সমললৈ যাওক

এমি ৱাইনহাউচ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
এমি ৱাইনহাউচ
মাইক্ৰ'ফোনৰ সন্মুখত গাই থকা ৱাইনহাউচ, তললৈ চাই আছে।
ৱাইনহাউচ, ২০০৭ চনত
জন্ম এমি জেড ৱাইনহাউচ
১৪ ছেপ্টেম্বৰ, ১৯৮৩
লণ্ডন, ইংলেণ্ড
মৃত্যু ২৩ জুলাই, ২০১১ (২৭ বছৰ)
লণ্ডন, ইংলেণ্ড
মৃত্যুৰ কাৰণ মদ্যপানজনিত বিষক্ৰিয়া
সমাধিস্থল এজৱেৰবুৰি সমাধিক্ষেত্ৰ
পেচা
  • গায়িকা
  • গীতিকাৰ
  • সংগীতজ্ঞ
  • ব্যৱসায়ী
সক্ৰিয় হৈ থকা সময় ২০০৩–২০১১
দাম্পত্যসঙ্গী ব্লেক ফিল্ডাৰ-চিভিল (বি. ২০০৭; বিবি. ২০০৯)
অংশীদাৰ
  • এলেক্স ক্লেয়াৰ (২০০৬–২০০৭)
  • ৰেগ ট্ৰেভিছ (২০১০–২০১১; তেওঁৰ মৃত্যু)
বঁটা, সন্মান, পুৰস্কাৰ আদি বঁটা আৰু মনোনয়নৰ সম্পূৰ্ণ তালিকা
'সঙ্গীত যাত্ৰা'
সংগীতৰ ধৰণ
  • ছ’ল
  • ৰিদম এণ্ড ব্লুজ
  • জাজ
বাদ্যযন্ত্ৰ
  • কণ্ঠ
  • গিটাৰ
লেবেল
  • আইলেণ্ড
  • লাইঅ’নেছ
  • ইউনিভাৰ্ছেল ৰিপাব্লিক
  • ৰিপাব্লিক
ৱেবছাইট amywinehouse.com


এমি জেড ৱাইনহাউচ (১৪ ছেপ্টেম্বৰ ১৯৮৩ – ২৩ জুলাই ২০১১) এগৰাকী বৃটিছ গায়িকা, গীতিকাৰ, সংগীতজ্ঞ আৰু ব্যৱসায়ী আছিল। তেওঁ স্বকীয় কনট্ৰাল্টো কণ্ঠ, প্ৰকাশভংগী আৰু আত্মজীৱনীমূলক গীতৰ ৰচনা, আৰু ছ’ল, ৰিদম এণ্ড ব্লুজ আৰু জাজৰ দৰে সংগীতধাৰাৰ বৰ্ণিল সংমিশ্ৰণৰ বাবে পৰিচিত। তেওঁৰ সংগীত, ফেশ্বন আৰু বহুল চৰ্চিত ব্যক্তিগত জীৱনে তেওঁক জনপ্ৰিয় সংস্কৃতিৰ এক প্ৰভাৱশালী ব্যক্তিত্ব হিচাপে প্ৰতিষ্ঠা কৰিছিল।

লণ্ডনৰ এনফিল্ডত এক ইহুদী পৰিয়ালত জন্মগ্ৰহণ কৰা ৱাইনহাউচ জাজ-প্ৰভাৱিত পৰিৱেশত ডাঙৰ-দীঘল হয়। তেওঁ যৌৱনত নেচনেল ইউথ জাজ অৰ্কেষ্ট্ৰাৰ সদস্য আছিল আৰু ইএমআইৰ সৈতে প্ৰকাশন চুক্তি স্বাক্ষৰ কৰাৰ আগতে কেইবাটাও গীত ৰেকৰ্ড কৰে। ২০০২ চনত তেওঁ আইলেণ্ড ৰেকৰ্ডছৰ সৈতে চুক্তিবদ্ধ হয়। প্ৰযোজক সালাম ৰেমিৰ সৈতে তেওঁৰ প্ৰথম ষ্টুডিঅ’ এলবাম ফ্ৰেংক (২০০৩) মুকলি পায়, যিয়ে বাণিজ্যিক সফলতা লাভ কৰে আৰু সমালোচকৰ প্ৰশংসা অৰ্জন কৰে। ইয়াৰ মুখ্য গীত ষ্ট্ৰংগাৰ দ্যান মিৰ বাবে তেওঁ আইভৰ নভেলো বঁটা লাভ কৰে।

১৯৬০ চনৰ গাৰ্ল গ্ৰুপ আৰু ছ’ল সংগীতৰ পৰা অনুপ্ৰাণিত হৈ তেওঁ দ্বিতীয় ষ্টুডিঅ’ এলবাম বেক টু ব্লেক (২০০৬) প্ৰযোজক মাৰ্ক ৰনছন আৰু ডেপ-কিংছৰ সৈতে ৰেকৰ্ড কৰে। ই আন্তঃৰাষ্ট্ৰীয়ভাৱে বৃহৎ সফলতা লাভ কৰে আৰু সৰ্বকালৰ অন্যতম সৰ্বাধিক বিক্ৰী হোৱা এলবাম হিচাপে পৰিগণিত হয়। ইয়াৰ মুখ্য গীত ৰিহেব বিশ্বব্যাপী শীৰ্ষ দহটা গীতৰ ভিতৰত আছিল আৰু তেওঁক পুনৰ আইভৰ নভেলো বঁটা প্ৰদান কৰে। ২০০৮ চনৰ ৫০তম বাৰ্ষিক গ্ৰেমী বঁটা প্ৰদান অনুষ্ঠানত তেওঁ পাঁচটা গ্ৰেমী বঁটা লাভ কৰে, যাৰ ফলত একে নিশাতে সৰ্বাধিক গ্ৰেমী লাভ কৰা মহিলা শিল্পীৰ অভিলেখৰ সৈতে সমতা স্থাপন কৰে। তেওঁ শ্ৰেষ্ঠ নতুন শিল্পী, বছৰৰ ৰেকৰ্ড, বছৰৰ গীত আৰু শ্ৰেষ্ঠ পপ কণ্ঠ এলবাম আদি শ্ৰেণীত সন্মান লাভ কৰে।

তেওঁৰ কেৰিয়াৰত দ্ৰব্যাসক্তি, মানসিক স্বাস্থ্য সমস্যা আৰু নিচাৰ প্ৰভাৱ পৰিছিল। ২০১১ চনৰ ২৩ জুলাইত ২৭ বছৰ বয়সত লণ্ডনৰ কেমডেন স্কোৱাৰস্থিত নিজৰ বাসগৃহত মদ্যপানজনিত বিষক্ৰিয়াৰ ফলত তেওঁৰ মৃত্যু হয়। তেওঁৰ জীৱন আৰু কেৰিয়াৰ এমি (২০১৫) তথ্যচিত্ৰ আৰু বেক টু ব্লেক (২০২৪) বায়’পিকত চিত্ৰিত কৰা হয়। ২০২৩ চনত ৰলিং ষ্টোন আলোচনীত তেওঁক সৰ্বকালৰ ২০০ গৰাকী শ্ৰেষ্ঠ গায়কৰ তালিকাত অন্তৰ্ভুক্ত কৰা হয়।[1] ২০২৫ চনত বেক টু ব্লেক এলবামক লাইব্ৰেৰী অৱ কংগ্ৰেছৰ নেচনেল ৰেকৰ্ডিং ৰেজিষ্ট্ৰীত সংৰক্ষণ কৰা হয়।

প্ৰাৰম্ভিক জীৱন

[সম্পাদনা কৰক]

এমি জেড ৱাইনহাউচৰ জন্ম ১৪ ছেপ্টেম্বৰ ১৯৮৩ তাৰিখে লণ্ডনৰ এনফিল্ডত অৱস্থিত চেইছ ফাৰ্ম হাস্পতালত হৈছিল।[2] তেওঁ ইহুদী পৰিয়ালত জন্মগ্ৰহণ কৰিছিল।[3] তেওঁৰ দেউতা মিচেল “মিচ” ৱাইনহাউচ এজন অপেশাদাৰী গায়ক আৰু টেক্সি চালক আছিল[4] আৰু মাক জেনিছ “জেইন” ৱাইনহাউচ (নী ছিটন) এগৰাকী ফাৰ্মাচিষ্ট আছিল।[5] তেওঁৰ এলেক্স নামৰ এজন ডাঙৰ ভাতৃ আছিল, যি তেওঁতকৈ তিনি বছৰ ডাঙৰ।[6] ৱাইনহাউচে লণ্ডনৰ ছাউথগেটত ডাঙৰ-দীঘল হৈছিল।[6] পাঁচ বছৰ বয়সত তেওঁ অ’ছিজ প্ৰাইমাৰী স্কুলত পঢ়িবলৈ আৰম্ভ কৰে।[7] তাৰ পিছত তেওঁ এশমোল স্কুলত মাধ্যমিক শিক্ষা গ্ৰহণ কৰে, য’ত তেওঁৰ ফলাফল মাকৰ ভাষ্যমতে “আশ্চৰ্যজনকভাৱে ভাল” আছিল।[8] শৈশৱত তেওঁ সাপ্তাহিকভাৱে এখন ইহুদী প্ৰাথমিক বিদ্যালয় ‘চেডাৰ’ত অংশগ্ৰহণ কৰিছিল। পিছলৈ এখন সাক্ষাৎকাৰত তেওঁ সেই বিদ্যালয়টো ভাল নোপোৱা কথা উল্লেখ কৰি কৈছিল যে তেওঁ প্ৰায়ে দেউতাকক ঘৰতে থাকিবলৈ অনুৰোধ কৰিছিল আৰু সেই বিদ্যালয়ৰ পৰা তেওঁ “ইহুদী হোৱাৰ বিষয়ে একো নিশিকিলে” বুলি অনুভৱ কৰিছিল।[4]

২০০৮ চনত এমি ৱাইনহাউচ আৰু তেওঁৰ দেউতা মিচ ৱাইনহাউচ

ৱাইনহাউচৰ মাতৃকূলৰ বহুজন ককা জাজ সংগীতজ্ঞ আছিল।[9] তেওঁৰ পিতৃকূলৰ আইতা চিন্থিয়া এগৰাকী গায়িকা আছিল আৰু জাজ চেক্সোফোনবাদক ৰ’নি স্কটৰ সৈতে সম্পৰ্কত আছিল।[10] চিন্থিয়া আৰু তেওঁৰ মাক-দেউতাই এমিৰ জাজ সংগীতৰ প্ৰতি আগ্ৰহ উৎসাহিত কৰিছিল।[11] মিচে ঘৰতে প্ৰায়ে ফ্ৰেংক চিনাট্ৰা আৰু টনি বেনেটৰ দৰে জাজ শিল্পীৰ গীত গাইছিল আৰু বজাইছিল, আৰু বিদ্যালয়ত তিৰস্কাৰ পোৱাৰ সময়ত এমিয়ে প্ৰধান শিক্ষিকাৰ সন্মুখীন হোৱাৰ আগতে ‘ফ্লাই মি টু দ্য মুন’ গীতটো গাইছিল।[4][12] তেওঁৰ বয়স ন বছৰত থাকোঁতে মাক-দেউতাৰ বিবাহ বিচ্ছেদ হয়, তাৰ পিছত তেওঁ মাক আৰু মাকৰ প্ৰেমিকৰ সৈতে হুইটষ্টোন, লণ্ডনত বাস কৰিছিল আৰু সাপ্তাহিক ছুটীত দেউতা আৰু তেওঁৰ সংগিনীৰ সৈতে হেটফিল্ড হিথ, এছেক্সত সময় কটায়।[13]

১৯৯২ চনত চিন্থিয়াই তেওঁক ছুজি আৰ্ণশ’ থিয়েটাৰ স্কুলত পঢ়িবলৈ উৎসাহিত কৰে, য’ত তেওঁ শনিবাৰে গায়ন, অভিনয় আৰু টেপ নৃত্যৰ অনুশীলন কৰিছিল।[14] শৈশৱৰ বন্ধু জুলিয়েট এছবিৰ সৈতে তেওঁ ‘ছুইট ’এন’ ছাওৰ’ নামৰ এটা স্বল্পকালীন ৰেপ যুটি গঠন কৰিছিল।[15] পিছলৈ তেওঁ চিলভিয়া ইয়ং থিয়েটাৰ স্কুলত নামভৰ্তি কৰে; অডিছনত তেওঁ ‘অন দ্য ছানি চাইড অৱ দ্য ষ্ট্ৰীট’ গীত গাইছিল।[16] ১৪ বছৰ বয়সত তেওঁ “পঢ়াশুনাত মন নলগোৱা” আৰু নাকত পিয়াৰ্চিং কৰাৰ বাবে বহিষ্কৃত হৈছিল বুলি যি খবৰ প্ৰকাশ হৈছিল, সেয়া চিলভিয়া ইয়ং আৰু তেওঁৰ দেউতাই অস্বীকাৰ কৰিছিল; তেওঁলোকে কৈছিল যে ১৫ বছৰ বয়সত তেওঁ মাত্ৰ বিদ্যালয় সলনি কৰিছিল।[17] এজন শিক্ষকৰে মতে, তেওঁ এজন দক্ষ লেখিকা আছিল আৰু উপন্যাসিক বা সাংবাদিক হ’ব পাৰিলেহেঁতেন।[18] পিছলৈ তেওঁ মিল হিলস্থিত মাউণ্ট স্কুলত অধ্যয়ন কৰে আৰু কিছু সময়ৰ বাবে ক্ৰয়ডনৰ চেলহাৰ্ষ্টত অৱস্থিত বিআৰআইটি স্কুলতো অধ্যয়ন কৰিছিল।[19] ভাতৃৰ গিটাৰ ব্যৱহাৰ কৰি চোৱাৰ পিছত তেওঁ নিজাকৈ এটা গিটাৰ কিনি লয় আৰু নিজে গীত লিখিবলৈ আৰম্ভ কৰে।[20] এই সময়ছোৱাত তেওঁ ‘ৱৰ্ল্ড এণ্টাৰটেইনমেণ্ট নিউজ নেটৱৰ্ক’ত বিনোদন সাংবাদিক হিচাপে কাম কৰিছিল আৰু ‘ন্যাশ্যনেল ইউথ জাজ অৰ্কেষ্ট্ৰা’ত গায়িকা হিচাপে যুক্ত আছিল।[21] তেওঁৰ ঘনিষ্ঠ বন্ধু তথা ছ’ল গায়ক টাই’লাৰ জেমছে তেওঁৰ এটা ডেমো টেপ এখন এ-এণ্ড-আৰ অনুসন্ধানকাৰীৰ ওচৰলৈ প্ৰেৰণ কৰি তেওঁৰ পেছাদাৰী সংগীত জীৱন আৰম্ভ কৰাত সহায় কৰিছিল।[11]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "The 200 Greatest Singers of All Time". Rolling Stone. 1 January 2023. https://www.rollingstone.com/music/music-lists/best-singers-all-time-1234642307/amy-winehouse-11-1234643070/। আহৰণ কৰা হৈছে: 26 June 2023. 
  2. Newkey-Burden 2008, পৃষ্ঠা. 1; Winehouse 2012, পৃষ্ঠা. 33.
  3. Weidhase 2024, পৃষ্ঠা. 39.
  4. 4.0 4.1 4.2 Newkey-Burden 2008, পৃষ্ঠা. 3.
  5. Winehouse 2016, পৃষ্ঠা. 11, 36, 56; Newkey-Burden 2008, পৃষ্ঠা. 3.
  6. 6.0 6.1 Winehouse 2012, পৃষ্ঠা. 1.
  7. Newkey-Burden 2008, পৃষ্ঠা. 8.
  8. Winehouse 2016, পৃষ্ঠা. 62.
  9. Tzvetkova 2017, পৃষ্ঠা. 53.
  10. Winehouse 2016, পৃষ্ঠা. 26.
  11. 11.0 11.1 Mulholland, Garry (1 February 2004). "Charmed and dangerous". The Guardian. https://www.theguardian.com/music/2004/feb/01/popandrock.amywinehouse। আহৰণ কৰা হৈছে: 9 November 2025. 
  12. Sengwe, Stephanie (20 August 2023). "Amy Winehouse's Family Shares Rare Photos and Handwritten Notes in New Book (Exclusive)". People. https://people.com/amy-winehouse-family-shares-rare-photos-and-handwritten-notes-in-new-book-exclusive-7693094। আহৰণ কৰা হৈছে: 9 November 2025. 
  13. সাঁচ:Multiref
  14. Winehouse 2016, পৃষ্ঠা. 46–47; Winehouse 2012, পৃষ্ঠা. 20.
  15. Winehouse 2016, পৃষ্ঠা. 61.
  16. Winehouse 2016, পৃষ্ঠা. 71–72.
  17. সাঁচ:Multiref
  18. "Fame Academy". The Guardian. 12 September 2008. https://www.theguardian.com/lifeandstyle/2008/sep/13/celebrity.television. 
  19. সাঁচ:Multiref
  20. Winehouse 2012, পৃষ্ঠা. 23, 68.
  21. Winehouse 2016, পৃষ্ঠা. 90; Winehouse 2012, পৃষ্ঠা. 29.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]