এডি এল বালো
এডি লুচিয়া বালো (ইংৰাজী: Addie L. Ballou; ২৯ এপ্ৰিল, ১৮৩৮ – ১০ আগষ্ট, ১৯১৬)এগৰাকী আমেৰিকান ভোটাধিকাৰী, কবি, শিল্পী, লেখক আৰু প্ৰবক্তা আছিল।[1]
বালোৱে আধ্যাত্মিকতাবাদী আন্দোলনত লেখক আৰু প্ৰবক্তা হিচাপে সক্ৰিয় অংশগ্ৰহণ কৰিছিল। তেওঁৰ সংস্কাৰ আৰু দানশীলতাৰ আগ্ৰহৰ ভিতৰত আছিল কাৰাগাৰ, দুৰ্ভগীয়া আৰু পতিত মহিলা। ১৮৭২ চনত আমেৰিকাৰ ৰাষ্ট্ৰপতি পদৰ প্ৰচাৰত ভিক্টোৰিয়া উডহালক তেওঁ সমৰ্থন কৰিছিল। পিছলৈ কেলিফৰ্ণিয়াৰ পথ প্ৰদৰ্শক হিচাপে বালোৱে আধ্যাত্মিকতাবাদী লেখা আৰু বক্তৃতা প্ৰদান, ভোটাধিকাৰৰ কাম আৰু মহিলাসকলৰ বাবে ৰাজনৈতিক পৰিৱৰ্তনৰ বাবে প্ৰচাৰ চলাই গৈছিল। ১৮৯১ চনত সেই ৰাজ্যৰ দ্বিতীয়গৰাকী মহিলা নটাৰী পাব্লিক হিচাপে পৰিগণিত হয়। ছান ফ্ৰান্সিস্কো স্কুল অৱ ডিজাইনত চিত্ৰকলাৰ অধ্যয়নৰ সময়তো তেওঁ নিজৰ কলাত্মক প্ৰতিভা বিকাশ কৰিছিল। ১৮৯৭ চনত তেওঁক কেলিফৰ্ণিয়াৰ ১৮ নং গৱৰ্ণৰ হেনৰী মাৰ্খামৰ আনুষ্ঠানিক প্ৰতিকৃতি অংকন কৰাৰ দায়িত্ব দিয়া হয়।
১৮৭৪ চনত বালোৱে প্ৰথমবাৰৰ বাবে প্ৰশান্ত মহাসাগৰীয় উপকূললৈ গৈছিল, তাৰ পিছত তেওঁ বক্তৃতা আৰু লিখাৰ কাম অব্যাহত ৰাখিছিল। ছান ফ্ৰান্সিস্কো স্কুল অৱ ডিজাইন (বৰ্তমান ছান ফ্ৰান্সিস্কো আৰ্ট ইনষ্টিটিউট)ৰ প্ৰথম পৰিচালক আৰু শিক্ষক ভাৰ্জিল উইলিয়ামছৰ অধীনতো তেওঁ চিত্ৰকলাৰ অধ্যয়ন আৰম্ভ কৰে।[2] এগৰাকী সুপৰিচিত শিল্পী হৈ উপযুক্ত স্বীকৃতি লাভ কৰিছিল। তেওঁৰ আন উল্লেখযোগ্য ব্যক্তিসকলৰ প্ৰতিকৃতি আছিল: জৰ্জ টিছডেল ব্ৰমলি, জন ব্ৰাউন, জে ডব্লিউ বাৰ্লিং, উইলিয়াম এডৱাৰ্ড বুছনেল, জন ৱালেছ "কেপ্তেইন জেক" ক্ৰফৰ্ড, মাইকেল হেৰী ডি ইয়ং, ইউলিছ এছ গ্ৰাণ্টৰ লগতে তেওঁৰ তিনিজন পুত্ৰ আব্ৰাহাম লিংকন, উইলিয়াম মেককিনলি, উইলিয়াম এছ মোজেছ, "সম্ৰাট" জোছুয়া নৰ্টন, থমাছ পেইন, ফিলিপ অগাস্টিন ৰ'চ, জেন লেথ্ৰপ ষ্টেনফৰ্ড, আৰু থমাছ ৱেল্টন ষ্টেনফৰ্ড। ১৮৭৭ চনত সম্ৰাট নৰ্টনৰ প্ৰতিকৃতি অংকন কৰাৰ বিষয়ে তেওঁৰ স্মৃতি দ্য ফৰ্গটেন কেৰেক্টাৰ্ছ অৱ অল্ড চান ফ্ৰান্সিস্কোত প্ৰকাশ পাইছিল য'ত তেওঁ নিজকে একমাত্ৰ শিল্পী বুলি দাবী কৰিছিল৷[3]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ Cowan, Robert Ernest. The Forgotten Characters of Old San Francisco. Including the Famous Bummer & Lazarus, and Emperor Norton. ([By] Robert Ernest Cowan, Anne Bancroft and Addie L. Ballou.) [With Illustrations, Including Plates and Portraits.]. pp. xi. 103. Los Angeles: Ward Ritchie Press, 1964. OCLC 752469751 "The Forgotten Characters of Old San Francisco. Including the Famous Bummer & Lazarus, and Emperor Norton," WorldCat (Dublin, Ohio: OCLC Online Computer Library Center, Inc.)
- ↑ Dobbs, Stephen Mark (1976). "A Glorious Century of Art Education: San Francisco's Art Institute". Art Education খণ্ড 29 (1): 13–18. doi:10.2307/3192083. ISSN 0004-3125. https://www.jstor.org/stable/3192083.
- ↑ "Emperor Norton as an Artist’s Model" by John Lumea, The Emperor Norton Trust. April 26, 2023. Accessed May 18, 2023.