সমললৈ যাওক

এম কে সৰোজা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মাদ্ৰাচ কাদিৰাভেলু সৰোজা
জন্ম মাদ্ৰাচ কাদিৰাভেলু সৰোজা
০৭ এপ্ৰিল, ১৯৩১
চেন্নাই, তামিলনাড়ু, ব্ৰিটিছ ভাৰত
মৃত্যু ১৩ জুন, ২০২২ (৯১ বছৰ)
চেন্নাই, তামিলনাড়ু, ভাৰত
পেচা নৃত্যশিল্পী
দাম্পত্যসঙ্গী মোহন খোকৰ
সন্তান
বঁটা, সন্মান, পুৰস্কাৰ আদি পদ্মশ্ৰী,
সংগীত নাটক একাডেমী বঁটা,
কালিদাস সন্মান


মাদ্ৰাচ কাদিৰাভেলু সৰোজা (ইংৰাজী: Madras Kadiravelu Saroja ; ৭ এপ্ৰিল ১৯৩১ – ১৩ জুন ২০২২), এগৰাকী ভাৰতীয় শাস্ত্ৰীয় নৃত্যশিল্পী, যাক ভাৰতনাট্যমৰ শাস্ত্ৰীয় নৃত্যৰূপৰ এগৰাকী প্ৰতিপাদক আৰু শিক্ষক হিচাপে তেওঁৰ বিশেষজ্ঞতাৰ বাবে পৰিচিত। ভাৰত চৰকাৰে তেওঁক শিল্প আৰু সংস্কৃতিৰ ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে ২০১১ চনত চতুৰ্থ সৰ্বোচ্চ অসামৰিক বঁটা পদ্মশ্ৰীৰে সন্মানিত কৰে।[1]

এম কে সৰোজাৰ ১৯৩১ চনৰ ৭ এপ্ৰিলত ভাৰতৰ তামিলনাডু ৰাজ্যৰ চেন্নাইত (পূৰ্বৰ মাদ্ৰাচ) জন্ম হৈছিল । পাঁচ বছৰ বয়সত ভনীয়েকৰ সৈতে মুথুকুমাৰন পিল্লাইৰ তত্ত্বাৱধানত শাস্ত্ৰীয় নৃত্য শিকিবলৈ আৰম্ভ কৰে, যি এজন পৰিচিত শাস্ত্ৰীয় নৃত্য শিক্ষক আৰু খবৰ অনুসৰি, ৰুক্মিণী দেৱী অৰুণ্ডলেৰ কলাক্ষেত্ৰৰ প্ৰথম নৃত্য শিক্ষক, যিয়ে মৃনালিনী চাৰাভাই আৰু কমলা লক্ষ্মণৰ দৰে বহু প্ৰখ্যাত শাস্ত্ৰীয় নৃত্যশিল্পীক শিকাইছিল। গুৰুৱে বাংগালুৰুৰ ষ্টুডিঅ'ত যোগদান কৰিবলৈ গুচি যোৱাত যুৱতী সৰোজায়ো গুৰুক অনুসৰণ কৰি বাংগালুৰু পাইছিল।[2]

১৯৪০ চনত আত্মপ্ৰকাশ কৰা সৰোজাই অতি সোনকালেই এগৰাকী পৰিচিত নৃত্যশিল্পী হিচাপে পৰিগণিত হয়। ১৯৪৬ চনত চেন্নাইত থকা জেমিনি ষ্টুডিঅ’ৰ পৰা তেওঁক চিনেমাৰ চুক্তিৰ প্ৰস্তাৱ দিয়া হৈছিল যদিও তেওঁ তাক নাকচ কৰিছিল। তিনি বছৰৰ পিছত ১৯৪৯ চনৰ ডিচেম্বৰ মাহত তেওঁ বিখ্যাত কলা ইতিহাসবিদ আৰু নৃত্য পণ্ডিত[3][4] আৰু কলাক্ষেত্ৰৰ ছাত্ৰমোহন খোকাৰক বিয়া কৰায়[5] আৰু স্বামীৰ লগত বৰোদালৈ যায়; খোকৰে মহাৰাজা ছায়াজীৰাও বিশ্ববিদ্যালয়ৰ নৃত্য বিভাগৰ মুৰব্বী হিচাপে নিযুক্তি লাভ কৰিছিল। বৰোদাত সৰোজাই বিশিষ্ট কথক গুৰু সুন্দৰলাল আৰু কুন্দনলাল গংগানীৰ পৰা কথক শিকিছিল।

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. "Padma". Government of India. 25 January 2011. http://www.pib.nic.in/newsite/erelease.aspx?relid=69364। আহৰণ কৰা হৈছে: 21 August 2014. 
  2. "Narthaki Bio". Narthaki.com. 28 March 2010. http://www.narthaki.com/info/tdhc/tdhc17.html। আহৰণ কৰা হৈছে: 19 August 2014. 
  3. Suanshu Khurana (21 July 2011). "Mohan Khokar". The New Indian Express. http://indianexpress.com/article/entertainment/entertainment-others/steps-in-time/। আহৰণ কৰা হৈছে: 21 August 2014. 
  4. "Mohan Khokar Dance Archives". Dance Archives of India. 2000. Archived from the original on 30 April 2004. https://web.archive.org/web/20040430072720/http://dancearchivesofindia.com/mtrl.htm। আহৰণ কৰা হৈছে: 21 August 2014. 
  5. Staff Reporter (28 July 2008). "M.K. Saroja, a model for younger generation". The Hindu. http://www.thehindu.com/todays-paper/tp-national/tp-tamilnadu/mk-saroja-a-model-for-younger-generation/article1302753.ece। আহৰণ কৰা হৈছে: 21 August 2014. 

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]