এমানুৱেল মাক্ৰঁ
এমানুৱেল মাক্ৰঁ | |||||||||
|---|---|---|---|---|---|---|---|---|---|
২০২৫ চনত মাক্ৰঁ | |||||||||
| ফ্ৰান্সৰ ৰাষ্ট্ৰপতি | |||||||||
পদাধিকাৰ | |||||||||
| কাৰ্যভাৰ গ্ৰহণ ১৪ মে' ২০১৭ | |||||||||
| পূৰ্বসূৰী | ফ্ৰঁচোৱা অলঁদ | ||||||||
| অৰ্থনীতি আৰু বিত্ত মন্ত্ৰী | |||||||||
| কাৰ্যকাল ২৬ আগষ্ট ২০১৪ – ৩০ আগষ্ট ২০১৬ | |||||||||
| পূৰ্বসূৰী | আৰ্ন' মঁতবুৰ | ||||||||
| উত্তৰসূৰী | মিশ্বেল চাপেঁ | ||||||||
| ৰাষ্ট্ৰপতিৰ উপ-মহাসচিব | |||||||||
| কাৰ্যকাল ১৫ মে' ২০১২ – ১৫ জুলাই ২০১৪ | |||||||||
| ৰাষ্ট্ৰপতি | ফ্ৰঁচোৱা অলঁদ | ||||||||
| পূৰ্বসূৰী | জঁ কাস্তেক্স | ||||||||
| উত্তৰসূৰী | বৰিছ ভাল' | ||||||||
| ব্যক্তিগত তথ্য | |||||||||
| জন্ম | এমানুৱেল জঁ-মিশ্বেল ফ্ৰেদেৰিক মাক্ৰঁ ২১ ডিচেম্বৰ, ১৯৭৭ (৪৮ বছৰ) আমিয়েঁ, চম, ফ্ৰান্স | ||||||||
| ৰাজনৈতিক দল | ৰ্যনেছঁছ (২০১৬ চনৰ পৰা) | ||||||||
| দাম্পত্যসঙ্গী | ব্ৰিজিৎ মাক্ৰঁ (বি. ২০০৭) | ||||||||
| পিতৃ | জঁ-মিশ্বেল মাক্ৰঁ | ||||||||
| সম্বন্ধীয় | লৰঁছ অ'জিয়েৰ জুৰ্দেঁ (সতীয়া জীয়েক) | ||||||||
| শিক্ষানুষ্ঠান |
| ||||||||
| স্বাক্ষৰ | |||||||||
| {| class="infobox vcard" style="font-size: 88%; text-align: left; width: 22em;"
|- ! colspan="2" style="background: #CCBBEE; color: #000000; font-size: 120%; text-align: center;" class="fn"| এমানুৱেল মাক্ৰঁ |-
এণ্ডোৰাৰ সহ-ৰাজকুমাৰ[টোকা 1]
|- ! style="vertical-align: top;" | ৰাজত্ব | ১৪ মে' ২০১৭ – বৰ্তমান |- ! style="vertical-align: top;" | পূৰ্বসূৰী | ফ্ৰঁচোৱা অলঁদ |- ! style="vertical-align: top;" | ৰাজ-প্ৰতিনিধি
| Joan Enric Vives i Sicília (২০২৫ চনলৈকে)
| |||||||||
| |||||||||
এমানুৱেল জঁ-মিশ্বেল ফ্ৰেদেৰিক মাক্ৰঁ[টোকা 2] (French: Emmanuel Macron, pronounced [emanɥɛl makʁɔ̃] ⓘ; জন্ম: ২১ ডিচেম্বৰ ১৯৭৭) হৈছে এজন ফৰাচী ৰাজনীতিবিদ যিয়ে ২০১৭ চনৰ পৰা ফ্ৰান্সৰ ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে। ২০১৬ চনত দলটো প্ৰতিষ্ঠা কৰাৰ পৰাই তেওঁ ৰ্যনেছঁছ দলৰ সদস্য হৈ আছে। মাক্ৰঁই পূৰ্বে ৰাষ্ট্ৰপতি ফ্ৰঁচোৱা অলঁদৰ কাৰ্যকালত ২০১২ চনৰ পৰা ২০১৪ চনলৈ ৰাষ্ট্ৰপতিৰ উপ-মহাসচিব আৰু ২০১৪ চনৰ পৰা ২০১৬ চনলৈ অৰ্থনীতি আৰু বিত্ত মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
আমিয়েঁত জন্মগ্ৰহণ কৰা মাক্ৰঁয় পাৰি নঁতেৰ বিশ্ববিদ্যালয়ত দৰ্শনশাস্ত্ৰ অধ্যয়ন কৰিছিল। তেওঁ ছিয়ঁছ প’ৰ পৰা পাব্লিক এফেয়াৰ্ছত স্নাতকোত্তৰ ডিগ্ৰী সম্পূৰ্ণ কৰে আৰু ২০০৪ চনত École nationale d'administration-ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে। তেওঁ বিত্ত বিভাগৰ জেনেৰেল ইন্সপেক্টৰেটত এজন জ্যেষ্ঠ অসামৰিক কৰ্মচাৰী হিচাপে আৰু ৰথচাইল্ড এণ্ড কো-ত এজন বিনিয়োগ বেংকাৰ হিচাপে কাম কৰিছিল। ২০১২ চনৰ ফৰাচী ৰাষ্ট্ৰপতি নিৰ্বাচনৰ পিছত অলঁদে তেওঁক এলিজে প্ৰাসাদৰ উপ-মহাসচিব হিচাপে নিযুক্তি দিয়াৰ ফলত তেওঁ ৰাষ্ট্ৰপতি অলঁদৰ এজন জ্যেষ্ঠ উপদেষ্টা হৈ পৰে। পিছলৈ ২০১৪ চনত দ্বিতীয় ভাল্ছ চৰকাৰত তেওঁক অৰ্থনীতি মন্ত্ৰী হিচাপে নিযুক্তি দিয়া হয় আৰু তেওঁ কেইবাটাও ব্যৱসায়-অনুকূল সংস্কাৰ কাৰ্যসূচীৰ নেতৃত্ব দিছিল। তেওঁ নিজৰ ২০১৭ চনৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ প্ৰচাৰ আৰম্ভ কৰিবলৈ ২০১৬ চনত পদত্যাগ কৰে। ২০০৬ চনৰ পৰা ২০০৯ চনৰ ভিতৰত চোচিয়েলিষ্ট পাৰ্টিৰ সদস্য থকা মাক্ৰঁয় ২০১৬ চনত তেওঁ প্ৰতিষ্ঠা কৰা এক মধ্যপন্থী আৰু ইউৰোপ-পন্থী ৰাজনৈতিক আন্দোলন অঁ মাৰ্শ্ব (En Marche)-ৰ বেনাৰত নিৰ্বাচনত অৱতীৰ্ণ হৈছিল।
অংশিকভাৱে ফিলন কেলেংকাৰীৰ বাবে মাক্ৰঁয় ২০১৭ চনৰ মে' মাহত অনুষ্ঠিত ৰাষ্ট্ৰপতি নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটদানত ৬৬% ভোট লাভ কৰি নেশ্বনাল ফ্ৰণ্টৰ মাৰিন ল্য পেনক পৰাস্ত কৰি ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হয়। ৩৯ বছৰ বয়সত তেওঁ ফৰাচী ইতিহাসৰ আটাইতকৈ কম বয়সীয়া ৰাষ্ট্ৰপতি হিচাপে পৰিগণিত হয়। ২০১৭ চনৰ বিধানসভা নিৰ্বাচনত তেওঁৰ দল, যাৰ নাম সলনি কৰি লা ৰেপ্যুব্লিক অঁ মাৰ্শ্ব! (LREM) কৰা হৈছিল, ৰাষ্ট্ৰীয় পৰিষদত সংখ্যাগৰিষ্ঠতা লাভ কৰে। তেওঁৰ ৰাষ্ট্ৰপতিত্বৰ সময়ছোৱাত মাক্ৰঁই শ্ৰম আইন, কৰ ব্যৱস্থা, আৰু পেনচন সংস্কাৰৰ কাম-কাজ তদাৰক কৰাৰ লগতে এক নৱীকৰণযোগ্য শক্তিৰ ৰূপান্তৰ প্ৰক্ৰিয়াক আগুৱাই লৈ যায়। বিৰোধীসকলে তেওঁক "ধনীসকলৰ ৰাষ্ট্ৰপতি" বুলি অভিহিত কৰাৰ মাজতে, তেওঁৰ সংস্কাৰৰ বিৰুদ্ধে ক্ৰমান্বয়ে বৃদ্ধি পোৱা প্ৰতিবাদৰ পৰিপ্ৰেক্ষিতত ২০১৮–২০২০ চনত য়েল' ভেষ্ট প্ৰতিবাদ আৰু পেনচন সংস্কাৰ ধৰ্মঘট তীব্ৰতৰ হৈ পৰে। ২০২০ চনৰ পৰা তেওঁ ফ্ৰান্সত কভিড-১৯ মহামাৰী আৰু তাৰ পৰৱৰ্তী অৰ্থনৈতিক মন্দাৱস্থাৰ বিৰুদ্ধে চৰকাৰী কাৰ্যপন্থাৰ নেতৃত্ব দিয়ে, যাৰ ভিতৰত দেশৰ কভিড-১৯ টিকাদান প্ৰক্ৰিয়াৰ তদাৰক কৰাটোও অন্তৰ্ভুক্ত আছিল। বৈদেশিক নীতিৰ ক্ষেত্ৰত মাক্ৰঁই ইউৰোপীয় ইউনিয়ন (EU)-ৰ সংস্কাৰৰ বাবে আহ্বান জনায় আৰু জাৰ্মানী আৰু ইটালীৰ সৈতে চুক্তিত স্বাক্ষৰ কৰে। চীন-আমেৰিকা যুক্তৰাষ্ট্ৰৰ বাণিজ্য যুদ্ধৰ সময়ত তেওঁ চীনৰ সৈতে €৪০ বিলিয়ন মূল্যৰ বাণিজ্য আৰু ব্যৱসায়িক চুক্তি সম্পন্ন কৰে আৰু অকাছ (AUKUS) নিৰাপত্তা চুক্তিক লৈ অষ্ট্ৰেলিয়া আৰু আমেৰিকাৰ সৈতে সৃষ্টি হোৱা বিবাদৰ তদাৰক কৰে। মাক্ৰঁই ইচলামিক ষ্টেটৰ বিৰুদ্ধে যুদ্ধত অপাৰেশ্বন 'শ্বামাল' (Chammal) অব্যাহত ৰাখিছিল আৰু ইউক্ৰেনত ৰাছিয়াৰ আক্ৰমণৰ আন্তঃৰাষ্ট্ৰীয় গৰিহণাত অংশগ্ৰহণ কৰিছিল।
২০২২ চনৰ ফৰাচী ৰাষ্ট্ৰপতি নিৰ্বাচনত মাক্ৰঁ পুনৰবাৰ ল্য পেনক পৰাস্ত কৰি দ্বিতীয়টো কাৰ্যকালৰ বাবে নিৰ্বাচিত হয় আৰু ২০০২ চনত জাক শ্বিৰাকৰ পিছত পুনৰ নিৰ্বাচিত হোৱা প্ৰথমজন ফৰাচী ৰাষ্ট্ৰপতি প্ৰাৰ্থী হিচাপে পৰিগণিত হয়। ২০২২ চনৰ বিধানসভা নিৰ্বাচনত মাক্ৰঁৰ মধ্যপন্থী মিত্ৰজোঁটে সংখ্যাগৰিষ্ঠতা হেৰুৱায়, যাৰ ফলত এখন ত্ৰিশংকু সংসদৰ সৃষ্টি হয় আৰু ১৯৯৩ চনৰ বিধানসভা নিৰ্বাচনৰ পিছত ফ্ৰান্সৰ প্ৰথমখন সংখ্যালঘু চৰকাৰ গঠন হয়। ২০২৩ চনত তেওঁৰ প্ৰধানমন্ত্ৰী এলিজাবেৎ বৰ্নৰ চৰকাৰে অৱসৰৰ বয়স ৬২ বছৰৰ পৰা ৬৪ বছৰলৈ বৃদ্ধি কৰা আইন গৃহীত কৰে; ইয়াৰ ফলত ৰাজহুৱা খণ্ডৰ ধৰ্মঘট আৰু হিংসাত্মক প্ৰতিবাদৰ সৃষ্টি হয়। ২০২৪ চনত এক চৰকাৰী সংকটৰ পিছত মাক্ৰঁই গাব্ৰিয়েল আতালক প্ৰধানমন্ত্ৰী হিচাপে নিযুক্তি দিয়ে। ইয়াৰ পিছত ২০২৪ চনৰ ইউৰোপীয় সংসদৰ নিৰ্বাচনত শোচনীয় পৰাজয়ৰ পিছত তেওঁ ৰাষ্ট্ৰীয় পৰিষদ ভংগ কৰি এখন আচস্মিক বিধানসভা নিৰ্বাচন আহ্বান কৰে, যাৰ ফলত আন এখন ত্ৰিশংকু সংসদৰ সৃষ্টি হয় আৰু তেওঁৰ মিত্ৰজোঁটৰ নিৰ্বাচনী পৰাজয় ঘটে। ইয়াৰ পিছত মাক্ৰঁই এজন সংৰক্ষণশীল আৰু প্ৰাক্তন মুখ্য ব্ৰেক্সিট মধ্যস্থতাকাৰী মিশ্বেল বাৰ্নিয়েক প্ৰধানমন্ত্ৰী হিচাপে নিযুক্তি দিয়ে। কাৰ্যভাৰ গ্ৰহণৰ তিনি মাহৰ পিছত, বাৰ্নিয়েৰ চৰকাৰখন এক ঐতিহাসিক অনাস্থা প্ৰস্তাৱৰ ভোটৰ দ্বাৰা পতন ঘটে, যাৰ ফলত মাক্ৰঁই তেওঁৰ স্থানত মধ্যপন্থী অভিজ্ঞ ৰাজনীতিবিদ ফ্ৰঁচোৱা বায়ৰুক নিযুক্তি দিবলৈ বাধ্য হয়। ২০২৫ চনৰ ছেপ্টেম্বৰ মাহত বায়ৰু চৰকাৰখনো অনাস্থা ভোটৰ দ্বাৰা পতন হোৱাৰ পিছত, মাক্ৰঁই সশস্ত্ৰ বাহিনীৰ মন্ত্ৰী চেবাস্তিয়েঁ ল্যকৰ্ন্যুক প্ৰধানমন্ত্ৰী হিচাপে নিযুক্তি দিয়ে। চৰকাৰ গঠনক লৈ সৃষ্টি হোৱা ৰাজনৈতিক প্ৰতিক্ৰিয়াৰ বাবে ল্যকৰ্ন্যুৱে এমাহতকৈও কম সময়ৰ ভিতৰতে পদত্যাগ কৰে, কিন্তু তাৰ কিছু সময়ৰ পিছতে মাক্ৰঁই তেওঁক পুনৰ নিযুক্তি দিয়ে।[1] এই হ্ৰস্বকালীন চৰকাৰসমূহৰ গঠনে এক গভীৰ ২০২৪–২০২৫ ফৰাচী ৰাজনৈতিক সংকটক চিহ্নিত কৰিছিল।
টোকা
[সম্পাদনা কৰক]- ↑ পদেন সহ-ৰাজকুমাৰ
- ↑ US: /ɪˈmænju.ɛl məkˈroʊn/ (
শুনক); French: [emanɥɛl makʁɔ̃] ⓘ
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ Chrisafis, Angelique (10 October 2025). "Macron reappoints Sébastien Lecornu as French prime minister" (en-GB ভাষাত). The Guardian. ISSN 0261-3077. https://www.theguardian.com/world/2025/oct/10/macron-reappoints-sebastien-lecornu-as-french-prime-minister.
