এণ্ড্ৰু কিশোৰ
| এণ্ড্ৰু কিশোৰ | |
|---|---|
| [[File: ৰাজশাহী কলেজত এণ্ড্ৰু কিশোৰ | |
| জন্ম | এণ্ড্ৰু কিশোৰ কুমাৰ বাঢ়ৈ[1] সাঁচ:জন্ম তাৰিখ ৰাজশাহী, বাংলাদেশ |
| মৃত্যু | সাঁচ:মৃত্যু তাৰিখ ও বয়স[2] ৰাজশাহী, বাংলাদেশ |
| পেচা | নেপথ্য সঙ্গীতশিল্পী |
| সক্ৰিয় হৈ থকা সময় | ১৯৭৭–২০২০ |
এণ্ড্ৰু কিশোৰ কুমাৰ বাঢৈ় (এণ্ড্ৰু কিশোৰ নামেৰে বেছি পৰিচিত) (ইংৰাজী: Andrew Kishore; ৪ নৱেম্বৰ ১৯৫৫ – ৬ জুলাই ২০২০) এগৰাকী বাংলাদেশী গায়ক।[1][3][4] বাংলাদেশৰ লগতে আন দেশৰ বহু চলচ্চিত্ৰৰ গীতত তেওঁ কণ্ঠ দান কৰিছে, যাৰ বাবে তেওঁ ‘প্লেবেক সম্ৰাট’ নামেৰে পৰিচিত। তেওঁৰ সবাতোকৈ জনপ্ৰিয় গীতবোৰ হ'ল - "জীৱনেৰ গল্প আছে বাকি অল্প", "হায়ৰে মানুষ ৰঙ্গীন ফানুস", "ডাক দিয়াছেন দয়াল আমাৰে", "আমাৰ সাৰা দেহ খেয়ো গো মাটি", "আমাৰ বুকেৰ মধ্যে খানে", "আমাৰ বাবাৰ মুখে প্ৰথম যেদিন", "ভেঙেছে পিঞ্জৰ মেলেছে ডানা", "সবাই তো ভালোবাসা চায় ", "চাঁন্দেৰ সাথে ৰাতেৰ পিৰিতি", "পদ্ম পাতাৰ পানী নয়" ইত্যাদি।
ছয় বছৰ বয়সৰপৰাই কিশোৰে সংগীতৰ পাঠ ল’বলৈ আৰম্ভ কৰিছিল। বাংলাদেশৰ মুক্তিযুদ্ধৰ পাছত তেওঁ ৰাজশাহী বেতাৰত নজৰুল, ৰবীন্দ্ৰ, লোকসঙ্গীত আৰু দেশাত্মবোধক গানৰ শাখাত তালিকাভুক্ত হয়। চলচ্চিত্ৰত তেওঁৰ প্ৰথম গান হ'ল মেইল ট্ৰেন (১৯৭৭) চলচ্চিত্ৰৰ "অচিনপুৰেৰ ৰাজকুমাৰী নেই।" তেওঁ বড় ভাল লোক ছিল (১৯৮২) চলচ্চিত্ৰৰ "হায়ৰে মানুষ ৰঙিন ফানুস" গানৰ বাবে শ্ৰেষ্ঠ পুৰুষ কণ্ঠশিল্পী শাখাত তেওঁৰ প্ৰথম জাতীয় চলচ্চিত্ৰ পুৰস্কাৰ লাভ কৰে। ইয়াৰ পাছত তেওঁ সাৰেণ্ডাৰ (১৯৮৭), ক্ষতিপূৰণ (১৯৮৯), পদ্মা মেঘনা যমুনা (১৯৯১), কবুল (১৯৯৬), আজ গায়ে হলুদ (২০০০), সাজঘৰ (২০০৭) ও কি যাদু কৰিলা (২০০৮) চলচ্চিত্ৰৰ গানৰ বাবে আৰু সাতবাৰ জাতীয় চলচ্চিত্ৰ পুৰস্কাৰ লাভ কৰে।[5] ইয়াৰ উপৰি তেওঁ পাঁচবাৰ বাচসাস পুৰস্কাৰ আৰু দুবাৰ মেৰিল-প্ৰথম আলো পুৰস্কাৰ লাভ কৰে। সংগীতৰ প্ৰতি তেওঁৰ অসাধাৰণ অৱদানৰ স্বীকৃতি স্বৰূপে বাংলাদেশ চৰকাৰে তেওঁক দেশৰ দ্বিতীয় সৰ্বোচ্চ অসামৰিক বঁটা একুশে পদক (মৰণোত্তৰ), ২০২৪ প্ৰদান কৰে। ইয়াৰ বাহিৰেও এণ্ড্ৰু কিশোৰে অসংখ্য বঁটা আৰু সন্মান লাভ কৰিছে।
প্ৰাথমিক জীৱন
[সম্পাদনা কৰক]১৯৫৫ চনৰ ৪ নৱেম্বৰত ৰাজশাহী জিলাত এণ্ড্ৰু কিশোৰৰ জন্ম হয়। তেওঁৰ পিতৃ ক্ষীতিশ চন্দ্ৰ বাঢৈ় আৰু মাতৃ মিনু বাঢৈ়য়ে ৰাজশাহীৰ এখন চিকিৎসালয়ত কাম কৰিছিল। শিক্ষাৰ আৰম্ভণি মাকৰপৰাই হৈছিল। তেওঁৰ শৈশৱ, কৈশোৰ আৰু যৌৱনকাল ৰাজশাহীতেই অতিবাহিত হৈছিল।[1][3] মাক আছিল সংগীতপ্ৰেমী, আৰু তেওঁৰ প্ৰিয় শিল্পী আছিল কিশোৰ কুমাৰ। তেওঁ তেওঁৰ প্ৰিয় শিল্পীৰ নামেৰে পুত্ৰৰ নাম থৈছিল ‘কিশোৰ’। মাতৃৰ সপোন পূৰণৰ বাবেই তেওঁ সংগীত জগতত প্ৰৱেশ কৰিছিল।[1][3][6]
এণ্ড্ৰু কিশোৰে প্ৰথমে আব্দুল আজিজ বাচ্চুৰ অধীনত সংগীতৰ পাঠ আৰম্ভ কৰিছিল। বাংলাদেশ মুক্তিযুদ্ধৰ পাছত কিশোৰ নজৰুল, ৰবীন্দ্ৰনাথ, আধুনিক, লোকগীত আৰু দেশাত্মবোধক গানৰ শাখাত ৰাজশাহী বেতাৰৰ তালিকাভুক্ত শিল্পী আছিল। কিশোৰে ৰাজশাহী বিশ্ববিদ্যালয়ত মেনেজমেণ্টৰ শিক্ষা গ্ৰহণ কৰিছিল।
মৃত্যু
[সম্পাদনা কৰক]২০২০ চনৰ ৬ জুলাইত ৬৪ বছৰ বয়সত কিশোৰে শেষ-নিশ্বাস ত্যাগ কৰে। নন-হজকিন লিম্ফোমা নামৰ তেজৰ কৰ্কট ৰোগ ধৰা পৰাৰ পাছত দীৰ্ঘদিন ধৰি ছিংগাপুৰৰ জেনেৰেল চিকিৎসালয়ত চিকিৎসা গ্ৰহণ কৰি আছিল। এইগৰাকী প্ৰখ্যাত সংগীতজ্ঞৰ কৰ্কট ৰোগ ছিংগাপুৰত চিকিৎসা কৰিও নিৰ্মূল নহ’ল। চিকিৎসকে হাৰ মনাত ৯ মাহ পাছত কৰ্কট ৰোগৰ সৈতে যুঁজি ২০২০ চনৰ ১১ জুনত তেওঁ ঘৰলৈ উভতি আহে। মৃত্যুৰ আগলৈকে তেওঁ ৰাজশাহীতে আছিল।[7]
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 1.2 1.3 "যেভাবে বাবা-মায়েৰ দেয়া নাম কেটে তিনি হলেন এণ্ড্ৰু কিশোৰ". জাগো নিউজ. ৮ জুলাই ২০২০. https://www.jagonews24.com/entertainment/news/595765.
- ↑ "এণ্ড্ৰু কিশোৰ আৰ নেই". 2020-07-06. https://www.bd-pratidin.com/entertainment/2020/07/06/545927.
- ↑ 3.0 3.1 3.2 "বাবা-মায়েৰ দেওয়া নাম কেটে যেভাবে হলেন এণ্ড্ৰু কিশোৰ" (en-US ভাষাত). somoynews.tv. ৮ জুলাই ২০২০. https://www.somoynews.tv/pages/details/222538/%E0%A6%AC%E0%A6%BE%E0%A6%AC%E0%A6%BE-%E0%A6%AE%E0%A6%BE%E0%A7%9F%E0%A7%87%E0%A6%B0-%E0%A6%A6%E0%A7%87%E0%A6%93%E0%A7%9F%E0%A6%BE-%E0%A6%A8%E0%A6%BE%E0%A6%AE-%E0%A6%95%E0%A7%87%E0%A6%9F%E0%A7%87-%E0%A6%AF%E0%A7%87%E0%A6%AD%E0%A6%BE%E0%A6%AC%E0%A7%87-%E0%A6%B9%E0%A6%B2%E0%A7%87%E0%A6%A8-%E0%A6%8F%E0%A6%A8%E0%A7%8D%E0%A6%A1%E0%A7%8D%E0%A6%B0%E0%A7%81-%E0%A6%95%E0%A6%BF%E0%A6%B6%E0%A7%8B%E0%A6%B0.
- ↑ "পুৰনো গান নিয়ে এণ্ড্ৰু কিশোৰ". দৈনিক যায় যায় দিন. ২০ মাৰ্চ ২০১৬. http://www.jjdin.com/?view=details&archiev=yes&arch_date=22-09-2014&type=single&pub_no=961&cat_id=1&menu_id=63&news_type_id=1&index=4.
- ↑ "সম্পৰ্কেৰ তিন যুগে গুৰু-শিষ্য". দৈনিক যুগান্তৰ. ২০ মাৰ্চ ২০১৬. http://www.jugantor.com/old/anando-nagar/2014/11/14/173782.
- ↑ "যেভাবে বাবা-মায়েৰ দেয়া নাম কেটে তিনি হলেন এণ্ড্ৰু কিশোৰ". ৮ জুলাই ২০২০. https://news.priyo.com/e/2214153-%E0%A6%AF%E0%A7%87%E0%A6%AD%E0%A6%BE%E0%A6%AC%E0%A7%87-%E0%A6%AC%E0%A6%BE%E0%A6%AC%E0%A6%BE-%E0%A6%AE%E0%A6%BE%E0%A7%9F%E0%A7%87%E0%A6%B0-%E0%A6%A6%E0%A7%87%E0%A7%9F%E0%A6%BE-%E0%A6%A8%E0%A6%BE%E0%A6%AE-%E0%A6%95%E0%A7%87%E0%A6%9F%E0%A7%87-%E0%A6%A4%E0%A6%BF%E0%A6%A8%E0%A6%BF-%E0%A6%B9%E0%A6%B2%E0%A7%87%E0%A6%A8-%E0%A6%8F%E0%A6%A8%E0%A7%8D%E0%A6%A1%E0%A7%8D%E0%A6%B0%E0%A7%81-%E0%A6%95%E0%A6%BF%E0%A6%B6%E0%A7%8B%E0%A6%B0.
- ↑ "চলেই গেলেন কিংবদন্তি কণ্ঠশিল্পী এণ্ড্ৰু কিশোৰ". 2020-07-06. https://www.banglatribune.com/entertainment/news/631455/%E0%A6%9A%E0%A6%B2%E0%A7%87%E0%A6%87-%E0%A6%97%E0%A7%87%E0%A6%B2%E0%A7%87%E0%A6%A8-%E0%A6%95%E0%A6%BF%E0%A6%82%E0%A6%AC%E0%A6%A6%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A6%BF-%E0%A6%95%E0%A6%A3%E0%A7%8D%E0%A6%A0%E0%A6%B6%E0%A6%BF%E0%A6%B2%E0%A7%8D%E0%A6%AA%E0%A7%80-%E0%A6%8F%E0%A6%A8%E0%A7%8D%E0%A6%A1%E0%A7%8D%E0%A6%B0%E0%A7%81-%E0%A6%95%E0%A6%BF%E0%A6%B6%E0%A7%8B%E0%A6%B0.