এমি ৰোছাম
| এমি ৰোছাম | |
|---|---|
২০১০ চনত ৰোছাম | |
| জন্ম | ইমানুৱেল গ্ৰে ৰোছাম ১২ ছেপ্টেম্বৰ, ১৯৮৬ (৩৯ বছৰ) নিউয়ৰ্ক চিটি, আমেৰিকা যুক্তৰাষ্ট্ৰ |
| পেচা | অভিনেত্ৰী, গায়িকা, গীত ৰচনাৰিকা |
| সক্ৰিয় হৈ থকা সময় | ১৯৯৩–বৰ্তমান |
| দাম্পত্যসঙ্গী |
|
| সন্তান | ২ |
| আত্মীয়-স্বজন | আৰ্থাৰ পি. বেকাৰ (সম্পৰ্কীয় ভাতৃ) ভেৰা ওৱাং (সম্পৰ্কীয় ভগ্নী) |
ইমানুৱেল গ্ৰে ৰোছাম (জন্ম: ১২ ছেপ্টেম্বৰ, ১৯৮৬) এগৰাকী আমেৰিকান অভিনেত্ৰী আৰু গায়িকা-গীতিকাৰ। তেওঁ লাভ কৰা সন্মানসমূহৰ ভিতৰত এটা চ্যাটাৰ্ণ বঁটা আৰু এটা ক্ৰিটিকছ চয়েছ মুভি বঁটা অন্যতম। ইয়াৰ উপৰি তেওঁ গোল্ডেন গ্ল'ব বঁটা, ইণ্ডিপেণ্ডেন্ট স্পিৰিট বঁটা আৰু দুটাকৈ ক্ৰিটিকছ চয়েছ টেলিভিছন বঁটাৰ বাবে মনোনয়ন লাভ কৰিছে।
নিউয়ৰ্ক চহৰত জন্মগ্ৰহণ কৰা আৰু ডাঙৰ-দীঘল হোৱা ৰোছামে সৰুতেই মেট্ৰ'পলিটান অপেৰাৰ সৈতে পেছাগতভাৱে অভিনয় আৰম্ভ কৰিছিল। তেওঁৰ প্ৰাৰম্ভিক চলচ্চিত্ৰসমূহৰ ভিতৰত আছিল জিনিয়াছ (১৯৯৯), ছংকেচাৰ (২০০০), পেছনাডা (২০০২) আৰু নোলা (২০০৩)। ১৬ বছৰ বয়সত তেওঁ মিষ্টিক ৰিভাৰ (২০০৩) নামৰ চলচ্চিত্ৰখনত অভিনয় কৰি ব্যাপক জনপ্ৰিয়তা লাভ কৰে। ৰোছামে ২০০৪ চনৰ বিজ্ঞানভিত্তিক ছবি দ্য ডে আফটাৰ টুমৰত অভিনয় কৰিছিল। দ্য ফেণ্টম অৱ দ্য অপেৰা (২০০৪) ছবিৰ চলচ্চিত্ৰ সংস্কৰণত ক্ৰিষ্টিন ডায়েৰ মুখ্য চৰিত্ৰত কৰা অভিনয়ৰ বাবে তেওঁ সমালোচকৰ উচ্চ প্ৰশংসা লাভ কৰে। তেওঁ পজাইডন (২০০৬), ড্ৰেগনবল ইভলিউচন (২০০৯), ইনচাইড (২০১১), বিউটিফুল ক্ৰিয়েচাৰ্ছ (২০১৩), কমেট (২০১৪), ইউ আৰ নট ইউ (২০১৪) আৰু ক'ল্ড পাৰছুট (২০১৯) আদি ছবিত অভিনয় কৰিছে।
টেলিভিছনৰ ক্ষেত্ৰত ৰোছামক বিশেষকৈ শ্বেমলেছ (২০১১–২০১৯) ধাৰাবাহিকখনত ফিয়োনা গ্যালাগাৰৰ চৰিত্ৰত কৰা অভিনয়ৰ বাবে জনা যায়।[1] ২০১০-ৰ দশকৰ মাজভাগৰ পৰা তেওঁ টেলিভিছন অনুষ্ঠান পৰিচালনা আৰু প্ৰযোজনা কৰি আহিছে, য’ত ২০২২ চনৰ পীকক ধাৰাবাহিক এঞ্জেলিন অন্তৰ্ভুক্ত— য’ত তেওঁ নিজেও অভিনয় কৰিছে।
২০০৭ চনত ৰোছামে তেওঁৰ প্ৰথমটো এলবাম ইনচাইড আউট মুক্তি দিয়ে। একে বছৰতে তেওঁ কেৰল অৱ দ্য বেলছ নামৰ এখন বৰদিনৰ ইপি (EP) মুকলি কৰে। ২০১৩ চনত তেওঁ ছেন্টিমেণ্টেল জাৰ্নি নামৰ তেওঁৰ পৰৱৰ্তী এলবামটো মুক্তি দিয়ে।
প্ৰাৰম্ভিক জীৱন
[সম্পাদনা কৰক]ইমানুৱেল গ্ৰে ৰোছামৰ[2] জন্ম হৈছিল ১৯৮৬ চনৰ ১২ ছেপ্টেম্বৰত নিউয়ৰ্ক চহৰত।[3] তেওঁ কৰ্পোৰেট ফটোগ্ৰাফাৰ হিচাপে কাম কৰা একক মাতৃ চেৰিল ৰোছামৰ একমাত্ৰ সন্তান।[3][4][5] মাতৃ গৰ্ভৱতী হৈ থকা অৱস্থাতে তেওঁৰ পিতৃ-মাতৃ পৃথক হৈছিল আৰু ২০০৭ চনলৈকে তেওঁ নিজৰ পিতৃক মাত্ৰ দুবাৰহে লগ পাইছিল।[6]
ৰোছামৰ মাতৃ ৰাছিয়ান ইহুদী বংশোদ্ভূত,[7] আৰু পিতৃ ইংৰাজ তথা ডাচ পূৰ্বপুৰুষৰ এগৰাকী প্ৰটেষ্টেণ্ট।[8][9] ৰোছামে নিজকে ইহুদী হিচাপে পৰিচয় দিয়ে আৰু জনাইছে যে তেওঁৰ মাতৃয়ে তেওঁৰ অন্তৰত "ইহুদী নীতি-আদৰ্শ আৰু নৈতিকতা" গঢ়ি তুলিছিল।[10][11][12] তেওঁৰ নামটো তেওঁৰ আজোককাক ইমানুৱেলৰ নাম অনুসৰি স্ত্ৰীলিংগ ৰূপত ৰখা হৈছিল।
সাত বছৰ বয়সতে বাৰটা 'কী'তে (key) "হেপ্পী বাৰ্থডে" গাব পৰাৰ দক্ষতাৰ বাবে ৰোছামক পৰিচালক এলেনা ড'ৰিয়াই মেট্ৰ'পলিটান অপেৰা চিলড্ৰেনছ কোৰাছত অংশ ল'বলৈ আমন্ত্ৰণ জনাইছিল।[13][14] পাঁচ বছৰতকৈও অধিক সময় তেওঁ মঞ্চত এই গায়কদলৰ সৈতে সংগীত পৰিৱেশন কৰিছিল আৰু প্লাচিডো ডমিংগো তথা লুচিয়ানো পাভাৰোটিৰ দৰে গায়কৰ সৈতে কাম কৰাৰ সুযোগ পাইছিল। ৰাতিটোত ৫ ৰ পৰা ১০ ডলাৰ পাৰিশ্ৰমিকৰ বিনিময়ত ৰোছামে ২০ খন অপেৰাত ছয়টা ভাষাত গীত গাইছিল, যাৰ ভিতৰত আছিল লা ব'হেম, তুৰাণ্ডট, কাৰ্নেগী হলত পৰিৱেশন কৰা লা ডেমনেচন ডি ফাউষ্ট আৰু এ মিডছামাৰ নাইটছ ড্ৰিম।[15] তেওঁ ফ্ৰাংকো জেফিৰেলিৰ নিৰ্দেশনাত কাৰমেনতো কাম কৰিছিল।
অভিনয়ৰ প্ৰতি বৃদ্ধি পোৱা আগ্ৰহৰ বাবে তেওঁ নিউয়ৰ্ক চহৰৰ 'দ্য নিউ এক্টৰ্ছ ৱৰ্কশ্বপ'ত ফ্ল' চেলেণ্ট গ্ৰীণবাৰ্গৰ ওচৰত শিক্ষা গ্ৰহণ কৰে।[16] তেওঁ অভিনয় প্ৰশিক্ষক টেৰী নিকাৰবকাৰৰ সৈতেও কাম কৰিছে।[17]
ৰোছামে মানহাটানৰ এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয় স্পেন্স স্কুলত অধ্যয়ন কৰিছিল।
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ Goldberg, Lesley (July 6, 2016). "'Shameless' Star Emmy Rossum to Make Directorial Debut With Showtime Series (Exclusive)". The Hollywood Reporter. https://www.hollywoodreporter.com/live-feed/shameless-star-emmy-rossum-make-907994। আহৰণ কৰা হৈছে: April 19, 2018.
- ↑ Heldman, Breanne L.; Rosenbaum, Claudia (August 10, 2009). "Emmy Rossum: Secretly Married, Now Not-So-Secretly Splitting". E!. http://www.eonline.com/news/138686/emmy-rossum-secretly-married-now-not-so-secretly-splitting। আহৰণ কৰা হৈছে: April 19, 2009.
- ↑ 3.0 3.1 Lightstone, Miranda. "15 Questions With Emmy Rossum". AskMen. https://www.askmen.com/celebs/interview_250/251_emmy_rossum_interview.html। আহৰণ কৰা হৈছে: April 19, 2018.
- ↑ "Emmy Rossum biography". E!. http://www.eonline.com/celebrities/profile/index.jsp?uuid=7406c6c0-f42d-49b6-b8c7-046f159e83dc। আহৰণ কৰা হৈছে: May 1, 2008.
- ↑ Dickie, George (January 20, 2013). "What it takes to make Emmy Rossum 'Shameless'". Archived from the original on May 8, 2013. https://web.archive.org/web/20130508170607/http://blog.zap2it.com/frominsidethebox/2013/01/what-it-takes-to-make-emmy-rossum-shameless.html.
- ↑ Thomas, Karen (October 24, 2007). "From movies to music, Emmy Rossum is doing it all". USA Today. https://www.usatoday.com/life/people/2007-10-23-rossum-qna_N.htm.
- ↑ "Emmy Rossum highlights issue of Jewish stereotypes in Hollywood casting". June 28, 2020. https://www.jpost.com/diaspora/emmy-rossum-highlights-issue-of-jewish-stereotypes-in-hollywood-casting-632952। আহৰণ কৰা হৈছে: April 6, 2021.
- ↑ Bloom, Nate (April 26, 2011). "Interfaith Celebrities: Take Me Out to the Ballpark with Emmy Rossum". InterfaithFamily. http://www.interfaithfamily.com/arts_and_entertainment/popular_culture/Interfaith_Celebrities_Take_Me_Out_to_the_Ballpark_with_Emmy_Rossum.shtml। আহৰণ কৰা হৈছে: April 19, 2018.
- ↑ Nessif, Bruna (February 19, 2014). "Emmy Rossum's Childhood Nanny Was Once Awarded a Medal By Adolf Hitler: "My Mom Is Jewish, So That Was a Little Awkward"". E!. https://www.eonline.com/news/512788/emmy-rossum-s-childhood-nanny-was-once-awarded-a-medal-by-adolf-hitler-my-mom-is-jewish-so-that-was-a-little-awkward.
- ↑ Baylen, Ashley (May 28, 2013). "EXCLUSIVE: Interview With 'Shameless' Star, Emmy Rossum". shalomlife.com. Archived from the original on March 6, 2014. https://web.archive.org/web/20140306092415/http://www.shalomlife.com/culture/19389/exclusive-interview-with-shameless-star-emmy-rossum--page3/.
- ↑ Emmy Rossum [@emmyrossum] (January 17, 2013). "This is my first trip to Russia. My family heritage is part Russian so I'm psyched to see where I come from. Moscow! #BeautifulCreatures". https://twitter.com/emmyrossum/status/291981947935260672.
- ↑ Emmy Rossum [@emmyrossum] (November 9, 2016). "I am a woman. I am Jewish. I am marrying an Arab American. My sister in law is handicapped. I'm a victim of sexual violence. It's personal.". https://twitter.com/emmyrossum/status/796377275868450816.
- ↑ Joffe, Jessica. "Emmy Rossum: Hollywood's newest It Girl." Glamour: September 2006. p 326-7, 392
- ↑ "Children's Chorus Auditions". http://www.metoperafamily.org/metopera/auditions/childrens_chorus.aspx। আহৰণ কৰা হৈছে: May 1, 2008.
- ↑ "It's Evening in America". Vanity Fair. May 2012. Page 152.
- ↑ "Emmy Rossum". emmyonline.com. Archived from the original on March 29, 2010. https://web.archive.org/web/20100329085301/http://www.emmy-online.org/emmy/index.php?Q&A1। আহৰণ কৰা হৈছে: May 16, 2013.
- ↑ "Testimonials [Emmy Rossum"]. Terry Knickerbocker Studio. https://terryknickerbockerstudio.com/alumni/emmy-rossum/। আহৰণ কৰা হৈছে: April 13, 2016.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]| ৱিকিমিডিয়া কমন্সত Emmy Rossum সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
- এমি ৰোছাম at AllMusic
- Emmy Rossum সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।
- ৰ'টেন ট'মাট'জত এমি ৰোছাম
- আধিকাৰিক ৱেবছাইট