এনী ৱাৰ্শ্বিং
| এনী ৱাৰ্শ্বিং | |
|---|---|
২০২২ চনত ৱাৰ্শ্বিং | |
| জন্ম | এনী ৱাৰ্শ্বিং ২৮ মাৰ্চ, ১৯৭৭ ছেইণ্ট লুইছ, মিছৌৰী, আমেৰিকা যুক্তৰাষ্ট্ৰ |
| মৃত্যু | ২৯ জানুৱাৰী, ২০২৩ (৪৫ বছৰ) লছ এঞ্জেলছ, কেলিফৰ্ণিয়া, আমেৰিকা যুক্তৰাষ্ট্ৰ |
| শিক্ষা | মিলিকিন ইউনিভাৰ্ছিটি (BFA) |
| পেচা | অভিনেত্ৰী |
| সক্ৰিয় হৈ থকা সময় | ১৯৯৫–২০২৩ |
| দাম্পত্যসঙ্গী | ষ্টিফেন ফুল (বি. ২০০৯) |
| সন্তান | ৩ |
এনী ৱাৰ্শ্বিং[1] (২৮ মাৰ্চ, ১৯৭৭ – ২৯ জানুৱাৰী, ২০২৩) এগৰাকী আমেৰিকান অভিনেত্ৰী আছিল। তেওঁ টেলিভিছনৰ বিভিন্ন চৰিত্ৰৰ বাবে পৰিচিত আছিল, যেনে ২৪-ত ৰেনী ৱাকাৰ, বছ-ত জুলিয়া ব্ৰেচাৰ, টাইমলেছ-ত এমা হুইটম’ৰ, কেচেল-ত ড° কেলী নেইমেন, ৰাণৱেজ-ত লেছলী ডিন, দ্য ভেম্পায়াৰ ডায়েৰীজ-ত লিলি ছালভাট’ৰ আৰু দ্য ৰুকী-ত ৰোজালিণ্ড ডায়াৰ। ইয়াৰ উপৰি তেওঁ দ্য লাষ্ট অফ আছ ভিডিঅ' গেমত টেছ চৰিত্ৰটোৰ কণ্ঠদান আৰু পাৰ্ফৰমেন্স-কেপচাৰৰ বাবে জনাজাত আছিল।
প্ৰাৰম্ভিক জীৱন
[সম্পাদনা কৰক]১৯৭৭ চনৰ ২৮ মাৰ্চত মিছৌৰীৰ ছেইণ্ট লুইছত ৱাৰ্শ্বিঙৰ জন্ম হৈছিল।[2] তেওঁ ছেইণ্ট লুইছৰ ক্ৰছৰোডছ কলেজ প্ৰিপাৰেটৰী স্কুলত অধ্যয়ন কৰিছিল আৰু ১৯৯৫ চনত স্নাতক ডিগ্ৰী লাভ কৰিছিল।[3] সৰু কালত তেওঁ আইৰিছ নৃত্যৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল আৰু ছেইণ্ট লুইছ চেল্টিক ষ্টেপডান্সাৰ্ছ গোটৰ সদস্য আছিল।[3] তেওঁ মিলিকিন ইউনিভাৰ্ছিটিৰপৰা সংগীত থিয়েটাৰত স্নাতক (বি এফ এ) ডিগ্ৰী লাভ কৰিছিল আৰু ১৯৯৯ চনত তাৰপৰা উত্তীৰ্ণ হৈছিল।[3][4]
কৰ্মজীৱন
[সম্পাদনা কৰক]ৱাৰ্শ্বিঙে ষ্টাৰ ট্ৰেক: এণ্টাৰপ্ৰাইজ ধাৰাবাহিকত অতিথি শিল্পী হিচাপে অভিনয় কৰি নিজৰ অভিনয় জীৱন আৰম্ভ কৰিছিল। ইয়াৰ পিছত তেওঁ এঞ্জেল, চাৰ্মড, ক’ল্ড কেচ, কিলাৰ ইনষ্টিংক্ট আৰু ছুপাৰনেচাৰেল-ৰ দৰে ধাৰাবাহিকত অতিথি চৰিত্ৰত অভিনয় কৰে। ২০০৭ চনৰ মাৰ্চৰপৰা নৱেম্বৰলৈকে তেওঁ এবিচিৰ ছোপ অপাৰেটৰ ধাৰাবাহিক জেনেৰেল হাস্পতাল-ত আমেলিয়া জফে নামৰ এটা চৰিত্ৰত অভিনয় কৰিছিল। ইয়াৰ উপৰি তেওঁ ভিক্টৰী গাৰ্ডেন থিয়েটাৰ, মেৰিয়ট থিয়েটাৰ লিংকনশ্বায়াৰ আৰু উটাহ শ্বেইকছপীয়েৰিয়ান ফেষ্টিভেলৰ দৰে থিয়েটাৰতো কাম কৰিছিল।[3]
ৱাৰ্শ্বিঙে ২৪ ধাৰাবাহিকৰ সপ্তম আৰু অষ্টম ছিজনত এফবিআইৰ বিশেষ এজেণ্ট ৰেনী ৱাকাৰৰ চৰিত্ৰত অভিনয় কৰিছিল।[5]

২৪ ধাৰাবাহিকত দুটা ছিজন কাম কৰাৰ পাছত ৱাৰ্শ্বিঙে বিভিন্ন ধাৰাবাহিকত অতিথি শিল্পী হিচাপে অভিনয় কৰে, যাৰ ভিতৰত আছে চিএছআই, এনচিআইএছ, ৰিজ’লি এণ্ড আইলছ, হাৱাই ফাইভ-০, বডী অফ প্ৰুফ, ডালাছ, ৰিভলিউশ্যন, কেচেল, ব্লু ব্লাডছ, দ্য ভেম্পায়াৰ ডায়েৰীজ আৰু টাচ।
ৱাৰ্শ্বিঙে ২০০৯ চনৰ টাকো বেল অল-ষ্টাৰ লেজেণ্ডছ এণ্ড চেলিব্ৰিটি ছফ্টবল গেমত অংশগ্ৰহণ কৰিছিল।[6]
২০১২ চনৰ ডিচেম্বৰত প্ৰকাশ পায় যে প্লেষ্টেচন ৩-ৰ ভিডিঅ' গেম দ্য লাষ্ট অফ আছ-ত ৱাৰ্শ্বিঙে টেছ নামৰ চৰিত্ৰটোৰ বাবে কণ্ঠদান আৰু মোচন-কেপচাৰ কৰিছিল। ২০১২ চনৰ ৭ ডিচেম্বৰত স্পাইক ভিডিঅ' গেম এৱাৰ্ডছত প্ৰদৰ্শিত ট্ৰেইলাৰত তেওঁৰ চৰিত্ৰটো আনুষ্ঠানিকভাৱে উন্মোচন কৰা হৈছিল।
২০১৪ চনত তেওঁ আমাজন প্ৰাইমৰ ক্ৰাইম শ্ব’ বছ-ৰ প্ৰথম ছিজনৰ এগৰাকী নিয়মীয়া শিল্পী আছিল।[7] ২০২২ চনত তেওঁ পুনৰ ষ্টাৰ ট্ৰেক ফ্ৰেঞ্চাইজিলৈ উভতি আহে আৰু ষ্টাৰ ট্ৰেক: পিকাৰ্ড-ৰ দ্বিতীয় ছিজনত বৰ্গ কুইনৰ চৰিত্ৰত অভিনয় কৰে।[8] ২০১৭ চনৰপৰা ২০১৯ চনলৈকে তেওঁ মাৰ্ভেলৰ ধাৰাবাহিক ৰাণৱেজ-ত লেছলী ডিনৰ চৰিত্ৰত অভিনয় কৰিছিল। ২০১৯ চনৰপৰা ২০২২ চনৰ ভিতৰত তেওঁ দ্য ৰুকী-ত ৰোজালিণ্ড ডায়াৰ হিচাপে এটা চৰিত্ৰত অভিনয় কৰিছিল।[9]
ব্যক্তিগত জীৱন, বেমাৰ আৰু মৃত্যু
[সম্পাদনা কৰক]২০০৯ চনৰ ছেপ্টেম্বৰ মাহত ৱাৰ্শ্বিঙে তেওঁলোকৰ লছ এঞ্জেলছৰ বাসগৃহত অভিনেতা তথা কৌতুক অভিনেতা ষ্টিফেন ফুলৰ সৈতে বিবাহপাশত আবদ্ধ হয়।[10] তেওঁলোকৰ তিনিজন পুত্ৰ সন্তান আছিল।[11][12][13]
২০২০ চনৰ মাজভাগত ৱাৰ্শ্বিঙৰ দেহত কৰ্কট ৰোগ ধৰা পৰিছিল। অৱশ্যে তেওঁ এই কথাটো গোপনে ৰাখিছিল আৰু তাৰ পিছতো অভিনয় অব্যাহত ৰাখিছিল।[14][15][16] ২০২৩ চনৰ ২৯ জানুৱাৰীত ৪৫ বছৰ বয়সত কেলিফৰ্ণিয়াৰ লছ এঞ্জেলছত এডেনইড চিষ্টিক কাৰ্চিনোমাৰ বাবে তেওঁৰ মৃত্যু হয়।[17][18]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "Annie Wersching Biography - Birth Name: Anne Wersching". TV Guide. https://www.tvguide.com/celebrities/annie-wersching/bio/3030400368/। আহৰণ কৰা হৈছে: 8 April 2025.
- ↑ "Annie Wersching: Movies, TV and Bio". AmazonPrime Video. https://www.amazon.com/prime-video/actor/Annie-Wersching/nm1156709/। আহৰণ কৰা হৈছে: April 20, 2022.
- 1 2 3 4 "Annie Wersching Bio". http://www.anniewersching.com/home/index.php?location=bio। আহৰণ কৰা হৈছে: February 19, 2009.
- ↑ "Annie Wersching '99". Millikin.edu. July 23, 2020. Archived from the original on May 23, 2021. https://web.archive.org/web/20210523180143/https://millikin.edu/profile/annie-wersching। আহৰণ কৰা হৈছে: November 17, 2020.
- ↑ Smith, Melodie; Dealer, The Plain (November 5, 2012). "'Touch' to hold '24' reunion; 'Skyfall' breaks U.K. box-office record; and more". Cleveland. https://www.cleveland.com/people/2012/11/foxs_touch_to_hold_24_reunion.html। আহৰণ কৰা হৈছে: February 10, 2022.
- ↑ Laymance, Reid (July 6, 2009). "Official celebrity list for All-Star softball game on Sunday" (en ভাষাত). STLtoday.com. https://www.stltoday.com/sports/baseball/professional/cardinal-beat/official-celebrity-list-for-all-star-softball-game-on-sunday/article_48a4a93f-6e13-5988-91fe-e038837cdb04.html। আহৰণ কৰা হৈছে: January 30, 2023.
- ↑ Zumberge, Marianne (February 4, 2015). "Michael Connelly Gives Insight into Detectives at Amazon's 'Bosch' Premiere". Variety. https://variety.com/2015/scene/news/michael-connelly-gives-insight-into-detectives-at-amazons-bosch-premiere-1201423794/। আহৰণ কৰা হৈছে: December 14, 2015.
- ↑ Templeton, Molly (September 3, 2021). "Annie Wersching Will Play the Borg Queen in Star Trek: Picard". Tor.com. https://www.tor.com/2021/09/03/annie-wersching-borg-queen-star-trek-picard/। আহৰণ কৰা হৈছে: September 3, 2021.
- ↑ Blanchet, Brenton. "Annie Wersching Honored by 'The Rookie' with Touching On-Screen Tribute After Her Death". Dotdash MeredithPeople.com. https://people.com/tv/the-rookie-honors-annie-wersching/। আহৰণ কৰা হৈছে: 16 February 2023.
- ↑ "24's Annie Wersching Expecting a Baby". People. March 5, 2010. https://people.com/parents/24s-annie-wersching-expecting-a-baby/। আহৰণ কৰা হৈছে: November 12, 2019.
- ↑ "Annie Wersching Welcomes Son Freddie". People. August 9, 2010. https://people.com/parents/annie-wersching-welcomes-son-freddie/.
- ↑ "Annie Wersching Welcomes Son Ozzie". People. August 8, 2013. https://people.com/parents/annie-wersching-welcomes-son-ozzie/। আহৰণ কৰা হৈছে: November 12, 2019.
- ↑ "'Timeless' Actress Annie Wersching Welcomes Third Child (Exclusive)". Entertainment Tonight. December 3, 2018. https://www.etonline.com/timeless-actress-annie-wersching-welcomes-third-child-exclusive-114944। আহৰণ কৰা হৈছে: December 4, 2018.
- ↑ "Annie Wersching, 24 actress, passes away at 45". CNN. January 29, 2023. https://edition.cnn.com/2023/01/29/entertainment/annie-wersching-death/index.html। আহৰণ কৰা হৈছে: January 29, 2023.
- ↑ "Annie Wersching, Who Played Borg Queen on Star Trek: Picard, Dies at 45". The New York Times. January 29, 2023. https://www.nytimes.com/2023/01/29/arts/television/annie-wersching-dead.html। আহৰণ কৰা হৈছে: January 29, 2023.
- ↑ Haring, Bruce (January 29, 2023). "Annie Wersching Dies: Actress In 24, Bosch And Timeless Was 45". Deadline. https://deadline.com/2023/01/annie-wersching-dies-actress-in-24-bosch-and-timeless-was-45-obituary-1235243778/। আহৰণ কৰা হৈছে: January 29, 2023.
- ↑ "Annie Wersching In The Last of Us". Starsgab. February 15, 2023. Archived from the original on 8 December 2023. https://web.archive.org/web/20231208165200/https://starsgab.com/annie-wersching-the-last-of-us/। আহৰণ কৰা হৈছে: 14 October 2024.
- ↑ White, Abbey (January 29, 2023). "Annie Wersching, Actress in Bosch, 24, Runaways, Dies at 45". The Hollywood Reporter. https://www.hollywoodreporter.com/tv/tv-news/annie-wersching-dead-bosch-24-runaways-1235312384/। আহৰণ কৰা হৈছে: January 29, 2023.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]| ৱিকিমিডিয়া কমন্সত এনী ৱাৰ্শ্বিং সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
- এনী ৱাৰ্শ্বিং সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।
