সমললৈ যাওক

এনাষ্টাচিয়া ষ্টটস্কায়া

অসমীয়া ৱিকিপিডিয়াৰ পৰা
এনাষ্টাচিয়া ষ্টটস্কায়া
পৃষ্ঠভূমি
জন্ম নাম এনাষ্টাচিয়া আলেকজেণ্ড্ৰোভনা ষ্টটস্কায়া
জন্ম ৮ অক্টোবৰ, ১৯৮২ (৪৩ বছৰ)
কিয়েভ, ইউক্ৰেইনিয়ান এছএছআৰ
সংগীতৰ ধৰণ পপ, মিউজিকেল থিয়েটাৰ
পেচা গায়িকা, অভিনেত্ৰী
সক্ৰিয়তাৰ বছৰ ২০০০–বৰ্তমান
ৱেবছাইট stotskaya.ru

এনাষ্টাচিয়া আলেকজেণ্ড্ৰোভনা ষ্টটস্কায়া (ইংৰাজী: Anastasia Aleksandrovna Stotskaya; জন্ম: ৮ অক্টোবৰ ১৯৮২) এগৰাকী ৰাছিয়ান পপ গায়িকা আৰু অভিনেত্ৰী।[1]

প্ৰাৰম্ভিক জীৱন

[সম্পাদনা কৰক]

এনাষ্টাচিয়া ষ্টটস্কায়াৰ জন্ম ১৯৮২ চনৰ ৮ অক্টোবৰত কিয়েভৰ এটা চিকিৎসক[2] আৰু শিল্পীৰ পৰিয়ালত হৈছিল।[3] পাঁচ বছৰ বয়সৰপৰাই তেওঁ দেশৰ জনপ্ৰিয় শিশু সংগীত গোষ্ঠীসমূহৰ সৈতে ভ্ৰমণ কৰিছিল। ১৯৯২ চনলৈকে তেওঁ কিয়েভত বাস কৰিছিল,[4] ইয়াৰ পিছত ককায়েকৰ অভিনয় জীৱনত সহায় কৰিবলৈ তেওঁ পৰিয়ালৰ সৈতে মস্কোলৈ গুচি যায়।[5] মাধ্যমিক বিদ্যালয়ৰ শিক্ষা সমাপ্ত কৰাৰ পাছত তেওঁ ৰাছিয়ান একাডেমী অৱ থিয়েটাৰ আৰ্টছত সংগীত অভিনয়ৰ অধ্যয়নৰ বাবে নাম ভৰ্তি কৰে।[6]

কৰ্মজীৱন

[সম্পাদনা কৰক]
২০২০ চনত লেডী না দেন নাটকত ষ্টটস্কায়া।

১৮ বছৰ বয়সত ষ্টটস্কায়াই পোনপ্ৰথমে জনপ্ৰিয়তা লাভ কৰে, যেতিয়া তেওঁ 'থিয়েটাৰ অৱ দ্য মুন'-ত নট্ৰে-ডাম ডি পেৰিছ নামৰ সংগীতমূলক নাটকত ফ্লেউৰ-ডি-লিছৰ চৰিত্ৰত অভিনয় কৰিছিল। তাত তেওঁক ফিলিপ কিৰ্কোৰভে লক্ষ্য কৰে, যিয়ে ২০০২ চনত ষ্টটস্কায়াৰ প্ৰযোজক হিচাপে দায়িত্ব লয়।[7] প্ৰথমে তেওঁ ষ্টটস্কায়াক চিকাগো নামৰ মিউজিকেল নাটখনৰ অডিচনলৈ আমন্ত্ৰণ জনায় আৰু তাৰ পিছত তেওঁৰ নিৰ্দেশনাত ষ্টটস্কায়াই এটা একক সংগীত প্ৰকল্পৰ বাবে প্ৰথমটো গীত ৰেকৰ্ডিং কৰে। তেওঁলোকে পাঁচ বছৰৰ বাবে এটা সহযোগিতাৰ চুক্তিত স্বাক্ষৰ কৰে।[8]

২০০৩ চনত ষ্টটস্কায়াই যুৱ পৰিৱেশনকাৰীসকলৰ আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতা নিউ ৱেভ-ত অংশগ্ৰহণ কৰে,[9] য’ত তেওঁ গ্ৰেণ্ড প্ৰিক্স বঁটা লাভ কৰে।[10] "কাণ্ট টেক মাই আইজ অফ ইউ" গীতটোৰ এটা কভাৰ সংস্কৰণ আৰু "ভেনি-ৰেকি" নামৰ এটা নতুন গীত পৰিৱেশন কৰি তেওঁ এই সফলতা লাভ কৰিছিল।[11] "ভেনি-ৰেকি" গীতটোৱে ষ্টটস্কায়াক তেওঁৰ প্ৰথম তথা একমাত্ৰ গোল্ডেন গ্ৰাম’ফোন বঁটাৰ মনোনয়ন দিছিল।[7] এই গীতটোৰে তেওঁ পেচনিয়া গোডা-তো পৰিৱেশন কৰিছিল।[12] ইয়াৰ পিছত ২০০৩ চনৰ ডিচেম্বৰত তেওঁ কিৰ্কোৰভৰ সৈতে "ভ্লুব্লিয়ননয়া দুশা" নামৰ এটা দ্বৈত গীত মুকলি কৰে। ২০০৪ চনত তেওঁ আৰু দুটা একক গীত মুকলি কৰিছিল যিবোৰে এয়াৰপ্লে চাৰ্টৰ শীৰ্ষ ২০টা গীতৰ তালিকাত স্থান লাভ কৰিছিল।[13]

ষ্টটস্কায়াই "শ্বেড’জ ডান্স অল এৰাউণ্ড" গীতটোৰ সৈতে ২০০৫ চনৰ ইউৰোভিছন ছং কণ্টেষ্টৰ বাবে ৰাছিয়াৰ ৰাষ্ট্ৰীয় নিৰ্বাচন প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিছিল। তেওঁ প্ৰথম ছেমি ফাইনেলত দ্বিতীয় স্থান লাভ কৰি ফাইনেললৈ যোগ্যতা অৰ্জন কৰে আৰু শেষত তৃতীয় স্থান দখল কৰে।[14]

ইয়াৰ পিছত তেওঁ অভিনয় আৰু টেলিভিছনৰ কামত অধিক মনোনিৱেশ কৰিবলৈ আৰম্ভ কৰে। তেওঁ ২০০৭ চনত চাৰ্কাছ উইথ দ্য ষ্টাৰ্ছ ধাৰাবাহিকত অংশগ্ৰহণ কৰে।[15] ২০১০ চনৰ এপ্ৰিল মাহত তেওঁ তেওঁৰ নৃত্য সংগী এলেক্সি লেডেনিভৰ সৈতে ডান্সিং উইথ দ্য ষ্টাৰ্ছ-ৰ ৰাছিয়ান সংস্কৰণৰ পঞ্চম ছিজনত জয়লাভ কৰে। ২০১৩ চনত তেওঁ ৱান টু ৱান! শ্ব’ত অংশ লৈ পঞ্চম স্থান লাভ কৰিছিল।[16]

২০১৬ চনত ষ্টটস্কায়াক সেই বছৰৰ ইউৰোভিছন ছং কণ্টেষ্টৰ এজন ৰাছিয়ান জুৰী হিচাপে নিৰ্বাচিত কৰা হৈছিল। প্ৰথম ছেমি ফাইনেলৰ জুৰী শ্ব’ৰ সময়ত ষ্টটস্কায়াই পেৰিস্কোপ এপৰ জৰিয়তে পোনপটীয়া সম্প্ৰচাৰ কৰি তেওঁৰ স্কোৰকাৰ্ড আৰু কেইবাটাও পৰিৱেশন দেখুৱাইছিল। এই ঘটনাৰ বাবে ষ্টটস্কায়াক শেষত জুৰীৰপৰা বহিষ্কাৰ কৰা হয়।[17]

ব্যক্তিগত জীৱন

[সম্পাদনা কৰক]

ষ্টটস্কায়া ২০০৮ চনলৈকে অভিনেতা আলেকছি চেকিৰিনৰ সৈতে সম্পৰ্কত আছিল।[18] ২০১১ চনত তেওঁ এজন আৰ্মেনিয়ান ব্যৱসায়ীক বিবাহ কৰায়।[19] তেওঁলোকৰ দুটি সন্তান আছে— এজন পুত্ৰ (জন্ম ২০১১) আৰু এগৰাকী কন্যা (জন্ম ২০১৭)।[20] ২০১৯ চনত এই দম্পতীটো পৃথকে থাকিবলৈ লয় আৰু পিছলৈ তেওঁলোকৰ বিবাহ বিচ্ছেদ হয়।[21] চিক্ৰেট ফৰ এ মিলিয়ন নামৰ অনুষ্ঠানটোৰ এটা খণ্ডত ষ্টটস্কায়াই ফিলিপ কিৰ্কোৰভৰ সৈতে তেওঁৰ এটা অতি চুটি দিনীয়া প্ৰেমৰ সম্পৰ্ক থকাৰ কথা স্বীকাৰ কৰিছিল।[3]

২০০২ চনত ষ্টটস্কায়া প্ৰায় 'মস্কো থিয়েটাৰ জিম্মি সংকট'ত আবদ্ধ হৈ পৰিছিল। তেওঁ পোনপ্ৰথমে ২০০২ চনৰ ২৩ অক্টোবৰত চিকাগোৰ কামৰপৰা ছুটি লৈ নৰ্ড-অষ্ট নাটকখন চাবলৈ পৰিকল্পনা কৰিছিল, কিন্তু কিৰ্কোৰভৰ অনুৰোধত শেষ মুহূৰ্তত তেওঁ নিজৰ সিদ্ধান্ত সলনি কৰিছিল।[3][22][23]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "Анастасия Стоцкая, биография, новости, фото!". Uznayvse. https://uznayvse.ru/znamenitosti/biografiya-anastasiya-stockaya.html.
  2. Стоцкая подарки без повода не принимает
  3. 1 2 3 ""Секрет на миллион": Анастасия Стоцкая". NTVYouTube.com. https://www.youtube.com/watch?v=59TgnYZ-H4I আহৰণ কৰা হৈছে: 14 December 2021.
  4. "Анастасия Стоцкая учит украинский язык". Komsomolskaya Pravda. http://kp.ua/daily/160107/27/.
  5. Sergeeva, Yelizaveta. "Анастасия Стоцкая". 24SMI24smi.org. https://24smi.org/celebrity/669-anastasiia-stotskaia.html আহৰণ কৰা হৈছে: 13 December 2021.
  6. "Анастасия Стоцкая: «Спорт – это лучший антидепрессант»". Argumenty i Faktyaif.ru. November 2021. https://aif.ru/culture/person/anastasiya_stockaya_sport_eto_luchshiy_antidepressant আহৰণ কৰা হৈছে: 13 December 2021.
  7. 1 2 "Анастасия Стоцкая рассказала, почему Филипп Киркоров не делает тест на отцовство". Russkoe Radiorusradio.ru. https://rusradio.ru/news/lyudi-s-oblozhki/anastasiya-stockaya-rasskazala-pochemu-filipp-kirkorov-ne-delaet-test-na-otcovstvo আহৰণ কৰা হৈছে: 14 December 2021.[সংযোগবিহীন উৎস]
  8. "Анастасия Стоцкая: «Я никогда не хотела быть эстрадной певицей»". cosmo.ru. 7 December 2021. https://www.cosmo.ru/stars/interview/anastasiya-stockaya-ya-nikogda-ne-hotela-byt-estradnoy-pevicey/ আহৰণ কৰা হৈছে: 13 December 2021.
  9. "В Юрмале стартует "Новая волна-2003"". RIA Novostiria.ru. 2003. https://ria.ru/20030730/413275.html আহৰণ কৰা হৈছে: 13 December 2021.
  10. "БЕРЕМЕННАЯ СТОЦКАЯ ПРИМЕРИЛА ВЫШИВАНКУ И ПОХВАСТАЛАСЬ НЕМАЛЫМ ЖИВОТИКОМ". TSNtsn.ua. 10 April 2017. https://tsn.ua/ru/glamur/beremennaya-stockaya-primerila-vyshivanku-i-pohvastalas-nemalym-zhivotikom-838988.html আহৰণ কৰা হৈছে: 13 December 2021.
  11. ""Мы с ним развлекались": Убитая горем Стоцкая разрыдалась у гроба умершего от анального разрыва Шевчука". dni.ru. 29 January 2021. https://dni.ru/showbiz/2021/1/29/470203.html আহৰণ কৰা হৈছে: 13 December 2021.
  12. "Анастасия Стоцкая - Вены-реки (Песня Года 2003 Финал)". YouTube.com. https://www.youtube.com/watch?v=Nic5kQ0EWWc আহৰণ কৰা হৈছে: 14 December 2021.
  13. "Anastasiay Stotskaay". TopHittophit.ru. https://tophit.ru/en/artist/Anastasiay_Stotskaay আহৰণ কৰা হৈছে: 14 December 2021.[সংযোগবিহীন উৎস]
  14. InnerMedia (7 February 2005). "Jam & Терлеева, Стоцкая, Билан уже попали в десятку финалистов от России на Евровидение 2005". TopHittophit.ru. https://tophit.ru/ru/news/view/show/452 আহৰণ কৰা হৈছে: 14 December 2021.[সংযোগবিহীন উৎস]
  15. "Программа Цирк со звездами". Channel One Russia1tv.com. https://www.1tv.com/announce/3412 আহৰণ কৰা হৈছে: 14 December 2021.
  16. "Объявлен победитель шоу «Один в один»". 7Days7days.ru. 27 May 2013. https://7days.ru/news/obyavlen-pobeditel-shou-odin-v-odin.htm আহৰণ কৰা হৈছে: 14 December 2021.
  17. "Jury". Eurovision Song Contesteurovision.tv. https://eurovision.tv/event/stockholm-2016/grand-final/jury আহৰণ কৰা হৈছে: 13 December 2021.
  18. Kovalskiy, Aleksey. "Алексей Секирин". 24smi.org24smi. https://24smi.org/celebrity/4447-aleksei-sekirin.html আহৰণ কৰা হৈছে: 14 December 2021.
  19. "АНАСТАСИЯ СТОЦКАЯ ПРЯЧЕТ МУЖА". dni.ru. 11 October 2012. https://dni.ru/showbiz/2012/10/11/241839.html আহৰণ কৰা হৈছে: 14 December 2021.
  20. "Анастасия Стоцкая во второй раз стала мамой". www.zirki.odnoboko.com. http://www.zirki.odnoboko.com/anastasiya_stotskaya_vo_vtoroy_raz_stala_mamoy আহৰণ কৰা হৈছে: 8 May 2017.
  21. Bystrov, Pavel (17 July 2021). "Стоцкая показала фото сына, которого назвали «копией Киркорова»". Moskovskij Komsomoletsmk.ru. https://www.mk.ru/social/2021/07/17/stockaya-pokazala-foto-syna-kotorogo-nazvali-kopiey-kirkorova.html আহৰণ কৰা হৈছে: 14 December 2021.
  22. Zayakin, Aleksey (June 2019). "Анастасия Стоцкая рассказала, как однажды Филипп Киркоров спас ей жизнь". teleprogramma.pro. https://teleprogramma.pro/news/1066758-anastasiya-stockaya-rasskazala-kak-odnajdy-filipp-kirkorov-spas-ey-3419/ আহৰণ কৰা হৈছে: 14 December 2021.
  23. "Анастасия Стоцкая: «Я до сих пор очень люблю Киркорова»". StarHitStarhit.ru. 1 June 2019. https://www.starhit.ru/novosti/anastasiya-stotskaya-ya-do-sih-por-ochen-lyublyu-kirkorova-175681/ আহৰণ কৰা হৈছে: 14 December 2021.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]