এনালাইন মেককৰ্ড
| এনালাইন মেককৰ্ড | |
|---|---|
২০২২ চনৰ ৱাণ্ডাৰকনত মেককৰ্ড | |
| জন্ম | জুলাই ১৬ , ১৯৮৭ (৩৮ বছৰ)[1] আটলাণ্টা, জৰ্জিয়া, আমেৰিকা যুক্তৰাষ্ট্ৰ |
| পেচা | অভিনেত্ৰী, মডেল |
| সক্ৰিয় হৈ থকা সময় | ২০০২–বৰ্তমান |
| ৱেবছাইট | |
| theannalynnemccord | |
এনালাইন মেককৰ্ড (ইংৰাজী: AnnaLynne McCord; জন্ম: ১৬ জুলাই, ১৯৮৭)[1] এগৰাকী আমেৰিকান অভিনেত্ৰী আৰু মডেল। নেতিবাচক তথা শক্তিশালী চৰিত্ৰত অভিনয়ৰ বাবে পৰিচিত মেককৰ্ডে প্ৰথমবাৰৰ বাবে ২০০৭ চনত নিপ/টাক ধাৰাবাহিকত ইডেন লৰ্ড আৰু আমেৰিকান হেয়াৰেচত লৰেন ৱেকফিল্ড হিচাপে খ্যাতি লাভ কৰিছিল।[2] ২০০৮ চনৰপৰা ২০১৩ চনলৈ তেওঁ ৯০২১০ ধাৰাবাহিকত নাওমি ক্লাৰ্কৰ চৰিত্ৰত অভিনয় কৰিছিল। ২০২৪ চনত তেওঁ ডেজ অফ আৱাৰ লাইভছৰ অভিনয় শিল্পীৰ দলত যোগদান কৰে আৰু ইয়াৰ বাবে তেওঁ ডে-টাইম এমি বঁটাৰ মনোনয়ন লাভ কৰে।
প্ৰাৰম্ভিক জীৱন
[সম্পাদনা কৰক]১৯৮৭ চনৰ ১৬ জুলাইত আটলাণ্টাত মেককৰ্ডৰ জন্ম হৈছিল।[1] তেওঁৰ পিতৃ ডেভিদ মেককৰ্ড এজন খ্ৰীষ্টান ধৰ্মগুৰু আছিল।[3] তেওঁ জৰ্জিয়াৰ বুফৰ্ড আৰু মনৰোত ডাঙৰ-দীঘল হৈছিল। তেওঁৰ শৈশৱ এক সাধাৰণ পৰিৱেশত অতিবাহিত হৈছিল।[4] তেওঁৰ পিতৃ-মাতৃয়ে "কঠোৰ অনুশাসন"ত বিশ্বাস কৰিছিল, যাৰ বাবে তেওঁক হেৰী পটাৰ চাবলৈ অনুমতি দিয়া হোৱা নাছিল।[5] ৰাচেল আৰু এঞ্জেল নামৰ তেওঁৰ দুগৰাকী ভগ্নী আছে। মেককৰ্ডে ঘৰতে অধ্যয়ন কৰিছিল আৰু ১৫ বছৰ বয়সতে হাইস্কুলীয়া শিক্ষা সম্পূৰ্ণ কৰিছিল।[1]
কেৰিয়াৰ
[সম্পাদনা কৰক]শিক্ষা সমাপ্ত কৰাৰ পাছত মেককৰ্ডে মিয়ামিত 'ৱিলহেলমিনা মডেলিং এজেন্সী'ত যোগদান কৰে।[6] ১৭ বছৰ বয়সত তেওঁ নিউয়ৰ্ক চহৰৰ এখন ড্ৰামা স্কুলত ভৰ্তি হয়। এবছৰৰ পাছত তেওঁ অভিনয়ৰ সুযোগ বিচাৰি লছ এঞ্জেলছলৈ গুচি যায়। তেওঁ ২০০৫ চনৰ ইটালীয় ছবি নাটালে আ মিয়ামি আৰু ২০০৮ চনৰ হৰৰ ছবি ডে অফ দ্য ডেডত অভিনয় কৰিছিল। ইয়াৰ উপৰি তেওঁ আমেৰিকান হেয়াৰেচ ধাৰাবাহিকত লৰেন ৱেকফিল্ডৰ চৰিত্ৰত অভিনয় কৰিছিল।[7]

মেককৰ্ডে এফএক্স ধাৰাবাহিক নিপ/টাকৰ পঞ্চম ছিজনত ইডেন লৰ্ডৰ চৰিত্ৰত অভিনয় কৰিছিল। এটা সাক্ষাৎকাৰত তেওঁ কৈছিল যে "এগৰাকী দুষ্ট ছোৱালীৰ চৰিত্ৰত অভিনয় কৰি ভাল লাগে।" [8]
২০০৮ চনত মেককৰ্ডে ৯০২১০ ধাৰাবাহিকত নাওমি ক্লাৰ্কৰ চৰিত্ৰত অভিনয়ৰ বাবে নিৰ্বাচিত হয়।[9] প্ৰথম অৱস্থাত এই চৰিত্ৰটো এটা সহযোগী চৰিত্ৰ হিচাপে গণ্য কৰা হৈছিল যদিও প্ৰথম ছিজনৰ শেষৰফালে সংবাদ মাধ্যমে মেককৰ্ডক ধাৰাবাহিকখনৰ মূল অভিনেত্ৰী হিচাপে উল্লেখ কৰিবলৈ আৰম্ভ কৰে।[10] সমগ্ৰ ধাৰাবাহিকখনত মেককৰ্ডৰ চৰিত্ৰটোৱে সামাজিক ক্ষমতা আৰু প্ৰেমৰ বাবে সংগ্ৰাম কৰা দেখা গৈছিল।[11]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- 1 2 3 4 "AnnaLynne McCord Archive". Us Weekly. https://www.usmagazine.com/celebrities/annalynne-mccord/। আহৰণ কৰা হৈছে: December 30, 2017.
- ↑ "AnnaLynne McCord:Overview". Archived from the original on April 6, 2009. https://web.archive.org/web/20090406225230/http://movies.msn.com/celebrities/celebrity/annalynne-mccord/.
- ↑ Moed, Elisa (May 14, 2012). "Hollywood stars find faith during Israel tour". The Jerusalem Post. https://www.jpost.com/Travel/AroundIsrael/Article.aspx?id=269844। আহৰণ কৰা হৈছে: September 2, 2013.
- ↑ McCord, AnnaLynne (April 17, 2017). "You Can Achieve It". TEDxWatts. https://www.youtube.com/watch?v=MzE_p-2hZ7s। আহৰণ কৰা হৈছে: December 30, 2017.
- ↑ "AnnaLynne McCord: Why I'm Done Staying Quiet About My Sexual Assault". Cosmopolitan. May 29, 2014. https://www.cosmopolitan.com/entertainment/celebs/news/a6977/annalynne-mccord-sexual-assault/.
- ↑ "AnnaLynne McCord Star Bio". http://www.tribute.ca/people/Annalynne+McCord/31668/.
- ↑ "AnnaLynne McCord". tv.yahoo.com. https://tv.yahoo.com/annalynne-mccord/contributor/2204399.
- ↑ "Exclusive Interview: 'Day of the Dead' Star AnnaLynne McCord". FEARnet. April 8, 2008. http://www.fearnet.com/news/b10642_exlcusive_interview_day_of_dead_star.html। আহৰণ কৰা হৈছে: September 2, 2013.
- ↑ Ausiello, Michael (October 25, 2009). "Fall's best and worst". Entertainment Weekly. http://ausiellofiles.ew.com/2009/10/25/ausiello-fall-2009-best-worst/#more-3535। আহৰণ কৰা হৈছে: October 29, 2009.
- ↑ "AnnaLynne McCord". InStyle. http://www.instyle.com/instyle/package/summertrends/photos/0,,20278636_20278389_20617282,00.html.
- ↑ "AnnaLynne McCord Young Hollywood Awards". http://www.sugarslam.com/young-hollywood-awards-adam-lambert-shawn-johnson-and-more/anna-lynne-mccord-young-hollywood-awards/.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]| ৱিকিমিডিয়া কমন্সত AnnaLynne McCord সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
- এনালাইন মেককৰ্ড সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।