এলবাৰ্ট হল সংগ্ৰহালয়
| এলবাৰ্ট হল সংগ্ৰহালয় | |
|---|---|
চেমুৱেল ছুইণ্টন জেকবে ডিজাইন কৰা সংগ্ৰহালয় ভৱন | |
| প্ৰতিষ্ঠা | ১৮৮৭ |
| অৱস্থিতি | ৰাম নিবাস গাৰ্ডেন, জয়পুৰ, ৰাজস্থান |
| গৰাকী | ৰাজস্থান চৰকাৰ |
এলবাৰ্ট হল সংগ্ৰহালয় ৰাজস্থানৰ আটাইতকৈ পুৰণি সংগ্ৰহালয় আৰু এইটো ৰাজস্থানৰ ৰাজ্যিক সংগ্ৰহালয়। নিউ গেটৰ বিপৰীতে জয়পুৰৰ চিটি ৱালৰ বাহিৰত ৰাম নিবাস বাগিচাত অৱস্থিত এই ভৱনটো ভাৰত-ছাৰাচেনিক স্থাপত্যৰ এক সুন্দৰ উদাহৰণ। ইয়াক চৰকাৰী কেন্দ্ৰীয় সংগ্ৰহালয় বুলিও কোৱা হয়। ইয়াৰ বিভিন্ন সংগ্ৰহৰ বাবে এলবাৰ্ট হল সংগ্ৰহালয়ক ১৯ শতিকাৰ অন্যতম শ্ৰেষ্ঠ সংগ্ৰহালয় হিচাপে গণ্য কৰা হৈছিল। ২০০৮ চনত ইয়াৰ সংস্কাৰ কৰি ভাৰতৰ অন্যতম উন্নত সংগ্ৰহালয় হিচাপে পুনৰ মুকলি কৰা হয়।
ইতিহাস
[সম্পাদনা কৰক]চেমুৱেল ছুইণ্টন জেকবে মিৰ টুজুমুল হুছেইনৰ সহায়ত এই ভৱনটোৰ ডিজাইন কৰিছিল আৰু ১৮৮৭ চনত ৰাজহুৱা সংগ্ৰহালয় হিচাপে মুকলি কৰা হৈছিল। মহাৰাজা ৰাম সিঙে প্ৰথম অৱস্থাত এই ভৱনটো টাউন হল হোৱাটো বিচাৰিছিল যদিও তেওঁৰ উত্তৰাধিকাৰী দ্বিতীয় মাধো সিঙে সিদ্ধান্ত লয় যে জয়পুৰৰ কলাৰ বাবে এটা সংগ্ৰহালয় হোৱা উচিত আৰু ইয়াক নতুন ৰাম নিবাস উদ্যানৰ অংশ হিচাপে অন্তৰ্ভুক্ত কৰিব লাগে।
১৮৭৬ চনৰ ৬ ফেব্ৰুৱাৰীত ৱেলছৰ ৰাজকুমাৰ হিচাপে চহৰখন ভ্ৰমণৰ সময়ত ইয়াৰ আধাৰশিলা স্থাপন কৰা সপ্তম এডৱাৰ্ড (আলবাৰ্ট এডৱাৰ্ড)ৰ নামেৰে ইয়াৰ নামকৰণ কৰা হৈছে।[1] সংগ্ৰহালয়ৰ প্ৰতিষ্ঠাপকসকলে বহুতো শিল্পকৰ্মৰ উত্তম উদাহৰণ সংগ্ৰহ কৰিছিল আৰু কেতিয়াবা কিছুমান টুকুৰাও নিৰ্মাণ কৰিছিল। কৰ্ণেল টমাছ এইচ হেণ্ডলেক সংগ্ৰহটোৰ কিউৰেটৰ দায়িত্ব দিয়া হৈছিল। মহাৰাজা আৰু হেণ্ডলেক তেওঁলোকৰ সপোনক বাস্তৱায়িত কৰাত সহায় কৰিছিল চেমুৱেল ছুইণ্টন জেকব নামৰ এজন যুৱ অভিযন্তাই, যিয়ে লোক নিৰ্মাণ বিভাগৰ নেতৃত্ব প্ৰদান কৰিছিল।[2]
সংগ্ৰহ
[সম্পাদনা কৰক]সংগ্ৰহালয়টোত চিত্ৰকলা, গহনা, কাৰ্পেট, হাতীদাঁত, শিল, ধাতুৰ ভাস্কৰ্য্য আৰু স্ফটিকৰ কলাকৃতিকে ধৰি বহুতো সামগ্ৰীৰ সংগ্ৰহ আছে।[3] এই সংগ্ৰহত গুপ্ত, কুষাণ, দিল্লী চুলতানী, মোগল আৰু ব্ৰিটিছ যুগৰ মুদ্ৰা আছে।[4]
এই চমৎকাৰ সংগ্ৰহ হেণ্ডলেৰ প্ৰয়াসৰ ফল, যিয়ে স্থানীয় কৌশল আৰু শিল্পকলা সংৰক্ষণ কৰিব আৰু জয়পুৰবাসীৰ ওচৰত আন ঠাইৰ শ্ৰেষ্ঠ কাৰুকাৰ্য্য প্ৰদৰ্শন কৰিব বিচৰিছিল। অস্ত্ৰ-শস্ত্ৰ, কৱচ, ভাস্কৰ্য্য; জাপান, শ্ৰীলংকা, ম্যানমাৰ, হাংগেৰী, জাৰ্মানী, অষ্ট্ৰিয়া আদিৰ পৰা অহা আন্তৰ্জাতিক শিল্প, মৃৎশিল্প, কাৰ্পেট, গহনা, বাদ্যযন্ত্ৰ, হাতীদাঁত, কাঠৰ কাম, শিলৰ কামকে ধৰি ১৯ হাজাৰ বস্তুৰ ভঁৰাল হেণ্ডলেই সংগ্ৰহ কৰিছিল। সংগ্ৰহত ইজিপ্তৰো বহুতো বস্তু আছে। ইজিপ্তৰ এটা মামি এই সংগ্ৰহালয়ৰ মূল আকৰ্ষণ। ১৭ শতিকাৰ পাৰ্চী বাগিচাৰ কাৰ্পেট আৰু বহুতো প্ৰাচীন ভাস্কৰ্য্য সংগ্ৰহালয়টোৰ লোভনীয় সম্পদ। সংগ্ৰহালয়ৰ বাবে অসংখ্য কাঁহ আৰু ধাতুৰ বস্তুও আহৰণ কৰা হৈছিল।[5] সংগ্ৰহবোৰ বিভিন্ন গেলেৰীত বিভক্ত - মৃৎশিল্পৰ সংগ্ৰহ হৈছে সকলোতকৈ ডাঙৰ আৰু সকলোতকৈ বিবিধতাপূৰ্ণ, য’ত ভাৰতৰ বিভিন্ন স্থানৰ লগতে প্ৰাচ্য আৰু প্ৰাশ্চাত্য বিশ্বতকৈ উত্তম নমুনা।
প্ৰসংগ
[সম্পাদনা কৰক]- ↑ "Jaipur City (or Jainagar)". The Imperial Gazetteer of India. 1909. পৃষ্ঠাসমূহ: 402. Archived from the original on 2024-06-03. https://web.archive.org/web/20240603091707/https://dsal.uchicago.edu/reference/gazetteer/pager.html?objectid=DS405.1.I34_V13_408.gif। আহৰণ কৰা হৈছে: 2025-02-19.
- ↑ Singh, Chandramani (2009) (English ভাষাত). Treasures of the Albert Hall Museum Jaipur (1st সম্পাদনা). প্ৰকাশক Jaipur: Mapin Publishing. পৃষ্ঠা. 8. ISBN 9781890206000.
- ↑ "Albert Hall Museum Jaipur - Albert Hall Museum Jaipur Rajasthan - Albert Hall Rajasthan India" (en ভাষাত). www.rajasthan-tourism.org. http://www.rajasthan-tourism.org/prime-attractions/albert-museum.html। আহৰণ কৰা হৈছে: 2018-10-22.
- ↑ India, Government of. "Albert Hall Museum, Jaipur". alberthalljaipur.gov.in. Archived from the original on 2018-10-21. https://web.archive.org/web/20181021190806/http://alberthalljaipur.gov.in/displaycontents/view/49। আহৰণ কৰা হৈছে: 2018-10-21.
- ↑ Treasures of the Albert Hall Museum Jaipur. 2009. পৃষ্ঠা. 16. ISBN 9781890206000. https://books.google.com/books?id=Zy3qlAEACAAJ.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]| ৱিকিমিডিয়া কমন্সত Albert Hall Museum সম্পৰ্কীয় মিডিয়া ফাইল আছে। |