এবাৰিমন
এবাৰিমন (ইংৰাজী: Abarimon) বা এণ্টিপ'ড (ইংৰাজী: antipode) শ্ৰুতিকথাত বৰ্ণিত এবিধ কিংবদন্তিমূলক জীৱ৷ এই জীৱৰ ভৰি দুখন ওলোটা, অৱশ্যে এই অস্বাভাৱিক ভৰি থকাৰ পিছতো ই অতি খৰকৈ দৌৰিবলৈ সক্ষম।
ইউৰোপত প্লিনি দ্য এলডাৰে, তেওঁৰ গ্ৰন্থ নেচাৰেল হিষ্ট্ৰিত এই মহিমামণ্ডিত জীৱবিধৰ বিষয়ে প্ৰথম বৰ্ণনা কৰিছিল৷ তেওঁ এই জীৱবোৰ ভাৰতৰ স্থানীয় বুলি বিশ্বাস কৰিছিল। একেধৰণৰ কাহিনী এটা অ’লাছ গেলিয়াছে এটিক নাইটছতো চিত্ৰিত কৰিছে।
বন্যপ্ৰাণীৰ সৈতে ইহঁতে সহাৱস্থান কৰিছিল আৰু অতিশয় হিংস্ৰ আৰু বৰ্বৰ হোৱাৰ বাবে ইহঁতক কৰায়ত্ত কৰাৰ সকলো প্ৰচেষ্টা বিফল হৈছিল। প্লিনিয়ে তেওঁৰ গ্ৰন্থখনত এনে তথ্য আঙুলিয়াই দিছে যিবোৰ বেইটন, আলেকজেণ্ডাৰ দ্য গ্ৰেটৰ লেণ্ড চাৰ্ভেয়ৰৰ পৰা আহৰণ কৰা হৈছে। এবাৰিমনবোৰে নিজৰ ঘৰুৱা উপত্যকাৰ বিশেষ গুণযুক্ত বায়ুহে উশাহ ল’ব পাৰিছিল বুলি বেইটনে কয়। দীৰ্ঘদিন ধৰি এই বিশেষ গুণগত মানৰ বায়ু উশাহ লোৱা বাবে তেওঁলোকৰ বাবে অন্য কোনো ধৰণৰ বায়ু উশাহ লোৱাটো অসম্ভৱ হৈ পৰিছিল। সেই কাৰণে তেওঁলোকে সেই উপত্যকাৰ পৰা আঁতৰি পৃথিৱীৰ আন ঠাইত থাকিব পৰা নাছিল। গতিকে তেওঁলোকক ফান্দত পেলাই দূৰৈৰ শাসকৰ আদালতলৈ বা মেচিডোনিয়াৰ মহান ৰাজ্যলৈ লৈ যোৱাটো অসম্ভৱ আছিল।[1][2]
এই জীৱবিধ হিমালয়ৰ কাষৰীয়া অঞ্চলত প্ৰাগঐতিহাসিক বন্যপ্ৰাণীৰ এক অতিৰঞ্জিত নৃতাত্ত্বিক বৰ্ণনা হ’ব পাৰে।[3]
এটা বেলেগ কিংবদন্তিত উল্লেখ কৰাৰ দৰে আবাৰিমনক মাউণ্ট ইমাউছৰ উপত্যকা চিথিয়াত পোৱা এটা প্ৰাকৃতিক দৃশ্য বুলি কোৱা হয় (যিটো হিন্দুকোষ বা হিমালয় পৰ্বতমালাৰ সৈতে পৃথক কৰিব নোৱাৰাৰ বাবে হ’ব পাৰে)।
পিছলৈ থমাছ কুপাৰৰ “থিছ’ৰাছ লিংগুৱে ৰোমানে এট ব্ৰিটানিকা”ত (Thesaurus Linguae Romanae et Britannicae) আবাৰিমনক টাটাৰিয়া দেশৰ এটা জনগোষ্ঠী হিচাপে সংক্ষিপ্তভাৱে উল্লেখ কৰা হৈছে। গোটেই মধ্যযুগত চিনাকি সূৰ্য্যকেন্দ্ৰিক দৃশ্যৰ পিছত কিছুমান মানচিত্ৰ অংকনকাৰীয়ে আবাৰিমন লোকৰ আকৃতিৰ জীৱ নিৰ্মাণ কৰি পৃথিৱীৰ আটাইতকৈ বাহিৰৰ সীমান্তত স্থাপন কৰিছিল।