সমললৈ যাওক

এনেট অ'টুল

অসমীয়া ৱিকিপিডিয়াৰ পৰা
এনেট অ'টুল

২০২০ চনত কিডিং ধাৰাবাহিকৰ এটা খণ্ডত অ'টুল
জন্ম এনেট টুল
১ এপ্ৰিল, ১৯৫২ (৭৪ বছৰ)
হিউষ্টন, টেক্সাছ, আমেৰিকা যুক্তৰাষ্ট্ৰ
পেচা অভিনেত্ৰী
সক্ৰিয় হৈ থকা সময় ১৯৬৭–বৰ্তমান
দাম্পত্যসঙ্গী
  • বিল গাইছলিংগাৰ (বি. ১৯৮৩; বিবি. ১৯৯৩)
  • মাইকেল মেকিন (বি. ১৯৯৯)
সন্তান

এনেট অ'টুল (ইংৰাজী: Annette O'Toole; জন্ম: এনেট টুল; ১ এপ্ৰিল, ১৯৫২)[1] এগৰাকী আমেৰিকান অভিনেত্ৰী, গায়িকা আৰু গীতিকাৰ।

তেওঁ টেলিভিছন ধাৰাবাহিক নাছ ব্ৰিজেছত লিছা ব্ৰিজেছ, ষ্টিফেন কিংৰ মহাকাব্যিক ভৌতিক উপন্যাস ইটৰ ১৯৯০ চনৰ টেলিভিছন মিনি-চিৰিজ ৰূপান্তৰত প্ৰাপ্তবয়স্ক বেভাৰলী মাৰ্ছ, ছুপাৰমেন ৩ত লানা লেং, ৰোমাণ্টিক-কমেডী চলচ্চিত্ৰ ক্ৰছ মাই হাৰ্টত কেথী আৰু টেলিভিছন ধাৰাবাহিক স্মলভিলত মাৰ্থা কেণ্টৰ (ক্লাৰ্ক কেণ্টৰ দত্তক মাতৃ) চৰিত্ৰত কৰা অভিনয়ৰ বাবে পৰিচিত।

প্ৰাৰম্ভিক জীৱন

[সম্পাদনা কৰক]

অ'টুলৰ জন্ম হৈছিল হিউষ্টনত। তেওঁ ডৰোথী জেৰাল্ডিন আৰু উইলিয়াম ৱেষ্ট টুল জুনিয়ৰৰ কন্যা। তেওঁৰ মাতৃয়ে নৃত্য শিক্ষা দিছিল, যিটো অ'টুলে নিজে তিনি বছৰ বয়সৰপৰাই শিকিবলৈ আৰম্ভ কৰিছিল।[2] ১৩ বছৰ বয়সত তেওঁৰ পৰিয়াল লছ এঞ্জেলচলৈ স্থানান্তৰিত হোৱাৰ পিছত তেওঁ অভিনয়ৰ পাঠ ল'বলৈ আৰম্ভ কৰে।

ব্যক্তিগত জীৱন

[সম্পাদনা কৰক]
গায়ক-গীতিকাৰ দম্পতী এনেট অ'টুল আৰু মাইকেল মেকিনে ২০১৬ চনত এমপ্লয়ী অৱ দ্য মান্থত তেওঁলোকৰ গীত "কিছ এট দ্য এণ্ড অৱ দ্য ৰেইনবো" পৰিৱেশন কৰিছে

১৯৭০-ৰ দশকত অভিনেতা ব্ৰুনো কিৰ্বি আৰু অ'টুল এক সম্পৰ্কত আছিল।[3][4]

অ'টুলে ১৯৮৩ চনৰ ৮ এপ্ৰিলত অভিনেতা বিল গাইছলিংগাৰৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল; ১৯৯৩ চনত তেওঁলোকৰ বিবাহ বিচ্ছেদ ঘটে।[2] এই দম্পতীৰ দুগৰাকী কন্যা সন্তান আছে।[5][6]

অ'টুলে ১৯৯৮ চনৰ টেলিভিছন চিনেমা ফাইনেল জাষ্টিছত একেলগে কাম কৰি থকাৰ সময়ত সহযোগী অভিনেতা মাইকেল মেকিনক লগ পাইছিল। মেকিনে পঢ়ি থকা ডেড বাই ছানছেট নামৰ কিতাপখনক লৈ দুয়োৰে মাজত ঘনিষ্ঠতা বৃদ্ধি পাইছিল, যাৰ মিনিচিৰিজ ৰূপান্তৰত অ'টুলে অভিনয় কৰিছিল। ১৯৯৯ চনৰ ২০ মাৰ্চত তেওঁলোক বিবাহপাশত আবদ্ধ হয় আৰু অ'টুল মেকিনৰ পূৰ্বৰ বিবাহৰ দুই পুত্ৰৰ মাহী মাক হয়।[7] তেওঁ আৰু মেকিনৰ এক যুটীয়া সংগীত জীৱনো আছে।

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "Annette O'Toole". Fandango MediaRotten Tomatoes. https://www.rottentomatoes.com/celebrity/annette_otoole আহৰণ কৰা হৈছে: April 11, 2022.
  2. 1 2 1983 Annette O'Toole Interview[সংযোগবিহীন উৎস] from Starlog 72 via supermancinema.co.uk
  3. "'Virgin River' Star Anette O'Toole Reveals What It's Really Like Working With Tim Matheson" (en-US ভাষাত). Yahoo Entertainment. 2023-11-22. https://www.yahoo.com/entertainment/virgin-river-star-anette-otoole-220000338.html আহৰণ কৰা হৈছে: 2025-03-28.
  4. "[News Clip: Annette O'toole"] (en ভাষাত). The Portal to Texas History. https://texashistory.unt.edu/ark:/67531/metadc1134180/m1/1/ আহৰণ কৰা হৈছে: 2025-03-28.
  5. "ANPF Theater Talk Part One Nell Geisslinger". YouTube. 30 October 2012. https://www.youtube.com/watch?v=hrpxoJAfqWk.
  6. Holden, Stephen (May 26, 2005). "Kisses at the Rainbow's End". The New York Times. https://www.nytimes.com/2005/05/26/arts/music/kisses-at-the-rainbows-end.html.
  7. Liebenson, Donald (2022-08-05). "Michael McKean and Annette O'Toole Have Spent the Past 23 Years Reading to Each Other" (en-US ভাষাত). Vanity Fair. https://www.vanityfair.com/style/2022/08/michael-mckean-annette-otoole-reading আহৰণ কৰা হৈছে: 2025-01-29.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]