সমললৈ যাওক

এমিলিয়া ক্লাৰ্ক

অসমীয়া ৱিকিপিডিয়াৰ পৰা
এমিলিয়া ক্লাৰ্ক
MBE

২০১৮ চনত ক্লাৰ্ক
জন্ম এমিলিয়া ইছাবেল ইউফেমিয়া ৰোজ ক্লাৰ্ক
২৩ অক্টোবৰ, ১৯৮৬ (৩৯ বছৰ)
লণ্ডন, ইংলেণ্ড
শিক্ষানুষ্ঠান ড্ৰামা চেণ্টাৰ লণ্ডন
পেচা অভিনেত্ৰী
সক্ৰিয় হৈ থকা সময় ২০০৯–বৰ্তমান
উল্লেখযোগ্য কৰ্ম সম্পূৰ্ণ তালিকা
বঁটা, সন্মান, পুৰস্কাৰ আদি সম্পূৰ্ণ তালিকা
স্বাক্ষৰ

এমিলিয়া ক্লাৰ্ক (ইংৰাজী: Emilia Clarke; জন্ম: ২৩ অক্টোবৰ ১৯৮৬) এগৰাকী ইংৰাজ অভিনেত্ৰী। এইচবিঅ’ৰ ফেণ্টাচী ধাৰাবাহিক গেম অফ থ্ৰোনছ (২০১১–২০১৯)-ত ডেনৰিছ টাৰ্গেৰিয়ান চৰিত্ৰত কৰা অভিনয়ৰ বাবে তেওঁ অধিক পৰিচিত। এই চৰিত্ৰটোৰ বাবে তেওঁ চাৰিবাৰকৈ প্ৰাইমটাইম এমি বঁটাৰ মনোনয়ন লাভ কৰিছিল। ইয়াৰ উপৰি তেওঁ বিজ্ঞান ভিত্তিক চলচ্চিত্ৰ টাৰ্মিনেটৰ জেনিছিছ (২০১৫)-ত ছাৰা কন্নৰ আৰু চ’ল’: এ ষ্টাৰ ৱাৰ্ছ ষ্ট’ৰী (২০১৮)-ত কিৰা চৰিত্ৰত কৰা অভিনয়ৰ বাবে জনাজাত। লগতে তেওঁ ৰোমাণ্টিক ড্ৰামা মি বিফ’ৰ ইউ (২০১৬) আৰু লাষ্ট খ্ৰীষ্টমাছ (২০১৯)-ত অভিনয় কৰিছে।

ক্লাৰ্কে ড্ৰামা চেণ্টাৰ লণ্ডনত অধ্যয়ন কৰিছিল। ২০০৯ চনত ২২ বছৰ বয়সত বিবিচি ৱানৰ মেডিকেল ছোপ অপাৰেটৰ ধাৰাবাহিক ডক্টৰ্ছ-ত অতিথি শিল্পী হিচাপে অভিনয় কৰি তেওঁ টেলিভিছনত আত্মপ্ৰকাশ কৰে। ক্লাৰ্কে ২০১৩ চনত ব্ৰেকফাষ্ট এট টিফানিজ নাটকত হলি গোলাইটলি হিচাপে ব্ৰডৱেত আত্মপ্ৰকাশ কৰে আৰু ৱেষ্ট এণ্ডৰ নিৰ্মাণ দ্য ছিগাল-ত নিনাৰ চৰিত্ৰত অভিনয় কৰে। অৱশ্যে ক’ভিড-১৯ লকডাউনৰ বাবে এই নাটকখন স্থগিত ৰখা হৈছিল। তেওঁ মাৰ্ভেল চিনেমেটিক ইউনিভাৰ্ছৰ মিনি ধাৰাবাহিক চিক্ৰেট ইনভেছন (২০২৩)-ত গিয়া হিচাপেও অভিনয় কৰিছিল।

প্ৰাৰম্ভিক জীৱন

[সম্পাদনা কৰক]

১৯৮৬ চনৰ ২৩ অক্টোবৰত লণ্ডনত ক্লাৰ্কৰ জন্ম হৈছিল।[1][2] তেওঁ অক্সফ’ৰ্ডশ্বায়াৰত ডাঙৰ-দীঘল হৈছিল।[3] তেওঁৰ পিতৃ পিটাৰ ৰডৰিক "ৰিক" ক্লাৰ্ক আছিল উলভাৰহেম্পটনৰ এগৰাকী থিয়েটাৰ শব্দ যন্ত্ৰী।[4][5] তেওঁৰ মাতৃ জেনিফাৰ চুজান ডড ক্লাৰ্ক এগৰাকী ব্যৱসায়ী আছিল আৰু তেওঁ ২০২০ চনলৈকে এটা গোলকীয় ব্যৱস্থাপনা পৰামৰ্শদাতা প্ৰতিষ্ঠানৰ বিপণন শাখাৰ উপ-সভানেত্ৰী তথা ঘানাৰ যুৱক-যুৱতীসকলক সহায় কৰাৰ লক্ষ্যৰে গঠিত স্বেচ্ছাসেৱী সংস্থা 'দ্য এনিমা ফাউণ্ডেচন'ৰ সঞ্চালিকা আছিল। তেওঁৰ বেনেট নামৰ এজন ভায়েক আছে যিয়ে মনোৰঞ্জন উদ্যোগত কাম কৰে আৰু তেওঁ গেম অফ থ্ৰোনছৰ কেমেৰা বিভাগৰ অংশ আছিল।[6][7]

মাতৃৰফালৰপৰা ক্লাৰ্ক আংশিকভাৱে ভাৰতীয় বংশোদ্ভূত আছিল, কিয়নো তেওঁৰ মাতামহী (আইতাক) ব্ৰিটিছ ভাৰতৰ এজন ব্যক্তি আৰু ক্লাৰ্কৰ আজী-আইতাকৰ সন্তান আছিল।[8] এই পটভূমিৰ বাবেই তেওঁৰ পৰিয়ালৰ "যুঁজাৰুৰ ইতিহাস" আছে বুলি তেওঁ বিশ্বাস কৰে। তেওঁ উল্লেখ কৰিছিল যে, "মোৰ আইতাকে নিজৰ ছালৰ ৰং লুকুৱাই ৰাখিবলগীয়া হৈছিল আৰু আন সকলোৰে সৈতে মিলি যাবলৈ যি চেষ্টা কৰিবলগীয়া হৈছিল, সেয়া নিশ্চয়কৈ অবিশ্বাস্যভাৱে কঠিন আছিল।" [9] ক্লাৰ্কে ভাৰতৰ সৈতে থকা তেওঁৰ সম্পৰ্কৰ বিষয়ে ৰাজহুৱাকৈ আলোচনা কৰিছে আৰু কৈছে যে তেওঁ নিজৰ ভাৰতীয় ঐতিহ্যৰ বাবে গৌৰৱান্বিত আৰু ইয়াক তেওঁৰ পৰিচয়ৰ এক অবিচ্ছেদ্য অংগ হিচাপে গণ্য কৰে।[8][1][10]

ছেইণ্ট এডৱাৰ্ড স্কুল অক্সফ’ৰ্ড, য’ত ক্লাৰ্কে অধ্যয়ন কৰিছিল

তিনি বছৰ বয়সত সংগীত নাটক শ্ব’ ব’ট চোৱাৰ পিছত ক্লাৰ্ক অভিনয়ৰ প্ৰতি আগ্ৰহী হৈ পৰে।[11] তেওঁৰ দহ বছৰ বয়সত দেউতাকে তেওঁক নীল চাইমনৰ সংগীত নাটক দ্য গুডবাই গাৰ্লৰ বাবে অনুষ্ঠিত এটা ৱেষ্ট এণ্ড অডিচনলৈ লৈ গৈছিল।[1]

ক্লাৰ্কে হেডিংটনৰ ৰাই ছেইণ্ট এণ্টনি স্কুল আৰু অক্সফ’ৰ্ডৰ ছেইণ্ট এডৱাৰ্ড স্কুলত ব্যক্তিগতভাৱে শিক্ষা গ্ৰহণ কৰিছিল আৰু ২০০৫ চনত স্কুলীয়া শিক্ষা সমাপ্ত কৰিছিল।[12] ২০১৬ চনত টাইম আউট আলোচনীক দিয়া এটা সাক্ষাৎকাৰত তেওঁ কৈছিল, "মই দামী আৱাসিক বিদ্যালয়ত পঢ়িছিলোঁ, কিন্তু মই সেই বিদ্যালয়বোৰৰ দামী ছোৱালীজনী নাছিলোঁ।" [13]

ব্যক্তিগত জীৱন

[সম্পাদনা কৰক]

ক্লাৰ্ক লণ্ডনৰ ইছলিংটনত বাস কৰে। ২০১৬ চনত তেওঁ লছ এঞ্জেলছৰ ভেনিচ বিচ এলেকাত এটা ঘৰ কিনিছিল, যিটো তেওঁ ২০২০ চনৰ ডিচেম্বৰত বিক্ৰী কৰি দিয়ে।[14][15]

২০১৩ চনত অল্যুৰ আলোচনীক দিয়া এক সাক্ষাৎকাৰত ক্লাৰ্কে উল্লেখ কৰিছিল যে সৰু থাকোঁতে তেওঁৰ মাতৃৰ কিছুমান নিয়ম আছিল: "ড্ৰাগছ নলবা, যৌন সম্পৰ্ক নকৰিবা আৰু ভ্ৰূ (eyebrows) স্পৰ্শ নকৰিবা।" তেওঁ জনাইছিল যে "অস্বাভাৱিক ভ্ৰূ" থকাৰ বাবে সৰুতে তেওঁক বহুতে জোকাইছিল।[16] তেওঁৰ জীৱনৰ এজন গুৰুত্বপূৰ্ণ ব্যক্তি পিতৃৰ ২০১৬ চনত কৰ্কট ৰোগত মৃত্যু হয়।[17] ক্লাৰ্কে কৈছিল যে "মোৰ দেউতাই সদায় মোক কৈছিল— যাৰ টিভি তেওঁৰ কিতাপৰ আলমাৰীতকৈ ডাঙৰ, তেনে লোকক কেতিয়াও বিশ্বাস নকৰিবা।" [18] ২০১৯ চনত দ্য নিউয়ৰ্কিৰত লিখা এটা প্ৰবন্ধত ক্লাৰ্কে প্ৰকাশ কৰে যে ২০১১ চনৰ ফেব্ৰুৱাৰী মাহত তেওঁৰ এনৰিজম ফাটি যোৱাৰ ফলত ছাবাৰাচনয়ড হেমৰেজে দেখা দিছিল। তেওঁৰ জৰুৰী এণ্ড’ভাস্কুলাৰ কইলিং চাৰ্জাৰী কৰা হৈছিল আৰু পৰৱৰ্তী সময়ত তেওঁ এফাচিয়া (aphasia) ৰোগত ভুগিছিল, যাৰ ফলত এটা সময়ত তেওঁ নিজৰ নামটোও ক’বলৈ অক্ষম হৈ পৰিছিল। ২০১৩ চনত তেওঁৰ দ্বিতীয়বাৰৰ বাবে এনৰিজমৰ অস্ত্ৰোপচাৰ কৰা হৈছিল।[1]

গেম অফ থ্ৰোনছৰ অন্তিম ছিজনৰ শ্বুটিং সমাপ্ত হোৱাৰ পিছত, ক্লাৰ্কে ডেনৰিছ টাৰ্গেৰিয়ান চৰিত্ৰটোক স্মৰণীয় কৰি ৰাখিবলৈ হাতৰ মণিবন্ধত তিনিটা উৰি থকা ড্ৰেগনৰ টাটু আঁকিছিল।[19]

২০১২ চনৰপৰা ২০১৩ চনলৈ ক্লাৰ্ক চেথ মেকফাৰলেনৰ সৈতে সম্পৰ্কত আছিল।[20][21][22] তেওঁ ২০১৮ চনৰপৰা ২০১৯ চনলৈ চাৰ্লি মেকডুৱেলৰ সৈতেও ডেটিং কৰিছিল।[23][24][25]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1 2 3 4 Clarke, Emilia (21 March 2019). "A Battle for My Life". The New Yorker. https://www.newyorker.com/culture/personal-history/emilia-clarke-a-battle-for-my-life-brain-aneurysm-surgery-game-of-thrones আহৰণ কৰা হৈছে: 22 March 2019.
  2. "Celebrity birthdays for the week of Oct. 21-27". Associated Press. 15 October 2018. https://apnews.com/e39e1935dc5e471d9c6db33e298f277c আহৰণ কৰা হৈছে: 21 March 2020. "Actress Emilia Clarke (Game of Thrones) is 32"
  3. Marriner, Cosima (17 May 2018). "Emilia Clarke: Life after Game of Thrones". The Sydney Morning Herald. https://www.smh.com.au/entertainment/tv-and-radio/emilia-clarke-life-after-game-of-thrones-20180517-p4zfss.html আহৰণ কৰা হৈছে: 14 September 2018.
  4. "In Vogue: Emilia Clarke". Vogue. 15 June 2015. http://www.vogue.co.uk/arts-and-lifestyle/2015/06/emilia-clarke-interview-may-2015-issue.
  5. "Emilia Clarke's Father Gave Her This One Piece of Decorating Advice". Architectural Digest. 23 May 2018. https://www.architecturaldigest.com/story/emilia-clarkes-father-gave-her-this-one-piece-of-decorating-advice. "This philosophy, Clarke says, is due to the fact that her father, Peter, "prized education above all else.""
  6. "Emilia Clarke Was Born to Rule". Elle. 26 July 2017. https://www.elle.com/culture/celebrities/a46307/emilia-clarke-elle-august-2017-profile/.
  7. Gawley, Paige (2 May 2019). "Emilia Clarke Reveals Her Brother Works on 'Game of Thrones,' Makes Filming Love Scenes Awkward". Entertainment Tonight. https://www.etonline.com/emilia-clarke-reveals-her-brother-works-on-game-of-thrones-makes-filming-love-scenes-awkward-124485. ""He's in the camera department, which is brilliant. It's amazing," she said, before sharing the not-so-fun part of sharing the same employer.""
  8. 1 2 Aftab, Kaleem (21 November 2017). "Emilia Clarke in Bloom". Harper's Bazaar. https://www.harpersbazaar.com/culture/features/a13586407/emilia-clarke-interview/ আহৰণ কৰা হৈছে: 13 May 2020. "It's this epic story: My grandmother was colonial Indian, and it was a big old family secret because her mum had an affair with someone in India".
  9. "Emilia Clarke's Solo Flight". Vanity Fair. https://www.vanityfair.com/hollywood/2018/05/emilia-clarke-cover-story.
    1. People (3 April 2019). "Emilia Clarke once divulged to her mother how Game of Thrones ends". People Magazine. Archived from the original on 19 May 2020. https://web.archive.org/web/20200519221913/https://www.peoplemagazine.co.za/celebrity-news/international-celebrities/emilia-clarke-once-divulged-to-her-mother-how-game-of-thrones-ends/ আহৰণ কৰা হৈছে: 6 May 2020.
  10. "Game of Thrones Star Emilia Clarke: I Feel Just Like Khaleesi in Real Life". Now (TI Media). http://www.nowmagazine.co.uk/tv-news/game-of-thrones-star-emilia-clarke-i-feel-just-like-khaleesi-in-real-life-4889.
  11. "OSE to star in new HBO drama". St Edward's School. 14 February 2011. http://www.stedwards.oxon.sch.uk/milly.html.
  12. Lloyd, Kate. "Emilia Clarke on 'Me Before You', 'Game of Thrones' and getting naked onscreen". https://www.timeout.com/london/film/emilia-clarke-on-me-before-you-game-of-thrones-and-g.[সংযোগবিহীন উৎস]
  13. "Emilia Clarke Purchases Venice Beach Mansion". Vox MediaCurbed. 13 October 2016. Archived from the original on 16 October 2016. https://web.archive.org/web/20161016221354/http://la.curbed.com/2016/10/13/13279240/game-of-thrones-emilia-clarke-venice-house আহৰণ কৰা হৈছে: 13 October 2016.
  14. Flemming, Jack (28 December 2020). "Emilia Clarke sells Venice stunner for $4.4  million". Los Angeles Times. https://www.latimes.com/business/real-estate/story/2020-12-28/emilia-clarke-sells-venice-home.
  15. O'Neill, Catherine Quinn (14 March 2013). "Game of Thrones Stunner Emilia Clarke Talks Beauty and Breakfast at Tiffany's". Allure. https://www.allure.com/story/emilia-clarkes-beauty-routine-secrets আহৰণ কৰা হৈছে: 9 May 2021.
  16. "Peter Clarke: Uncovering the Truth About Emilia Clarke's Father". 13 April 2023. https://theredcarpet.net/peter-clarke-uncovering-the-truth-about-emilia-clarkes-father/.
  17. ""My father always told me — Never trust anyone whose TV is bigger than their bookshelf" said…". 11 August 2020. https://medium.com/@amaan.b/my-father-always-told-me-never-trust-anyone-whose-tv-is-bigger-than-their-bookshelf-said-50f400ebde6d.
  18. Greenberg, Isabel (20 September 2018). "Emilia Clarke Just Got a Game of Thrones Tattoo and It's So Perfect". Harper's Bazaar. https://www.harpersbazaar.com/celebrity/latest/a23332545/emilia-clarke-game-of-thrones-tattoo/ আহৰণ কৰা হৈছে: 2 April 2020.
  19. Fisher, Kendall (2016). "Emilia Clarke Finally Opens Up About Dating Seth MacFarlane". E! News. https://www.eonline.com/uk/news/754076/emilia-clarke-finally-opens-up-about-dating-seth-macfarlane আহৰণ কৰা হৈছে: December 9, 2024.
  20. "Seth MacFarlane Splits From Emilia Clarke". HuffPost. March 21, 2013. https://www.huffpost.com/entry/seth-macfarlane-splits-emilia-clarke_n_2922787?guccounter=1 আহৰণ কৰা হৈছে: December 9, 2024.
  21. Weiner, Joah (5 April 2016). "Game of Thrones' Emilia Clarke on Her Inner Khaleesi: "I Know I'm Gonna Put the F--king Wig on...and Let Her Refulfill Me"". Glamourglamour.com. https://www.glamour.com/story/emilia-clarke-cover-interview/ আহৰণ কৰা হৈছে: 13 January 2025.
  22. Bonner, Mehera (December 22, 2020). "Here's What You Need to Know About Emilia Clarke's Dating Life". COSMOPOLITANcosmopolitan.com. https://www.cosmopolitan.com/entertainment/a26713204/emilia-clarke-boyfriend-relationship-status/ আহৰণ কৰা হৈছে: January 13, 2025.
  23. Guglielmi, Jodi. "Emilia Clarke and New Boyfriend Charlie McDowell Spotted on Sweet Afternoon Stroll". Peoplepeople.com. https://people.com/tv/emilia-clarke-spotted-new-boyfriend-charlie-mcdowell/#! আহৰণ কৰা হৈছে: 13 January 2025.
  24. Bailey, Allyssa (9 November 2018). "Emilia Clarke and Charlie McDowell Are Officially On and Kissing in Public". ELLEelle.com. https://www.elle.com/culture/celebrities/a24887367/emilia-clarke-charlie-mcdowell-kiss-photo/ আহৰণ কৰা হৈছে: 13 January 2025.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]