এন’ক্ট’চিলাছ ব্ৰেভিলাব্ৰিছ
অৱয়ব
| এন’ক্ট’চিলাছ ব্ৰেভিলাব্ৰিছ | |
|---|---|
| বৈজ্ঞানিক শ্ৰেণীবিভাজন | |
| অধিজগৎ: | সংকোষকেন্দ্ৰী |
| ৰাজ্য: | Plantae |
| ক্লেড: | Angiosperms |
| ক্লেড: | Monocots |
| বৰ্গ: | Asparagales |
| পৰিয়াল: | Orchid |
| উপপৰিয়াল: | Orchidoideae |
| গোত্ৰ: | Cranichideae |
| গণ: | Anoectochilus |
| প্ৰজাতি: | A. brevilabris |
| দ্বৈৰাশিক নামকৰণ | |
| Anoectochilus brevilabris Lindl. | |
| সমাৰ্থক[1] | |
| |
এন’ক্ট’চিলাছ ব্ৰেভিলাব্ৰিছ (বৈজ্ঞানিক নাম: Anoectochilus brevilabris) হৈছে অৰ্কিডৰ এবিধ প্ৰজাতি। ই ভাৰত, নেপাল আৰু ভিয়েটনামৰ পাহাৰীয়া অঞ্চলত পোৱা যায়। ভাৰতৰ ছিকিম আৰু অসমত অৰ্কিডবিধ থলুৱাভাৱে পোৱা যায়।[1] ইয়াক ইংৰাজীত শ্বৰ্ট লিপ জুৱেল অৰ্কিড (ইংৰাজী: Short-Lip Jewel Orchid) নামেৰে জনা যায়। ই এবিধ মাটিত গজা অৰ্কিড।
বিৱৰণ
[সম্পাদনা কৰক]ই সৰু আকাৰৰ মাটিৰ অৰ্কিড। পাতবোৰ প্ৰায় কলিজাৰ আকৃতিৰ পৰা উপবৃত্তাকাৰ বা জোঙা হ’ব পাৰে। পাতবোৰ মুগাবৰণীয়া জালৰ শিৰাযুক্ত, আৰু তলৰ ফালে ৰঙচুৱা-সেউজীয়া। গ্ৰীষ্মকালৰ পৰা শৰতৰ মাজভাগলৈকে গছবোৰত ফুল ফুলে। ফুলবোৰ ৭-১২ চে.মি. হ’ব পাৰে। পাহিবোৰ জলফাইৰঙী সেউজীয়া আৰু বগা হয়।[2]
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 Kew World Checklist of Selected Plant Families
- ↑ "Short-Lip Jewel Orchid". flowersofindia.net. http://www.flowersofindia.net/catalog/slides/Short-Lip%20Jewel%20Orchid.html। আহৰণ কৰা হৈছে: 19 May 2023.