এন্নেমেট কুৰে এণ্ডাৰচন
| এন্নেমেট কুৰে এণ্ডাৰচন | |
|---|---|
| জন্ম | ১৯৬২ চন ৰেবে, ডেনিছ |
| পেচা | কবি |
এন্নেমেট কুৰে এণ্ডাৰছন (ইংৰাজী: Annemette Kure Andersen) এগৰাকী ডেনিছ কবি আৰু সাহিত্য সম্পাদক। তেওঁৰ কবিতা ইংৰাজীকে ধৰি কেইবাটাও ভাষালৈ অনুবাদ কৰা হৈছে। তেওঁৰ জন্ম হৈছিল ১৯৬২ চনত।[1]
জীৱনী
[সম্পাদনা কৰক]ডেনিছৰ ৰিবেত জন্মগ্ৰহণ কৰা এণ্ডাৰছেনে ১৯৮১ চনত ৰাইবে কেথেড্ৰেল স্কুলৰ পৰা মেট্ৰিক ডিগ্ৰী লাভ কৰে। তাৰ পিছত তেওঁ আৰহাছ বিশ্ববিদ্যালয় আৰু ছিয়েনা বিশ্ববিদ্যালয়ত ইটালীয় সাহিত্য অধ্যয়ন কৰে আৰু ১৯৯০ চনত ইটালীৰ কবিতাত স্নাতক ডিগ্ৰী লাভ কৰে।[1] তেওঁ এগৰাকী সমালোচক আৰু অনুবাদক হিচাপেও কাম কৰিছিল[2], আৰু এগৰাকী ফ্ৰীলান্স প্ৰকাশকৰ পাঠক আছিল। ১৯৯৬ চনত তেওঁ ডেনিছৰ এখন গুৰুত্বপূৰ্ণ সাহিত্য আলোচনী হভেডেকৰ্ণৰ সম্পাদিকা হয়।[3]
১৯৯১ চনত ডিচেণ্ট্ৰা স্পেকটেবিলিছৰ সৈতে আত্মপ্ৰকাশ ঘটোৱাৰ পিছত তেওঁ জিউচেপে উংগাৰেট্টীৰ কবিতা ডেনিছ ভাষালৈ অনুবাদ কৰে। তেওঁৰ নিজৰ প্ৰতীকী কবিতা ইংগিতদায়ক, প্ৰকৃতি আৰু মানৱ সম্পৰ্কত প্ৰায়েই লক্ষ্য কৰিব নোৱাৰা মেজাজৰ পৰিৱৰ্তনৰ উদগনি দিয়ে।[3] তেওঁৰ কিছুমান কবিতা ইংৰাজীলৈ অনুবাদ কৰিছে আমেৰিকান কবি থম চেটাৰলীয়ে, যাৰ জন্ম ১৯৬৭ চনত হৈছিল।[4]
এন্নেমেট কুৰে এণ্ডাৰছনৰ ৰচনাসমূহৰ ভিতৰত আছে:[5]
- ডিচেণ্ট্ৰা স্পেক্টেবিলিচ, ১৯৯১ (Dicentra Spectabilis (poems))
- এস্পালিয়েৰ (কবিতা) ১৯৯৩, (Espalier (poems), Borgen))
- ত্ৰিদেৱাৰ্ব (কবিতা) ১৯৯৬ (Tidehverv (poems), Borgen )
- এপিটানিয়েৰ (কবিতা) ১৯৯৭ (Epifanier (poems), Borgen ) আদি।
তথ্য সূত্ৰ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 "Annemette Kure Andersen" (Danish ভাষাত). Litteratursiden.dk. http://www.litteratursiden.dk/forfattere/annemette-kure-andersen। আহৰণ কৰা হৈছে: 15 January 2015.
- ↑ "Andersen, Annemette Kure" (en-GB ভাষাত). Nordic Women's Literature. https://nordicwomensliterature.net/writers/andersen-annemette-kure-3/। আহৰণ কৰা হৈছে: 2019-05-06.
- ↑ 3.0 3.1 "Andersen, Annemette Kure". The History of Nordic Women's Literature. http://nordicwomensliterature.net/writer/andersen-annemette-kure। আহৰণ কৰা হৈছে: 15 January 2015.
- ↑ "Breath by Annemette Kure Andersen translated by Thom Satterlee". Tupelo Quarterly. http://www.tupeloquarterly.com/breath-by-annemette-kure-andersen-translated-by-thom-satterlee/। আহৰণ কৰা হৈছে: 16 January 2015.
- ↑ "Annemette Kure Andersen" (Danish ভাষাত). Litteraturen.nu. http://www.litteraturen.nu/litteratur-i-aarhus/aarhusforfattere/annemette-kure-andersen/। আহৰণ কৰা হৈছে: 15 January 2015.