সমললৈ যাওক

এপ্‌চেউডেছ (শ্ৰুতিকথা)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
এপ্‌চেউডেছ
নেৰেইডছ-ৰ সদস্য
নিবাস সাগৰ
পিতৃ-মাতৃ নেৰিয়াছ আৰু ড'ৰিছ
সহোদৰ সাগৰীয় দেৱতা নেৰিয়াছসকল, সাগৰীয় দেৱী নেৰেইডছসকল

এপ্‌চেউডেছ (প্ৰাচীন গ্ৰীক: Ἀψευδὴς, ইংৰাজী: Apseudes; আক্ষৰিক অৰ্থ: 'সত্যবাদী' বা 'জিলিকি থকা')[1] গ্ৰীক শ্ৰুতিকথা অনুসৰি এগৰাকী সাগৰীয় নেৰেইড[1] তেওঁৰ নামৰ অৰ্থ হ’ল ‘যি কেতিয়াও মিছা নকয়’৷ তেওঁৰ ভগ্নী নেমেৰ্টেছৰ দৰেই তেওঁলোকৰ পিতৃৰ সঁচা কথা কোৱা দেৱতাৰ গুণ উত্তৰাধিকাৰী সূত্ৰে তেওঁ লাভ কৰিছিল।[2]

কিংবদন্তি

[সম্পাদনা কৰক]

এপ্‌চেউডেছ গ্ৰীক শ্ৰুতিকথাৰ সাগৰীয় দেৱতা নেৰিয়াছ আৰু সাগৰীয় দেৱী অ'চেনিড ড'ৰিছনেৰেইডছ নামৰ ৫০ গৰাকী কন্যাৰ ভিতৰত অন্যতম এগৰাকী কন্যা আছিল।[3][4][1] হোমাৰইলিয়াডত বৰ্ণনা কৰা অনুসৰি একিলিছে মৃত পেট্ৰ'ক্লাছৰ বাবে কৰা দুখৰ সমভাগি হোৱা মাতৃ থেটিছক সংগ দিবলৈ সাগৰৰ গভীৰতাৰ পৰা ওলাই আহি ট্ৰয়ৰ উপকূলত সমবেত হোৱা ৩৩ গৰাকী নেৰেইডছৰ ভিতৰত এপ্‌চেউডেছো আছিল।[5]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. 1.0 1.1 1.2 Bane, Theresa (2013). Encyclopedia of Fairies in World Folklore and Mythology. McFarland, Incorporated, Publishers. পৃষ্ঠা. 11, 12. ISBN 978-0-7864-7111-9. 
  2. Kerényi, Carl (1951). The Gods of the Greeks. প্ৰকাশক London: Thames and Hudson. পৃষ্ঠা. 66. 
  3. Homer, Iliad 18.40; Hesiod, Theogony 249; Apollodorus, 1.2.7; Hyginus, Fabulae Preface
  4. Homer, Iliad 18.41; Apollodorus, 1.2.7; Hesiod, Theogony 240
  5. Homer, Iliad 18.39