সমললৈ যাওক

এম ভি ৰাজাম্মা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
এম ভি ৰাজাম্মা

১৯৪০ৰ দশকত এম ভি ৰাজাম্মা
জন্ম ১০ মাৰ্চ, ১৯১৮
আকন্দনহাল্লি, মহীশুৰ ৰাজ্য
মৃত্যু ২৩ এপ্ৰিল, ১৯৯৯ (৮১ বছৰ)[1]
চেন্নাই, ভাৰত
ৰাষ্ট্ৰীয়তা ভাৰতীয়
পেচা অভিনেত্ৰী, চলচ্চিত্ৰ প্ৰযোজন, নেপথ্য কণ্ঠশিল্পী
সক্ৰিয় হৈ থকা সময় ১৯৩৪-১৯৮৫
দাম্পত্যসঙ্গী এম চি বীৰপ্পা
পিতৃ-মাতৃ ছুব্বাম্মা আৰু নানজাপ্পা


এম ভি ৰাজাম্মা (ইংৰাজী: M. V. Rajamma; ১০ মাৰ্চ ১৯১৮ – ২৩ এপ্ৰিল ১৯৯৯) ১৯৩০ৰ দশকৰ পৰা ১৯৭০ৰ দশকলৈ বেছিভাগ তামিল, কানাড়ী আৰু তেলুগু ভাষাৰ চলচ্চিত্ৰত অভিনয় কৰা এগৰাকী অভিনেত্ৰী, চলচ্চিত্ৰ নিৰ্মাতা আৰু নেপথ্য কণ্ঠশিল্পী। তেওঁ ড° ৰাজকুমাৰ, শিৱাজী গণেশন, এম জি আৰ আৰু এন টি আৰৰ দৰে দক্ষিণ ভাৰতীয় অভিনেতাসকলৰ নায়িকা আৰু মাতৃ উভয় ভূমিকাত অভিনয় কৰাৰ গৌৰৱপ্ৰাপ্ত। [2] কৰ্ণাটক চৰকাৰে তেওঁৰ সন্মানত এম.ভি.ৰাজম্মা বঁটা প্ৰতিষ্ঠা কৰে। [3]

১৯৩৬ চনত মুক্তি পোৱা কানাড়া ছবি সংসাৰ নৌকাত মুখ্য অভিনেত্ৰী হিচাপে আত্মপ্ৰকাশ কৰি ৰাজাম্মাই সমগ্ৰ দক্ষিণ ভাৰততে পূৰ্ণদৈৰ্ঘ্য ছবিত এক বিস্তৃত কৰ্মজীৱন উপভোগ কৰিছিল। তেওঁ দক্ষিণ ভাৰত আৰু কানাড়া ছবিৰ প্ৰথম আৰু অগ্ৰণী মহিলা প্ৰযোজক আছিল। ১৯৪৩ চনত তেওঁ নিজৰ ঘৰুৱা বেনাৰ বিজয়া ফিল্মছৰ অধীনত ৰাধা ৰমন ছবিখন নিৰ্মাণ কৰে। [4] তামিল চলচ্চিত্ৰত তেওঁৰ প্ৰৱেশ ১৯৪০ চনৰ ক্লাছিক হিট ছবি উথামা পুথিৰণৰ জৰিয়তে হৈছিল। তেওঁৰ চাৰি দশকজোৰা কৰ্মজীৱনত প্ৰায় ৬০ খন কানাড়ী, ৮০খন তামিল, ২০খন তেলুগু আৰু এখন হিন্দী ছবিত অভিনয় কৰিছিল।

  • ১৯৯৭-৯৮ – কৰ্ণাটক চৰকাৰৰ দ্বাৰা প্ৰদান কৰা ড॰ ৰাজকুমাৰ বঁটা

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]