এন্নে গ্ৰীনাফ
এন্নে গ্ৰীনাফ | |
|---|---|
| নৱজাতক আৰু ক্লিনিকেল ৰেস্পিৰেটৰী ফিজিঅ'লজিৰ অধ্যাপক, কিংছ কলেজ লণ্ডন। | |
| ব্যক্তিগত তথ্য | |
| জন্ম | সাঁচ:Birth month and age নিউকেষ্টল আপন টাইন, ইংলেণ্ড |
| মৃত্যু | DD , YYYY (এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত শব্দ "yyyy" বছৰ) |
| পেচা | নৱজাতক বিশেষজ্ঞ |
এন্নে গ্ৰীনাফ (জন্ম ১৯৫৪ চনৰ আগষ্ট মাহত নিউকেষ্টল আপন টাইনত) তেওঁ এজন ব্ৰিটিছ নৱজাতক বিশেষজ্ঞ আৰু অকাল জন্মৰ পাছত দীৰ্ঘদিনীয়া হাওঁফাওঁৰ ৰোগৰ উৎপত্তি, চিহ্নিতকাৰী আৰু ব্যৱস্থাপনাৰ সৈতে জড়িত কামৰ জৰিয়তে ক্লিনিকেল আৰু একাডেমিক নৱজাতক বিজ্ঞানৰ গৱেষণাৰ বাবে আটাইতকৈ উল্লেখযোগ্য। গ্ৰীনাফ লণ্ডনৰ কিংছ কলেজৰ নৱজাতক আৰু ক্লিনিকেল ৰেস্পিৰেটৰী ফিজিঅ’লজিৰ অধ্যাপক। ২০১৭ চনত তেওঁ ৰয়েল কলেজ অৱ পেডিয়াট্ৰিক্স এড চাইল্ড হেল্থৰ (আৰচিপিচিএইচ)ৰ সৰ্বোচ্চ সন্মান জেমছ স্পেন্স মেডেল লাভ কৰে।
জীৱন
[সম্পাদনা কৰক]১৯৫৪ চনত নিউকেষ্টল আপন টাইনত জন্মগ্ৰহণ কৰা গ্ৰীনাফে কেম্ব্ৰিজ বিশ্ববিদ্যালয় আৰু লণ্ডন বিশ্ববিদ্যালয় কলেজত শিক্ষা গ্ৰহণ কৰে।[1] তেওঁ অকালতে জন্ম পোৱা শিশুৰ পাছত হোৱা দীৰ্ঘদিনীয়া হাওঁফাওঁৰ ৰোগৰ উৎপত্তি, চিহ্নিতকাৰী আৰু ব্যৱস্থাপনাৰ সৈতে জড়িত কামৰ জৰিয়তে ক্লিনিকেল আৰু একাডেমিক নৱজাতক বিজ্ঞানৰ গৱেষণাৰ বাবে আটাইতকৈ উল্লেখযোগ্য গৱেষক।[2] গ্ৰীনাফ লণ্ডনৰ কিংছ কলেজৰ নৱজাতক আৰু ক্লিনিকেল ৰেস্পিৰেটৰী ফিজিঅ'লজিৰ তেওঁ অধ্যাপক।[1]
গ্ৰীনাফে জন্মগত, প্ৰসৱৰ সময়ত আৰু নৱজাতকৰ সংক্ৰমণৰ ওপৰত আৰু নৱজাতকৰ শ্বাস-প্ৰশ্বাসজনিত বিকাৰৰ ওপৰত কিতাপ প্ৰকাশ কৰিছে।[1] নেচনেল ইনষ্টিটিউট ফৰ হেল্থ ৰিচাৰ্চ (এন আই এইচ আৰ) পেডিয়াট্ৰিক্স (নন মেডিচিন) স্পেচিয়েলিটি গ্ৰুপৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰে[3] আৰু ২০১৯ চনলৈকে আৰ চি পি চি এইচৰ বিজ্ঞান আৰু গৱেষণাৰ উপ-সভানেত্ৰী আছিল।[2] তেওঁ শ শ গৱেষণা পত্ৰ প্ৰকাশ কৰিছে আৰু ত্ৰিছজন ডক্টৰেট ডিগ্ৰীধাৰী ছাত্ৰৰ তত্ত্বাৱধায়ক।[2]
সন্মান
[সম্পাদনা কৰক]২০১৭ চনত গ্ৰীনাফক ৰয়েল কলেজ অৱ পেডিয়াট্ৰিক্স এড চাইল্ড হেল্থৰ সৰ্বোচ্চ সন্মান জেমছ স্পেন্স পদক প্ৰদান কৰা হয়।[4] ২০১৭ চনৰ জৰ্জ এন পাপানিকোলাউ মানৱীয় বঁটা লাভ কৰে।[1][5]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- 1 2 3 4 Mammas, Ioannis N.; Spandidos, Demetrios A. (October 2017). "The educational challenge of Paediatric Virology: An interview with Professor of Neonatology Anne Greenough". Experimental and Therapeutic Medicine খণ্ড 14 (4): 3332–3334. doi:10.3892/etm.2017.5007. PMID 29042914.
- 1 2 3 "Professor Anne Greenough". The Royal College of Paediatrics and Child Health. 2 March 2017. https://www.rcpch.ac.uk/about-us/our-team/professor-anne-greenough-vp-science-research। আহৰণ কৰা হৈছে: 16 December 2017.
- ↑ "Prof Anne Greenough - King's John Price Paediatric Respiratory Conference" (en-GB ভাষাত). https://www.paediatricrespiratory.com/detail/prof-anne-greenough/। আহৰণ কৰা হৈছে: 2025-04-05.
- ↑ "Professor Anne Greenough" (en ভাষাত). RCPCH. https://www.rcpch.ac.uk/about-us/our-team/professor-anne-greenough। আহৰণ কৰা হৈছে: 2025-04-05.
- ↑ Mammas, Ioannis N. (2020-12-01). "Creating the Institute of Paediatric Virology: In honor of Professor Anne Greenough". Experimental and Therapeutic Medicine খণ্ড 20 (6): 298. doi:10.3892/etm.2020.9428. PMID 33209142.