সমললৈ যাওক

এডোংগা নৃত্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
এডোংগা নৃত্য
এডোংগা নৃত্যৰ প্ৰদৰ্শন
কাৰামোজং মহিলাসকলে এডোংগা নৃত্য পৰিবেশন কৰি থকা অৱস্থা

এডোংগা নৃত্য (ইংৰাজী: Edonga Dance, সংক্ষিপ্তভাৱে এডোংগা) হৈছে উগাণ্ডাৰ উত্তৰ-পূৰ্বাঞ্চলত অৱস্থিত কাৰামোজং জনগোষ্ঠীৰ এটা পৰম্পৰাগত সাংস্কৃতিক নৃত্য। এই জনগোষ্ঠী নিলোটিক জনগোষ্ঠীৰ অন্তৰ্গত আৰু বিশেষকৈ কোটিডো জিলা আৰু মোৰোটো জিলাত বসবাস কৰে।[1] এই নৃত্য পুৰুষ আৰু মহিলা দুয়োয়ে একেলগে পৰিবেশন কৰে আৰু ই স্থানীয় কাৰামোজং ভাষাত গোৱা সুৰেলা গীতৰ সৈতে সম্পন্ন হয়। এডোংগা নৃত্য কাৰামোজং সমাজৰ সাংস্কৃতিক পৰিচয় আৰু ঐতিহ্যৰ এক গুৰুত্বপূৰ্ণ অংগ।[2][3][4]

এডোংগা নৃত্যৰ উৎপত্তিৰ বিষয়ে স্পষ্ট ঐতিহাসিক তথ্য উপলব্ধ নহয়। এই নৃত্য বহুদিন ধৰি কাৰামোজং জনগোষ্ঠীৰ মাজত প্ৰচলিত। সাধাৰণতে ইয়াক নিজৰ সমৃদ্ধ সাংস্কৃতিক ঐতিহ্য আৰু জাতীয় পৰিচয়ৰ প্ৰতি কৃতজ্ঞতা আৰু ভালপোৱা প্ৰকাশৰ এক মাধ্যম হিচাপে আৰম্ভ হোৱা বুলি বিশ্বাস কৰা হয়। এই নৃত্যত অংশগ্ৰহণকাৰীসকলে সম্পূৰ্ণ শৰীৰৰ ওজন ব্যৱহাৰ কৰি উফৰি উফৰি নাচে।[1]

পৰিবেশন

[সম্পাদনা কৰক]

এডোংগা নৃত্য সাধাৰণতে দলগতভাৱে বৃত্তাকাৰ আকাৰত পৰিবেশন কৰা হয় আৰু একেলগে গীত গোৱা হয়।[5] এই নৃত্যত ভৰিৰ ঠেপা আৰু হাতৰ তালিৰ তালবদ্ধ শব্দেই মুখ্য তাল-বাদ্যৰ ভূমিকা পালন কৰে।

নৃত্যশিল্পীসকলে পৰম্পৰাগত কাৰামোজং পোছাক পৰিধান কৰে, যাৰ ভিতৰত মণিৰ মালা, হাতফুল আৰু ভৰিফুল অন্তৰ্ভুক্ত। সম্পূৰ্ণ শৰীৰৰ ওজনৰে উচ্চলৈ জঁপিওৱা এই নৃত্যৰ বৈশিষ্ট্য, যিয়ে নিজৰ সংস্কৃতি আৰু দেশৰ প্ৰতি উৎসাহ আৰু ভালপোৱা প্ৰকাশ কৰে।[2][6][7]

গুৰুত্ব

[সম্পাদনা কৰক]

এডোংগা নৃত্য কাৰামোজং সমাজত বিশেষ সাংস্কৃতিক গুৰুত্ব বহন কৰে। এই নৃত্য সাধাৰণতে বিবাহ, অন্ত্যেষ্টিক্ৰিয়া আৰু অন্যান্য গুৰুত্বপূৰ্ণ অনুষ্ঠানত পৰিবেশন কৰা হয়। ইয়াক সমৃদ্ধি আৰু শুভ ভাগ্য আনিব বুলি বিশ্বাস কৰা হয় আৰু ই প্ৰজন্মৰ পৰা প্ৰজন্মলৈ জ্ঞান, মূল্যবোধ আৰু পৰিচয় সংৰক্ষণ তথা প্ৰচাৰ কৰাৰ এক মাধ্যম হিচাপে কাম কৰে।[6]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1.0 1.1 "Uganda's Traditional Dances: Celebrating Life, Love, and Community - Kofi Travel Safaris" (en-US ভাষাত). 2023-03-03. https://kofitravelsafaris.com/ugandas-traditional-dances-celebrating-life-love-and-community/। আহৰণ কৰা হৈছে: 2024-01-21. 
  2. 2.0 2.1 "Uganda Traditional Dances. Top Cultural Dances In Uganda | Exclusive African Safaris" (en-US ভাষাত). 2023-12-23. https://ugandasafariexperts.com/uganda-traditional-dances/। আহৰণ কৰা হৈছে: 2024-01-21. 
  3. "Cultural Tours" (en-UG ভাষাত). Nobility Tours and Travel Uganda. https://nobility.co.ug/experience/?cultural-tours। আহৰণ কৰা হৈছে: 2024-01-21. 
  4. "Game Reserves in Karamoja Region | Uganda Safaris Tours | Uganda" (en-US ভাষাত). Achieve Global Safaris. 2024-01-16. https://www.achieveglobalsafaris.com/game-reserves-in-karamoja-region/। আহৰণ কৰা হৈছে: 2024-01-21. 
  5. "Immerse yourself in Ugandan culture" (en-US ভাষাত). Tambula Safaris. https://www.tambulasafaris.com/cultural-immersion। আহৰণ কৰা হৈছে: 2024-01-21. 
  6. 6.0 6.1 "Comboni". www.comboni.org. https://www.comboni.org/contenuti/112843। আহৰণ কৰা হৈছে: 2024-01-21. 
  7. "7 Days Uganda Ultimate Adventure || Ongeri Expeditions". www.ongeriexpeditions.com. https://www.ongeriexpeditions.com/7-days-uganda-ultimate-adventure। আহৰণ কৰা হৈছে: 2024-01-21.