এলা
| এলা | |||||||||||||||
|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|
| জন্ম | নৰ জিলা বিন্তি আমিনুদ্দিন ৩১ জুলাই, ১৯৬৬ (৬০ বছৰ) গেলুগৰ, পুলাউ পিনাং, মালয়েছিয়া | ||||||||||||||
| পেচা | গায়িকা, অভিনেত্ৰী, সংগীতজ্ঞ, মডেল | ||||||||||||||
| সক্ৰিয় হৈ থকা সময় | ১৯৮৫–বৰ্তমান | ||||||||||||||
| গৃহস্থান | গেলুগৰ, পুলাউ পিনাং | ||||||||||||||
| পদবী | মালয়েছিয়াৰ ৰক ৰাণী | ||||||||||||||
| দাম্পত্যসঙ্গী | Azhar Husaini Ghazali (বি. ২০১২) | ||||||||||||||
| |||||||||||||||
নৰ জিলা হাজি আমিনুদ্দিন (জন্ম ৩১ জুলাই ১৯৬৬; এলা নামে অধিক পৰিচিত) মালয়েছিয়াৰ এগৰাকী গায়িকা, সংগীতজ্ঞ আৰু অভিনেত্ৰী।[1][2][3]
তেওঁ পুলাউ পিনাংৰ গেলুগৰত জন্মগ্ৰহণ কৰিছিল। তেওঁৰ সংগীত জীৱন ১৯৮৩ চনত আৰম্ভ হয়, যেতিয়া তেওঁ ১৭ বছৰ বয়সত মুনৰেকাৰ নামৰ এটা সংগীত দলত যোগদান কৰিছিল। পিছত তেওঁ সেই দল এৰি নাইট ক্লাবত গায়িকা হিচাপে কাম আৰম্ভ কৰে। নাইট ক্লাব গায়িকা হিচাপে সফলতা লাভ কৰাৰ পিছত, তেওঁৰ প্ৰতিভা দ্য বয়চ নামৰ ৰক দলৰ দৃষ্টিগোচৰ হয় আৰু পিছত দলটো এলা এণ্ড দ্য বয়চ নামেৰে জনপ্ৰিয় হয়। এই দলটোৱে ডুৱা ইনচান বাৰচিন্তা গীতৰ জৰিয়তে বিশেষ জনপ্ৰিয়তা লাভ কৰে।[4][5]
১৯৮৭ চনত এলাই এলা এণ্ড দ্য বয়চ এৰি দিয়াৰ পিছত একক গায়িকা হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰে আৰু ৱাৰ্ণাৰ মিউজিক মালয়েছিয়াৰ সৈতে চুক্তিবদ্ধ হয়। তেওঁৰ প্ৰথম একক এলবাম পেংগেমিছ চিন্তা (১৯৮৯) মুক্তি পায় আৰু ১,০০,০০০তকৈ অধিক কপি বিক্ৰী হয়।[6][7] এই এলবামটোৰ জনপ্ৰিয় গীতসমূহৰ ভিতৰত "পেংগেমিছ চিন্তা" আৰু "পাৰমাটা বিৰু" অন্তৰ্ভুক্ত। তাৰ পিছত তেওঁ পুতেৰী কোটা (১৯৯০), ৩০১১০ (১৯৯২) আৰু এলা ইউএছএ (১৯৯৪) আদি বহুতো সফল এলবাম মুক্তি দিয়ে।
সংগীতৰ উপৰিও তেওঁ অভিনয় জগততো কাম কৰে আৰু বায়াংগান মাউত (১৯৯১), পেমবুৰু বায়াং (১৯৯৩) আৰু হান্যা কাৱান (১৯৯৭) চলচ্চিত্ৰত অভিনয় কৰে।[8] তেওঁ L.A. Gear, Levi's আৰু Canon আদি আন্তঃৰাষ্ট্ৰীয় ব্ৰেণ্ডৰ দূত হিচাপেও কাম কৰিছে।
তেওঁৰ কেৰিয়াৰৰ উল্লেখযোগ্য সাফল্যসমূহৰ ভিতৰত আছে মালয়েছিয়াৰ প্ৰথম মহিলা শিল্পী হিচাপে ভিডিঅ' এলবাম ৰেকৰ্ড কৰা, যুক্তৰাষ্ট্ৰত সম্পূৰ্ণ এলবাম ৰেকৰ্ড কৰা আৰু দ্য মালয়েছিয়া বুক অৱ ৰেকৰ্ডছত "সৰ্বাধিক এলবাম বিক্ৰী কৰা মহিলা শিল্পী" হিচাপে অন্তৰ্ভুক্ত হোৱা। তেওঁ কমনৱেলথ গেমছৰ থিম গীত গোৱা একমাত্ৰ মালয়েছিয়ান শিল্পী।
মাধ্যমসমূহে তেওঁক মালয়েছিয়াৰ ৰক ৰাণী বুলি অভিহিত কৰিছে। তেওঁ মালয়েছিয়াৰ ৰক সংগীতত সফলভাৱে আধিপত্য বিস্তাৰ কৰা অন্যতম মহিলা গায়িকা হিচাপে পৰিচিত। ইয়াৰ উপৰিও, তেওঁ লাইভ সংগীত অনুষ্ঠানৰ বাবে সৰ্বাধিক পাৰিশ্ৰমিক লাভ কৰা শিল্পীসকলৰ ভিতৰত অন্যতম।
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ Ramlah Zainal (28 November 2018). "Tak pernah kejar gelaran 'Datuk'". Harian Metro. https://www.hmetro.com.my/rap/2018/11/399118/tak-pernah-kejar-gelaran-datuk.
- ↑ "Bukan gelaran, pangkat dikejar Ella". Malaysiakini. 29 November 2018. https://www.malaysiakini.com/hiburan/453883.
- ↑ Norenshah Sahari (11 April 1994). "Ella's ball game with music" (en ভাষাত). The New Paper. পৃষ্ঠা 32. https://eresources.nlb.gov.sg/newspapers/Digitised/Article/newpaper19940411-1.2.39.3.
- ↑ Azman Siraj (3 September 1987). "'Tarungan' kumpulan muzik dalam album baru". Berita Harian Singapura. পৃষ্ঠা 5. https://eresources.nlb.gov.sg/newspapers/Digitised/Article/beritaharian19870903-1.2.13.7.4.
- ↑ Murshid Eunos (7 June 2009). "Anjakan Ella". Metro Ahad. https://www.klik.com.my/item/story/4627329/anjakan-ella.
- ↑ Kharleez Zubin (29 January 1993). "Ella poised for world fame" (en ভাষাত). New Straits Times. https://www.klik.com.my/item/story/951119/ella-poised-for-world-fame.
- ↑ Marina Abdul Ghani (15 March 1996). "Ella's on a roll" (en ভাষাত). The Malay Mail. https://www.klik.com.my/item/story/644953/ella-s-on-a-roll.
- ↑ "Ella tidak serik berlakon". Berita Harian Singapura. 11 April 1991. পৃষ্ঠা 6. https://eresources.nlb.gov.sg/newspapers/Digitised/Article/beritaharian19910411-1.2.14.12.2.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]- ইনষ্টাগ্ৰামত এলা
- এলা সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।