এবি স্কট বেকাৰ
এবি স্কট বেকাৰ | |
---|---|
![]() | |
জন্ম | ২৪ জুলাই, ১৮৭১ লুইছভিল, আমেৰিকা |
মৃত্যু | ১৩ মে', ১৯৪৪ (৭২ বছৰ) ৱাশ্বিংটন, আমেৰিকা |
পেচা | ভোটাধিকাৰী |
দাম্পত্যসঙ্গী | ৰবাৰ্ট ৱাকাৰ বেকাৰ (বি. ১৮৬৩) |
সন্তান | ৩ |
এবি পিয়ৰ্চ স্কট বেকাৰ (ইংৰাজী: Abby Scott Baker; ২৪ জুলাই, ১৮৭১ – ১৩ মে', ১৯৪৪) এগৰাকী আমেৰিকান ভোটাধিকাৰী আৰু মহিলা অধিকাৰৰ সমৰ্থক আছিল।[1]তেওঁ নেচনেল ৱমেনছ পাৰ্টিৰ ৰাজনৈতিক অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল আৰু আমেৰিকাৰ সংবিধানৰ ঊনবিংশ সংশোধনী অনুমোদনৰ আগৰ মাহকেইটাত এন ডব্লিউ পিক সংবাদ মাধ্যমৰ চৰ্চালৈ অনাত মূল ভূমিকা পালন কৰিছিল।[2] তেখেতে মহিলা ভোটাধিকাৰৰ বাবে কংগ্ৰেছী সংঘতো সক্ৰিয় আছিল।[3] এন ডব্লিউ পিৰ প্ৰতি গভীৰ শত্ৰুতা প্ৰকাশ কৰা উড্ৰ’ উইলছনৰ পৰা আৰম্ভ কৰি এন ডব্লিউ পিক আলোচনাত জড়িত কৰিবলৈ অধিক ইচ্ছুক বুলি গণ্য কৰা হাৰ্ডিঙলৈকে প্ৰশাসনসমূহৰ মাজত ব্যৱধান দূৰ কৰাত বেকাৰক সহায়ক হিচাপে দেখা গৈছিল আৰু দলীয় ৰাজনীতিত মহিলাৰ অংশগ্ৰহণক ৰাজহুৱা বক্তৃতাত অধিক গ্ৰহণযোগ্য স্থানলৈ লৈ গৈছিল।[4][5]
জীৱনী
[সম্পাদনা কৰক]১৮৭১ চনৰ ২৪ জুলাইত কেন্টাকিৰ লুইছভিলত এবি পিয়ৰ্চ স্কট নামেৰে ৰবাৰ্ট নিকোলছন স্কট (১৮৩৮–১৮৮৭) আৰু এলিজাবেথ গুডেল কেছি (১৮৪৪–১৯১২)ৰ ঘৰত জন্মগ্ৰহণ কৰে। তেওঁৰ পিতৃ আৰু ককাক সেনা বিষয়া আছিল।[6]
নৰ্উড ইনষ্টিটিউটত শিক্ষা গ্ৰহণ কৰিছিল।
১৮৯৩ চনৰ ২৪ মে’ত ৱাশ্বিংটন ডি চিৰ চাৰ্চ অৱ দ্য কভেনেণ্টত ৰবাৰ্ট ৱাকাৰ বেকাৰ (১৮৬৩–১৯৫৬)ৰ সৈতে তেওঁৰ বিবাহ হয়।[6]
ভোটাধিকাৰ সক্ৰিয়তা
[সম্পাদনা কৰক]বেকাৰ আছিল এলিছ পলৰ আদিম সহযোগীসকলৰ ভিতৰত অন্যতম। এলিছ পল আৰু লুচি বাৰ্নছক তেওঁলোকৰ প্ৰথমটো ডাঙৰ অনুষ্ঠানৰ পৰিকল্পনা কৰাত সহায় কৰিছিল। যিটো আছিল ১৯১৩ চনৰ ৩ মাৰ্চত উড্ৰ’ উইলছনৰ কাৰ্যভাৰ গ্ৰহণৰ প্ৰাকক্ষণত ৰাষ্ট্ৰীয় ভোটাধিকাৰৰ পেৰেড।[7]
১৯১৪ চনত তেওঁ কংগ্ৰেছ ইউনিয়ন ফৰ ৱমেন ভোটাধিকাৰৰ কোষাধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰে।[7]
তেওঁ ১৯১৬ চনৰ এপ্ৰিল–মে’ মাহত কংগ্ৰেছী সংঘৰ “সফ্ৰেজ স্পেচিয়েল” ৰে’ল ভ্ৰমণৰ অংশ হিচাপে পশ্চিমীয়া ৰাজ্যসমূহ ভ্ৰমণ কৰিছিল। ইয়াৰ জৰিয়তে ইতিমধ্যে মহিলাৰ ভোটাধিকাৰ প্ৰদান কৰা ৰাজ্যসমূহৰ মহিলাসকলৰ পৰা সমৰ্থন লাভ কৰাত সহায় কৰিছিল।[7]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ Library of Congress: Photographs from the Records of the National Woman's Party. Accessed 22 September 2013
- ↑ Southard, Belinda A. Stillion (2011). Militant Citizenship: Rhetorical Strategies of the National Woman's Party, 1913-1920. Texas A&M University Press. ISBN 9781603442824. https://books.google.com/books?id=-FUYTHpK4LMC.
- ↑ Darrow, Clarence (2013). In the Clutches of the Law: Clarence Darrow's Letters. University of California Press. পৃষ্ঠা. 278. ISBN 9780520265585. https://books.google.com/books?id=XDZs6AsRFQsC.
- ↑ "Woman Threatens Wilson". The New York Times (New York City). 1918-01-03. https://timesmachine.nytimes.com/timesmachine/1918/01/03/102651505.pdf.
- ↑ Schrems, Suzanne H. (2004). Who's Rocking the Cradle?: Women Pioneers of Oklahoma Politics from Socialism to the KKK, 1900-1930. Horse Creek Publications. পৃষ্ঠা. 47. ISBN 9780972221726. https://books.google.com/books?id=IxiPmk6scMAC.
- ↑ 6.0 6.1 Beer, Janet (2002-11-28) (en ভাষাত). American Feminism: Key Source Documents, 1848-1920. Psychology Press. ISBN 9780415219457. https://books.google.com/books?id=I2BJygCeSLQC&q=Abby+Scott+Baker+sons&pg=PA352.
- ↑ 7.0 7.1 7.2 "Abby Scott Baker (1871-1944)". Library of Congress. https://www.loc.gov/collections/static/women-of-protest/articles-and-essays/selected-leaders-of-the-national-womans-party/lobbyists.html। আহৰণ কৰা হৈছে: 2014-07-23.