এম্ফিথ′য়ে
অৱয়ব
| এম্ফিথ′য়ে | |
|---|---|
| নেৰেইডছ-ৰ সদস্য | |
| নিবাস | সাগৰ |
| পিতৃ-মাতৃ | নেৰিয়াছ আৰু ড'ৰিছ |
| সহোদৰ | সাগৰীয় দেৱতা নেৰিয়াছসকল, সাগৰীয় দেৱী নেৰেইডছসকল |
এম্ফিথ′য়ে (প্ৰাচীন গ্ৰীক: Ἀμφιθόη, ইংৰাজী: Amphithoe; আক্ষৰিক অৰ্থ: 'যিগৰাকী দ্ৰুতগতিত ঘূৰি ফুৰে' বা 'চিঞৰ-বাখৰ কৰা')[1] গ্ৰীক শ্ৰুতিকথা অনুসৰি সাগৰীয় সোঁতৰ নেৰেইড৷ তেওঁ আৰু এম্ফিট্ৰাইট হয়তো একেগৰাকীয়ে।[2]
কিংবদন্তি
[সম্পাদনা কৰক]এম্ফিথ′য়ে গ্ৰীক শ্ৰুতিকথাৰ সাগৰীয় দেৱতা নেৰিয়াছ আৰু সাগৰীয় দেৱী অ'চেনিড ড'ৰিছৰ নেৰেইডছ নামৰ ৫০ গৰাকী কন্যাৰ ভিতৰত অন্যতম এগৰাকী কন্যা আছিল।[3][4][1] হোমাৰৰ ইলিয়াডত বৰ্ণনা কৰা অনুসৰি একিলিছে মৃত পেট্ৰ'ক্লাছৰ বাবে কৰা দুখৰ সমভাগি হোৱা মাতৃ থেটিছক সংগ দিবলৈ সাগৰৰ গভীৰতাৰ পৰা ওলাই আহি ট্ৰয়ৰ উপকূলত সমবেত হোৱা ৩৩ গৰাকী নেৰেইডছৰ ভিতৰত এম্ফিথ′য়েও আছিল।[5]
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 Bane, Theresa (2013). Encyclopedia of Fairies in World Folklore and Mythology. McFarland, Incorporated, Publishers. পৃষ্ঠা. 11, 12. ISBN 978-0-7864-7111-9.
- ↑ These two accounts, Hesiod, Theogony 244 & 254 and Apollodorus, 1.2.7, did not mention any account regarding Amphithoe.
- ↑ Homer, Iliad 18.40; Hesiod, Theogony 249; Apollodorus, 1.2.7; Hyginus, Fabulae Preface
- ↑ Homer, Iliad 18.41; Apollodorus, 1.2.7; Hesiod, Theogony 240
- ↑ Homer, Iliad 18.39