এমিলি ব্লাণ্ট
| এমিলি ব্লাণ্ট | |
|---|---|
| জন্ম | এমিলি অলিভিয়া ল'ৰা ব্লাণ্ট ২৩ ফেব্ৰুৱাৰী, ১৯৮৩ (৪৩ বছৰ) লণ্ডন, ইংলেণ্ড |
| নাগৰিকত্ব | |
| পেচা | অভিনেত্ৰী |
| সক্ৰিয় হৈ থকা সময় | ২০০১–বৰ্তমান |
| দাম্পত্যসঙ্গী | জন ক্ৰাচিনস্কি (বি. ২০১০) |
| সন্তান | ২ |
| আত্মীয়-স্বজন |
|
| বঁটা, সন্মান, পুৰস্কাৰ আদি | এমিলি ব্লাণ্টে লাভ কৰা বঁটা আৰু মনোনয়নৰ তালিকা |
এমিলি অলিভিয়া ল'ৰা ব্লাণ্ট (ইংৰাজী: Emily Blunt; জন্ম: ২৩ ফেব্ৰুৱাৰী ১৯৮৩) এগৰাকী ব্ৰিটিছ অভিনেত্ৰী। তেওঁ এটা গোল্ডেন গ্ল'ব বঁটা আৰু দুটাকৈ এক্টৰ বঁটাকে ধৰি কেইবাটাও সন্মান লাভ কৰিছে। ইয়াৰ উপৰি তেওঁ এটা একাডেমী বঁটা (অস্কাৰ) আৰু চাৰিটা ব্ৰিটিছ একাডেমী ফিল্ম বঁটাৰ (বাফ্টা) মনোনয়ন লাভ কৰিছে। ফৰ্বছ আলোচনীয়ে ২০২০ চনত তেওঁক বিশ্বৰ সৰ্বাধিক উপাৰ্জনকাৰী অভিনেত্ৰীসকলৰ ভিতৰত স্থান দিছিল।
এমিলি ব্লাণ্টে ২০০১ চনত দ্য ৰয়েল ফেমিলী নামৰ এটা মঞ্চ নাটকত অভিনয় কৰি অভিনয় জগতত আত্মপ্ৰকাশ কৰে আৰু টেলিভিছন ধাৰাবাহিক হেনৰী অষ্টমত (২০০৩) কেথেৰিন হাওয়াৰ্ডৰ চৰিত্ৰত অভিনয় কৰে। তেওঁ ২০০৪ চনত মুক্তি পোৱা মাই ছামাৰ অফ লাভ নামৰ ছবিখনৰ জৰিয়তে চলচ্চিত্ৰ জগতত খোজ পেলায়। ২০০৬ চনত টেলিভিছন ছবি গিডিয়নছ ডটাৰ আৰু কমেডী ছবি দ্য ডেভিল ৱেয়াৰ্ছ প্ৰাডাত কৰা অভিনয়ৰ জৰিয়তে তেওঁ বিশেষ সফলতা লাভ কৰে। পূৰ্বৰ ছবিখনৰ বাবে তেওঁ শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰীৰ গোল্ডেন গ্ল'ব বঁটা লাভ কৰে। ইয়াৰ পিছত তেওঁৰ জনপ্ৰিয়তা ক্ৰমান্বয়ে বৃদ্ধি পায় আৰু তেওঁ দ্য ইয়ং ভিক্টোৰিয়া (২০০৯), ছালমন ফিশ্বিং ইন দ্য য়েমেন (২০১১), দ্য এডজাষ্টমেণ্ট বিউৰো (২০১১), লুপাৰ (২০১২), এজ অফ টুুমৰো (২০১৪) আৰু ইনটু দ্য উডছ (২০১৪) আদি ছবিত মুখ্য চৰিত্ৰত অভিনয় কৰে।
ব্লাণ্টে ক্ৰাইম থ্ৰিলাৰ ছবি চিকাৰিঅ' (২০১৫)ত এগৰাকী আদৰ্শবাদী এফবিআই এজেণ্ট, থ্ৰিলাৰ ছবি দ্য গাৰ্ল অন দ্য ট্ৰেইন (২০১৬)ত এগৰাকী মদ্যপায়ী মহিলা আৰু তেওঁৰ স্বামী জন ক্ৰাচিনস্কিৰ হৰৰ ছবি এ কোৱাইট প্লেচ (২০১৮)ত এগৰাকী সাহসী মাতৃৰ চৰিত্ৰত অভিনয় কৰি সমালোচকৰ প্ৰশংসা বুটলে। শেষৰখন ছবিৰ বাবে তেওঁ শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰীৰ এক্টৰ বঁটা লাভ কৰে। ইয়াৰ পিছত তেওঁ ইয়াৰ ছিকুৱেল মেৰী পপিন্স ৰিটাৰ্নছ (২০১৮) আৰু এ কোৱাইট প্লেচ পাৰ্ট ২ (২০ ২০২১)ৰ লগতে ধাৰাবাহিক দ্য ইংলিছত (২০২২) অভিনয় কৰে। ক্ৰিষ্টোফাৰ নোলানৰ ছবি অ'পেনহেইমাৰত (২০২৩) কেথেৰিন অ'পেনহেইমাৰৰ ভূমিকাত কৰা অভিনয়ৰ বাবে তেওঁ শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰীৰ একাডেমী বঁটাৰ বাবে মনোনয়ন লাভ কৰে।
ব্লাণ্টে ২০০৬ চনৰপৰা 'আমেৰিকান ইনষ্টিটিউট ফৰ ষ্টুটাৰিং'ৰ সৈতে কাম কৰি আহিছে যাতে শৈক্ষিক সম্পদৰ জৰিয়তে শিশুসকলক তোতোলা সমস্যা অতিক্ৰম কৰাত সহায় কৰিব পৰা যায় আৰু এই অৱস্থাৰ বাস্তৱতাৰ বিষয়ে সজাগতা সৃষ্টি কৰিব পৰা যায়। তেওঁ এই প্ৰতিষ্ঠানটোৰ পৰিচালনা সমিতিৰ সদস্য আৰু শিশু তথা প্ৰাপ্তবয়স্কসকলৰ স্পীচ থেৰাপীৰ জলপানিৰ বাবে পুঁজি সংগ্ৰহৰ উদ্দেশ্যে এক বিশেষ অনুষ্ঠানৰ আয়োজন কৰে।
প্ৰাৰম্ভিক জীৱন
[সম্পাদনা কৰক]এমিলি ব্লাণ্টৰ জন্ম ১৯৮৩ চনৰ ২৩ ফেব্ৰুৱাৰীত লণ্ডনত হৈছিল।[1][2] তেওঁ চাৰিটা সন্তানৰ ভিতৰত দ্বিতীয়। তেওঁৰ মাতৃ জ'য়ানা মেকি আছিল এগৰাকী প্ৰাক্তন অভিনেত্ৰী আৰু ইংৰাজী শিক্ষয়িত্ৰী,[3][4] আৰু পিতৃ অলিভাৰ ব্লাণ্ট এজন বেৰিষ্টাৰ।[5][6] ব্লাণ্টে স্কুলত নামভৰ্তি কৰাৰ আগতেই তেওঁৰ মাতৃয়ে অভিনয় এৰি সম্পূৰ্ণ সময় সন্তানৰ লালন-পালনত মনোনিৱেশ কৰিছিল। ব্লাণ্টে নিজকে এগৰাকী "লাজকুৰীয়া" শিশু হিচাপে বৰ্ণনা কৰিছে। সৰুতে তেওঁৰ তোতোলা সমস্যা আছিল, যাক তেওঁ শৰীৰত বাস কৰা এজন "প্ৰতাৰক"ৰ সৈতে তুলনা কৰিছে। ৭ৰপৰা ১৪ বছৰ বয়সৰ ভিতৰত এই সমস্যায় তীব্ৰ ৰূপ ধাৰণ কৰিছিল। কথা ক’বলৈ ভয় কৰা বাবে তেওঁ বেছিভাগ সময় মানুহ পৰ্যবেক্ষণ কৰি, বিভিন্ন খেল খেলি আৰু চেলো বজাই অতিবাহিত কৰিছিল।[3][5][7] তেওঁৰ এজন শিক্ষকে তেওঁক স্কুলীয়া নাটকত অভিনয় কৰিবলৈ উৎসাহিত কৰিছিল; য’ত তেওঁ নিজৰ কণ্ঠতকৈ বেলেগ ধৰণে কথা ক’বলগীয়া হৈছিল আৰু ই তেওঁক সাৱলীলভাৱে কথা কোৱাত সহায় কৰিছিল। ইয়াৰ ফলত তেওঁৰ আত্ম-বিশ্বাস বৃদ্ধি পায় আৰু অভিনয়ৰ প্ৰতি ভালপোৱা গঢ়ি উঠে।[8] তেওঁ জনোৱা মতে প্ৰাপ্তবয়স্ক অৱস্থাত এই সমস্যা বহু পৰিমাণে কমি গৈছে যদিও কেতিয়াবা মানসিক চাপৰ সময়ত ইয়াৰ প্ৰভাৱ দেখা যায়। তেওঁ লণ্ডনৰ ইবষ্টক প্লেচ স্কুল আৰু পিছলৈ ছাৰেত অৱস্থিত হাৰ্টউড হাউচত শিক্ষা লাভ কৰিছিল। এডিনবাৰ্গ ফেষ্টিভেলত এখন স্কুলীয়া নাটকত অভিনয় কৰি থকাৰ সময়তে এজন এজেণ্টে তেওঁক বিচাৰি পায় আৰু তেওঁৰ সৈতে চুক্তি কৰে। স্কুলীয়া পৰীক্ষা শেষ হোৱাৰ পিছতেই তেওঁ অভিনয়ৰ বাবে অডিচন দিবলৈ আৰম্ভ কৰে।[9]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "Emily Blunt: British actress". Britannica. Archived from the original on 16 July 2020. Retrieved 20 April 2020. Unknown parameter
|url-status=ignored (help) - ↑ "Emily Blunt Interview". Seacrest Studios. 3 April 2023. https://www.youtube.com/watch?v=1kSevYQvqcc&t=757s। আহৰণ কৰা হৈছে: 11 July 2023. "[My name is] Emily Olivia Laura Blunt."
- 1 2 "Emily Blunt: 'Everyone wants the first bite'". The Guardian. 4 February 2010. https://www.theguardian.com/film/2010/feb/04/emily-blunt-the-wolfman। আহৰণ কৰা হৈছে: 6 January 2024.
- ↑ Taylor, Ella (26 February 2009). "Down to Earth, Even When Off the Wall". ISSN 0362-4331. https://www.nytimes.com/2009/03/01/movies/01tayl.html। আহৰণ কৰা হৈছে: 28 November 2015.
- 1 2 Day, Elizabeth (20 June 2009). "Enter a new leading lady". The Guardian. https://www.theguardian.com/film/2009/jun/21/emily-blunt-interview.
- ↑ "Oliver Blunt, Esq, KC Authorised Biography – Debrett's People of Today". debretts.com. http://www.debretts.com/people/biographies/browse/b/7803/Oliver%20Simon%20Peter+BLUNT.aspx.
- ↑ "Famous personalities who play classical music". ABC Classic. 6 January 2019. https://www.abc.net.au/classic/read-and-watch/music-reads/famous-people-who-play-classical-music/10686184। আহৰণ কৰা হৈছে: 28 October 2022.
- ↑ "Emily Blunt Talks About Stuttering". Stuttering Foundation of America. 6 May 2011. http://www.stutteringhelp.org/emily-blunt-talks-about-stuttering। আহৰণ কৰা হৈছে: 15 July 2015.
- ↑ "Emily Blunt Career Retrospective". SAG-AFTRA Foundation. 22 December 2023. https://www.youtube.com/watch?v=ldTqJ2Sxf8w। আহৰণ কৰা হৈছে: 6 January 2024.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]| ৱিকিমিডিয়া কমন্সত এমিলি ব্লাণ্ট সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
- এমিলি ব্লাণ্ট সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।
