সমললৈ যাওক

এণ্টিছাৰ আল-হাম্মাদি

অসমীয়া ৱিকিপিডিয়াৰ পৰা
এণ্টিছাৰ আল-হাম্মাদি
স্থানীয় নাম إنتصار الحمادي
জন্ম ২৫ জানুৱাৰী, ২০০১ (২৪ বছৰ)
টাইজ গভৰ্ণৰেট
ৰাষ্ট্ৰীয়তা য়েমেনী

এণ্টিছাৰ আল-হাম্মাদি (আৰবী: إنتصار الحمادي) (জন্ম ২৫ জানুৱাৰী ২০০১) এগৰাকী য়েমেনী অভিনেত্ৰী আৰু মডেল।

ব্যক্তিগত জীৱন

[সম্পাদনা কৰক]

এণ্টিছাৰ ২০০১ চনৰ ২৫ জানুৱাৰীত টাইজ গভৰ্ণৰেটত জন্মগ্ৰহণ কৰে। তেওঁৰ পিতা য়েমেনী আৰু মাতা ইথিয়'পিয়ান।[1] [2] পৰৱৰ্তীকালত তেওঁ পৰিয়ালসহ ছানালৈ স্থানান্তৰিত হয়। পৰিয়ালে স্থানীয়ভাৱে এখন সৰু দোকান চলায়, য’ত তাইৰ মাতৃয়ে প্ৰস্তুত কৰা লাহোহ বিক্ৰী কৰা হয়। আল-হাম্মাদীয়ে সেই দোকানখনত সহায়ক হিচাপে কাম কৰিছিল। মহিলাৰ বিষয়ত ৰক্ষণশীল মানসিকতাৰ সমাজত ডাঙৰ হওয়া সত্ত্বেও মডেল হোৱাৰ উচ্চাকাংক্ষাই তেওঁক দোকানৰ কামত সহায় কৰি তেওঁৰ লক্ষ্যৰ দিশলৈ আগুৱাই নিয়াইছিল।[3]

২০১৭ চনত তেওঁ মডেলিং ক্ষেত্ৰত নিজৰ পেচাগত জীৱন আৰম্ভ কৰি প্ৰসাধনী আৰু চুলিৰ যত্ন লোৱা স্থানীয় কোম্পানিসমূহৰ ছপা আৰু অনলাইন বিজ্ঞাপনত অংশগ্ৰহণ কৰে। ২০২০ চনত তেওঁ টেলিভিছন নাট্যজগতলৈ প্ৰৱেশ কৰে আৰু প্ৰথমবাৰৰ বাবে দুটা স্থানীয় টিভি নাটকধাৰাবাহিক — ছাদ আল-ঘৰীব আৰু ঘুৰবাত আল-বুন-ত অভিনয় কৰে।

২০২১ চনৰ ২০ ফেব্ৰুৱাৰীত এণ্টিছাৰক হাউথীয়ে ছানাত আটক কৰে আৰু আঠ মাহ পিছত হাউথী পৰিচালিত আদালতে তেওঁৰ বিৰুদ্ধে পাঁচ বছৰৰ কাৰাদণ্ড ঘোষণা কৰে।[4] [5] হাউথীয়ে তেওঁৰ ওপৰত ‘‘বেশ্যাবৃত্তি আৰু ড্ৰাগ্ছ সেৱন’’ৰ অভিযোগ তোলে, যদিও এণ্টিছাৰ আৰু তেওঁৰ অধিবক্তাই এই সকলো অভিযোগ অস্বীকাৰ কৰে।[6]

হিউমেন ৰাইটছ ৱাচে জানিবলৈ দিয়ে যে হাউথীয়ে এণ্টিছাৰৰ বিৰুদ্ধে অন্যায় বিচাৰ চলাইছিল আৰু তেওঁৰ গোচৰটো অনিয়ম, শাৰীৰিক–মানসিক নিৰ্যাতন আদি সমস্যাৰে ভৰা আছিল।[7] ২০২১ চনৰ জুলাই মাহত জেলৰ ভিতৰত আত্মহত্যাৰ চেষ্টা চলোৱাৰ পাছত তেওঁক তৎক্ষণাত চিকিৎসালয়লৈ স্থানান্তৰ কৰা হয়।[8]

এম্নেষ্টী ইণ্টাৰনেচনেলৰ তথ্য অনুসাৰে, আল-হাম্মাদিক “চকুত বান্ধি থৈ জেৰা কৰা হৈছিল, শাৰীৰিক আৰু মৌখিকভাৱে নিৰ্যাতন চলোৱা হৈছিল আৰু বৰ্ণবাদী অপমানৰ লক্ষ্যবস্তু কৰা হৈছিল।”

এণ্টিছাৰৰ ১২বছৰীয়া ভাতৃ নাছৰে দ্য নিউ আৰবৰ সৈতে হোৱা এখন সাক্ষাৎকাৰত কয় যে তেওঁলোকে প্ৰথমতে এণ্টিছাৰক আটক কৰাৰ বিষয়ে একো নহয় জানিছিল। সংবাদ মাধ্যমৰ জৰিয়তেই বিষয়টো তেওঁলোকৰ গমত আহে। নাছৰে লগতে উল্লেখ কৰে যে এই খবৰ পোৱাৰ পিছতে তেওঁলোকৰ মাতৃৰ স্বাস্থ্য বেয়া হৈ পৰে, কিয়নো তেওঁ ইতিমধ্যেই হৃদযন্ত্ৰ–সম্পৰ্কীয় ৰোগত ভুগি আছিল।[3]

২০২৫ চনৰ ২৫ অক্টোবৰত হাউথীয়ে তেওঁক কাৰাগাৰৰপৰা মুক্তি দিয়ে।[9]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "من هي الفنانة إنتصار الحمادي – المحيط" (ar ভাষাত). www.almuheet.net. https://www.almuheet.net/post/446028। আহৰণ কৰা হৈছে: 1 November 2022. 
  2. سالم, احمد (30 July 2022). "انتصار الحمادي من هي وماهي قضية إنتصار الحمادي وكم عمرها اعتقال 2022 وفاة انتصار الحمادي" (ar ভাষাত). اليمن الغد. Archived from the original on 1 November 2022. https://web.archive.org/web/20221101011226/https://www.alyemenalghad.com/intisar-aalhamaadi-death/। আহৰণ কৰা হৈছে: 1 November 2022. 
  3. 3.0 3.1 Shaker, Naseh (24 June 2021). "Model Entisar Al-Hammadi detained by Houthis 'for challenging the social norms of Yemen’s society'". The New Arab. https://www.newarab.com/features/entisar-al-hammadi-punished-challenging-social-norms। আহৰণ কৰা হৈছে: 9 January 2025. 
  4. Mahmood, Ali (8 November 2021). "Yemeni model Entisar Al Hammadi sentenced to five years in prison by Houthi court" (en ভাষাত). The National. https://www.thenationalnews.com/gulf-news/2021/11/08/yemeni-model-entisar-al-hammadi-sentenced-to-five-years-in-prison-by-houthi-court/। আহৰণ কৰা হৈছে: 1 November 2022. 
  5. "Yemeni model Entisar al-Hammadi moved to solitary confinement in Houthi prison" (en ভাষাত). Al Arabiya English. 23 July 2022. https://english.alarabiya.net/News/gulf/2022/07/23/Yemeni-model-Entisar-al-Hammadi-moved-to-solitary-confinement-in-Houthi-prison। আহৰণ কৰা হৈছে: 1 November 2022. 
  6. "Houthis sentence Yemeni model Entisar al-Hammadi to five years in prison" (en ভাষাত). Middle East Eye. http://www.middleeasteye.net/news/yemen-houthis-sentence-popular-model-five-years-prison। আহৰণ কৰা হৈছে: 1 November 2022. 
  7. "Yemen: Houthis Subject Model to Unfair Trial" (en ভাষাত). Human Rights Watch. 30 June 2021. https://www.hrw.org/news/2021/06/30/yemen-houthis-subject-model-unfair-trial। আহৰণ কৰা হৈছে: 1 November 2022. 
  8. "Entisar al-Hammadi: Jailed Yemeni model reportedly attempts suicide" (en ভাষাত). Middle East Eye. http://www.middleeasteye.net/news/yemen-entisar-hammadi-model-attempt-suicide-sanaa। আহৰণ কৰা হৈছে: 1 November 2022. 
  9. "Houthis release Yemeni actor after she spent nearly 5 years in prison" (en ভাষাত). AP News. 2025-10-26. https://apnews.com/article/yemen-houthis-women-crackdown-actor-intisar-alhammadi-974be49df97f02be09afd6c9499ab892। আহৰণ কৰা হৈছে: 2025-10-26.