সমললৈ যাওক

এমিলি আৰ্মষ্ট্ৰং

অসমীয়া ৱিকিপিডিয়াৰ পৰা


এমিলি আৰ্মষ্ট্ৰং
২০২৪ চনত লিংকিন পাৰ্কৰ সৈতে আৰ্মষ্ট্ৰং
২০২৪ চনত লিংকিন পাৰ্কৰ সৈতে আৰ্মষ্ট্ৰং
পৃষ্ঠভূমি
জন্ম নাম এমিলি মাৰ্চিয়া আৰ্মষ্ট্ৰং
জন্ম ৬ মে', ১৯৮৬ (৩৯ বছৰ)
লছ এঞ্জেলচ, কেলিফৰ্ণিয়া, আমেৰিকা যুক্তৰাষ্ট্ৰ
সংগীতৰ ধৰণ
  • হাৰ্ড ৰক
  • বৈকল্পিক ৰক্
  • বৈকল্পিক মেটেল
  • গ্ৰাঞ্জ
পেচা
  • গায়ক
  • সংগীতজ্ঞ
  • গীতিকাৰ
বাদ্যযন্ত্ৰ
  • কণ্ঠ
  • গীটাৰ
সক্ৰিয়তাৰ বছৰ ২০০২–বৰ্তমানলৈকে
সদস্য হিচাপে
  • ডেড ছাৰা
  • লিংকিন পাৰ্ক

এমিলি মাৰ্চিয়া আৰ্মষ্ট্ৰং (ইংৰাজী: Emily Marcia Armstrong ; জন্ম: ৬ মে', ১৯৮৬) এগৰাকী আমেৰিকান গায়িকা আৰু গীটাৰিষ্ট। তেওঁ ডেড ছাৰাৰ সহ-প্ৰতিষ্ঠাপক আছিল৷ ২০২৪ চনৰ ছেপ্টেম্বৰ মাহত লিংকিন পাৰ্ক পুনৰ সংঘবদ্ধ হোৱা মুহূৰ্তত তেওঁ মুখ্য গায়িকা হিচাপে পৰিচিত হয়৷ বেণ্ডটোৰ এই পুনৰ্মিলন তেওঁলোকৰ দীৰ্ঘদিনীয়া মুখ্য কণ্ঠশিল্পী চেষ্টাৰ বেনিংটনৰ মৃত্যুৰ সাত বছৰৰ পাছত হৈছে।

প্ৰাৰম্ভিক জীৱন

[সম্পাদনা কৰক]

আৰ্মষ্ট্ৰঙৰ লছ এঞ্জেলছত জন্ম হৈছিল। তেওঁৰ পিতৃ-মাতৃ চাৰ্চ অৱ চাইন্টোলজিৰ বিশিষ্ট সদস্য আছিল আৰু তেওঁ চাইন্টোলজিষ্ট হিচাপে ডাঙৰ-দীঘল হৈছিল।[1] ১১ বছৰ বয়সত তেওঁ গীত লিখিবলৈ আৰু গীটাৰ বজাবলৈ আৰম্ভ কৰিছিল, আৰু ১৫ বছৰ বয়সত গান গাবলৈ আৰম্ভ কৰিছিল।তেওঁ হাইস্কুল এৰিছিল৷ তেখেতে কয় যে তেওঁ ৰক বেণ্ডত থাকিব বিচাৰে আৰু আন একো কাম কৰাৰ কোনো আগ্ৰহ নাই।[2] ২০১২ চনত এল পাছ' টাইমছৰ সৈতে হোৱা এক সাক্ষাৎকাৰত আৰ্মষ্ট্ৰঙে কয় যে সংগীতেই তেওঁক জীৱনত অনুপ্ৰাণিত কৰি ৰখা একমাত্ৰ বস্তু।[3]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "Linkin Park's new singer: The Emily Armstrong controversy explained". BBC News. https://www.bbc.com/news/articles/credy50z4j1o. 
  2. Burger, David (September 24, 2012). "Song of the Day: X96 Big Ass Show performer Dead Sara's 'The Weatherman'". The Salt Lake Tribune. https://archive.sltrib.com/article.php?id=54958577&itype=cmsid. 
  3. Pullen, Doug (May 22, 2012). "Dead Sara Rocks Up a Storm on New CD". El Paso Times. সাঁচ:ProQuest. https://www.proquest.com/docview/1015084398। আহৰণ কৰা হৈছে: September 10, 2024.