এন্থনী লেগেট
| এন্থনী লেগেট | |
|---|---|
লেগেট,২০০৭ | |
| জন্ম | এন্থনী জেমছ লেগেট ২৬ মাৰ্চ, ১৯৩৮ Camberwell, London, England |
| মৃত্যু | ৮ মাৰ্চ, ২০২৬ (৮৭ বছৰ) Urbana, Illinois, US |
| নাগৰিকত্ব | United Kingdom United States |
| ক্ষেত্ৰ | Physics |
| কৰ্মস্থান | |
| শিক্ষানুষ্ঠান | University of Oxford (BA, DPhil) |
| ডক্তৰেল পৰামৰ্শদাতা | Dirk ter Haar[1] |
| ডক্তৰেল বিদ্যাৰ্থী | |
| জনা যায় | |
| উল্লেখনীয় বঁটা |
|
| দাম্পত্যসঙ্গী | Haruko Kinase (বি. ১৯৭২) |
এন্থনী জেমছ লেগেট (২৬ মাৰ্চ ১৯৩৮ – ৮ মাৰ্চ ২০২৬)Anthony James Leggett এজন ব্ৰিটিছ–আমেৰিকান তাত্ত্বিক পদাৰ্থবিজ্ঞানী আৰু ইউনিভাৰচিটি অব ইলিনয়েছ আৰ্বানা–শ্যাম্পেইন ( University of Illinois Urbana-Champaign)-ৰ অধ্যাপক আছিল|[4] নিম্ন-উষ্ণতাৰ পদাৰ্থবিজ্ঞানৰ তত্ত্বক্ষেত্ৰত তেওঁ বিশ্বজুৰি অন্যতম শীৰ্ষস্থানীয় বিশেষজ্ঞ হিচাপে স্বীকৃত হৈছিল। অতিতৰলতা(superfludity)ৰ ওপৰত তেওঁৰ পথ-প্ৰদৰ্শক গৱেষণাৰ স্বীকৃতি স্বৰূপে তেওঁ ২০০৩ চনত পদাৰ্থবিজ্ঞানত নোবেল প্ৰাইজ লাভ কৰে।[5] স্বাভাৱিক আৰু চুপাৰফ্লুইড হেলিয়াম দ্ৰৱৰ তত্ত্ব গঢ়ি তোলাত, লগতে শক্তিশালীভাৱে সংযোজিত চুপাৰফ্লুইডসমূহৰ বিশ্লেষণত তেওঁ মৌলিক অৱদান আগবঢ়ায়।[6] বৃহৎ-স্কেলৰ অপচয়ী প্ৰণালীৰ কোৱাণ্টাম পদাৰ্থবিজ্ঞানত গৱেষণাৰ দিশ নিৰ্দেশ কৰাৰ লগতে, সংকুচিত পদাৰ্থ (condensed system) ব্যৱহাৰ কৰি কোৱাণ্টাম বলবিজ্ঞানৰ মৌলিক নীতি পৰীক্ষাৰ ক্ষেত্ৰতো তেওঁ নতুন দিশ উন্মোচন কৰে।[7][8]
প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা
[সম্পাদনা কৰক]লেগেটৰ জন্ম দক্ষিণ লণ্ডনৰ কেম্বাৰৱেলত হৈছিল আৰু তেওঁ কেথলিক ধৰ্মীয় পৰিৱেশত ডাঙৰ হৈছিল।[9] তেওঁৰ পিতৃৰ পূৰ্বপুৰুষসকল হেম্পশ্বায়াৰৰ এখন সৰু গাঁৱত জোতা নিৰ্মাণ কৰা কাৰিকৰ আছিল; কিন্তু তেওঁৰ পিতামহে এই পৰম্পৰা ভাঙি শাক-পাচলিৰ ব্যৱসায় আৰম্ভ কৰে। তেওঁৰ মাতৃৰ পৰিয়াল আইৰিছ বংশোদ্ভূত; তেওঁৰ মাতামহে ইংলেণ্ডলৈ আহি চাথামৰ নৌ-ডকইয়াৰ্ডত ক্লাৰ্ক হিচাপে কাম কৰিছিল।[10]
তেওঁৰ পিতৃ আৰু মাতৃ উভয়ে লণ্ডন বিশ্ববিদ্যালয় (University of London)-ৰ ইন্সটিটিউট অব এডুকেশ্বন (Institute of Education)-ত অধ্যয়ন কৰিছিল। সেই সময়তে দুয়োৰে মাজত হোৱা চিনাকিয়ে পৰৱৰ্তী সময়ত বিবাহৰ ৰূপ লৈছিল। পিতৃয়ে মাধ্যমিক বিদ্যালয়ত পদাৰ্থবিজ্ঞান, ৰসায়ন আৰু গণিত পাঠদান কৰিছিল; মাতৃয়েও কিছুকাল গণিত পাঠদান কৰিছিল, যদিও লেগেটৰ জন্মৰ পাছত এই কাম ত্যাগ কৰিবলগীয়া হৈছিল। পিছলৈ তেওঁৰ দুগৰাকী ভনী (ক্লেয়াৰ আৰু জুডিথ) আৰু দুজন ভাই(টেৰেন্স আৰু পল)ৰ জন্ম হয় আৰু সকলোৱে কেথলিক পৰিৱেশতে ডাঙৰ হৈছিল। লেগেটে বিশৰ দশকৰ আৰম্ভণিতে সক্ৰিয় ধৰ্মাচৰণ ত্যাগ কৰে।[10]
তেওঁৰ জন্মৰ অলপ পাছতেই পৰিয়ালে আপাৰ নৰউডত এটা ঘৰ কিনে। তেওঁৰ ১৮ মাহ বয়সত দ্বিতীয় বিশ্বযুদ্ধ আৰম্ভ হোৱাত, তেওঁক ছাৰেৰ ইংগলফিল্ড গ্ৰীন(Englefield Green) নামৰ এখন গাঁৱলৈ স্থানান্তৰ কৰা হয়। যুদ্ধৰ সময়ছোৱাত তেওঁ তাতেই থাকে। যুদ্ধৰ অন্তত তেওঁ পুনৰ আপাৰ নৰউডলৈ উভতি আহে আৰু ১৯৫০ চনলৈ তাতেই বাস কৰে। তেওঁৰ পিতৃয়ে উত্তৰ-পূব লণ্ডনৰ এখন বিদ্যালয়ত পাঠদান কৰিছিল আৰু মাতৃয়ে পাঁচজন সন্তানৰ যত্ন লৈছিল। তেওঁ স্থানীয় কেথলিক প্ৰাথমিক বিদ্যালয়ত অধ্যয়ন কৰে আৰু ১১-প্লাছ পৰীক্ষাত সাফল্য লাভ কৰি উইম্বলডন কলেজলৈ স্থানান্তৰিত হয়। [10]
পিছলৈ তেওঁ বেমণ্ট কলেজ(Beaumont College)ত অধ্যয়ন কৰে। তেওঁৰ পিতৃয়ে তাত বিজ্ঞান শিক্ষক হিচাপে নিযুক্ত হোৱাৰ ফলত তেওঁ আৰু তেওঁৰ দুজন কনিষ্ঠ ভাই তাত পঢ়িবলৈ যায়। তাত তেওঁ মূলতঃ ‘ক্লাছিকছ’ বিষয় অধ্যয়ন কৰিছিল। এই অধ্যয়নে পিছলৈ অক্সফোৰ্ডত 'গ্ৰেটচ'( ‘Greats’) ডিগ্ৰী লাভত তেওঁক সহায় কৰে। বেমণ্টত শেষ বৰ্ষত তেওঁ অধ্যয়ন কৰা সকলো বিষয়তে শীৰ্ষ পুৰস্কাৰ লাভ কৰে।[উদ্ধৃতিৰ প্ৰয়োজন]
১৯৫৪ চনৰ ডিচেম্বৰ মাহত তেওঁ অ'ক্সফৰ্ডৰ বেলিয়ল কলেজ(Balliol College, Oxford)-ত বৃত্তি লাভ কৰে আৰু পিছৰ বছৰত বিশ্ববিদ্যালয়ত প্ৰৱেশ কৰি লিটাৰে হিউমেনিওৰেচ(Literae Humaniores) (ক্লাছিকছ) বিষয়ত অধ্যয়ন আৰম্ভ কৰে। [4] প্ৰথম ডিগ্ৰী সম্পূৰ্ণ কৰাৰ পাছত তেওঁ মাৰ্টন কলেজ (Merton College, Oxford)-ত পদাৰ্থবিজ্ঞান বিষয়ত দ্বিতীয় স্নাতক ডিগ্ৰী আৰম্ভ কৰে। [11] তেওঁৰ এই অস্বাভাৱিক শিক্ষাগত পটভূমি সত্ত্বেও, ডাৰ্ক টেৰ হাৰ(Dirk ter Haar)-এ তেওঁক গৱেষণাৰ সুযোগ প্ৰদান কৰে আৰু তেওঁ টেৰ হাৰৰ তত্ত্বাৱধানত গৱেষণাত যুক্ত হয়। সেই সময়ত হাৰৰ ছাত্ৰসকলক সাধাৰণতে "বহু-কণা তন্ত্ৰৰ কিছুমান তত্ত্বগত সমস্যা" শীৰ্ষক বিষয়ত গৱেষণা কৰিবলৈ দিয়া হৈছিল। গৱেষণাৰ ক্ষেত্ৰত ছাত্ৰসকলে যথেষ্ট স্বাধীনতা পাইছিল।
ডাৰ্ক টেৰ হাৰৰ পৰামৰ্শত লেগেটে মেগডালেন কলেজত প্ৰাইজ ফেল'শ্বিপ(Prize Fellowship)-ৰ বাবে আবেদন কৰে আৰু ১৯৬৩ চনৰপৰা ১৯৬৭ চনলৈ এই ফেল’শ্বিপ ধৰি ৰাখে। তেওঁৰ থিছিছখন মূলতঃ তৰল হিলিয়ামৰ ক্ষেত্ৰত দুটা পৃথক সমস্যাৰ ওপৰত গৱেষণাৰ সমষ্টি আছিল—এটা চুপাৰফ্লুইড ⁴He-ত উচ্চ-স্তৰৰ ফোনন পাৰস্পৰিক ক্ৰিয়াৰ ওপৰত, আৰু আনটো স্বাভাৱিক ³He দ্ৰৱত ⁴He-ৰ পাতল দ্ৰৱণৰ গুণধৰ্মৰ ওপৰত। এই দ্বিতীয়টো প্ৰণালী পৰীক্ষামূলকভাৱে অধিক কঠিন বুলি প্ৰমাণিত হৈছিল। পিছলৈ অ'ক্সফৰ্ড বিশ্ববিদ্যালয়ে ২০০৫ চনৰ জুন মাহত তেওঁক সন্মানসূচক ডি লিট উপাধি প্ৰদান কৰে।[উদ্ধৃতিৰ প্ৰয়োজন]
কৰ্মজীৱন
[সম্পাদনা কৰক]এন্থনী লেগেটে ১৯৬৪–৬৫ চনত ইলিনয়চ বিশ্ববিদ্যালয় (University of Illinois Urbana–Champaign)ত প’ষ্টডক্টৰেল গৱেষক হিচাপে কাম কৰে। তাত তেওঁ ডেভিড পাইনচ(David Pines),জনবাৰ্ডিন( John Bardeen) আদি বিশিষ্ট বিজ্ঞানীৰ সৈতে কাম কৰাৰ সুযোগ পায়। পিছত তেওঁ জাপানৰ কিয়োটো বিশ্ববিদ্যালয় (Kyoto University)-ত অধ্যাপক টেকিও মেচ্ছুবাৰা(Takeo Matsubara)-ৰ গৱেষণা গোটত এটা বছৰ কটায়।
১৯৬৭ চনত তেওঁ চাচেক্স বিশ্ববিদ্যালয়( University of Sussex)-ত অধ্যাপনা আৰম্ভ কৰে আৰু প্ৰায় পোন্ধৰ বছৰতকৈও অধিক কাল তাতেই কৰ্মজীৱনৰ মূল অংশ অতিবাহিত কৰে।[12] এই সময়ছোৱাত তেওঁ জাপানৰ টকিঅ' বিশ্ববিদ্যালয়( University of Tokyo) আৰু ঘানাৰ কোৱাৰ্মে এনক্ৰুমাহ ইউনিভাৰ্চিটি অব চাইন্স এণ্ড টেকন'লজী (Kwame Nkrumah University of Science and Technology)-তো গৱেষণাৰ বাবে সময় কটায়।
১৯৮২ চনত তেওঁ পুনৰ ইলিনয়চ বিশ্ববিদ্যালয় (University of Illinois Urbana–Champaign)-লৈ উভতি আহি মেক আৰ্থাৰ আসনত অধিষ্ঠিত হয়। ১৯৮৩ চনৰপৰা জীৱনৰ শেষ পৰ্যন্ত তেওঁ আৰ্বানা-শ্যাম্পেইনত থাকি গৱেষণা আৰু শিক্ষাদান অব্যাহত ৰাখে।
গৱেষণাৰ ক্ষেত্ৰত লেগেটে আৰম্ভণিতে ছুপাৰফ্লুইড হিলিয়াম-৩ৰ ওপৰত কাম কৰিছিল, কিন্তু ১৯৮০ চনৰ পিছত তেওঁ নিম্ন-তাপমাত্ৰাৰ কাচ, উচ্চ-তাপমাত্ৰাৰ ছুপাৰকণ্ডাক্টিভিটি, বোস-আইনষ্টাইন ঘনীভূত গেছ আৰু বিশেষকৈ কোৱাণ্টাম মেকানিক্সৰ সীমা পৰীক্ষা কৰা তত্ত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

২০০৬–২০১৬ সময়ছোৱাত তেওঁ কানাডাৰ ইন্সটিটিউট ফৰ কোৱাণ্টাম কম্পিউটিং(Institute for Quantum Computing)তো গুৰুত্বপূৰ্ণ পদ অলংকৃত কৰে।
২০২৩ চনলৈকে তেওঁ ইন্সটিটিউট ফৰ কনডেন্সড মেটাৰ থিয়ৰী (Institute for Condensed Matter Theory)-ৰ মুখ্য বিজ্ঞানী আছিল।
২০১৩ চনত তেওঁ ছাংহাই চেণ্টাৰ ফৰ কমপ্লেক্স ফিজিক্স(Shanghai Center for Complex Physics)-ৰ প্ৰতিষ্ঠাপক পৰিচালক হয়।[13][14]
মৃত্যু
[সম্পাদনা কৰক]এন্থনী জেমছ লেগেটৰ ২০২৬ চনৰ ৮ মাৰ্চত ইলিনইছস্থিত নিজা বাসগৃহত ৮৭ বছৰ বয়সত মৃত্যু হয়।[15][16][17]
গৱেষণা
[সম্পাদনা কৰক]লেগেটৰ গৱেষণাৰ মূল ক্ষেত্ৰসমূহ আছিল কিউপ্ৰেট অতিপৰিবাহিতা (cuprate superconductivity), অত্যধিক অবক্ষয়িত পাৰমাণৱিক গেছত অতিতৰলতা (superfluidity in highly degenerate atomic gases), নিম্ন-উষ্ণতাত নিৰাকাৰ কঠিন পদাৰ্থৰ বৈশিষ্ট্য, কোৱাণ্টাম বলবিজ্ঞানৰ বিন্যাস-সংক্ৰান্ত ধাৰণাগত সমস্যা, আৰু টপ’লজিকেল কোৱাণ্টাম গণনা।
২০০৫ চনৰ ২৯ ডিচেম্বৰৰ ইণ্টাৰনেচনেল হেৰল্ড ট্ৰিবিউন (International Herald Tribune)-ত প্ৰকাশিত "নিউ টেষ্টচ অব আইনষ্টাইনচ 'স্পুকী' ৰিয়েলিটি "(New tests of Einstein’s ‘spooky’ reality) শীৰ্ষক প্ৰবন্ধটোত কেলিফৰ্ণিয়াৰ বাৰ্কলেত অনুষ্ঠিত এখন সন্মিলনত ২০০৫ চনৰ শৰৎকালত লেগেট আৰু নৰ্মান ৰেমচে(Norman Ramsey)-ৰ মাজত হোৱা এক উল্লেখযোগ্য বিতৰ্কৰ কথা উল্লিখিত হৈছিল।[18] কোৱাণ্টাম তত্ত্ব পৰিৱৰ্তন বা পুনৰ্বিবেচনা কৰা প্ৰচেষ্টাৰ মূল্য আৰু যুক্তিসংগততা লৈ দুয়োৰে মাজত মতভেদ দেখা গৈছিল। লেগেটৰ মতে এনে প্ৰচেষ্টা ন্যায়সংগত আৰু প্ৰয়োজনীয়, আনহাতে ৰেমচে ইয়াৰ বিপক্ষে মত প্ৰকাশ কৰিছিল। কোৱাণ্টাম মেজাৰমেণ্ট প্ৰব্লেম (Quantum measurement problem)ৰ বাবে কোৱাণ্টাম বলবিজ্ঞান সম্ভৱতঃ অপূৰ্ণ বুলিও লেগেটে বিশ্বাস কৰিছিল।
বঁটা আৰু সন্মান
[সম্পাদনা কৰক]লেগেট National Academy of Sciences,[19] American Philosophical Society,[20] American Academy of Arts and Sciences,[21] Russian Academy of Sciences (বিদেশী সদস্য), আৰু American Institute of Physics-ৰ সদস্য আছিল। তেওঁ ১৯৮০ চনত Royal Society-ৰ ফেলো (FRS),[3] a ১৯৮৫ চনত American Physical Society-ৰ ফেলো,[22] ১৯৯৮ চনত Institute of Physics-ৰ সন্মানীয় ফেলো (HonFInstP),[23] আৰু ২০১১ চনত Indian National Science Academy-ৰ বিদেশী ফেলো হিচাপে নিৰ্বাচিত হৈছিল।[24]
অতিপৰিবাহী আৰু অতিতৰল পদাৰ্থৰ তত্ত্বৰ ক্ষেত্ৰত পথ-প্ৰদৰ্শক অৱদানৰ স্বীকৃতিস্বৰূপে তেওঁ ২০০৩ চনৰ পদাৰ্থ বিজ্ঞানৰ নোবেল বঁটা লাভ কৰে। এই সন্মান তেওঁ ভিটালি এল গিঞ্জবাৰ্গ( Vitaly L. Ginzburg) আৰু আলেক্সেই এ. আব্ৰিক’ছভ(Alexei A. Abrikosov)-ৰ সৈতে যৌথভাৱে লাভ কৰিছিল।
ঘনীভূত পদাৰ্থৰ ওপৰত গৱেষণাৰ বাবে তেওঁ বি আই হেলপেৰিন(B. I. Halperin)ৰ সৈতে যৌথভাৱে ২০০২/২০০৩ চনৰ উল্ফ প্ৰাইজ (Wolf Prize in Physics)লাভ কৰে।[25]
ব্যক্তিগত জীৱন
[সম্পাদনা কৰক]১৯৭৩ চনৰ জুন মাহত তেওঁ হাৰুকো কিনাছে(Haruko Kinase)-ক বিবাহ কৰে। ১৯৭৮ চনত তেওঁলোকৰ কন্যা আছাকোৰ জন্ম হয়। তেওঁৰ পত্নী হাৰুকোৱে ইলিনয়চ বিশ্ববিদ্যালয়ৰ পৰা সাংস্কৃতিক নৃতত্ত্বত পিএইচডি ডিগ্ৰী লাভ কৰিছিল আৰু 'ধৰ্মশালা প্ৰণালী'ৰ ওপৰত গৱেষণা চলাইছিল। কন্যা আছাকোৱেও ইলিনয়ছ বিশ্ববিদ্যালয়ৰ পৰা ভূগোল আৰু ৰসায়ন বিজ্ঞানত যৌথ স্নাতক ডিগ্ৰী লাভ কৰিছিল।[10]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- 1 2 এন্থনী লেগেট সম্পৰ্কে Mathematics Genealogy Project’ত চাওক
- ↑ Freire Jr., Olival; Pessoa Jr., Osvaldo; Bromberg, Joan Lisa (January 2011) (portuguese ভাষাত). Teoria quântica: estudos históricos e implicações culturais. প্ৰকাশক Campina Grande, Brazil: SciELO – EDUEPB. পৃষ্ঠা. 71. ISBN 978-8578791261. https://books.google.com/books?id=8TMnAAAAQBAJ&pg=PA71.
- 1 2 "Sir Anthony Leggett KBE FRS". প্ৰকাশক London: Royal Society. https://royalsociety.org/people/anthony-leggett-11804/। আহৰণ কৰা হৈছে: 12 March 2026.
- 1 2 "Anthony Leggett UIUC Faculty page". http://www.physics.uiuc.edu/people/Leggett/.
- ↑ "Nobel Prize in Physics 2003.". http://nobelprize.org/nobel_prizes/physics/laureates/2003/.
- ↑ A. J. Leggett. (1975). "A theoretical description of the new phases of liquid 3He". Rev. Mod. Phys. খণ্ড 47 (2): 331–414. doi:10.1103/RevModPhys.47.331.
- ↑ A. O. Caldeira and A. J. Leggett. (1983). "Quantum tunneling in a dissipative system". Ann. Phys. খণ্ড 149 (2): 374–456. doi:10.1016/0003-4916(83)90202-6. Archived from the original on 8 July 2010. https://web.archive.org/web/20100708152443/http://www.icmt.illinois.edu/publications/leggett/1983AnnPhys-QuantumTunnellingInADissipativeSystem.pdf.
- ↑ "The Problems of Physics – A conversation with Tony Leggett" Archived 15 September 2019 at the Wayback Machine, Ideas Roadshow, 2013
- ↑ ,. Who's Who. 2015 (online Oxford University Press সম্পাদনা). A & C Black, an imprint of Bloomsbury Publishing plc. http://www.ukwhoswho.com/view/article/oupww/whoswho/U44434.
- 1 2 3 4 Leggett, Anthony J. (2003). "Anthony J. Leggett – Biographical". The Nobel Prize. https://nobelprize.org/prizes/physics/2003/leggett/biographical.
- ↑ Levens, R.G.C., ed (1964). Merton College Register 1900–1964. প্ৰকাশক Oxford: Basil Blackwell. পৃষ্ঠা. 511.
- ↑ "Energy Programs | Principal Investigators". https://www.bnl.gov/energy/ces/cv/leggett.asp.
- ↑ Yoksoulian, Lois (9 March 2026). "Tony Leggett, Nobel laureate and theoretical physicist, dies". University of Illinois Urbana-ChampaignNews Bureau. https://news.illinois.edu/tony-leggett-nobel-laureate-and-theoretical-physicist-dies/। আহৰণ কৰা হৈছে: 12 March 2026.
- ↑ "上海复杂物理研究中心". http://sccp.physics.sjtu.edu.cn/Info.php?pnum=2&num=105। আহৰণ কৰা হৈছে: 15 January 2018.
- ↑ McClain, Dylan Loeb (11 March 2026). "Anthony J. Leggett Dies at 87; Won Nobel for Theories on Superfluids". https://www.nytimes.com/2026/03/11/science/anthony-james-leggett-dead.html। আহৰণ কৰা হৈছে: 11 March 2026.
- ↑ "Remembering Anthony J. Leggett (1938–2026)". RIKEN. March 9, 2026. https://www.riken.jp/en/news_pubs/news/2026/20260309_1/index.html। আহৰণ কৰা হৈছে: March 9, 2026.
- ↑ "Sir Anthony Leggett, physicist who won the Nobel Prize for his research into superfluids". Telegraph. 9 March 2026. https://www.telegraph.co.uk/obituaries/2026/03/09/anthony-leggett-nobel-prize-superfluids-died-obituary/। আহৰণ কৰা হৈছে: 9 March 2026.
- ↑ "New tests of Einstein's 'spooky' reality"
- ↑ "Anthony Leggett". National Academy of Sciences. https://www.nasonline.org/directory-entry/anthony-leggett-oml56p/। আহৰণ কৰা হৈছে: 12 March 2026.
- ↑ "Member Directory". American Philosophical Society. https://members.amphilsoc.org/s/member-directory। আহৰণ কৰা হৈছে: 12 March 2026.
- ↑ "Professor Anthony James Leggett". American Academy of Arts & Sciences. https://www.amacad.org/person/anthony-james-leggett। আহৰণ কৰা হৈছে: 12 March 2026.
- ↑ "Tony Leggett" (en ভাষাত). University of Illinois Urbana-Champaign. https://physics.illinois.edu/people/directory/profile/aleggett। আহৰণ কৰা হৈছে: 2024-11-18.
- ↑ "Tony Leggett" (en ভাষাত). University of Illinois Urbana-Champaign. https://physics.illinois.edu/people/directory/profile/aleggett। আহৰণ কৰা হৈছে: 2024-11-18.
- ↑ "Foreign Fellows". Indian National Science Academy. https://insaindia.res.in/foreign-fellows-2/। আহৰণ কৰা হৈছে: 11 March 2026.
- ↑ "Anthony J. Leggett". Wolf Foundation. https://wolffund.org.il/anthony-j-leggett/। আহৰণ কৰা হৈছে: 11 March 2026.