এন এইচ ডিনি
| এন এইচ ডিনি | |
|---|---|
| জন্ম | নূৰহায়তী শ্ৰীহাৰ্দিনী ছিতি নুকাটিন ২৯ ফেব্ৰুৱাৰী, ১৯৩৬ চামাৰাং, মধ্য জাভা, ডাচ ইষ্ট ইণ্ডিজ |
| মৃত্যু | ৪ ডিচেম্বৰ, ২০১৮ (৮২ বছৰ) চামাৰাং, মধ্য জাভা, ইণ্ডোনেছিয়া |
| পেচা | ঔপন্যাসিক, নাৰীবাদী |
| দাম্পত্যসঙ্গী | ইভছ কফিন (বি. ১৯৬০; বিবি. ১৯৮৪) |
| সন্তান | ২ জন, পিয়েৰ কফিনক ধৰি |
নূৰহায়তী শ্ৰীহাৰ্দিনী ছিতি নুকাটিন কফিন (ইংৰাজী: Nurhayati Srihardini Siti Nukatin Coffin; জন্ম: ২৯ ফেব্ৰুৱাৰী ১৯৩৬ – ৪ ডিচেম্বৰ ২০১৮), তেওঁৰ ছদ্মনাম এন এইচ ডিনি হিচাপেই অধিক পৰিচিত, এগৰাকী ইণ্ডোনেছিয়ান ঔপন্যাসিক আৰু নাৰীবাদী আছিল। তেওঁ ডিকপিকেবল মি ফ্ৰেঞ্চাইজিৰ বাবে পৰিচিত ফৰাচী পৰিচালক তথা এনিমেটৰ পিয়েৰ কফিনৰ মাতৃ আছিল। ২০০৩ চনত তেওঁ এছইএ ৰাইট এৱাৰ্ডৰপৰা সাহিত্য বঁটা লাভ কৰা অন্যতম ব্যক্তি আছিল।
জীৱন
[সম্পাদনা কৰক]ডিনিৰ জন্ম ১৯৩৬ চনৰ ২৬ ফেব্ৰুৱাৰীত চামাৰাঙত শালজোৱিলিজো আৰু কুচামিনাহৰ ঘৰত হৈছিল। তেওঁ জাভানিজ আৰু বুগিছ বংশোদ্ভূত আছিল আৰু তেওঁৰ চাৰিজন ভাই-ভনী আছিল।[1][2] ডিনিয়ে কৈছিল যে দ্বিতীয় শ্ৰেণীত পঢ়ি থকাৰপৰাই তেওঁ লিখিবলৈ ভাল পাইছিল। তেওঁৰ মাতৃ এগৰাকী বাটিক শিল্পী আছিল, যি জাভানিজ সংস্কৃতিৰদ্বাৰা অনুপ্ৰাণিত আছিল। তেওঁ ডিনিক পৰম্পৰাগত জাভানিজ বৰ্ণমলাত লিখা কাহিনী আৰু কবিতা পঢ়ি শুনাইছিল। তেওঁৰ কল্পকাহিনী লিখাৰ প্ৰতিভা সোনকালেই প্ৰমাণিত হৈছিল। পোন্ধৰ বছৰ বয়সতে তেওঁ চামাৰাঙৰ ৰেডিঅ' ৰিপাব্লিক ইণ্ডোনেছিয়াত (ৰাষ্ট্ৰীয় ৰেডিঅ' নেটৱৰ্ক) নিজৰ কবিতা পাঠ কৰিছিল।
১৯৫৬ চনত গৰুড় ইণ্ডোনেছিয়ান এয়াৰৱেজৰ বিমান সেৱিকা হিচাপে কাম কৰি থকাৰ সময়তে তেওঁ দুৱা দুনিয়া (দুখন পৃথিৱী) নামৰ এটা গল্প সংকলন প্ৰকাশ কৰে। তেওঁ কিছুসময় ৰেডিঅ' ঘোষক হিচাপেও কাম কৰিছিল।
১৯৬০ চনত তেওঁ জাপানৰ কোবেত থকা ফৰাচী কনচুল ইভছ কফিনৰ সৈতে বিবাহপাশত আবদ্ধ হয়। তেওঁলোকৰ সংসাৰত দুটা সন্তানৰ জন্ম হয়: মেৰী-ক্লেয়াৰ লিণ্টাং আৰু পিয়েৰ-লুই পাডাং, যি ডিকপিকেবল মি ফ্ৰেঞ্চাইজিৰ আটাইকেইখন ছবিৰ সহ-পৰিচালনাৰ বাবে বহুলভাৱে পৰিচিত। তেওঁ প্ৰথমতে স্বামীৰ সৈতে জাপানত বাস কৰিছিল; তাৰ পিছত তেওঁলোকক নম পেনলৈ বদলি কৰা হয়। ১৯৬৬ চনত তেওঁলোক ফ্ৰান্সলৈ উভতি আহে। পৰৱৰ্তী সময়ত তেওঁলোকক মেনিলা আৰু ১৯৭৬ চনত ডেট্ৰয়টলৈ পঠিওৱা হয়।
১৯৮৪ চনত এই দম্পতীৰ বিবাহ বিচ্ছেদ হয়। তেওঁ ইণ্ডোনেছিয়ালৈ উভতি আহে আৰু পিছলৈ ইণ্ডোনেছিয়ান নাগৰিকত্ব পুনৰ লাভ কৰে। বহু বছৰ ধৰি তেওঁ কিশোৰ-কিশোৰীৰ সাক্ষৰতাৰ বাবে উৎসৰ্গিত এটা অলাভজনক সংস্থা পৰিচালনা কৰিছিল।[3]
২০০৩ চনত যেতিয়া তেওঁ জাকাৰ্টাৰ ওচৰৰ শ্লেমানত বাস কৰিছিল, তেতিয়া তেওঁ এছ.ই.এ. ৰাইট এৱাৰ্ড লাভ কৰিছিল। জীৱনৰ শেষৰফালে তেওঁ এটা নাৰ্চিং হোমলৈ গুচি যায়, য’ত তেওঁ ভাৰ্টিগোৰ আক্ৰমণ বৃদ্ধি পোৱাৰ বাবে এখন উপন্যাস আৰু নিজৰ স্মৃতিগ্ৰন্থৰ কাম স্থগিত ৰাখিবলগীয়া হৈছিল।[4] শেষৰ কেইবছৰমান তেওঁ চামাৰাঙৰ এটা কেথলিক জিৰণি ঘৰত অতিবাহিত কৰিছিল।
মৃত্যু
[সম্পাদনা কৰক]২০১৮ চনৰ ৪ ডিচেম্বৰত চামাৰাঙৰ এক ঘাইপথত ডিনিয়ে আৰোহণ কৰা টয়োটা আভাঞ্জা টেক্সি আৰু এখন ট্ৰাকৰ মাজত হোৱা সংঘৰ্ষৰ ফলত তেওঁৰ মৃত্যু হয়।[5][6] পাছদিনা আম্বাৰাৱাত তেওঁৰ মৃতদেহ সৎকাৰ কৰা হয়।
উত্তৰাধিকাৰ
[সম্পাদনা কৰক]২০২০ চনৰ ২৯ ফেব্ৰুৱাৰীত গুগলে তেওঁৰ ৮৪সংখ্যক জন্মদিনত এটা গুগল ডুডলেৰে সন্মান যাচিছিল।[7]
প্ৰকাশিত গ্ৰন্থসমূহ
[সম্পাদনা কৰক]ইণ্ডোনেচিয়ান
[সম্পাদনা কৰক]উপন্যাস
[সম্পাদনা কৰক]ইংৰাজী
[সম্পাদনা কৰক]- এ জাৰ্নি (চুটি গল্প), "ব্লেক ক্লাউডছ অভাৰ দা আইল অৱ গডছ"ত প্ৰকাশিত, ডেভিদ ৰস্কিজৰদ্বাৰা সম্পাদিত। এম. ই. শাৰ্প (১৯৯৭) আই.এচ.বি.এন. 0-7656-0033-1
- দা চিকেন (চুটি গল্প), "ডাইভাৰ্ছ লাইভছ"ত প্ৰকাশিত, জেনেট লিংগাৰ্ডৰদ্বাৰা সম্পাদিত, অক্সফৰ্ড এছিয়া (১৯৯৫) আই.এচ.বি.এন. 967-65-3100-6
- Hill, D.T (1993), The Factory by Nh. Dini (Translated by David T. Hill, Includes Translator's introductory comments), Southeast Asia Program, Cornell University, https://trove.nla.gov.au/work/183002387, আহৰণ কৰা হৈছে: 7 December 2018
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "Mengenal Nh Dini, Sastrawan Indonesia yang Lahir di Tahun Kabisat". Detik.com. 29 February 2024. Archived from the original on 9 July 2025. https://web.archive.org/web/20250709041042/https://www.detik.com/jabar/berita/d-7217583/mengenal-nh-dini-sastrawan-indonesia-yang-lahir-di-tahun-kabisat.
- ↑ "Obituary: NH Dini, Indonesian feminist literary figure". The Jakarta Post. 5 December 2018. https://www.thejakartapost.com/life/2018/12/05/obituary-nh-dini-indonesian-feminist-literary-figure.html.
- ↑ Biographical sketch by David Roskies
- ↑ Ary Hermawan (27 December 2008). "NH Dini: Struggling against the odds". Jakarta Post. http://www.thejakartapost.com/news/2008/12/27/nh-dini-struggling-against-odds.html.
- ↑ Muthi Achadiat Kautsar; Suherdjoko (5 December 2018). "Author NH Dini dies following car crash in Semarang". Jakarta Post. http://www.thejakartapost.com/life/2018/12/04/author-nh-dini-dies-following-car-crash-in-semarang.html.
- ↑ Suherdjoko; Ganug Nugroho Adi (5 December 2018). "Literary legend NH Dini killed in car crash". Jakarta Post. http://www.thejakartapost.com/news/2018/12/05/literary-legend-nh-dini-killed-car-crash.html.
- ↑ "NH Dini's 84th Birthday". Google. 29 February 2020. https://doodles.google/doodle/nh-dinis-84th-birthday/। আহৰণ কৰা হৈছে: 29 February 2020.
- ↑ Dini, Nh (1976), Hati yang damai (Cetakan kedua সম্পাদনা), Pustaka Jaya, https://trove.nla.gov.au/work/6103918, আহৰণ কৰা হৈছে: 7 December 2018
- ↑ "Novel: Once Upon A Ship". The Lontar Foundation. https://lontar.org/product/once-upon-a-ship/। আহৰণ কৰা হৈছে: 2024-07-02.
- ↑ Dini, Nh (Nurhayati) (1973), Pada sebuah kapal ([Cet. 1 সম্পাদনা), Pustaka Jaya, https://trove.nla.gov.au/work/9191718, আহৰণ কৰা হৈছে: 7 December 2018
- ↑ "Novel: Departures". The Lontar Foundation. https://lontar.org/product/departures/। আহৰণ কৰা হৈছে: 2024-07-02.