আন্না ছুক-ফং লোক
| আন্না ছুক-ফং লোক | |
|---|---|
| কৰ্মস্থান | মিচিগান বিশ্ববিদ্যালয় এন আৰ্বাৰ |
| জনা যায় | হেপাটাইটিছ বিৰ বাবে WHO আৰু AASLD ৰ বাবে নিৰ্দেশনা |
আন্না ছুক-ফং লোক (ইংৰাজী: : Anna Suk-Fong Lok ,চীনা ভাষাত: 駱淑芳) এগৰাকী গেষ্ট্ৰ'এণ্টেৰ'লজিষ্ট (অন্ননলী আৰু পাচনতন্ত্ৰৰ বিশেষজ্ঞ) যিয়ে হং কংত অধ্যয়ন কৰিছিল আৰু ১৯৯২ চনত যুক্তৰাষ্ট্ৰলৈ স্থানান্তৰিত হৈছিল। তেওঁ মিচিগান বিশ্ববিদ্যালয়, এন আৰ্বাৰৰ ঔষধ বিভাগৰ অধ্যাপিকা। তেওঁ বিশ্ব স্বাস্থ্য সংস্থা (WHO) আৰু আমেৰিকান এছ’চিয়েশ্বন ফৰ দা ষ্টাডি অফ লিভাৰ ডিজিজেচ (AASLD)ৰ সৈতে একেলগে কাম কৰি হেপাটাইটিছ বি আক্রান্ত ব্যক্তিৰ চিকিৎসাৰ নিয়মাৱলী আৰু চিকিৎসা প্ৰণালী সম্পৰ্কে চিকিৎসা পেছাদাৰীসকল আৰু সাধাৰণ ৰাইজৰ বাবে নিৰ্দেশনা প্ৰস্তুত কৰাত সহায় কৰিছিল।
জীৱনী
[সম্পাদনা কৰক]লোকে হংকং বিশ্ববিদ্যালয়ৰ পৰা চিকিৎসা বিজ্ঞানৰ ডিগ্ৰী লাভ কৰাৰ পিছত ডেম শ্বিলা শ্বাৰলকৰ নিৰ্দেশনাত ব্ৰিটেইনৰ লণ্ডনৰ ৰয়েল ফ্ৰী হাস্পতালত হেপাট’লজীৰ প্ৰশিক্ষণ সম্পূৰ্ণ কৰে। ১৯৯২ চনত তেওঁ লুইজিয়ানা[1] এৰি এন আৰ্বাৰৰ মিচিগান বিশ্ববিদ্যালয়ত চিকিৎসা বিজ্ঞানৰ অধ্যাপিকা হয়।[2]
লোকে হেপাটাইটিছ বিৰ ইতিহাস আৰু চিকিৎসাৰ ওপৰত গৱেষণা কৰি দীৰ্ঘদিনীয়া ভাইৰাছৰ সংক্ৰমণৰ বিভিন্ন পৰ্যায়ৰ ৰূপৰেখা দাঙি ধৰা সকলৰ ভিতৰত এগৰাকী আছিল। হেপাটাইটিছ বিৰ বাবে কেমোথেৰাপি আৰু এন্টিভাইৰেল থেৰাপীৰ প্ৰভাৱৰ ওপৰত গৱেষণাৰ ক্ষেত্ৰতো তেওঁ আগৰণুৱা হৈ আহিছে, মেৰিলেণ্ডৰ বেথেছডাৰ নেচনেল ইনষ্টিটিউট অৱ হেল্থ আৰু ৱাশ্বিংটন ডি চিৰ ভেটেৰান্স হেল্থ এডমিনিষ্ট্ৰেচনৰ অনুদান ব্যৱহাৰ কৰি।[1] লোকে ডব্লিউ এইচ অ’ আৰু এ এ এছ এল ডিক চিকিৎসা পেছাদাৰীসকলৰ বাবে নিৰ্দেশনা আৰু সাধাৰণ জনতাৰ বাবে পৰামৰ্শ প্ৰস্তুত কৰি সহায় কৰাত সহাযোগ কৰিছিল আৰু কাক চিকিৎসা কৰিব লাগে আৰু হেপাটাইটিছ বি সংক্ৰমণ হোৱা ব্যক্তিক কেনেকৈ চিকিৎসা প্ৰদান কৰিব লাগে বিষয়ৰ ওপৰত। এই নিৰ্দেশনাসমূহ বিশেষভাৱে এনে দেশসমূহৰ বাবে ডিজাইন কৰা হৈছে য'ত কোনো ৰাষ্ট্ৰীয় নিৰ্দেশনা নাই বা য'ত পৰামৰ্শ দিয়া পদ্ধতি আৰু চিকিৎসাৰ বাবে প্ৰট'কল জাৰি কৰা কোনো আঞ্চলিক যকৃত সংস্থা নাই।[3]
হেপাটাইটিছ চিৰ ওপৰত তেওঁৰ ক্লিনিকেল ট্ৰায়েলৰ কাম নিউ ইংলেণ্ড জাৰ্নেল অৱ মেডিচিনত প্ৰকাশ পাইছিল[4] আৰু তেওঁ কিউবাৰ পৰা অহা নতুন হেপাটাইটিছ বি ভেকচিনৰ পৰীক্ষাৰ বাবে কৰা এক অধ্যয়নৰ ক্লিনিকেল হেপাট'লজীৰ সঞ্চালিকা, য'ত আঠখন দেশে অংশগ্ৰহণ কৰিছে।[5] গোটেই কেৰিয়াৰত আন্না ছুক-ফং লোকে অসংখ্য বঁটা লাভ কৰিছে। ২০০৮ চনত হেপাটাইটিছ বি ফাউণ্ডেশ্যন[6]ৰ পৰা বিশিষ্ট বিজ্ঞানী বঁটাৰে সন্মানিত হয় আৰু ২০১১ চনত এ এ এছ এল ডিৰ পৰা বিশিষ্ট সেৱা বঁটা লাভ কৰে। ২০১২ চনত লোকক এছ'চিয়েচন অৱ আমেৰিকান ফিজিচিয়ানছত অন্তৰ্ভুক্ত কৰা হয়।[1] থমছন ৰয়টাৰে প্ৰকাশ কৰা বাৰ্ষিক আই এছ আই ৱেব অৱ নলেজ তালিকা অনুসৰি ২০০৯ চনৰ পৰা তেওঁ অন্যতম উদ্ধৃত বৈজ্ঞানিক গৱেষক।[7]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 1.2 "Anna Suk-Fong Lok, MD, FAASLD". প্ৰকাশক Alexandria, Virginia: American Association for the Study of Liver Diseases. Archived from the original on 8 March 2016. https://web.archive.org/web/20160308012038/http://www.aasld.org/about-aasld/bio/anna-sf-lok-md। আহৰণ কৰা হৈছে: 3 November 2015.
- ↑ "Executive Profile: Anna Suk-fong Lok M.D.". প্ৰকাশক New York, New York: Bloomberg Business. https://www.bloomberg.com/research/stocks/private/person.asp?personId=8320798&privcapId=32271&previousCapId=29002&previousTitle=GILEAD%20SCIENCES%20INC। আহৰণ কৰা হৈছে: 3 November 2015.
- ↑ O'Rourke, Kate (July 2015). "WHO Issues Guidelines for Treating Hepatitis B". প্ৰকাশক New York City, New York: Gastroenterology & Endoscopy News. Archived from the original on 27 April 2020. https://web.archive.org/web/20200427165726/http://www.gastroendonews.com/ViewArticle.aspx?d=In+the+News&d_id=187&i=July+2015&i_id=1207&a_id=32947&tab=RecentComments। আহৰণ কৰা হৈছে: 3 November 2015.
- ↑ Lok, Anna S. (January 2012). "Preliminary Study of Two Antiviral Agents for Hepatitis C Genotype 1". New England Journal of Medicine খণ্ড 366 (3): 216–224. doi:10.1056/NEJMoa1104430. PMID 22256805.
- ↑ "New Cuban Chronic Hepatitis B Vaccine Under Clinical Trials in 8 Countries". প্ৰকাশক Ivine, California: Latino Post. 12 August 2015. Archived from the original on 3 November 2015. https://web.archive.org/web/20151103235304/http://www.latinopost.com/articles/21848/20150812/new-cuban-chronic-hepatitis-b-vaccine-under-clinical-trials-8.htm। আহৰণ কৰা হৈছে: 3 November 2015.
- ↑ "Hepatitis B Foundation Presents Distinguished Scientist Award 2008 to University of Michigan Professor at Annual Crystal Ball Gala". প্ৰকাশক Doylestown, Pennsylvania: HepB Organization. 14 April 2008. http://www.hepb.org/news/release_4_17_08.htm। আহৰণ কৰা হৈছে: 3 November 2015.
- ↑ "Lok, Anna: ResearcherID: B-8292-2009". Thomson Reuters. http://www.researcherid.com/ProfileView.action?returnCode=ROUTER.Unauthorized&queryString=KG0UuZjN5WlMaD4S5rU52ctSydeDP0x7Upey5v8L%252FIE%253D&SrcApp=CR&Init=Yes। আহৰণ কৰা হৈছে: 4 November 2015.