এনাবেলা ব্ৰাজ পাইৰেছ
এনাবেলা | |
|---|---|
২০০৯ চনত এনাবেলা | |
| পৃষ্ঠভূমি | |
| জন্ম নাম | এনাবেলা ব্ৰাজ পাইৰেছ |
| অন্য নাম | এনাবেলা (মঞ্চনাম) |
| জন্ম | ২২ ছেপ্টেম্বৰ, ১৯৭৬ (৪৯ বছৰ) আলমাদা, পৰ্তুগাল |
| উৎসস্থান | লিস্বন, পৰ্তুগাল |
| সংগীতৰ ধৰণ | পপ, ১৯৯০-ৰ দশক, ফাদ', শ্ব'টিউনছ |
| পেচা | গায়িকা, অভিনেত্ৰী |
| সক্ৰিয়তাৰ বছৰ | ১৯৮৫–বৰ্তমান |
| লেবেল | ওভাচাও ৰেকৰ্ডছ (পৰ্তুগাল) ডিস্কোছেট ৰেকৰ্ডছ (পৰ্তুগাল) মুভিচিটি ৰেকৰ্ডছ (পৰ্তুগাল) ইলেকথ্ৰিচিটি ৰেকৰ্ডছ (পৰ্তুগাল) ৰেচিষ্টেন্সিয়া ৰেকৰ্ডছ (স্পেইন) জোনা মিউজিকা (স্পেইন) |
এনাবেলা ব্ৰাজ পাইৰেছ (ইংৰাজী: Anabela Braz Pires; জন্ম: ২২ ছেপ্টেম্বৰ ১৯৭৬) এগৰাকী পৰ্তুগীজ গায়িকা আৰু মিউজিকেল থিয়েটাৰৰ অভিনেত্ৰী। পৰ্তুগালত তেওঁ তেওঁৰ প্ৰথম নাম এনাবেলা হিচাপেই অধিক পৰিচিত।
সংগীত জগতত তেওঁৰ কেৰিয়াৰ কেইবাটাও দশক জুৰি বিয়পি আছে। ১৯৯৩ চনৰ ইউৰোভিছন ছং কনটেষ্টত পৰ্তুগালক প্ৰতিনিধিত্ব কৰা, এগৰাকী একক কণ্ঠশিল্পী হিচাপে কৰা কাম আৰু প্ৰযোজক ফিলিপ লা ফেৰিয়াৰ সৈতে মিউজিকেল থিয়েটাৰত কৰা সহযোগিতাৰ বাবে তেওঁ বিশেষভাৱে পৰিচিত। ২০০৬ চনত ছিলেক্টছ (ৰিডাৰ্ছ ডাইজ্যেষ্ঠ)ৰ সৈতে হোৱা এটা সাক্ষাৎকাৰত তেওঁ ধেমালি কৰি কৈছিল যে দেশৰ মানুহৰ মাজত তেওঁৰ পৰিচয় "ইউৰোভিছন ছোৱালী"ৰপৰা "লা ফেৰিয়া ছোৱালী"লৈ সলনি হ'ল।[1]
প্ৰাৰম্ভিক জীৱন আৰু কেৰিয়াৰ
[সম্পাদনা কৰক]এনাবেলা ব্ৰাজ পাইৰেছৰ জন্ম ১৯৭৬ চনৰ ২২ ছেপ্টেম্বৰত পৰ্তুগালৰ আলমাদাত হৈছিল। টেগাছ নদীৰ পাৰত অৱস্থিত লিস্বনৰ এই উপনগৰখনতে তেওঁ ডাঙৰ-দীঘল হয়। তেওঁ আঠ বছৰ বয়সৰপৰাই বিভিন্ন শিশু মহোৎসৱত অংশগ্ৰহণ কৰি পেছাদাৰীভাৱে গান গাবলৈ আৰম্ভ কৰিছিল। ১৯৮৯ চনত ১২ বছৰ বয়সত তেওঁ গ্ৰাণ্ডে নইট ড' ফাদ' জয় কৰে।[2] সেই বছৰতে নেদাৰলেণ্ডত অনুষ্ঠিত ইউনিচেফ সংগীত মহোৎসৱত তেওঁ পৰ্তুগালক প্ৰতিনিধিত্ব কৰি দ্বিতীয় স্থান লাভ কৰে আৰু শ্ৰেষ্ঠ পৰিৱেশকৰ বাবে ডেনি কায়ে বঁটা লাভ কৰে।
১৯৯১ চনত তেওঁ ছপোট আন্তঃৰাষ্ট্ৰীয় সংগীত মহোৎসৱত "ব্ৰাদাৰ" গীতটোৰে পৰ্তুগালক প্ৰতিনিধিত্ব কৰিছিল।[3] তাৰপৰাই তেওঁ ১৯৯১ আৰু ১৯৯২ চনত ওভাচাও ফাদ' সংগীত লেবেলৰ অধীনত এনাবেলা আৰু এনকাণ্টো (চাৰ্ম) নামৰ এলবাম দুটা মুকলি কৰে।
সংগীত জীৱন
[সম্পাদনা কৰক]১৯৯৩: ফেষ্টিভাল আৰটিপি ডা কাঞ্চাও, ইউৰোভিছন আৰু অ’টিআই
[সম্পাদনা কৰক]১৯৯৩ চনৰ ১০ জানুৱাৰীত ১৬ বছৰ বয়সত এনাবেলাই 'ফেষ্টিভাল আৰটিপি ডা কাঞ্চাও'ত অংশগ্ৰহণ কৰে। তেওঁ প্ৰথম ৰাউণ্ডৰ দ্বিতীয় পৰ্যায়ত "প’ ডি মেলহোৰাৰ" (Get well powder) গীতটোৰে প্ৰতিযোগিতাত নামিছিল আৰু 'গ্ৰুপো আটে জাজ'ৰ সৈতে যুটীয়াভাৱে প্ৰথম স্থান দখল কৰিছিল।[4] দুয়োটা গীত ১১ মাৰ্চত অনুষ্ঠিত ফাইনেললৈ নিৰ্বাচিত হয়।
শেষত এনাবেলা বিজয়ী হয়,[5] আৰু ১৫ মে’ত আয়াৰলেণ্ডৰ মিলষ্ট্ৰীটত অনুষ্ঠিত 'ইউৰোভিছন ছং কনটেষ্ট ১৯৯৩'ত পৰ্তুগালক প্ৰতিনিধিত্ব কৰে।[6] তাত তেওঁ "আ চিডেড (আটে চাৰ ডিয়া)" (The city, until dawn) গীতটো পৰিৱেশন কৰি ৬০ পইণ্টেৰে দশম স্থান লাভ কৰে।[6][7] এইটো আছিল বিগত দুবছৰৰ ভিতৰত পৰ্তুগালৰ বাবে প্ৰথমটো 'টপ টেন' স্থান।[8] এই গীতটো তেওঁৰ তৃতীয়টো এলবাম 'আ চিডেড, আটে চাৰ ডিয়া'ৰ মুখ্য গীত আছিল।
সেই বছৰৰে ৯ অক্টোবৰত তেওঁ 'অ’টিআই ফেষ্টিভাল ১৯৯৩'ত পৰ্তুগালক প্ৰতিনিধিত্ব কৰি "অণ্ডে এষ্টাছ?" গীতটোৰে তৃতীয় স্থান লাভ কৰে।[9]
১৯৯৬–২০০২: একক কাম আৰু মিউজিকেল থিয়েটাৰত আত্মপ্ৰকাশ
[সম্পাদনা কৰক]১৯৯৬ চনত তেওঁৰ চতুৰ্থটো এলবাম 'প্ৰাইমেৰাছ আগুৱাছ' (First Water) মুক্তি পায়। সেই বছৰতে তেওঁ ফিলিপ লা ফেৰিয়াৰ শিশুৰ মিউজিকেল 'জাছমিম অউ অ সোনো ড’ চিনেমা'ত অংশ লয়। ১৯৯৯ চনত তেওঁ পুনৰ লা ফেৰিয়াৰ সৈতে 'কোকো' নামৰ মিউজিকেলখনত কাম কৰে। একে বছৰতে তেওঁ 'অৰিজিন্স' (Sources) নামৰ এটা নতুন এলবাম মুকলি কৰে, যাক এইট-এম-ভি (HMV) জাপানে "নতুন প্ৰজন্মৰ ফাদ’" বুলি অভিহিত কৰিছিল।[10]
২০০০ চনত তেওঁ গালিচিয়ান সংগীতজ্ঞ কাৰ্লোছ নুনেজৰ সৈতে 'মায়ো লংগো' এলবামটোৰ বাবে চাৰিটা গীত ৰেকৰ্ডিং কৰে আৰু তেওঁৰ বিশ্ব ভ্ৰমণত অংশ লয়।[11] ২০০২ চনত পৰ্তুগাললৈ উভতি আহি তেওঁ 'মাই ফেয়াৰ লেডী'ৰ লিস্বন সংস্কৰণত মেইন চৰিত্ৰত অভিনয় কৰে।
২০০৫: পৰীক্ষামূলক এলবাম
[সম্পাদনা কৰক]২০০৫ চনত ছয় বছৰৰ বিৰতিৰ মূৰত তেওঁৰ 'ইথাৰ' নামৰ এটা কবিতাৰ এলবাম মুক্তি পায়।[12] ইয়াত তেওঁ ফ্ল’ৰবেলা এস্পানকা, ফাৰ্নাণ্ডো পেছোৱা আৰু মেনুৱেল এলেগ্ৰেৰ দৰে পৰ্তুগীজ লেখকৰ কবিতাৰ সংগীত ৰূপদান কৰিছিল।
২০০৬–বৰ্তমান: মিউজিকেলৰ জগতত সফলতা
[সম্পাদনা কৰক]২০০৬ চনত এনাবেলাই লিস্বনৰ টেট্ৰো পলিটেয়ামাত অনুষ্ঠিত 'ম্যুছিকা নো কোৰাচাও' (The Sound of Music-ৰ পৰ্তুগীজ সংস্কৰণ)ত মাৰিয়া ভন ট্ৰেপৰ চৰিত্ৰত অভিনয় কৰে। ২০০৭ চনত এই শ্ব’টো পোৰ্টোলৈ নিয়া হয়। ২০০৮ চনত ইয়াৰ ৫০০তম প্ৰদৰ্শনী সম্পূৰ্ণ হয়।[13]
২০০৮ চনৰ মে’ মাহত তেওঁ পুনৰ মঞ্চত উপস্থিত হয় আৰু 'জেছু ক্ৰিষ্টো ছুপাৰষ্টাৰ'ত মেৰী মেগডেলিনৰ চৰিত্ৰত অভিনয় কৰে।[14][15] সেই বছৰৰে আগষ্ট মাহত তেওঁলোকে আলগাৰ্ভত এই মিউজিকেলখন পৰিৱেশন কৰিছিল।[16]
ডাবিং
[সম্পাদনা কৰক]এগৰাকী ৰেকৰ্ডিং আৰ্টিষ্ট আৰু মঞ্চ অভিনেত্ৰী হোৱাৰ উপৰি এনাবেলা ডাবিং শিল্পী (গায়িকা) হিচাপেও পৰিচিত। তেওঁ ডিজনীৰ কেইবাখনো জনপ্ৰিয় এনিমেটেড ছবিৰ চৰিত্ৰৰ বাবে কণ্ঠদান কৰিছে। তেওঁ দ্য লিটল মাৰমেইড-ত এৰিয়েল, মুলান-ত মুলান আৰু টেংগলড-ত ৰাপুঞ্জেল চৰিত্ৰৰ গীতসমূহৰ বাবে কণ্ঠদান কৰিছে। ইয়াৰ উপৰি তেওঁ ৱাৰ্নাৰ ব্ৰাডাৰ্ছৰ দ্য কুৱেষ্ট ফৰ কেমেলট-ত কেইলী আৰু ড্ৰীমৱৰ্কছৰ দ্য প্ৰিন্স অফ ইজিপ্ট-ত মিৰিয়াম চৰিত্ৰৰ বাবেও গান গাইছে।
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ Reader's Digest "Selections" interview – Part 1 (in Portuguese) Archived 28 September 2007 at the Wayback Machine
- ↑ Reader's Digest "Selections" interview – Part 2 (in Portuguese)[সংযোগবিহীন উৎস]
- ↑ archive.org page of all Sopot attendees (in Russian)
- ↑ "Festival RTP da Canção 1993 – Semifinals – Booklet of Portuguese National Song Finals". http://www.geocities.com/national_finals_90s_00s/Portugal1993SF.html.
- ↑ "Festival RTP da Canção 1993 – Finals – Booklet of Portuguese National Song Finals". http://www.geocities.com/national_finals_90s_00s/Portugal1993.html.
- 1 2 Eurovision 1993 page from eurovision.tv
- ↑ A cidade até ser dia information from eurovision.tv
- ↑ Portugal country profile information from eurovision.tv
- ↑ "Lo más importante del Festival era dejar bien a mi país" (es ভাষাত). Diario de Burgos (Burgos, Spain): পৃষ্ঠা 47. 11 October 1993. https://prensahistorica.mcu.es/en/consulta/registro.do?id=11000506200.[সংযোগবিহীন উৎস]
- ↑ HMV listing and review of "Origens" (in Japanese)
- ↑ "Hispavista – Música – Mayo Longo (in Spanish)". http://musica.hispavista.com/disco/302। আহৰণ কৰা হৈছে: 2008-10-21.
- ↑ "Anabela apresenta o projecto "Aether" em Espanha (in Portuguese) - elec3city.net". Archived from the original on 2009-12-23. http://arquivo.pt/wayback/20091223220618/http://music.elec3city.net/1763/anabela%2Dapresenta%2Do%2Dprojecto%2Daether%2Dem%2Despanha.htm। আহৰণ কৰা হৈছে: 2008-10-21.
- ↑ "'Música no Coração' celebrou 500 espectáculos" (pt ভাষাত). Jornal Audiência. 23 April 2008. http://www.musicacoracao.com/imprensa/20080423_audiencia_mnc_celebrou_500.pdf.[সংযোগবিহীন উৎস]
- ↑ "Anabela estreoum no dia 30 de Maio como Maria Madalena em 'Jesus Cristo Superstar'" (pt ভাষাত). Teatro Politeama. Archived from the original on 25 June 2009. https://web.archive.org/web/20090625070649/http://www.teatropoliteama.pt/politeama/artigo.asp?cod_artigo=355.
- ↑ "Portugal: Anabela in 'Jesus Christ Superstar'". ESCToday. 19 June 2008. http://www.esctoday.com/news/read/12102.
- ↑ "Algarve rende-se a Jesus Cristo". Jornal Audiência. 27 August 2008. Archived from the original on 21 October 2008. https://web.archive.org/web/20081021121005/http://jesuscristosuperstar.pt/imprensa/20080827_audiencia_algarve_rendese.pdf.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]
ৱিকিমিডিয়া কমন্সত এনাবেলা ব্ৰাজ পাইৰেছ সম্পৰ্কীয় মিডিয়া ফাইল।
- Anabela সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।