এলনাজ ৰেকাবি

এলনাজ ৰেকাবি (ইংৰাজী: Elnaz Rekabi) এগৰাকী ইৰাণী মহিলা প্ৰফেছনেল শৈলাৰোহণকাৰী বা পৰ্বতাৰোহী খেলুৱৈ। [1][2][3][4] ২০২১ চনৰ আই এফ এছ চি ক্লাইম্বিং বিশ্ব চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰি মহিলাৰ সংযুক্ত ইভেণ্টত ব্ৰঞ্জৰ পদক লাভ কৰে। [5] আই এফ এছ চি ক্লাইম্বিং এছিয়ান চেম্পিয়নশ্বিপতো তিনিবাৰকৈ প’ডিয়ামত স্থান দখল কৰি ৰেকাবিয়ে এটা ৰূপ আৰু দুটা ব্ৰঞ্জৰ পদক লাভ কৰিছে। [6]
২০২২ চনত দক্ষিণ কোৰিয়াৰ ছিউলত অনুষ্ঠিত হোৱা ২০২২ চনৰ আই এফ এছ চি ক্লাইম্বিং এছিয়ান চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰাৰ সময়ত ইৰাণৰ বাধ্যতামূলক হিজাব নিয়ম উলংঘা কৰাৰ বাবে তেওঁ বিশ্বজুৰি শিৰোনাম দখল কৰিছিল। মাহছা আমিনিৰ প্ৰতিবাদৰ সময়ত সংঘটিত হোৱা এই ঘটনাক বহুলভাৱে প্ৰতিবাদৰ প্ৰতি সমৰ্থন দেখুৱাবলৈ ইচ্ছাকৃতভাৱে উলংঘা বুলি গণ্য কৰা হৈছিল। [7]
হিজাব বিতৰ্ক
[সম্পাদনা কৰক]২০২২ চনত দক্ষিণ কোৰিয়াৰ ছিউলত অনুষ্ঠিত হোৱা ২০২২ চনৰ আই এফ এছ চি ক্লাইম্বিং এছিয়ান চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰি ৰেকাবিয়ে চতুৰ্থ স্থান লাভ কৰে। উল্লেখযোগ্য যে ইৰাণৰ বাধ্যতামূলক হিজাব পৰিধান নকৰাকৈ তেওঁ খেলত অংশ গ্ৰহণ কৰিছিল। [8] সেই সময়ত ইৰাণত চলি থকা মাহছা আমিনী প্ৰতিবাদৰ সময়ত অনুষ্ঠিত হৈছিল এই প্ৰতিযোগিতা; প্ৰতিবাদৰ এটা বৃহৎ অংশ বাধ্যতামূলক হিজাবৰ বিৰোধিতা আৰু ইচ্ছাকৃতভাৱে ইয়াক উলংঘা কৰাৰ লক্ষ্যৰে কৰা হৈছিল। প্ৰতিযোগিতাৰ দুদিন পাছত ১৮ অক্টোবৰত ৰেখাৱী নিৰুদ্দেশ হোৱাৰ খবৰ পোৱা গৈছিল।[9][10] সেইদিনাই তেওঁৰ ইনষ্টাগ্ৰাম একাউণ্টত এটা পোষ্ট প্ৰকাশ পাইছিল যে তেওঁ সংবাদ-মেলত সকলো কথা স্পষ্ট কৰি দিব আৰু তেওঁৰ বাকী দলৰ সৈতে ইৰাণলৈ উভতি আহিছে। পোষ্টটোত লগতে ৰেকাবিয়ে উল্লেশ কৰে যে ভুলবশতঃ তেওঁৰ মূৰৰ ওৰণিখন সৰি পৰাৰ লগতে সময়ৰ অভাৱ আৰু হঠাতে প্ৰতিযোগিতালৈ আহ্বান জনোৱাৰ বাবে তাৰ অবিহনে তেওঁ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল। [11] বিবিচি পাৰ্ছিয়ানে প্ৰকাশ কৰা অনুসৰি ৰেকাবিৰ পাছপ’ৰ্ট আৰু মোবাইল ফোন জব্দ কৰি ছিউলৰপৰা উভতি অহাৰ বিমানখন এদিন আগুৱাই অনা হয়। [6] ১৯ অক্টোবৰত ৰেকাবি তেহৰাণলৈ উভতি আহি ইমাম খোমেইনী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত চৰকাৰী সংবাদ মাধ্যমৰ আগত দিয়া বক্তব্য পুনৰাবৃত্তি কৰে। ইয়াৰ পিছত ৰাইজে তেওঁক 'বীৰত্বপূৰ্ণ আদৰণি' দি "এলনাজ এজন চেম্পিয়ন" ধ্বনি দিয়ে। ভিৰৰ মাজৰ কিছুমান মহিলাই মূৰ ঢাকিব পৰা নাছিল। ৰেকাবিয়ে এখন গাড়ীৰ ভিতৰৰপৰা ৰাইজক হাত জোকাৰিছিল বুলি জানিব পৰা যায়। [12][13][14][15] ৰাজহুৱা প্ৰতিযোগিতাৰ সময়ত ইছলামিক ৰিপাব্লিকৰ হিজাব আইন উলংঘা কৰা দ্বিতীয়গৰাকী ইৰাণী মহিলা খেলুৱৈ হিচাপে ৰেকাবি বুলি ধাৰণা কৰা হৈছে। প্ৰথমগৰাকী আছিল ২০১৯ চনত ছাদাফ খাদেম। [10]
২১ অক্টোবৰত বিবিচিয়ে এটা “নিৰ্ভৰযোগ্য উৎস”ৰ উদ্ধৃতি দি ৰিপ’ৰ্ট কৰিছিল যে ৰেকবিক ইৰাণলৈ উভতি অহাৰ লগে লগে “বাধ্যতামূলক বক্তব্য” দিবলৈ হেঁচা প্ৰয়োগ কৰা হৈছিল। একেটা সূত্ৰৰ মতে, বিমানবন্দৰত উপস্থিত হোৱাৰ লগে লগে ৰেকবিক "মন্ত্ৰীগৰাকীৰ সৈতে সাক্ষাৎ কৰিব নোৱাৰালৈকে চৰকাৰী বিষয়াৰ তত্ত্বাৱধানত নেচনেল অলিম্পিক একাডেমীত ৰখা হৈছিল"। ইয়াত ইৰাণৰ ক্ৰীড়া মন্ত্ৰী হামিদ ছাজ্জাদীৰ কথা কৈছে। সূত্ৰটোৱে দাবী কৰে যে ৰেকাবিয়ে “বাধ্যতামূলক বক্তব্য” দিবলৈ সন্মত নহ’লে তেওঁৰ পৰিয়ালৰ সম্পত্তি জব্দ কৰাৰ ভাবুকি দিছিল বিষয়াসকলে; ইয়াৰ উপৰি ইৰাণলৈ উভতি অহাৰ লগে লগে ৰেকাবিক "গৃহবন্দী" কৰা হয়। অৱশ্যে ইৰাণৰ বিষয়াসকলে কয় যে তেওঁ ঘৰতে আছে আৰু তেওঁক “জিৰণি লোৱাৰ প্ৰয়োজন”। [16][17]
ডিচেম্বৰ মাহত এলনাজৰ পদক বিজয়ী ভাতৃ ডাউদে এটা ধ্বংসপ্ৰাপ্ত ঘৰৰ ওচৰত কান্দি থকা দেখা গৈছিল। ভিডিঅ'টো ৰেকৰ্ডিং কৰা তথা কেমেৰাৰ আগত নিজকে পকাশ নকৰা অচিনাক্ত ব্যক্তিজনে কয়, "এই দেশত জীয়াই থকাৰ ফল এইটো। দেশৰ এজন চেম্পিয়ন, যিয়ে এই দেশৰ বাবে ইমানবোৰ পদক লাভ কৰিছে... তেওঁলোকে তেওঁক জলকীয়া ছটিয়াই ৩৯ বৰ্গমিটাৰৰ ঘৰ ভাঙি গুচি গ'ল।" [18] ইৰাণৰ সংবাদ মাধ্যমে ৰেকবীৰ পৰিয়ালৰ ঘৰ ভাঙি পেলোৱা বুলি নিশ্চিত কৰিছিল যদিও ১৬ ছেপ্টেম্বৰৰ হিজাব কাণ্ডৰ আগতে এই ধ্বংসলীলা সংঘটিত হোৱা বুলিও প্ৰকাশ কৰিছিল আৰু ঘৰটো ভাঙি পেলোৱা হৈছিল কাৰণ ইয়াত বৈধ নিৰ্মাণ অনুমতি নাছিল।[19]
ব্যক্তিগত জীৱন
[সম্পাদনা কৰক]১৯৮৯ চনত ইৰানত জন্ম লাভ কৰে।
২০২৬ চনৰ ১৩ জানুৱাৰীত ৰেকাবিয়ে ২০২৫–২০২৬ চনৰ ইৰাণৰ প্ৰতিবাদক সমৰ্থন কৰি কয় যে: "আপুনি জানে কোনখন যুদ্ধত মাত্ৰ দুদিনতে ১২,০০০ লোকৰ মৃত্যু হৈছিল?" [20]
বঁটা আৰু সন্মান
[সম্পাদনা কৰক]- ২০২২ বিবিচিৰ ১০০ গৰাকী প্ৰেৰণাদায়ক আৰু প্ৰভাৱশালী মহিলাৰ ভিতৰত অন্যতম হিচাপে স্বীকৃতি[21]
তথ্যৰ উৎস
[সম্পাদনা কৰক]- ↑ "Iranian climber's World Cup dream comes true". Euronews. 23 April 2016. https://www.euronews.com/2016/04/23/iranian-climber-s-world-cup-dream-comes-true। আহৰণ কৰা হৈছে: 5 June 2022.
- ↑ "Iran's Elnaz Rekabi Wins Gold at Sport Climbing Asia Cup". Tasnim News Agency. 29 October 2017. https://www.tasnimnews.com/en/news/2017/10/29/1559164/iran-s-elnaz-rekabi-wins-gold-at-sport-climbing-asia-cup। আহৰণ কৰা হৈছে: 5 June 2022.
- ↑ "Iranian Climber Elnaz Rekabi: Gender Not Important in Competitive Climbing". Tasnim News Agency. 23 April 2018. https://www.tasnimnews.com/en/news/2018/04/23/1707197/iranian-climber-elnaz-rekabi-gender-not-important-in-competitive-climbing। আহৰণ কৰা হৈছে: 5 June 2022.
- ↑ "Rock Climber Rekabi Keen on Jakarta Asian Games, 2020 Tokyo Olympics". Financial Tribune. 22 April 2018. Archived from the original on 28 October 2022. https://web.archive.org/web/20221028092042/https://financialtribune.com/articles/sports/85110/rock-climber-rekabi-keen-on-jakarta-asian-games-2020-tokyo-olympics। আহৰণ কৰা হৈছে: 5 June 2022.
- ↑ "Iranian woman Rekabi wins first ever medal at IFSC World Championships". Tehran Times. 22 September 2021. https://www.tehrantimes.com/news/465340/Iranian-woman-Rekabi-wins-first-ever-medal-at-IFSC-World-Championships। আহৰণ কৰা হৈছে: 5 June 2022.
- 1 2 "Worry grows for a female Iranian athlete who climbed without a hijab" (en ভাষাত). NPR. 18 October 2022. https://www.npr.org/2022/10/18/1129624385/worry-grows-for-a-female-iranian-athlete-who-climbed-without-hijab.
- ↑ "Opinion | Why Iran's leaders are so scared of a rock climber". MSNBC. https://www.msnbc.com/opinion/msnbc-opinion/iranian-rock-climber-s-hijab-protest-was-brave-will-be-n1300073.
- ↑ "Watch: Athlete competes without hijab, defying Iran's diktat for female players". Hindustan Times. 17 October 2022. https://www.hindustantimes.com/world-news/iran-anti-hijab-protests-elnaz-rekabi-news-watch-athlete-competes-without-hijab-defying-iran-s-diktat-for-female-players-101665982112850.html। আহৰণ কৰা হৈছে: 17 October 2022.
- ↑ "Iranian female rock climber goes missing – BBC". 18 October 2022. https://www.jpost.com/middle-east/iran-news/article-719896.
- 1 2 "Fears for Iranian climber Elnaz Rekabi after she competed in Seoul without a hijab" (en ভাষাত). the Guardian. 18 October 2022. https://www.theguardian.com/world/2022/oct/18/fears-for-iranian-climber-elnaz-rekabi-after-she-competed-in-seoul-without-a-hijab। আহৰণ কৰা হৈছে: 18 October 2022.
- ↑ Gritten, David (18 October 2022). "Elnaz Rekabi: Iranian climber 'says hijab fell off accidentally' at competition" (en-GB ভাষাত). BBC News. https://www.bbc.com/news/world-middle-east-63297219.
- ↑ GAMBRELL, JON (19 October 2022). "Iran's Elnaz Rekabi, who competed without hijab, in Tehran". AP News. https://apnews.com/article/iran-sports-dubai-united-arab-emirates-south-korea-32095d4c12d11a5695cdd59e2ece79e7.
- ↑ Elnaz Rekabi: Crowd greet Iranian climber who broke hijab rule on return BBC News, 19 October 2022
- ↑ Bisset, Victoria (2022-10-19). "Iranian climber who competed without hijab welcomed by crowds in Tehran" (en-US ভাষাত). The Washington Post. ISSN 0190-8286. https://www.washingtonpost.com/world/2022/10/19/iranian-climber-elnaz-rekabi-crowds-iran/.
- ↑ Wintour, Patrick (2022-10-19). "Iranian climber who competed without hijab met by jubilant crowds in Tehran" (en-GB ভাষাত). The Guardian. ISSN 0261-3077. https://www.theguardian.com/world/2022/oct/19/elnaz-rekabi-iranian-climber-who-competed-without-a-hijab-met-by-jubilant-crowds-in-tehran-iran.
- ↑ Ghobadi, Parham. "Iran: Climber Elnaz Rekabi apology was forced, source says". BBC. https://www.bbc.com/news/world-middle-east-63334212.
- ↑ "Call to protect Iran climber after reported house arrest". France24. 21 October 2022. https://www.france24.com/en/live-news/20221021-call-to-protect-iran-climber-after-reported-house-arrest.
- ↑ "Iranian athlete's family home demolished by officials, media outlet says" (en ভাষাত). CNN. 2 December 2022. https://www.cnn.com/2022/12/02/middleeast/iran-climber-home-intl/index.html.
- ↑ "Elnaz Rekabi: Family home of Iranian climber demolished". BBC News. 3 December 2022. https://www.bbc.com/news/world-middle-east-63847173.
- ↑ https://www.iranintl.com/202601135569
- ↑ "BBC 100 Women 2022: Who is on the list this year?" (en ভাষাত). 6 December 2022. https://www.bbc.co.uk/news/resources/idt-75af095e-21f7-41b0-9c5f-a96a5e0615c1। আহৰণ কৰা হৈছে: 7 December 2022.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]| ৱিকিমিডিয়া কমন্সত এলনাজ ৰেকাবি সম্পৰ্কীয় মিডিয়া ফাইল আছে। |