এলজে জানোভনা পেইমুৰু
এলছ আৰ্নে | |
---|---|
জন্ম | এলজে জানোভনা পেইমুৰু ৩০ মাৰ্চ, ১৯১৭ মাকিভকা, ৰাছিয়ান সাম্ৰাজ্য |
মৃত্যু | ১৪ জুন, ১৯৯৫ (৭৮ বছৰ) ইষ্টোনিয়া |
পেচা | সুৰকাৰ, পিয়ানোবাদক, সংগীত শিক্ষক |
এলজে জানোভনা পেইমুৰু (ইংৰাজী: Elze Janovna Paemurru), জন্ম: ৩০ মাৰ্চ ১৯১৭ চন আৰু মত্যু: ১৪ জুন ১৯৯৫ চন, যি এলছ আৰ্নে নামেৰেও পৰিচিত; ছোভিয়েট ইউনিয়নৰ সময়ত এগৰাকী ইষ্ট'নিয়ান সুৰকাৰ, পিয়ানোবাদক আৰু শিক্ষাবিদ আছিল।[1]
জীৱন আৰু কেৰিয়াৰ
[সম্পাদনা কৰক]১৯১৭ চনৰ ৩০ মাৰ্চ তাৰিখে ৰাছিয়ান সাম্ৰাজ্যৰ (বৰ্তমান ইউক্ৰেইন) মাকিভকাত এলজে জানোভনা পেইমুৰুৰ জন্ম হৈছিল; তেওঁৰ আন নাম আছিল এলছ আৰ্নে।[1] ১৯৩৯ চনত গুস্তাভ আৰ্নেছাকছৰ পৰা শিক্ষাৰ পিছত সংগীত শিক্ষক হিচাপে, ১৯৪২ চনত গুস্তাভ আৰ্নেছাকছৰ সৈতে পিয়ানোবাদক হিচাপে আৰু ১৯৪৬ চনত হাইনো এলাৰৰ অধীনত সুৰকাৰ হিচাপে স্নাতক ডিগ্ৰী লাভ কৰে।[2][3]
১৯৪৪ চনৰ পৰা ১৯৭৪ চনলৈকে আৰ্নে টালিন কনজাৰ্ভেটৰীত সংগীত তত্ত্বৰ ওপৰত বক্তৃতা প্ৰদান কৰে।[4] ১৯৯৫ চনৰ ১৪ জুনত তেওঁৰ মৃত্যু হয়।[2]
এলছ্ অন্যান্য বিষয়ৰ লগতে চেম্বাৰ মিউজিক সুৰকাৰ হিচাপে বিখ্যাত আছিল (ভায়লনচেলো আৰু ডাবল-বেছৰ বাবে ৰচনা কৰাটো পছন্দ কৰিছিল); ইয়াৰ উপৰিও তেওঁ দুটা চিম্ফনী লিখিছিল।[1][4]
তথ্য সূত্ৰ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 1.2 Cohen, Aaron I. (1987). International Encyclopedia of Women Composers. 1 (2nd সম্পাদনা). প্ৰকাশক Chatham: R. R. Bowker. পৃষ্ঠা. 1. ISBN 978-0-9617485-2-4. OCLC 16714846.
- ↑ 2.0 2.1 "Aarne, Els [New Website"]. Estonian Music Information Centre. https://www.emic.ee/?sisu=heliloojad&mid=58&id=128&lang=eng&action=view&method=biograafia। আহৰণ কৰা হৈছে: 23 August 2024.
- ↑ Scott, Pfitzinger (2017). Composer Genealogies: A Compendium of Composers, Their Teachers, and Their Students. প্ৰকাশক Lanham: Rowman & Littlefield. পৃষ্ঠা. 1. ISBN 978-1-4422-7224-8. OCLC 961388789. https://books.google.com/books?id=ugfWDQAAQBAJ.
- ↑ 4.0 4.1 "Els Aarne [Old Website"]. Estonian Music Information Centre. Archived from the original on 18 July 2011. https://web.archive.org/web/20110718193940/http://www.emic.kul.ee/heliloojad/els_aarne.htm। আহৰণ কৰা হৈছে: 12 October 2008.