সমললৈ যাওক

এম ভি ধুৰন্ধৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
এম ভি ধুৰন্ধৰ

স্ব-অংকিত ছবি, প্ৰায় 1928
জন্ম ১৮ মাৰ্চ, ১৮৬৭
কোলহাপুৰ, কোলহাপুৰ ৰাজ্য, বৃটিছ ভাৰত, বৰ্তমান মহাৰাষ্ট্ৰ
মৃত্যু ১ জুন, ১৯৪৪ (৭৭ বছৰ)
বোম্বে, বোম্বে প্ৰেছিডেন্সী, বৃটিছ ভাৰত (বৰ্তমান মুম্বাই, মহাৰাষ্ট্ৰ, ভাৰত)
কৰ্মৰাজী
  • পৱন খণ্ডত শিৱাজী মহাৰাজ আৰু বাজি প্ৰভু
  • ৰাধা-কৃষ্ণ
  • শেষশায়ী-লক্ষ্মীনাৰায়ণ
বঁটা

ৰাও বাহাদুৰ মহাদেৱ বিশ্বনাথ ধুৰন্ধৰ এফ.আৰ.এছ.এ (১৮ মাৰ্চ ১৮৬৭ – ১ জুন ১৯৪৪) ব্ৰিটিছ ঔপনিৱেশিক যুগৰ এগৰাকী ভাৰতীয় চিত্ৰশিল্পী[1] আৰু পোষ্টকাৰ্ড শিল্পী আছিল।[2] তেওঁৰ জনপ্ৰিয় চিত্ৰসমূহৰ ভিতৰত তেওঁৰ সাধাৰণ ঔপনিৱেশিক যুগৰ মহিলাসকলৰ চিত্ৰকল্পসমূহো আছে।[3]

প্ৰাথমিক জীৱন

[সম্পাদনা কৰক]
এম ভি ধুৰন্ধৰ, শিল্পীৰ পত্নীৰ প্ৰতিকৃতি

ধুৰন্ধৰৰ জন্ম হৈছিল মহাৰাষ্ট্ৰৰ কলহাপুৰৰ মাৰাঠী পাঠৰে প্ৰভু পৰিয়ালত[4][5] কলহাপুৰৰ ৰাজাৰাম হাইস্কুলত স্কুলীয়া শিক্ষা গ্ৰহণ কৰি জে.জে. স্কুল অৱ আৰ্ট, বম্বেত ১৮৯০ চনত নামভৰ্তি কৰে। তাত তেওঁ শিল্পী জন গ্ৰীফিথছৰ ছাত্ৰ আছিল। ছাত্ৰ হিচাপে তেওঁ নিজৰ কামৰ বাবে বহু পদক লাভ কৰিছিল। ১৮৯৫ চনত তেওঁ স্নাতক ডিগ্ৰী লাভ কৰে।[6]

কৰ্মজীৱন

[সম্পাদনা কৰক]

জে জে স্কুল অৱ আৰ্টৰপৰা স্নাতক হোৱাৰ পিছত ১৮৯৬ চনত ধুৰন্ধৰক একেখন বিদ্যালয়তে পদৰ প্ৰস্তাৱ দিয়া হয় আৰু তাতেই তেওঁ জীৱনৰ বাকী সময়খিনি কটায়। ১৯১০ চনত তেওঁক হেড মাষ্টাৰ হিচাপে নিযুক্তি দিয়া হয়। ১৯১৮ চনত তেওঁ ড্ৰয়িং এণ্ড ক্ৰাফ্টৰ পৰিদৰ্শক হিচাপে নিযুক্তি লাভ কৰে আৰু ১৯৩১ চনলৈকে সেই পদত কাৰ্যনিৰ্বাহ কৰে। অৱসৰৰ পূৰ্বে তেওঁ দুবছৰ ভাইচ-প্ৰিন্সিপাল আছিল।[7] ১৯৩৮ চনত ধুৰন্ধৰ ৰয়েল ছ'চাইটি অৱ আৰ্টছৰ ফেলো হিচাপে নিৰ্বাচিত হয়।[8]

শৈলী আৰু কাম

[সম্পাদনা কৰক]

তেওঁৰ জনপ্ৰিয় ৰচনাসমূহৰ ভিতৰত বম্বে চহৰ আৰু ইয়াৰ জনসাধাৰণৰ নথিভুক্তকৰণৰ লগতে হিন্দু পৌৰাণিক কাহিনী আৰু ওমৰ খায়াম ধাৰাবাহিকৰ দৃশ্য অংকন আছিল অন্যতম।[9] এজন পাকৈত শিল্পী ধুৰন্ধৰে প্ৰায় হাজাৰ হাজাৰ চিত্ৰ আৰু চিত্ৰকল্প নিৰ্মাণ কৰা বুলি কোৱা হয়, য’ত কিছুমানক লিথ’গ্ৰাফিক প্ৰিণ্টলৈ ৰূপান্তৰিত কৰা হৈছিল, যেনে অট্টো ৰথফিল্ডৰ উইমেন অৱ ইণ্ডিয়া (১৯২০) নামৰ কিতাপখনৰ বাবে তেওঁৰ চিত্ৰকল্প।[10] ধুৰন্ধৰে পোষ্টকাৰ্ড ডিজাইন কৰিছিল, গুজৰাটী সাময়িকী আৰাম আৰু ভূতৰ বাবে কাৰ্টুন অংকনৰ উপৰি এছ এম এডৱাৰ্ডছ, বাই-ৱেজ অৱ বম্বে (১৯১২) আৰু চি এ কিনকেডৰ ডেকান নাৰ্চাৰী টেলছৰ বাবে চিত্ৰকল্প প্ৰদান কৰিছিল।[11] ৰবি বৰ্মা প্ৰেছৰদ্বাৰা প্ৰকাশিত ধৰ্মীয় চিত্ৰকল্পও তেওঁ নিৰ্মাণ কৰিছিল। জে.জে.বিদ্যালয়ত থকা বছৰবোৰৰ বিষয়ে মাৰাঠী ভাষাত আত্মজীৱনী লিখিছিল। ১৯২৬ চনত আউন্ধ ৰাজ্যৰ শাসক মহাৰাজ ভৱনৰাও পন্তপ্ৰতিনিধিয়ে শিৱাজীৰ জীৱনৰ ওপৰত চিত্ৰ নিৰ্মাণৰ দায়িত্ব দিয়ে।[12]

১৯১৩ চনত ছাৰ জে.জে স্কুল অৱ আৰ্টৰপৰা অৱসৰ লোৱাৰ পাছত তেওঁ চিত্ৰকলা অব্যাহত ৰাখিছিল আৰু আৰ্ট স্কুলত থকা বছৰবোৰৰ স্মৃতিগ্ৰন্থ লিখিছিল। ১৯৪০ চনত প্ৰকাশিত গ্ৰন্থখনৰ শিৰোনাম, কালামন্দিৰাতিল এক্কেচালিছ ভাৰ্ছে (একচল্লিছ বছৰ শিল্পৰ মন্দিৰত)। ই সেই সময়ৰ শিল্পৰ ইতিহাসৰ এক প্ৰামাণিক নথি-পত্ৰত পৰিণত হৈছে।[13]

অংকিত চিত্ৰ

[সম্পাদনা কৰক]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "Promoting contemporary art". The Hindu (Chennai, India). 17 January 2008. http://www.hindu.com/2008/01/17/stories/2008011751200200.htm. 
  2. "Women Of India By M.v. Dhurandhar". Archived from the original on 20 January 2016. https://web.archive.org/web/20160120061013/http://imagesofasia.com/dhurandhar.php. 
  3. "Still life to move art lovers". The Hindu (Chennai, India). 13 December 2007. Archived from the original on 15 December 2007. https://web.archive.org/web/20071215181411/http://www.hindu.com/2007/12/13/stories/2007121350940200.htm. 
  4. Partha Mitter (1994). "The Age of Optimism". Art and Nationalism in Colonial India, 1850-1922: Occidental Orientations. Cambridge University Press. ISBN 978-0521443548. https://books.google.com/books?id=9mRTtkri8E0C&pg=PA90. 
  5. "Profile of master artist M. V. Dhurandhar on Indiaart.com". www.indiaart.com. https://www.indiaart.com/old-masters/M-V-Dhurandhar/Info-of-M-V-Dhurandhar.asp। আহৰণ কৰা হৈছে: 2021-02-07. 
  6. "Kipling's home may become a museum". The Hindu (Chennai, India). 5 March 2007. Archived from the original on 6 November 2012. https://web.archive.org/web/20121106224338/http://www.hindu.com/2007/03/05/stories/2007030505331300.htm. 
  7. "M V Dhurandhar Profile: Delhi Art Gallery". Archived from the original on 19 July 2010. https://web.archive.org/web/20100719032155/http://www.delhiartgallery.com/artist/profile-m-v-dhurandhar.aspx। আহৰণ কৰা হৈছে: 2010-07-24. 
  8. "COUNCIL". Journal of the Royal Society of Arts খণ্ড 86 (4470): 885–886. 1938. ISSN 0035-9114. https://www.jstor.org/stable/41362749. 
  9. "Array of art". 30 July 2009. http://www.indianexpress.com/news/Array-of-art/495900. 
  10. "M. V. Dhurandhar". Images of Asia. Archived from the original on 26 March 2012. https://web.archive.org/web/20120326112419/http://www.imagesofasia.com/biography/html/dhurandhar/Dhurandhar.php। আহৰণ কৰা হৈছে: 27 April 2012. 
  11. Partha Mitter (1994). Art and Nationalism in Colonial India, 1850-1922: Occidental Orientations. Cambridge University Press. পৃষ্ঠা. 91–. ISBN 978-0-521-44354-8. https://books.google.com/books?id=9mRTtkri8E0C&pg=PA91। আহৰণ কৰা হৈছে: 27 April 2012. 
  12. "M. V. Dhurandhar The Romantic Realist". ngmaindia.gov.in. http://ngmaindia.gov.in/pdf/Press-release-of-M-V-dhurandhar-exhibition.pdf. 
  13. Bahulkar, Suhas, ed. Encyclopaedia visual art of Maharashtra: artists of the Bombay School and art institutions (late 18th to early 21st century) (First সম্পাদনা). প্ৰকাশক Mumbai: Pundole Art Gallery. ISBN 978-81-89010-11-9.