সমললৈ যাওক

এমা ষ্টোন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
এমা ষ্টোন
Emma Stone
Emma Stone
২০২৫ চনত ষ্টোন
জন্ম এমিলি জিন ষ্টোন
৬ নৱেম্বৰ, ১৯৮৮ (৩৭ বছৰ)
স্কোটছডেল, এৰিজনা, আমেৰিকা যুক্তৰাষ্ট্ৰ
অন্য নাম ৰাইলি ষ্টোন
পেচা
  • অভিনেত্ৰী
  • চলচ্চিত্ৰ প্ৰযোজক
সক্ৰিয় হৈ থকা সময় ২০০৪–বৰ্তমান
সংস্থা ফ্ৰুট ট্ৰি
দাম্পত্যসঙ্গী ডেভ মেকেৰি (বি. ২০২০)
সন্তান
স্বাক্ষৰ

এমিলি জিন "এমা" ষ্টোন (ইংৰাজী: Emily Jean "Emma" Stone; জন্ম: ৬ নৱেম্বৰ, ১৯৮৮) এগৰাকী আমেৰিকান অভিনেত্ৰী আৰু চলচ্চিত্ৰ প্ৰযোজক। তেওঁ দুটা একাডেমী বঁটা, দুটা ব্ৰিটিছ একাডেমী চলচ্চিত্ৰ বঁটা, আৰু দুটা গোল্ডেন গ্ল’ব বঁটা এতিয়ালৈকে লাভ কৰিছে। ২০১৭ চনত বিশ্বৰ ভিতৰতে সৰ্বাধিক পাৰিশ্ৰমিক পোৱা অভিনেত্ৰী হিচাপে টাইম আলোচনীয়ে বিশ্বৰ ১০০ গৰাকী প্ৰভাৱশালী ব্যক্তিৰ ভিতৰত অন্যতম হিচাপে তেওঁক নিৰ্বাচিত কৰিছিল।

২০০০ চনত ষ্টোনে শিশু অৱস্থাত দ্য উইণ্ড ইন দ্য উইলোছৰ নাট্য প্ৰযোজনাত অভিনয় কৰিবলৈ আৰম্ভ কৰে। কিশোৰী অৱস্থাত তেওঁ লছ এঞ্জেলছলৈ স্থানান্তৰিত হয় আৰু টেলিভিছনত ইন চাৰ্চ অৱ দ্য নিউ পাৰ্ট্ৰিজ ফেমিলি (২০০৪) নামৰ ৰিয়েলিটি শ্ব'ত আত্মপ্ৰকাশ কৰে। অৱশ্যে সেই শ্বটোৱে এখন পাইলটহে প্ৰযোজনা কৰে। সৰু সৰু টেলিভিছন ভূমিকাৰ পিছত তেওঁ ছুপাৰবেড (২০০৭), জম্বিলেণ্ড (২০০৯), আৰু ইজি এ (২০১০) আদি বহু সমাদৃত কমেডী ছবিৰ ধাৰাবাহিকত অভিনয় কৰে। এই অগ্ৰগতিৰ পিছত তেওঁ ৰোমাণ্টিক কমেডী ক্ৰেজি, ষ্টুপিড, লাভ (২০১১) আৰু পিৰিয়ড ড্ৰামা দ্য হেল্প (২০১১)ত অভিনয় কৰে আৰু ২০১২ চনৰ ছুপাৰহিৰো ছবি দ্য এমেজিং স্পাইডাৰ-মেন আৰু ইয়াৰ ২০১৪ চনৰ ছিকুৱেলত গ্ৱেন ষ্টেচি হিচাপে বহল স্বীকৃতি লাভ কৰে।

বাৰ্ডমেন (২০১৪) আৰু দ্য ফেভাৰিট (২০১৮) ছবিত এবিগেল মাছামৰ চৰিত্ৰত অভিনয় কৰি ষ্টোনে শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰীৰ একাডেমী বঁটাৰ বাবে মনোনয়ন লাভ কৰে। পৰিচালক ইয়ৰ্গছ লেনথিমোছৰ সৈতে বহু সহযোগিতাৰ ভিতৰত এয়া তেওঁৰ প্ৰথমটো সহযোগিতা। ৰোমাণ্টিক মিউজিকেল ছবি লা লা লেণ্ড (২০১৬)ত তেওঁ এগৰাকী উচ্চাকাংক্ষী অভিনেত্ৰী আৰু লেন্থিমছৰ কমিক ফেণ্টাচি পুৰ থিংছ (২০২৩)ত পুনৰুত্থান হোৱা আত্মহত্যাকাৰী হিচাপে অভিনয় কৰাৰ বাবে তেওঁ শ্ৰেষ্ঠ অভিনেত্ৰীৰ দুটা একাডেমী বঁটা লাভ কৰে। ইয়াৰ উপৰিও বেটল অৱ দ্য চেক্সছ (২০১৭)ত টেনিছ খেলুৱৈ বিলি জিন কিঙ আৰু ক্ৰুৱেলা (২০২১)ত শীৰ্ষ চৰিত্ৰত অভিনয় কৰিছিল। টেলিভিছনত তেওঁ ডাৰ্ক কমেডী মিনিচিৰিজ মেনিয়াক (২০১৮) আৰু দ্য কাৰ্ছ (২০২৩)ত অভিনয় কৰিছিল।

ব্ৰডৱেত ষ্টোনে মিউজিকেল কেবাৰেটৰ পুনৰুজ্জীৱনত চেলি বাউলছৰ চৰিত্ৰত অভিনয় কৰিছিল (২০১৪–২০১৫)। ২০২০ চনত তেওঁৰ স্বামী ডেভ মেককেৰীয়ে প্ৰডাকচন কোম্পানী ফ্ৰুট ট্ৰি প্ৰতিষ্ঠা কৰে।

প্ৰাৰম্ভিক জীৱন

[সম্পাদনা কৰক]

১৯৮৮ চনৰ ৬ নৱেম্বৰত এৰিজোনাৰ স্কটছডেলত[1][2] এজন সাধাৰণ ঠিকাদাৰী কোম্পানী প্ৰতিষ্ঠাপক আৰু মুখ্য কাৰ্যবাহী বিষয়া জেফ্ৰি চাৰ্লছ ষ্টোন আৰু গৃহিণী ক্ৰীষ্টা জিন ষ্টোন (জন্ম ইয়েগাৰ)ৰ ঘৰত এমাই জন্মগ্ৰহণ কৰে।[3][4] ১২ বছৰৰ পৰা ১৫ বছৰ বয়সলৈকে তেওঁ কেমেলবেক ইন ৰিজৰ্টৰ চৌহদত বাস কৰিছিল।[5][6] তেওঁৰ এজন সৰু ভাতৃ স্পেন্সৰ।[7] তেখেতৰ পিতৃৰ ফালৰ পৰা ককাক কনৰাড অষ্টবাৰ্গ ষ্টেন ছুইডেনৰ এটা পৰিয়ালৰ আছিল যিয়ে তেওঁলোকৰ উপাধিটো ইংৰাজীত "ষ্টোন" কৰিছিল। তেখেতৰ বংশ জাৰ্মান, ইংৰাজী, স্কটিছ আৰু আইৰিছ আদিও আছে।[8]

এৰিজোনাৰ ফিনিক্সৰ ভেলী ইউথ থিয়েটাৰত ষ্টোনে ষোল্লটা প্ৰডাকচনত অভিনয় কৰিছিল

কেঁচুৱা অৱস্থাত ষ্টোনৰ বেবী কলিক হৈছিল আৰু তেওঁ সঘনাই কান্দিছিল। ফলস্বৰূপে তেওঁৰ সৰুতে কণ্ঠতন্ত্ৰত নোডুল আৰু কেলাছ হৈছিল।[9] ষ্টোনে ডাঙৰ হৈ নিজকে "সবল" আৰু "বছসুলভ" বুলি বৰ্ণনা কৰিছে।[10] চেকুয়া প্ৰাথমিক বিদ্যালয়ত শিক্ষা গ্ৰহণ কৰি ষষ্ঠ শ্ৰেণীৰ বাবে তেওঁ কোকোপা মধ্যবিদ্যালয়ত পঢ়িছিল। ষ্টোনে স্কুল ভাল নাপালে যদিও এবাৰ কৈছিল যে তেওঁৰ নিয়ন্ত্ৰণকাৰী স্বভাৱৰ অৰ্থ হ'ল "মই নিশ্চিত কৰিলোঁ যে মই সকলোতে 'এ' পাইছো।" [11] শিশু অৱস্থাত তেওঁ আতংকিত আৰু উদ্বিগ্নতাত ভুগিছিল।[12] আৰু ইয়াৰ ফলত তেওঁৰ সামাজিক দক্ষতা হ্ৰাস পাইছিল বুলি কয়।[13]

ষ্টোনে চাৰি বছৰ বয়সৰ পৰাই অভিনয় কৰিব বিচাৰিছিল[6] প্ৰথম অৱস্থাত তেওঁ স্কেচ কমেডীত কেৰিয়াৰ গঢ়িব বিচাৰিছিল, কিন্তু তেওঁৰ মনোযোগ সংগীত থিয়েটাৰলৈ স্থানান্তৰিত কৰিছিল আৰু কেইবাবছৰ ধৰি কণ্ঠৰ পাঠ গ্ৰহণ কৰিছিল।[14] ১১ বছৰ বয়সত তেওঁৰ অভিনয়ৰ অভিষেক ঘটে দ্য উইণ্ড ইন দ্য উইলোছৰ মঞ্চ প্ৰযোজনাত, অটাৰৰ চৰিত্ৰত অভিনয় কৰি।[15] ষ্ট'নে দুবছৰ ঘৰতে পঢ়া-শুনা কৰিছিল। এই সময়ছোৱাত তেওঁ ফিনিক্সৰ ভেলী ইউথ থিয়েটাৰত ১৬টা প্ৰডাকচনত অভিনয় কৰিছিল—যেনে দ্য প্ৰিন্সেছ এণ্ড দ্য পি, এলিছছ এডভেঞ্চাৰছ ইন ৱাণ্ডাৰলেণ্ড, আৰু জোচেফ এণ্ড দ্য এমেজিং টেকনিকলাৰ ড্ৰিমকোট[3]। ইয়াৰ লগতে তেওঁ থিয়েটাৰৰ ইম্প্ৰভাইজেচনেল কমেডী দলৰ সৈতে অভিনয় কৰিছিল।[16] এই সময়ৰ আশে-পাশে তেওঁ লছ এঞ্জেলছলৈ যায় আৰু নিক'ল'ডিয়ানৰ অল ডেটত অভিনয়ৰ বাবে অডিচন দি বিফল হয়[17] পিছলৈ তেওঁৰ পিতৃ-মাতৃয়ে তেওঁক স্থানীয় অভিনয় প্ৰশিক্ষকৰ সৈতে ব্যক্তিগত অভিনয়ৰ পাঠৰ বাবে পঠিয়াইছিল, যিয়ে ১৯৭০ চনত উইলিয়াম মৰিছ এজেন্সীত কাম কৰিছিল।[4]

ষ্টোনে নৱাগত হিচাপে জেভিয়াৰ কলেজ প্ৰেপাৰেটৰী (এখন সম্পূৰ্ণ ছোৱালীৰ কেথলিক হাইস্কুল)ত পঢ়িছিল, কিন্তু এটা ছেমিষ্টাৰৰ পিছত পঢ়া বাদ দি তেওঁ অভিনেত্ৰী হৈছিল।[3] তেওঁ পিতৃ-মাতৃৰ বাবে "প্ৰজেক্ট হলিউড" (য'ত মেডোনাৰ ২০০৩ চনৰ গীত "হলিউড") শীৰ্ষক এটা পাৱাৰপইণ্ট প্ৰেজেণ্টেচন প্ৰস্তুত কৰিছিল যাতে তেওঁলোকে তেওঁক অভিনয় কেৰিয়াৰ গঢ়িবলৈ কেলিফৰ্ণিয়ালৈ যাবলৈ দিয়ে।[14] ২০০৪ চনৰ জানুৱাৰী মাহত মাকৰ সৈতে লছ এঞ্জেলছৰ এটা এপাৰ্টমেণ্টলৈ তেওঁ গুচি যায়। অডিচনৰ মাজতে তেওঁ অনলাইন হাইস্কুলৰ ক্লাছত নামভৰ্তি কৰিছিল আৰু ডগ-ট্ৰিট বেকাৰীত অংশকালীন কাম কৰিছিল।[4][12]

ব্যক্তিগত জীৱন

[সম্পাদনা কৰক]
২০১৪ চনত ষ্টোন আৰু এণ্ড্ৰিউ গাৰফিল্ড

২০০৯ চনত ষ্টোন লছ এঞ্জেলছৰ পৰা নিউয়ৰ্কৰ গ্ৰীণউইচ ভিলেজলৈ স্থানান্তৰিত হয়।[14] ২০১৬ চনত তেওঁ পুনৰ লছ এঞ্জেলছলৈ গুচি যায়। .[12] সংবাদ মাধ্যমৰ যথেষ্ট মনোযোগ পোৱাৰ পিছতো তেওঁ নিজৰ ব্যক্তিগত জীৱনৰ বিষয়ে ৰাজহুৱাভাৱে আলোচনা কৰিবলৈ অস্বীকাৰ কৰে। স্বাভাৱিক জীৱন-যাপনৰ প্ৰতি চিন্তিত ষ্টোনে কয় যে তেওঁ ঘৰৰ বাহিৰত পাপাৰাজীৰ দৃষ্টি অপছন্দ কৰে।[18]ডায়েন কিটনক নিজা অভিনয়ৰ প্ৰভাৱ বুলি উল্লেখ কৰি তেওঁ "সৰ্বকালৰ আটাইতকৈ গোপনীয়তা বজাই ৰখা অভিনেত্ৰী" বুলি অভিহিত কৰিছে। ষ্টোনৰ পৰিয়ালৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক আছে।[12] [4]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. Acosta, Tiffany. "Emma Stone is one of Arizona's biggest stars: What to know about her ties to the state" (en-US ভাষাত). The Arizona Republic. https://www.azcentral.com/story/entertainment/people/2024/01/12/where-is-emma-stone-from/72207377007/। আহৰণ কৰা হৈছে: 2025-09-18. 
  2. Shocket, Kathy Shayna. "AZ Insider: Movie Star's Paradise Valley Home Sells $3.53M" (en-US ভাষাত). AZFoothills.com. https://www.arizonafoothillsmagazine.com/the-az-insider/7754-movie-stars-paradise-valley-home-sells-353.html। আহৰণ কৰা হৈছে: 2025-09-18. 
  3. 3.0 3.1 3.2 "Emma Stone Biography". FYI. http://www.biography.com/people/emma-stone-20874773। আহৰণ কৰা হৈছে: March 17, 2016. 
  4. 4.0 4.1 4.2 4.3 Diehl, Jessica; Wolfe, Alexandra. "Hollywood Is Her Oyster". Vanity Fair. https://www.vanityfair.com/news/2011/08/emma-stone-201108. 
  5. Barker, Lynn (August 19, 2008). ""Rockin'" with Emma Stone". TeenHollywood.com. Archived from the original on April 17, 2014. https://web.archive.org/web/20140417044401/http://www.teenhollywood.com/2008/08/19/rockin-with-emma-stone। আহৰণ কৰা হৈছে: September 8, 2013. 
  6. 6.0 6.1 "Emma Stone Biography". People. http://www.people.com/people/emma_stone/biography/0,,20517671,00.html। আহৰণ কৰা হৈছে: September 8, 2013. 
  7. Thomas, Leah (January 12, 2015). "Emma Stone Brings Brother Spencer to the Golden Globes, Adding to the Trend of the Night". Bustle. http://www.bustle.com/articles/57994-emma-stone-brings-brother-spencer-to-the-golden-globes-adding-to-the-trend-of-the-night। আহৰণ কৰা হৈছে: March 17, 2016. 
  8. David, Elliot (2010). "Emma Stone". Wonderland (23): 177–181. 
  9. Wilner, Norman (July 27, 2011). "Q&A: Emma Stone". Now. http://www.nowtoronto.com/daily/movies/story.cfm?content=181989. 
  10. Hirschberg, Lynn (January 2011). "Emma Stone". W. Archived from the original on April 25, 2016. https://web.archive.org/web/20160425004045/http://www.wmagazine.com/people/celebrities/2011/01/emma_stone_easy_a_actress/. 
  11. Schuman 2013, পৃষ্ঠা. 11–12.
  12. 12.0 12.1 12.2 12.3 Eells, Josh (June 17, 2015). "Emma Stone Talks 'Irrational Man,' the Sony Hack and Keeping Her Personal Life Private". The Wall Street Journal. https://www.wsj.com/articles/emma-stone-talks-irrational-man-the-sony-hack-and-keeping-her-personal-life-private-1434547660. 
  13. Fisher, Luchina (June 21, 2012). "Emma Stone Has History of Panic Attacks". ABC News. https://abcnews.go.com/blogs/entertainment/2012/06/emma-stone-has-history-of-panic-attacks/. 
  14. 14.0 14.1 14.2 Barna, Ben (October 2, 2009). "'Zombieland's' Emma Stone Dreams of SNL and Mexican Food". BlackBook. Archived from the original on October 22, 2011. https://web.archive.org/web/20111022221855/http://www.blackbookmag.com/article/zombielands-emma-stone-dreams-of-snl-and-mexican-food/11382। আহৰণ কৰা হৈছে: October 2, 2009. 
  15. "Emma Stone: Before She Was Famous". HuffPost. January 4, 2012. https://www.huffingtonpost.com/2011/11/04/emma-stone-before-she-was-famous-theater-productions_n_1076798.html. 
  16. Outhier, Craig (August 16, 2008). "Emma Stone explores comedy with latest roles". East Valley Tribune. http://www.eastvalleytribune.com/article_9aeedb12-8c94-54f1-b507-9ff97ffb0cc3.html. 
  17. Owings 2014, পৃষ্ঠা. 22.
  18. "Emma Stone 'uncomfortable' with paparazzi attention". Mid-Day. January 27, 2015. https://www.mid-day.com/entertainment/hollywood-news/article/emma-stone--uncomfortable--with-paparazzi-attention-15944191.