সমললৈ যাওক

এডেলা ৰাজ

অসমীয়া ৱিকিপিডিয়াৰ পৰা

এডেলা ৰাজ (ইংৰাজী: Adela Raz, জন্ম ১৯৮৬) এগৰাকী আফগান ৰাজনীতিবিদ৷ তেওঁ ২০২১ চনৰ জুলাইৰ পৰা ২০২২ চনৰ ফেব্ৰুৱাৰীলৈকে আমেৰিকাত ইছলামিক ৰিপাব্লিক অৱ আফগানিস্তানৰ শেষ ৰাষ্ট্ৰদূত আছিল।

প্ৰাথমিক জীৱন আৰু শিক্ষা

[সম্পাদনা কৰক]

এডেলা ৰাজৰ পিতৃক তালিবানে হত্যা কৰিছিল কাৰণ তেওঁক অত্যধিক প্ৰগতিশীল বুলি ধৰা হৈছিল।[1]

ৰাজে বষ্টনৰ ছিমনছ বিশ্ববিদ্যালয়ৰ পৰা আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক, ৰাজনীতি বিজ্ঞান আৰু অৰ্থনীতিত মেজৰ আৰু টাফ্টছ বিশ্ববিদ্যালয়ৰ পৰা আইন আৰু কূটনীতিত এম এ ডিগ্ৰী লাভ কৰিছে।[2][3][1] তেখেতে এইচ-১বি ভিছা লাভ কৰা প্ৰথমগৰাকী আফগান আছিল।[1]

কৰ্মজীৱন

[সম্পাদনা কৰক]

ৰাজে আফগানিস্তানত থকা ৰাষ্ট্ৰসংঘৰ সহায়ক অভিযানৰ পৰা কাম কৰিছিল।২০১০ চনৰ পৰা ২০১৩ চনলৈকে তেওঁ আমেৰিকাৰ এটা আন্তঃৰাষ্ট্ৰীয় উন্নয়ন সংস্থাৰ সৈতে কাম কৰিছিল।[2]তেওঁ লিংগ সমতা, মহিলা শিক্ষা আৰু মানৱ অধিকাৰৰ পোষকতাকৰে।[1] তেওঁ মহিলাসকলক বহনক্ষম কৰ্ম বিকাশ আৰু সমাজত অংশগ্ৰহণ কৰাত সহায় কৰিবলৈ কাম কৰিছে।[1]

২০১৩ চনত তেওঁক ৰাষ্ট্ৰপতি হামিদ কাৰ্জাইৰ উপ-মুখপাত্ৰ আৰু যোগাযোগ সঞ্চালক হিচাপে নিযুক্তি দিয়া হয় আৰু এই পদত অধিষ্ঠিত হোৱা প্ৰথমগৰাকী মহিলা।[2][4][5] ২০১৪ চনৰ নৱেম্বৰ মাহত মুখ্য কৰ্মচাৰী হিচাপে নিযুক্তি লাভ কৰে আৰু ২০১৬ চনৰ মাৰ্চ মাহত ৩০ বছৰ বয়সত অৰ্থনৈতিক সহযোগিতাৰ উপ-বিদেশ মন্ত্ৰী হিচাপে নিযুক্তি লাভ কৰে।[2][6][7]২০১৮ চনৰ মাৰ্চ মাহত তেওঁ ৱাশ্বিংটন ডি চি ভ্ৰমণ কৰিবলৈ আফগান মহিলাৰ এটা প্ৰতিনিধি দলৰ অংশ আছিল।[8]

২০১৮ চনৰ ৩১ ডিচেম্বৰত ৰাষ্ট্ৰদূত মাহমুদ ছাইকালৰ ঠাইত ৰাষ্ট্ৰসংঘত আফগানিস্তানৰ স্থায়ী প্ৰতিনিধি হিচাপে ৰাজক ৰাষ্ট্ৰপতি আশ্ৰাফ ঘানীয়ে নিযুক্তি দিয়ে। এই পদত অধিষ্ঠিত হোৱা তেওঁ প্ৰথমগৰাকী মহিলা।[3][9][10][11] ২০১৯ চনৰ মাৰ্চ মাহত তেওঁক সৰ্বসন্মতিক্ৰমে ৰাষ্ট্ৰসংঘপেলেষ্টাইন জনসাধাৰণৰ অবিচ্ছেদ্য অধিকাৰ প্ৰয়োগ সমিতিৰ উপ-সভানেত্ৰী হিচাপে নিৰ্বাচিত কৰা হয়।[12]

২০২১ চনৰ ২৬ জুলাইত ৰাজক আমেৰিকাত আফগান ৰাষ্ট্ৰদূত নিযুক্তি দিয়া হয়।[13] ২০২১ চনত কাবুল পুনৰ তালিবানৰ হাতলৈ যোৱা সত্ত্বেও ৰাজে নিজৰ পদত অব্যাহত ৰাখিছিল। ২০২২ চনৰ ১৮ ফেব্ৰুৱাৰীত ৰাজে ৰাষ্ট্ৰদূতৰ পদৰ পৰা পদত্যাগ কৰাৰ খবৰ পোৱা গৈছিল।[14]

২০২২ চনৰ ১৪ এপ্ৰিলত ৰাজক আফগানিস্তান কেন্দ্ৰিক নীতি প্ৰতিষ্ঠান নতুনকৈ প্ৰতিষ্ঠিত আফগানিস্তান পলিচি লেবৰ সঞ্চালক হিচাপে ঘোষণা কৰা হয়। এই লেবটো প্ৰিন্সটন বিশ্ববিদ্যালয়ৰ স্কুল অৱ পাব্লিক এণ্ড ইণ্টাৰনেশ্যনেল এফেয়াৰ্ছ আৰু লিচেনষ্টাইন ইনষ্টিটিউট অন চেল্ফ-ডিটাৰ্মিনেচনৰ যৌথ উদ্যোগ।[15]

ব্যক্তিগত জীৱন

[সম্পাদনা কৰক]

আফগান প্ৰাক্তন ৰাষ্ট্ৰপতি আশ্ৰাফ ঘানীৰ প্ৰাক্তন মুখ্য কৰ্মচাৰী মাটিন বেকৰ সৈতে তেওঁৰ বিবাহ হয়।[16]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1.0 1.1 1.2 1.3 1.4 Elam-Thomas, Harriet Lee; Robison, Jim (2017). Diversifying Diplomacy: My Journey from Roxbury to Dakar. University of Nebraska Press. পৃষ্ঠা. 172–177. ISBN 9781612349503. https://books.google.com/books?id=m6g6DwAAQBAJ&q=%22Adela+Raz%22. 
  2. 2.0 2.1 2.2 2.3 "Biography of Mrs. H.E. Adela RazDeputy Foreign Minister for Economic Cooperation". Ministry of Foreign Affairs, Islamic Republic of Afghanistan. Archived from the original on 2020-09-30. https://web.archive.org/web/20200930045003/https://www.mfa.gov.af/deputy-minister-for-economic-cooperations/biography.html। আহৰণ কৰা হৈছে: 2019-01-01. 
  3. 3.0 3.1 Khan Saif, Shadi (31 December 2018). "Afghanistan appoints first female permanent UN envoy". Anadolu Agency. https://www.aa.com.tr/en/asia-pacific/afghanistan-appoints-first-female-permanent-un-envoy/1353022। আহৰণ কৰা হৈছে: 1 January 2019. 
  4. Harwooni, Mirwais; Shalizi, Hamid (25 June 2013). "Afghan Taliban attack in Kabul throws peace talks into further doubt". Reuters. https://www.reuters.com/article/us-afghanistan-attack/afghan-taliban-attack-in-kabul-throws-peace-talks-into-further-doubt-idUSBRE95O03020130625। আহৰণ কৰা হৈছে: 1 January 2019. 
  5. Graham-Harrison, Emma (18 February 2014). "Hamid Karzai orders changes to draft law amid fears for Afghan women". The Guardian. https://www.theguardian.com/world/2014/feb/17/hamid-karzai-law-afghan-women। আহৰণ কৰা হৈছে: 1 January 2019. 
  6. Ghanizada, Ahmad Shah (19 March 2016). "Adela Raz appointed deputy foreign minister for economic affairs". Khaama Press. https://www.khaama.com/adela-raz-appointed-deputy-foreign-minister-for-economic-affairs-0385/। আহৰণ কৰা হৈছে: 1 January 2019. 
  7. Mashal, Mujib (9 January 2018). "Cutting Into Afghan Patronage: A Struggle to Make Government Younger". The New York Times. https://www.nytimes.com/2018/01/09/world/asia/afghanistan-corruption-reform.html। আহৰণ কৰা হৈছে: 1 January 2019. 
  8. Mizener, Sara (8 March 2018). "Adela Raz and The New Generation of Afghan Women Leaders Delegation". The Initiative to Educate Afghan Women. Archived from the original on 30 October 2020. https://web.archive.org/web/20201030123033/https://www.ieaw.org/single-post/2018/03/06/Adela-Raz-and-The-New-Generation-of-Afghan-Women-Leaders-Delegation। আহৰণ কৰা হৈছে: 1 January 2019. 
  9. Kakar, Javed Hamim (31 December 2018). "Adela Raz new Afghan ambassador to UN". Pajhwok Afghan News. https://www.pajhwok.com/en/2018/12/31/adela-raz-new-afghan-ambassador-un। আহৰণ কৰা হৈছে: 1 January 2019. 
  10. Ashrafi, Nabila (1 January 2019). "Govt Appoints New Representative To UN". TOLO News. https://www.tolonews.com/afghanistan/govt-appoints-new-representative-un। আহৰণ কৰা হৈছে: 1 January 2019. 
  11. "Adela Raz becomes Afghanistan's first female envoy to UN". The Frontier Post. 31 December 2018. Archived from the original on 30 October 2020. https://web.archive.org/web/20201030123137/https://thefrontierpost.com/adela-raz-becomes-afghanistans-first-female-envoy-to-un/। আহৰণ কৰা হৈছে: 1 January 2019. 
  12. Farooq, Umar (29 March 2019). "UN picks Afghan envoy as VP of Palestinian committee". Anadolu Agency. https://www.aa.com.tr/en/asia-pacific/un-picks-afghan-envoy-as-vp-of-palestinian-committee/1433126। আহৰণ কৰা হৈছে: 30 April 2019. 
  13. Afghan Embassy DC [@Embassy_of_AFG] (26 July 2021). "Today Amb. @AdelaRaz officially began her first day as Afg's newly appointed Ambassador to the U.S.". https://twitter.com/Embassy_of_AFG/status/1419818599456329732। আহৰণ কৰা হৈছে: 2 April 2022. 
  14. Madina Morwat (18 February 2022). "Afghan Ambassador to US to Step Down". TOLOnews. https://tolonews.com/afghanistan-176769. 
  15. "SPIA launches Afghanistan Policy Lab" (en ভাষাত). Princeton University. https://www.princeton.edu/news/2022/04/14/princeton-spia-launches-afghanistan-policy-lab। আহৰণ কৰা হৈছে: 2022-12-08. 
  16. Swan, Jonathan (2021-10-03). "Afghan ambassador: Biden doesn't care about fate of Afghan girls" (en ভাষাত). Axios. https://www.axios.com/2021/10/03/afghan-ambassador-adela-raz-taliban। আহৰণ কৰা হৈছে: 2022-08-26.