সমললৈ যাওক

এণ্ডি ৱাৰহল

অসমীয়া ৱিকিপিডিয়াৰ পৰা
এণ্ডি ৱাৰহল

১৯৮০ চনত এণ্ডি ৱাৰহল
জন্ম Andrew Warhola Jr.
৬ আগষ্ট, ১৯২৮
পিটছবাৰ্গ, পেনচিলভেইনিয়া, আমেৰিকা যুক্তৰাষ্ট্ৰ
মৃত্যু ২২ ফেব্ৰুৱাৰী, ১৯৮৭ (৫৮ বছৰ)
নিউ ইয়ৰ্ক চিটি, নিউ ইয়ৰ্ক, আমেৰিকা যুক্তৰাষ্ট্ৰ
পেচা দৃশ্যশিল্পী, চলচ্চিত্ৰ পৰিচালক, প্ৰযোজক
ভাষা ইংৰাজী
ৰাষ্ট্ৰীয়তা আমেৰিকান
শিক্ষা কাৰ্নেগী ইনষ্টিটিউট অফ টেকন’লজী
ধৰণ পপ আৰ্ট, সমসাময়িক শিল্প, পৰীক্ষামূলক চলচ্চিত্ৰ
সাহিত্যিক বিপ্লৱ প'প আৰ্ট
উল্লেখনীয় কৰ্মৰাজি কেম্পবেলছ চুপ কেন্স, মেৰিলিন ডিপটিক, চেলচি গাৰ্লছ, ব্লু মুভি, পপিজ’ম
উল্লেখযোগ্য বঁটা হাললাইন ফাউণ্ডেশ্যন ফেলোশ্বিপ (প্ৰাপ্ত)

স্বাক্ষৰ

এণ্ডি ৱাৰহল (জন্ম: এণ্ড্ৰু ৱাৰহলা জুনিয়ৰ; ৬ আগষ্ট ১৯২৮ – ২২ ফেব্ৰুৱাৰী ১৯৮৭) এজন আমেৰিকান দৃশ্যশিল্পী, চলচ্চিত্ৰ পৰিচালক আৰু প্ৰযোজক আছিল। প'প আৰ্ট আন্দোলনৰ এগৰাকী অন্যতম নেতা হিচাপে, তেওঁ বিংশ শতিকাৰ দ্বিতীয়াৰ্ধৰ অন্যতম গুৰুত্বপূৰ্ণ আমেৰিকান শিল্পী হিচাপে পৰিগণিত।

তেওঁৰ কৰ্মই শিল্পী অভিব্যক্তি, বিজ্ঞাপন, আৰু প্ৰসিদ্ধি সংস্কৃতিৰ সৈতে থকা সম্পৰ্কৰ সন্ধান কৰে, যিয়ে ১৯৬০ চনত ব্যাপক ৰূপত বিকাশ পায়। তেওঁৰ কাম বিভিন্ন মাধ্যমত বিস্তৃত: চিত্ৰাংকন, ভাস্কৰ্য, আলোকচিত্ৰ আৰু চলচ্চিত্ৰ। তেওঁৰ জনপ্ৰিয় সৃষ্টি সমূহত ছিল্কস্ক্ৰীন পেইণ্টিং কেম্পবেলছ চুপ কেন্স (১৯৬২) আৰু মেৰিলিন ডিপটিক (১৯৬২), পৰীক্ষামূলক চলচ্চিত্ৰ চেলচি গাৰ্লছ (১৯৬৬), বহুমাধ্যমিক কাৰ্যসূচী এক্সপ্ল'ডিং প্লাষ্টিক ইনেভিটেবল (১৯৬৬–৬৭), আৰু যৌন চলচ্চিত্ৰ ব্লু মুভি (১৯৬৯) অন্তৰ্ভুক্ত, যিয়ে "গ'ল্ডেন এজ অফ পৰ্ণ" আৰম্ভ কৰিছিল।

ৱাৰহল পিটছবাৰ্গ চহৰত ৰুছিন অভিবাসী পৰিয়ালত জন্মগ্ৰহণ কৰে। ১৯৫০ চনত তেওঁ বাণিজ্যিক ইলাষ্ট্ৰেটৰ হিচাপে সফলতা লাভ কৰে। পিছত তেওঁৰ শিল্প প্ৰকাশৰ জৰিয়তে ১৯৬০ চনত বিতৰ্কিত কিন্তু প্ৰভাৱশালী শিল্পী হিচাপে চিনাক্ত হয়।

তেওঁৰ নিউ ইয়ৰ্কৰ ষ্টুডিঅ' দ্য ফেক্টৰীত এজন জ্ঞানী-গুণী ব্যক্তি হিচাপে সমৃদ্ধ স্থান লাভ কৰে, য'ত নাট্যকাৰ, ড্ৰেগ কুইনছ, বোহেমিয়ানসকল, হ’লিউড তাৰকা আৰু ধনী পৃষ্ঠপোষকসকল একেলগ হৈছিল।

তেওঁ ৱাৰহল ছুপাৰষ্টাৰ হিচাপে পৰিচিত ব্যক্তিসকলক লৈ কেইবাখনো আণ্ডাৰগ্ৰাউণ্ড চলচ্চিত্ৰ নিৰ্দেশনা আৰু প্ৰযোজনা কৰিছিল, আৰু "ফিফটিন মিনিটছ অফ ফেইম" বুলি কোৱা অভিব্যক্তিৰ জনক হিচাপে গণ্য। তেওঁ দ্য ভেলভেট আণ্ডাৰগ্ৰাউণ্ড নামৰ পৰীক্ষামূলক ৰ'ক বেণ্ডটো পৰিচালনা আৰু প্ৰযোজনা কৰিছিল।

ৱাৰহলে তেওঁৰ অলিংগতা আৰু কুইৰ পৰিচয় বহুসংখ্যক ক্ৰমত প্ৰকাশ কৰিছিল, যিটো তেতিয়াৰ আমেৰিকাত দমন কৰা হৈছিল।[1][2]

১৯৬৮ চনত ভেলেৰী ছ’লানা’ছ নামৰ এগৰাকী উগ্ৰ নাৰীবাদীয়ে তেওঁৰ ওপৰত হত্যাৰ চেষ্টা চলোৱাৰ পিছত, ৱাৰহলে দ্য ফেক্টৰীক এখন বাণিজ্যিক প্ৰতিষ্ঠানত ৰূপান্তৰ কৰাৰ ওপৰত মনোযোগ দিয়ে।[3] তেওঁ ইণ্টাৰভিউ নামৰ আলোচনী প্ৰতিষ্ঠা কৰিছিল আৰু ফিলচফি অফ এণ্ডি ৱাৰহল (১৯৭৫) আৰু পপিজ’ম (১৯৮০) আদি বহুতো কিতাপ লিখিছিল। তেওঁ ফেশ্বন (১৯৭৯–৮০), এণ্ডি ৱাৰহলচ টিভি (১৯৮০–৮৩), আৰু এণ্ডি ৱাৰহলচ ফিফটিন মিনিটছ (১৯৮৫–৮৭) নামৰ টেলিভিছন অনুষ্ঠানো প্ৰযোজনা কৰিছিল।

১৯৮৭ চনৰ ফেব্ৰুৱাৰীত গলব্লাডাৰ শল্য চিকিৎসাৰ পিছত হৃদস্পন্দন বন্ধ হোৱাৰ ফলত ৫৮ বছৰৰ বয়সতে তেওঁৰ মৃত্যু হয়।

ৱাৰহলক "বেলৱেদাৰ অফ দ্য আৰ্ট মাৰ্কেট" বুলি অভিহিত কৰা হৈছে, আৰু তেওঁৰ বহুতো চিত্ৰ সৰ্বাধিক মূল্যত বিক্ৰী হোৱা চিত্ৰৰ ভিতৰত পৰে। ২০১৩ চনত তেওঁৰ ছিলভাৰ কাৰ ক্ৰাশ (ডাবল ডিজাষ্টাৰ) (১৯৬৩) $১০৫ মিলিয়নত বিক্ৰী হৈছিল, আৰু ২০২২ চনত শট ছেইজ ব্লু মৰিলিন (১৯৬৪) $১৯৫ মিলিয়নত বিক্ৰী হৈছিল, যিখন আমেৰিকান শিল্পীৰ চিত্ৰৰ বাবে সৰ্বাধিক নিলাম মূল্য আছিল।

তেওঁৰ ওপৰত বহুতো ৰেট্ৰস্পেক্টিভ শিল্প প্ৰদৰ্শনী, কিতাপ আৰু তথ্যচিত্ৰ নিৰ্মাণ কৰা হৈছে। তেওঁৰ জন্ম চহৰ পিটছবাৰ্গত অৱস্থিত দ্য এণ্ডি ৱাৰহল মিউজিয়াম হৈছে যুক্তৰাষ্ট্ৰৰ ভিতৰত এখন একক শিল্পীক উচ্চৰ্গা কৰা আটাইতকৈ ডাঙৰ সংগ্ৰহালয়।

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. Gopnik, Blake (January 18, 2021). "Andy Warhol's Defiant Hopes for Queer Art" (en-US ভাষাত). Hyperallergic. https://hyperallergic.com/613511/andy-warhol-queer-art-blake-gopnik/। আহৰণ কৰা হৈছে: December 25, 2024. 
  2. "LGBTQ+" (en-US ভাষাত). The Andy Warhol Museum. https://www.warhol.org/lgbtq/। আহৰণ কৰা হৈছে: December 25, 2024. 
  3. Warhol & Hackett, 1980, pp. 287–295