national/96860943/dishevelled-pilot-who-caused-hillary-family-tragedy-should-have-been-barred-from-flying-new-biography-reveals। আহৰণ কৰা হৈছে: 30 May 2020.
- ↑ "Sir Edmund Hillary's wife Lady June dies, aged 92". The New Zealand Herald. 1 June 2024. https://www.nzherald.co.nz/nz/sir-edmund-hillarys-wife-lady-june-dies-aged-92/326ZUOHE4VHVPPSCJJ3AEBH3VM/.
- ↑ National Geographic 50th Anniversary Everest Expedition Reaches Summit Archived 30 September 2013 at the Wayback Machine, National Geographic News, 25 May 2002. Retrieved 5 May 2011.
- ↑ Dye, Stuart (24 April 2007). "Clark sends goodwill message to Sir Edmund". The New Zealand Herald. Archived from the original on 29 September 2007. https://web.archive.org/web/20070929224034/http://www.nzherald.co.nz/section/1/story.cfm?c_id=1&objectid=10435883.
- ↑ McKenzie-Minifie, Martha (11 January 2008). "State funeral for Sir Edmund Hillary". The New Zealand Herald. http://www.nzherald.co.nz/section/1/story.cfm?c_id=1&objectid=10482156.
- ↑ "Everest hero Edmund Hillary dies". BBC News. 11 January 2008. https://news.bbc.co.uk/2/hi/asia-pacific/7182376.stm.
- 1 2 3 4 5 6 7 8 9 Hillary, Sir Edmund Percival. (2011). In L. Rodger, & J. Bakewell, Chambers Biographical Dictionary (9th ed.). London, UK: Chambers Harrap. Retrieved from https://search.credoreference.com/content/entry/chambbd/hillary_sir_edmund_percival/1?institutionId=292[সংযোগবিহীন উৎস]
- 1 2 Hillary, Sir Edmund Percival. (2017). In P. Lagasse, & Columbia University, The Columbia encyclopedia (7th ed.). New York, NY: Columbia University Press. Retrieved from https://search.credoreference.com/content/entry/columency/hillary_sir_edmund_percival/0?institutionId=292[সংযোগবিহীন উৎস]
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]- এডমাণ্ড হিলাৰী সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।
- On top of the world: Ed Hillary at nzhistory.net.nz
- Videos (10) at the New Zealand National Film Unit
- Obituary of Edmund Hillary Archived 2011-12-11 at the Wayback Machine at tributes.com
- "Interview with Sir Edmund Hillary: Mountain Climbing" at Smithsonian Folkways
- Edmund Hillary on BBC Radio 4's Desert Island Discs, 17 April 1979
- Edmund Hillary's collection at Auckland War Memorial Museum Tāmaki Paenga Hira
- Edmund Hillary addressing The New York Herald Tribune Book and Author Luncheon, February 10, 1954 broadcast by WNYC
- "Obituary: Sir Edmund Hillary". The Telegraph. 11 January 2008. https://www.telegraph.co.uk/news/obituaries/1575208/Sir-Edmund-Hillary.html। আহৰণ কৰা হৈছে: 19 October 2018.
- Works by or about এডমাণ্ড হিলাৰী at Internet Archive