এন্নে কেথেৰিন হুফ গ্ৰীণ
এন্নে কেথেৰিন হুফ গ্ৰীণ (আনুমাণিক.১৭২০ – মাৰ্চ ২৩, ১৭৭৫) মেৰিলেণ্ডৰ এজন মুদ্ৰক আৰু প্ৰকাশক আছিল।
| এন্নে কেথেৰিন হুফ গ্ৰীণ | |
|---|---|
portrait by Charles Willson Peale | |
| জন্ম | নেদাৰলেণ্ড |
| মৃত্যু | ২৩ মাৰ্চ, ১৭৭৫ (৫৫ বছৰ) |
| পেচা | মুদ্ৰক, প্ৰকাশক |
| জনা যায় | কলনীসমূহৰ প্ৰথম মহিলা প্ৰকাশকসকলৰ ভিতৰত অন্যতম |
| উল্লেখযোগ্য কৰ্ম | মেৰিলেণ্ড গেজেট পুনৰুজ্জীৱিত কৰা। |
| দাম্পত্যসঙ্গী | জোনাছ গ্ৰীণ |
প্ৰাথমিক জীৱন
[সম্পাদনা কৰক]এন্নে হুফৰ জন্ম সম্ভৱতঃ ১৭২০ চনৰ আশে-পাশে নেদাৰলেণ্ডত হৈছিল। ১৭২০ চনৰপৰা ১৭৩৮ চনৰ ভিতৰত কোনোবা এটা সময়ত তেওঁ পিতৃ-মাতৃৰ সৈতে ফিলাডেলফিয়ালৈ প্ৰব্ৰজন কৰে।[1] ১৭৩৮ চনৰ ১৭৩৮ চনৰ ২৫ এপ্ৰিলত ফিলাডেলফিয়াৰ ক্ৰাইষ্ট চাৰ্চত জোনাছ গ্ৰীণ (c.1720-1767)ৰ সৈতে বিবাহপাশত আবদ্ধ হয় আৰু তেওঁলোকৰ চৈধ্যটা সন্তান আছিল, তাৰে ছয়টা শিশু জীয়াই আছিল।[2][3]
মেৰিলেণ্ড গেজেট
[সম্পাদনা কৰক]১৭৩৮ চনত এন্নে আৰু জ’নাছে এনাপলিছলৈ গুচি যায় আৰু পিছলৈ ১৭৪৫ চনত তেওঁলোকে নীৰৱ হৈ পৰা মেৰিলেণ্ড গেজেটক পুনৰুজ্জীৱিত কৰে। আমেৰিকাত প্ৰকাশিত প্ৰথম বাতৰি কাকতসমূহৰ ভিতৰত অন্যতম আছিল মেৰিলেণ্ড গেজেট আৰু মেৰিলেণ্ডৰ উপনিৱেশিকসকলৰ বাবে বাতৰিৰ মূল উৎস আছিল। এনাপলিছত গ্ৰীণ পৰিয়ালে ১২৪ চাৰ্লছ ষ্ট্ৰীটত অৱস্থিত পাকঘৰ আৰু দুটা শোৱা কোঠাৰ সৈতে এটা সৰু দুমহলীয়া ঘৰ ভাড়া কৰিছিল। ১৭৪০ চনৰ আৰম্ভণিতে ঘৰটোৰ মালিকে ইয়াক সম্প্ৰসাৰিত কৰি তেওঁলোকৰ ১৪টা সন্তানৰ বাবে এখন ছপাৰ দোকান, ডাকঘৰ আৰু ঠাইৰ ব্যৱস্থা কৰে।[4] ১৭৭০ চনত গ্ৰীণ পৰিয়ালে এই ঘৰটো ক্ৰয় কৰে।[5]

১৭৬৭ চনৰ ১১ এপ্ৰিলত স্বামীৰ মৃত্যুৰ পাছত এন্নে গ্ৰীনে কাকতখনৰ নিৰ্মাণৰ দায়িত্ব লয় আৰু আমেৰিকাৰ উপনিৱেশসমূহৰ প্ৰথম মহিলা প্ৰকাশকসকলৰ ভিতৰত অন্যতম (আগতে ৰোড আইলেণ্ডৰ এন স্মিথ ফ্ৰেংকলিন)। ১৭৬৭ চনৰ ১৬ এপ্ৰিলৰ সংস্কৰণত এন্নে গ্ৰীনে ঘোষণা কৰে যে তেওঁ পুত্ৰৰ সৈতে কাকতখন প্ৰকাশ কৰি যাব।[6][1]
১৬ এপ্ৰিল, ১৭৬৭, মেৰিলেণ্ড গেজেট: এন্নে গ্ৰীণে ঘোষণা কৰে স্বামীৰ চুক্তি লোৱাৰ পাছত সাধাৰণ পৰিষদৰ ছপাশালা হৈ পৰে।[2] মেৰিলেণ্ড গেজেটত ব্ৰিটিছ ঔপনিৱেশিক নীতিৰ সমালোচনা অব্যাহত আছিল।
১৭৬৯ চনত চাৰ্লছ উইলছন পিলে গ্ৰীণৰ প্ৰতিকৃতি অংকন কৰিছিল। প্ৰতিকৃতিখনত তেওঁ ধৰি ৰখা কাগজখনত "এনাপলিছ প্ৰিণ্টাৰ টু..." শব্দটো দেখা গৈছে, য'ত মেৰিলেণ্ডৰ বিধায়িনী দলে মেৰিলেণ্ড কলনীৰ অফিচিয়েল প্ৰিণ্টাৰ হিচাপে স্বামীৰ উত্তৰাধিকাৰী হিচাপে এন্নেক বাছি লোৱাৰ কথা উল্লেখ কৰিছে। তেওঁৰ নিৰ্দেশনাত ব্যৱসায়টোৱে লাভৱান হয় আৰু এন্নে গ্ৰীণ পুৰুষ প্ৰধান ব্যাৱসায়িক জগতখনত সফলতা লাভ কৰা তেওঁৰ সময়ৰ কেইগৰাকীমান মহিলাৰ ভিতৰত অন্যতম হৈ পৰে।[4]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- 1 2 "Anne Catherine Hoof Green, MSA SC 3520-14736". Biography of Anna Catherine Hoof Green. http://msa.maryland.gov/megafile/msa/speccol/sc3500/sc3520/014700/014736/html/14736bio.html। আহৰণ কৰা হৈছে: 2016-05-02.
- 1 2 "Anne Catherine Hoof Green". Princeton University. Archived from the original on 2008-08-07. https://web.archive.org/web/20080807163152/http://infoshare1.princeton.edu/rbsc2/ga/unseenhands/printers/Green.html। আহৰণ কৰা হৈছে: 2009-03-18.
- ↑ "Anne Catherine Hoof Green, MSA SC 3520-14736". Biography of Anne Catherine Hoof Green. http://msa.maryland.gov/megafile/msa/speccol/sc3500/sc3520/014700/014736/html/14736bio.html। আহৰণ কৰা হৈছে: 2016-05-02.
- 1 2 MacLean, Maggie (24 December 2008). "Anne Catherine Green: Colonial Printer and Publisher". History of American Women. http://www.womenhistoryblog.com/2008/12/anne-catherine-hoof-green.html। আহৰণ কৰা হৈছে: 23 August 2013.
- ↑ "Jonas Green House (AA-392)". Maryland State Archives. http://msa.maryland.gov/megafile/msa/stagsere/se1/se5/001000/001500/001518/pdf/msa_se5_1518.pdf.
- ↑ "Maryland Gazette Collection (MSA SC 2731), M 1281, Image No: 281 April 16, 1767". Archives of Maryland. http://msa.maryland.gov/megafile/msa/speccol/sc4800/sc4872/001281/html/m1281-0281.html। আহৰণ কৰা হৈছে: 2016-05-02.