সমললৈ যাওক

এদ্ৰিছ আলান

অসমীয়া ৱিকিপিডিয়াৰ পৰা

এড্ৰিছ ইলেইন বা লেডী এলান (ইংৰাজী: Edris Allan; ১৯ এপ্ৰিল ১৯০৯ – ১৬ মে' ১৯৯৫) আছিল এগৰাকী জামাইকান সম্প্ৰদায়ৰ কৰ্মী, ৰাজনৈতিক ব্যক্তি আৰু মহিলা অধিকাৰৰ সমৰ্থক৷ সৰুৰে পৰাই তেওঁ সমাজ সেৱা আগবঢ়াইছিল আৰু বিয়াৰ পূৰ্বে কেইবাটাও সৰু-সুৰা প্ৰতিষ্ঠানত কেৰাণী হিচাপে কাম কৰিছিল। তেওঁ জামাইকা অল আইলেণ্ড টেলিফোন চাৰ্ভিচৰ প্ৰথম টেলিফোন অপাৰেটৰ আছিল। ব্ৰিটিছে আফ্ৰিকান বংশৰ জামাইকানক প্ৰদান কৰা প্ৰথম নাইটৰ পদৰে সন্মানিত ছাৰ হেৰল্ড এলানৰ পত্নী হিচাপে তেওঁ তৎক্ষণাত এগৰাকী চেলিব্ৰিটি হৈ পৰিছিল৷ তেওঁ স্বামীৰ সৈতে প্ৰায়ে ভ্ৰমণ কৰিছিল আৰু তেওঁৰ সম্পাদক হিচাপে কাম কৰিছিল। জামাইকা ফেডাৰেচন অৱ ৱমেন (জে এফ ডব্লিউ)ৰ প্ৰতিষ্ঠাপক সদস্য হিচাপে তেওঁ ১৯৫৯ চনৰ পৰা ১৯৬২ চনলৈকে আৰু পুনৰ ১৯৭১ চনৰ পৰা ১৯৭৬ চনলৈকে অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰে৷ তাৰ পিছত ১৯৭৬ চনৰ পৰা ১৯৯৫ চনত মৃত্যুৰ আগলৈকে সভানেত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰাকে ধৰি বহু কাৰ্যালয়ত তেওঁ কাৰ্যনিৰ্বাহ কৰিছিল।

প্ৰাৰম্ভিক জীৱন

[সম্পাদনা কৰক]

১৯০৯ চনৰ ১৯ ​​এপ্ৰিলত জামাইকাৰ ব্ৰিটিছ মুকুট উপনিবেশৰ চেণ্ট কেথেৰিন পেৰিছৰ লিনষ্টেডত এলিছ (জন্ম ফেউৰ্টেডো) আৰু ৰবাৰ্ট হেনৰী ট্ৰটমেনৰ ঘৰত তেওঁ জন্মগ্ৰহণ কৰিছিল।[1][2][3] ডাঙৰ হৈ লিনষ্টেডত শিক্ষা গ্ৰহণ কৰে আৰু তাৰ পিছত কিংষ্টনলৈ গুচি যায় আৰু তাৰ পৰাই শুকান সামগ্ৰীৰ দোকান শ্বাৰলক এণ্ড স্মিথত কেৰাণী হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰে। অতি সোনকালেই তেওঁ আন এখন শুকান সামগ্ৰীৰ দোকান নাথান এণ্ড কোম্পানী লিমিটেডত বিভাগীয় তত্বাৱধায়ক হিচাপে কাম কৰিবলৈ আৰম্ভ কৰে আৰু তাতেই তেওঁ দহ বছৰ থাকে। খুচুৰা ব্যৱসায়ৰ অভিজ্ঞতাই তেওঁক বিভিন্ন সামাজিক শ্ৰেণীৰ লোকৰ সৈতে কাম কৰাৰ আত্মবিশ্বাস আৰু দক্ষতা প্ৰদান কৰাৰ বাবে কৃতিত্ব দিয়ে।[2][4]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. Civil Registrar 1909, পৃষ্ঠা. 7288.
  2. 2.0 2.1 Hemming 1977, পৃষ্ঠা. 1.
  3. Ustanny 1995, পৃষ্ঠা. 89.
  4. The Gleaner 1959.