সমললৈ যাওক

এপছন্সি

অসমীয়া ৱিকিপিডিয়াৰ পৰা
“ৱাট ফ্ৰা কাউ”ত থকা এপছন্সিৰ মূৰ্ত্তি

এপছন্সি (থাই: อัปสรสีห์; ইংৰাজী: Apsonsi) থাই পৌৰাণিক কাহিনীত বৰ্ণিত এক অৰ্ধমহিলা আৰু অৰ্ধসিংহৰ কিংবদন্তিমূলক জীৱ। প্ৰাচীন দক্ষিণ আৰু দক্ষিণ-পূব এছিয়াৰ লোককথাত চিত্ৰিত বহুতো সংকৰ জীৱৰ ভিতৰত এপছন্সি অন্যতম। এজনী অপ্সৰা বা পৰী আৰু এটা সিংহৰ সংমিশ্ৰণ হোৱা বাবে এই জীৱবিধক এপছন্সিংহ, এপছন্সিংঘ, অপ্সৰাসিংঘ বা অপ্সৰাসিংহ বুলিও কোৱা হয়। পুৰুষ দেৱদূত আৰু সিংহৰ সংমিশ্ৰণক থেপ্নোৰাছি (ইংৰাজী: Thepnorasi) বুলি কোৱা হয়। এই জীৱবিধক আধা সিংহ আৰু আধা মানুহ সদৃশ মানুছিহা (ইংৰাজী: Manussiha) নামৰ এক বাৰ্মিজ পৌৰাণিক জীৱ সৈতে তুলনা কৰিব পাৰি৷[1]

কিংবদন্তীৰ কাহিনী অনুসৰি এপছন্সিয়ে হিমালয় পৰ্বতৰ গভীৰত অৱস্থিত হিমবন্তত নামৰ অদৃশ্য পৌৰাণিক অৰণ্যত বাস কৰে।[2] এপছন্সি হৈছে আধা মহিলা আৰু আধা সিংহ সদৃশ মূৰ্তি যাক ক্ষতিৰ পৰা ৰক্ষাকৰ্তা বুলি বিশ্বাস কৰা হয়।[3] থাইলেণ্ডৰ বেংককৰ ঐতিহাসিক ক্ষেত্ৰত থকা পান্না পাথৰৰ বৌদ্ধ মন্দিৰ “ৱাট ফ্ৰা কাউ”ত পহৰা দি থিয় হৈ থকা এটা এপছন্সিৰ মূৰ্ত্তি স্থাপিত কৰা আছে।

অন্য থাই কিংবদন্তীমূলক জীৱ

[সম্পাদনা কৰক]

সুভন্নমচ্ছ বা সুৱৰ্ণমৎস্য থাই ভাষাৰ লগতে দক্ষিণ-পূব এছিয়াৰ বিভিন্ন ৰামায়ণ সংস্কৰণত উল্লিখিত টছাকনাথ বা ৰাৱণৰ জীয়ৰী। সুৱৰ্ণমৎস্যৰ আক্ষৰিক অৰ্থ হৈছে সোণোৱালী মাছ।[4]

মনোহৰা হৈছে অৰ্ধমানৱী তথা অৰ্ধপক্ষীৰূপী এগৰাকী কিন্নৰী। তেওঁ জাতকৰ এক আখ্যানৰ নায়িকা।

কিন্নৰ হৈছে হিন্দু আৰু বৌদ্ধ ধৰ্মত এক স্বৰ্গীয় সংগীতজ্ঞ। তেওঁলোক আংশিকভাৱে মানুহ আৰু আংশিকভাৱে পক্ষী।

নং টানি বা নাং টানি থাই লোককথাৰ এক নাৰী আত্মা বা উপদেৱতা (দেৱী)।

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. Dr., Tin Mg Oo (2005). Aspects of Myanmar Culture. প্ৰকাশক Yangon, Burma: Cho-Tay-Than Bookhouse. পৃষ্ঠা. 28. 
  2. "The World’s Only Thai Town". Thai Community Development Center. http://thaicdc.org/ourcommunity/thai-town/. 
  3. "Kinnari and Apsonsi, All the Legends, Myths and Mysteries". Luxury Thailand Travel. http://www.luxury-thailand-travel.com/kinnari.html. 
  4. Satyavrat Sastri (2006). Discovery of Sanskrit Treasures: Epics and Puranas. Yash Publications. পৃষ্ঠা. 77. ISBN 978-81-89537-04-3. https://books.google.com/books?id=seljAAAAMAAJ। আহৰণ কৰা হৈছে: 2012-07-24.