সমললৈ যাওক

এম. জয়শ্ৰী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
এম. জয়শ্ৰী
জন্ম ১৯২১
মহীশূৰ, মহীশূৰ ৰাজ্য, ব্ৰিটিছ ভাৰত (বৰ্তমান কৰ্ণাটক, ভাৰত)
মৃত্যু ২৯ অক্টোবৰ, ২০০৬ (৮৫ বছৰ)
মহীশূৰ, কৰ্ণাটক, ভাৰত
পেচা
  • অভিনেত্ৰী
সক্ৰিয় হৈ থকা সময় ১৯৪৮–১৯৯৬


এম. জয়শ্ৰী (ইংৰাজী: M. Jayashree; ১৯২১ – ২০০৬), এগৰাকী ভাৰতীয় অভিনেত্ৰী৷ তেওঁ মূলতঃ কানাড়া ছবিত অভিনয় কৰিছিল। ৰায়ৰা ছ'ছে (১৯৫৭), নাগাৰহাভু (১৯৭২), এৰাডু কানাছু আৰু শ্ৰী শ্ৰীনিবাস কল্যাণ আদি ছবিত কৰা সহযোগী চৰিত্ৰত অভিনয় কৰাৰ বাবে তেওঁ পৰিচিত।

এম. জয়শ্ৰীক বিশেষভাবে ‘ৰূপালী পৰ্দাৰ আম্মা’ বুলি কোৱা হৈছিল। ১৯৭০ চনত অমৰ ভাৰতী ছবিত অভিনয় কৰি তেওঁ কৰ্ণাটক ৰাজ্যিক চলচ্চিত্ৰৰ শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰী বঁটা লাভ কৰে।

কৰ্মজীৱন

[সম্পাদনা কৰক]

তামিল ছবি বাজিভিল থিৰুনালত অভিনয় কৰাবলৈ ষ্টুডিঅ’ৰ মালিকৰ ভগ্নী দেৱীয়ে জয়শ্ৰীক তামিলনাডুৰ পক্ষীৰাজ ষ্টুডিঅ’লৈ আনিছিল। তামিল ছবিত অভিনয়ৰ বাবে জয়শ্ৰীৰ সুবিধা দিয়া হৈছিল।[1] এই কথা কানাড়া চলচ্চিত্ৰ নিৰ্মাতা হন্নপ্পা ভাগৱতৰে লক্ষ্য কৰিছিল আৰু তেওঁ ১৯৪৮ চনৰ ভক্ত কুম্বৰা ছবিৰ জৰিয়তে কানাড়া ছবিত অভিষেক ঘটায়ছিল।[2]

১৯৪৯ চনত লোককথাৰ আধাৰত নিৰ্মিত প্ৰথম কানাড়া চলচ্চিত্ৰ বুলি গণ্য কৰা নাগকন্নিকাত নায়িকা হিচাপে অভিনয় কৰিছিল।[3] ১৯৫১ চনত তেওঁ তিলোত্তমে ছবিৰ নাম ভূমিতাক অভিনয় কৰে। পৰবৰ্তী সময়ত তেওঁ ড° ৰাজকুমাৰ, কল্যাণ কুমাৰ, বিষ্ণুবৰ্ধন, অম্বৰীশ, বাঘ প্ৰভাকৰ, ৰাজেশ, গংগাধৰ, শ্ৰীনাথ আৰু অন্য বহুতো ছবিত মাতৃ, শাহু, খুৰী আদি চৰিত্ৰত অভিনয় কৰিবলৈ আৰম্ভ কৰে। পাঁচ দশকজোৰা অভিনয় জীৱনত জয়শ্ৰীয়ে ৪৫০ খনতকৈও অধিক ছবিত অভিনয় কৰিছিল।

নব্বৈৰ দশকত জয়শ্ৰীয়ে মাত্ৰ দুখন ছবিতহে অভিনয় কৰিছিল। তেওঁৰ শেষৰখন মুক্তি পোৱা ছবি আছিল সাবিৰা মেটিলু, যিখন পুট্টানা কনাগালৰ এখন অসমাপ্ত ছবি আৰু কে.এছ.এল.স্বামীয়ে সমাপ্ত কৰিছিল।

জয়শ্ৰীয়ে জীৱনৰ শেষ বছৰবোৰ মহীশূৰৰ বৃদ্ধাশ্ৰম শ্ৰী বাসৱী শান্তিধমাত কটায়। ২০০৬ চনৰ ২৯ অক্টোবৰত পুৱাই হৃদ ৰোগত আক্ৰান্ত হৈ তেওঁৰ মৃত্যু হয়।[1]

  • ১৯৭০-৭১ - ‛অমৰ ভাৰতী’ ছবিৰ বাবে কৰ্ণাটক ৰাজ্যিক চলচ্চিত্ৰৰ শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰী বঁটা।

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. 1.0 1.1 "ಬೆಳ್ಳಿತೆರೆಯ ಅಜರಾಮರ ಅಭಿನೇತ್ರಿ ಎಂ. ಜಯಶ್ರೀ" (Kannada ভাষাত). 12 July 2017. Archived from the original on 21 January 2020. https://web.archive.org/web/20200121074632/http://kannada.thenewsism.com/m-jayashri/। আহৰণ কৰা হৈছে: 21 September 2020. 
  2. "Bhakta Kumbara". nthwall.com. Archived from the original on 9 February 2015. https://web.archive.org/web/20150209214323/http://www.nthwall.com/ka/movie/Bhakta-Kumbara-1949/9219800742। আহৰণ কৰা হৈছে: 21 September 2020. 
  3. B V Shiva Shankar (16 March 2007). "Sepia stories at 60". The Hindu. Archived from the original on 9 May 2013. https://web.archive.org/web/20130509033718/http://www.hindu.com/fr/2007/03/16/stories/2007031601760100.htm.