সমললৈ যাওক

এডিথ হেলেন পল

অসমীয়া ৱিকিপিডিয়াৰ পৰা
এডিথ হেলেন পল
জন্ম ১৪ জানুৱাৰী ১৯০২[1][2]
চুনাৰ, ব্ৰিটিছ ভাৰত
মৃত্যু ১৯৭৫ (বয়স ৭৩)
পেচা মেডিকেল নাৰ্ছ
বঁটা, সন্মান, পুৰস্কাৰ আদি পদ্মশ্ৰী
ফ্ল'ৰেন্স নাইটিংগেল পদক

এডিথ হেলেন পল (ইংৰাজী: Edith Helen Paull; ১৪ জানুৱাৰী ১৯০২ – ১৯৭৫) ভাৰতীয় ৰেড ক্ৰছ ছ’চাইটিৰ সৈতে জড়িত উত্তৰ প্ৰদেশৰ এগৰাকী ভাৰতীয় চিকিৎসা নাৰ্ছ আছিল।[3][4]

তেওঁ লণ্ডনৰ বেডফোৰ্ড কলেজত ফ্লৰেন্স নাইটিংগেলৰ বৃত্তিৰ সহায়ত নাৰ্চিং অধ্যয়ন কৰি ১৯২৮ চনত কেৰিয়াৰ আৰম্ভ কৰে।[5] নতুন দিল্লীৰ লেডী হাৰ্ডিং মেডিকেল কলেজ হাস্পতাল, এলাহাবাদৰ চৰকাৰী অসামৰিক চিকিৎসালয়, মুম্বাইৰ গোকুলদাস তেজপাল হাস্পতাল আৰু পুনেৰ জেহাংগীৰ হাস্পতালত নাৰ্চিং মেট্ৰনৰ পদত অধিষ্ঠিত হৈ ছবছৰ ধৰি দ্য ট্ৰেইনড নাৰ্ছ এছ’চিয়েচন অৱ ইণ্ডিয়াৰ সভাপতিত্ব কৰিছিল।[5] ১৯৬৪ চনত ফ্লোৰেন্স নাইটিঙেল পদক বিজয়ী, ১৯৬৭ চনত ভাৰত চৰকাৰৰ তৰফৰ পৰা সমাজলৈ‍ আগবঢ়োৱা অৱদানৰ বাবে দেশৰ চতুৰ্থ সৰ্বোচ্চ ভাৰতীয় অসামৰিক সন্মান পদ্মশ্ৰীৰে তেওঁক সন্মানিত কৰা হৈছিল।[5][6]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. Edith Helen Paull, hospital sister in Surrey. 1939 England and Wales Register
  2. California, Passenger and Crew Lists, 1882-1959; Edith Helen Paull; Departure: Calcutta, India; Arrival: 25 Aug 1946 - San Francisco, California
  3. "A warm tribute to late Miss Edith Helen Paull". Nurs J India খণ্ড 66 (8): 184. August 1975. PMID 1105448. 
  4. Korah M (June 1975). "Reminiscence of a friend whose demise has left a void (Miss Edith Helen Paull)". Nurs J India খণ্ড 66 (6): 126. PMID 1096091. 
  5. 5.0 5.1 5.2 "International Red Cross". International Red Cross. 1964. https://www.loc.gov/rr/frd/Military_Law/pdf/RC_May-1964.pdf। আহৰণ কৰা হৈছে: 9 May 2015. 
  6. "Padma Shri". Padma Shri. 2015. Archived from the original on 15 October 2015. https://web.archive.org/web/20151015193758/http://mha.nic.in/sites/upload_files/mha/files/LST-PDAWD-2013.pdf। আহৰণ কৰা হৈছে: 11 November 2014.