সমললৈ যাওক

এন এপলবাম

অসমীয়া ৱিকিপিডিয়াৰ পৰা
এন এপলবাম
Anne Applebaum

২০২৪ চনত এপলবাম
জন্ম এন এলিজাবেথ এপলবাম
২৫ জুলাই, ১৯৬৪ (৬১ বছৰ)[1]
ৱাশ্বিংটন ডিচি, আমেৰিকা যুক্তৰাষ্ট্ৰ
নাগৰিকত্ব
  • আমেৰিকা যুক্তৰাষ্ট্ৰ
  • পোলেণ্ড
শিক্ষা
  • য়েল বিশ্ববিদ্যালয় (কলাত স্নাতক)
  • লণ্ডন স্কুল অৱ ইকনমিক্স (বিজ্ঞানৰ স্নাতকোত্তৰ)
  • ছেইণ্ট এণ্টনি কলেজ, অক্সফৰ্ড
জনা যায় ছোভিয়েট সংঘ আৰু ইয়াৰ উপগ্ৰহীয় দেশসমূহৰ সম্পৰ্কত লিখা-মেলা
দাম্পত্যসঙ্গী ৰেডোশ্লাও ছিকোৰ'ক্সি (বি. ১৯৯২)
সন্তান
বঁটা, সন্মান, পুৰস্কাৰ আদি অ-কাহিনীমূলক গ্ৰন্থৰ বাবে পুলিৎজাৰ বঁটা
ৱেবছাইট
www.anneapplebaum.com ৱিকিডে'টাত সম্পাদনা কৰক


এন এলিজাবেথ এপলবাম (ইংৰাজী: Anne Elizabeth Applebaum)[2][3],জন্ম: ২৫ জুলাই, ১৯৬৪) এগৰাকী আমেৰিকীয় সাংবাদিক আৰু ইতিহাসবিদসাম্যবাদৰ ইতিহাস, মধ্য আৰু পূব ইউৰোপৰ নাগৰিক সমাজৰ বিকাশৰ বিষয়ে তেওঁ লিখা-মেলা কৰিছে। তেওঁৰ পোলেণ্ডৰ নাগৰিকত্বও আছে ।

এপলবামে দ্য ইকনমিষ্ট আৰু দ্য স্পেক্টেটৰ আলোচনীত কাম কৰিছিল, আৰু দ্য ৱাশ্বিংটন পোষ্টৰ সম্পাদকীয় মণ্ডলীৰ সদস্য আছিল (২০০২–২০০৬)।[4] [5] ২০০৪ চনত গুলাগ: এ হিষ্ট্ৰী শীৰ্ষক গ্ৰন্থৰ বাবে তেওঁ সাধাৰণ অ-কাহিনীমূলক গ্ৰন্থৰ বাবে পুলিৎজাৰ বঁটা লাভ কৰে।[6] তেওঁ দ্য আটলাণ্টিক আলোচনীৰ ষ্টাফ ৰাইটাৰ৷[7] ইয়াৰ লগতে তেওঁ জনছ হপকিন্স বিশ্ববিদ্যালয়ৰ এগোৰা ইনষ্টিটিউট আৰু স্কুল অৱ এডভান্সড ইণ্টাৰনেশ্যনেল ষ্টাডিজৰ জ্যেষ্ঠ সভ্য।[8]

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা

[সম্পাদনা কৰক]

১৯৬৪ চনৰ ২৫ জুলাইত ৱাশ্বিংটন ডি চিৰ এটা সংস্কাৰী ইহুদী পৰিয়ালত এপলবামৰ জন্ম হৈছিল । হাৰ্ভি এম আৰু এলিজাবেথ এপলবামৰ তিনিগৰাকী কন্যাৰ ভিতৰত তেওঁ ডাঙৰ আছিল।[2][9] য়েলৰ প্ৰাক্তন ছাত্ৰ তেওঁৰ পিতৃ কভিংটন এণ্ড বাৰ্লিঙৰ এণ্টিট্ৰাষ্ট আৰু আন্তঃৰাষ্ট্ৰীয় বাণিজ্যিক পদ্ধতিৰ জ্যেষ্ঠ অধিবক্তা। তেওঁৰ মাক আছিল কৰ্ক’ৰান গেলেৰী অৱ আৰ্টৰ প্ৰগ্ৰেম ক’অৰ্ডিনেটৰ। এপলবামৰ মতে, ৰাছিয়াৰ তৃতীয় আলেকজেণ্ডাৰৰ ৰাজত্বকালত তেওঁৰ প্ৰাক্তন পিতৃ-মাতৃয়ে বৰ্তমানৰ বেলাৰুছৰ পৰা উত্তৰ আমেৰিকালৈ প্ৰব্ৰজন কৰিছিল।[10]

ৱাশ্বিংটন ডি চিৰ চিডৱেল ফ্ৰেণ্ডছ স্কুলত পঢ়াৰ পিছত এপলবামে ইয়েল বিশ্ববিদ্যালয়ত ভৰ্তি হয়৷ ১৯৮২ চনৰ শেষৰ ষান্মাসিকত তেওঁ উলফগেং লিঅ'নহাৰ্ডৰ অধীনত ছোভিয়েট ইতিহাস অধ্যয়ন কৰে।[11] স্নাতক ডিগ্ৰী লাভ কৰি থকাৰ সময়তে তেওঁ ১৯৮৫ চনৰ গ্ৰীষ্মকালত ছোভিয়েট ইউনিয়নৰ লেনিনগ্ৰাড (বৰ্তমান চেণ্ট পিটাৰ্ছবাৰ্গ, ৰাছিয়া)ত কটায়, যিটো অভিজ্ঞতাই তেওঁৰ চিন্তাধাৰা গঢ় দিয়াত সহায় কৰে।[12]

১৯৮৬ চনত এপলবামে ইয়েলৰ পৰা ইতিহাস আৰু সাহিত্যত স্নাতক ডিগ্ৰী (বি এ) লাভ কৰে।[13][11] পৰৱৰ্তী সময়ত তেওঁ লণ্ডন স্কুল অৱ ইকনমিক্সৰ পৰা দুবছৰীয়া মাৰ্শ্বেল বৃত্তি লাভ কৰিছিল আৰু তাৰ পৰাই তেওঁ আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল (১৯৮৭)।[14] তেওঁ অক্সফৰ্ডৰ ছেইণ্ট এণ্টনি কলেজতো অধ্যয়ন কৰিছিল,[15] তাৰ পিছত তেওঁ দ্য ইকনমিষ্টৰ সংবাদদাতা হোৱাৰ পিছত ১৯৮৮ চনত পোলেণ্ডৰ ৱাৰশ্ব'লৈ গুচি যায়।[16]

১৯৮৯ চনৰ নৱেম্বৰ মাহত এপলবামে বাৰ্লিনৰ দেৱাল ভাঙি যোৱাৰ বাতৰি দিবলৈ ৱাৰশ্ব'ৰ পৰা বাৰ্লিনলৈ গাড়ী চলাই যায়।[17]

কৰ্মজীৱন

[সম্পাদনা কৰক]

দ্য ইকনমিষ্ট আৰু দ্য ইণ্ডিপেণ্ডেণ্টৰ বিদেশী সংবাদদাতা হিচাপে তেওঁ বাৰ্লিনৰ দেৱালৰ পতন আৰু কমিউনিজমৰ পতনৰ বিষয়ে আলোচনা কৰিছিল। ১৯৯১ চনত তেওঁ ইংলেণ্ডলৈ উভতি আহি দ্য ইকনমিষ্টত কাম কৰে; পিছলৈ তেওঁক বিদেশী সম্পাদিকা আৰু পৰৱৰ্তী সময়ত দ্য স্পেক্টেটৰৰ উপ সম্পাদিকা হিচাপে নিযুক্তি দিয়া হয় আৰু পিছলৈ ইভিনিং ষ্টেণ্ডাৰ্ডৰ ৰাজনৈতিক সম্পাদিকা হিচাপে নিযুক্তি দিয়া হয়।[18] ১৯৯৪ চনত তেওঁৰ প্ৰথমখন গ্ৰন্থ বিট্ ৱিন ইষ্ট এণ্ড ৱেষ্ট: এক্ৰছ দ্য বৰ্ডাৰলেণ্ডছ অৱ ইউৰোপ প্ৰকাশ কৰে, যিখন ভ্ৰমণ কাহিনীত পূৰ্বৰ ছোভিয়েট সংঘৰ নতুন ৰাষ্ট্ৰসমূহৰ মাজেৰে জাতীয়তাবাদৰ উত্থানৰ বৰ্ণনা কৰা হৈছিল।[19] ২০০১ চনত তেওঁ প্ৰধানমন্ত্ৰী টনি ব্লেয়াৰৰ সাক্ষাৎকাৰ লয়।[20] ২০০৪ চনত সাধাৰণ অকল্পকাহিনীৰ বাবে পুলিৎজাৰ বঁটা লাভ কৰা ছোভিয়েট কাৰাগাৰ শিবিৰ ব্যৱস্থাৰ বিষয়ে লিখা গুলাগ: এ হিষ্ট্ৰী (২০০৩) নামৰ গ্ৰন্থখনৰ বাবেও তেওঁ ঐতিহাসিক গৱেষণা কৰিছিল।[6][21][22] ইয়াৰ উপৰি গ্ৰন্থখনক ৰাষ্ট্ৰীয় কিতাপ বঁটা, লছ এঞ্জেলছ টাইমছৰ কিতাপ বঁটা আৰু ৰাষ্ট্ৰীয় কিতাপ সমালোচক চক্ৰ বঁটাৰ বাবে মনোনীত কৰা হৈছিল।[23]

বাহিৰা ভিডিঅ'
video icon Booknotes interview with Applebaum on Gulag, May 25, 2003, C-SPAN
video icon Q&A interview with Applebaum on Iron Curtain, December 16, 2012, C-SPAN

এপলবাম দ্য ৱাশ্বিংটন পোষ্টৰ সম্পাদকীয় মণ্ডলীৰ সদস্য আছিল,[5] আৰু তেওঁ সোতৰ বছৰ ধৰি কাকতখনৰ স্তম্ভলেখক আছিল।[24] ইয়াৰ উপৰিও তেওঁ ৰক্ষণশীল চিন্তাধাৰাৰ আমেৰিকান এণ্টাৰপ্ৰাইজ ইনষ্টিটিউটৰ এডজাণ্ট ফেলো আছিল।[25]

২০২২ চনৰ নৱেম্বৰ মাহত এপলবাম আছিল ২০০ জন আমেৰিকান নাগৰিকৰ ভিতৰত এগৰাকী, যিসকলক ৰাছিয়াই "ৰাছ'ফ'বিক অভিযানৰ প্ৰচাৰ আৰু কিয়েভত শাসন ব্যৱস্থাৰ প্ৰতি সমৰ্থন"ৰ বাবে অনুমোদন জনাইছিল।[26]

এপলবাম বৈদেশিক সম্পৰ্ক পৰিষদৰ সদস্য।[27] নেচনেল এনডাউমেণ্ট ফৰ ডেম'ক্ৰেচি আৰু ৰিনিউ ডেম'ক্ৰেচি ইনিচিয়েটিভৰ ব'ৰ্ডতো তেওঁ আছে।[28][29] তেওঁ ইনষ্টিটিউট ফৰ ৱাৰ এণ্ড পিছ ৰিপৰ্টিঙৰ আন্তঃৰাষ্ট্ৰীয় পৰিচালনা সমিতিৰ সদস্য আছিল।[30] ইয়াৰ উপৰিও তেওঁ চেণ্টাৰ ফৰ ইউৰোপিয়ান পলিচি এনালাইছিছ (CEPA)ৰ জ্যেষ্ঠ এডজাণ্ট ফেলো আছিল, য'ত তেওঁ মধ্য আৰু পূব ইউৰোপত ৰাছিয়াৰ ভুল তথ্য প্ৰতিহত কৰাৰ লক্ষ্যৰে এক বৃহৎ পদক্ষেপৰ সহ-নেতৃত্ব দিছিল।[31] তেখেতে দ্য আমেৰিকান ইণ্টাৰেষ্ট আলোচনীৰ সম্পাদকীয় মণ্ডলীতো আছিল[32]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. Petrone, Justine. "Interview with Anne Applebaum". City Paper. Baltic News Ltd. Archived from the original on July 20, 2011. https://web.archive.org/web/20110720124829/http://www.citypaper.ee/interview_with_anne_applebaum/। আহৰণ কৰা হৈছে: October 3, 2009. 
  2. 2.0 2.1 "Weddings: Anne Applebaum, Radek Sikorski". The New York Times. June 28, 1992. https://www.nytimes.com/1992/06/28/style/weddings-anne-applebaum-radek-sikorski.html. 
  3. @anneapplebaum. "Elizabeth is indeed my middle name though I can't imagine that it is important". https://twitter.com/anneapplebaum/status/1469788507937857543.  Missing or empty |date= (help)
  4. Cohen, Nick (July 12, 2020). "Anne Applebaum: how my old friends paved the way for Trump and Brexit". The Observer (London). https://www.theguardian.com/books/2020/jul/12/anne-applebaum-how-my-old-friends-paved-the-way-for-trump-and-brexit. 
  5. 5.0 5.1 "Anne Applebaum" (en ভাষাত). The Washington Post. https://www.washingtonpost.com/people/anne-applebaum/. 
  6. 6.0 6.1 "'The Known World' Wins Pulitzer Prize for Fiction". The New York Times. April 5, 2004. https://archive.nytimes.com/www.nytimes.com/ref/arts/05pulitzers-arts.html. 
  7. "Anne Applebaum Joins The Atlantic as Staff Writer" (en-US ভাষাত). The Atlantic. November 15, 2019. https://www.theatlantic.com/press-releases/archive/2019/11/anne-applebaum-joins-atlantic-staff-writer/602083/। আহৰণ কৰা হৈছে: April 13, 2020. 
  8. "Anne Applebaum: Stavros Niarchos Foundation SNF Agora Institute at Johns Hopkins". snfagora.jhu.edu. https://snfagora.jhu.edu/person/anne-applebaum/। আহৰণ কৰা হৈছে: April 13, 2020. 
  9. Lazareva, Inna (January 4, 2013). "Through a (communist) looking glass, then and now". Haaretz. http://www.haaretz.com/weekend/week-s-end/through-a-communist-looking-glass-then-and-now.premium-1.491882। আহৰণ কৰা হৈছে: December 11, 2021. 
  10. Гурневіч, Дзьмітры (September 23, 2018). ""Беларусі трэба нацыяналізм". Ляўрэатка "Пулітцэра" пра радзіму прадзедаў і выхад з тупіку гісторыі" (be ভাষাত). Радыё Свабода. https://www.svaboda.org/a/29500489.html. 
  11. 11.0 11.1 Applebaum, Anne (2012). Iron Curtain: The Crushing of Eastern Europe 1944–1956. প্ৰকাশক New York USA: Doubleday. পৃষ্ঠা. 282,508. ISBN 9780385515696. 
  12. Anne, Applebaum. "Russia and the Great Forgetting". Commentary. https://www.commentarymagazine.com/articles/russia-great-forgetting/. 
  13. "Anne Applebaum – internationales literaturfestival berlin" (de ভাষাত). Literaturfestival.com. http://www.literaturfestival.com/archive/participants/authors/2014/anne-applebaum?set_language=en। আহৰণ কৰা হৈছে: April 3, 2017. 
  14. "Anne E. Applebaum to Wed in June". The New York Times. December 8, 1991. https://www.nytimes.com/1991/12/08/style/anne-e-applebaum-to-wed-in-june.html. "... is a summa cum laude graduate of Yale University, where she was elected to Phi Beta Kappa." 
  15. "Anne Applebaum". University of Oxford. https://www.oxfordna.org/amer-alumni-authors-march-2018। আহৰণ কৰা হৈছে: 2 April 2025. "As a celebration of our alumni, each month we will highlight a new book written by one of Oxford's North American-based alumni. For March 2018, our author is Anne Applebaum (St Antony's College, 1986)." 
  16. "Anne Applebaum". The Washington Post. https://www.washingtonpost.com/wp-srv/opinions/biographies/anne-applebaum.html. 
  17. "The Tragic Romance of the Nostalgic Western Liberal". Foreign Policy. August 15, 2020. https://foreignpolicy.com/2020/08/15/the-tragic-romance-of-the-middle-aged-western-liberal/। আহৰণ কৰা হৈছে: November 15, 2022. "1989 was the point of departure of everything that Applebaum did in the following three decades. Her much-praised history books about the Soviet Gulag and the establishment of the communist regimes in Central Europe were her historical introduction to the inevitability of 1989." 
  18. "Anne Applebaum" (en-GB ভাষাত). The Nine Dots Prize. https://ninedotsprize.org/board_members/anne-applebaum/। আহৰণ কৰা হৈছে: September 1, 2022. 
  19. Hopley, Claire (July 23, 2017). "Book Review: 'Between East and West: Across the Borderlands of Europe'" (en-US ভাষাত). The Washington Times. https://www.washingtontimes.com/news/2017/jul/23/book-review-between-east-and-west-across-the-borde/। আহৰণ কৰা হৈছে: September 1, 2022. 
  20. Applebaum, Anne (March 19, 2001). "I am still normal". The Telegraph. https://www.telegraph.co.uk/news/uknews/4722273/I-am-still-normal.html. 
  21. "From concentration camps to cotton". Idaho Mountain express and guide.. Express publishing inc.. March 25, 2005. http://archives.mtexpress.com/index2.php?ID=2005102224&var_Year=2004&var_Month=11&var_Day=17। আহৰণ কৰা হৈছে: October 3, 2009. 
  22. "The 2004 Pulitzer Prize Winners General Nonfiction". http://www.pulitzer.org/works/2004-General-Nonfiction। আহৰণ কৰা হৈছে: October 3, 2009. 
  23. Award Winning Books[সংযোগবিহীন উৎস], Random House website
  24. "Press Release: Anne Applebaum Joins The Atlantic as Staff Writer". The Atlantic. November 15, 2019. https://www.theatlantic.com/press-releases/archive/2019/11/anne-applebaum-joins-atlantic-staff-writer/602083/. 
  25. Leonard, Brooke (May 8, 2008). "Turning Abkhazia into a War". National Interest (New York City). http://www.nationalinterest.org/Article.aspx?id=17660. 
  26. "Russia Bans Entry To Biden's Siblings, US Senators". Agence France Press (Barrons). November 11, 2022. https://www.barrons.com/news/russia-bans-entry-to-biden-s-siblings-us-senators-01668188406. "The [Russian] foreign ministry said the 200 US nationals included officials and legislators, their close relatives, heads of companies and experts "involved in the promotion of the Russophobic campaign and support for the regime in Kiev" ... [including] US writer and Russia expert Anne Applebaum" 
  27. "Membership Roster – Council on Foreign Relations". Cfr.org. Archived from the original on July 27, 2014. https://web.archive.org/web/20140727040345/http://www.cfr.org/about/membership/roster.html। আহৰণ কৰা হৈছে: April 3, 2017. 
  28. "Board of Directors – NATIONAL ENDOWMENT FOR DEMOCRACY" (en-US ভাষাত). Ned.org. http://www.ned.org/about/board-of-directors/। আহৰণ কৰা হৈছে: March 28, 2017. 
  29. Boot, Max (April 25, 2018). "The political center is fighting back". The Washington Post. https://www.washingtonpost.com/opinions/global-opinions/the-political-center-is-fighting-back/2018/04/25/6170f646-489b-11e8-827e-190efaf1f1ee_story.html. 
  30. "About IWPR | Institute for War and Peace Reporting". December 6, 2014. https://iwpr.net/about। আহৰণ কৰা হৈছে: January 17, 2020. 
  31. "Anne Applebaum | CEPA". April 9, 2016. Archived from the original on April 9, 2016. https://web.archive.org/web/20160409230453/http://cepa.org/anne-aplebaum। আহৰণ কৰা হৈছে: February 25, 2020. 
  32. "The American Interest". The American Interest. http://www.the-american-interest.com/masthead/। আহৰণ কৰা হৈছে: April 3, 2017. 


বাহ্যিক সংযোগ

[সম্পাদনা কৰক]