এলান অক্টেভিয়ান হিউম
এলান অক্টেভিয়ান হিউম | |
|---|---|
এলান অক্টেভিয়ান হিউম (১৮২৯–১৯১২) (scanned from a Woodburytype) | |
| ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰতিষ্ঠাপক | |
| কাৰ্যকাল ১৮৮৫ – ১৮৮৭ | |
| ব্যক্তিগত তথ্য | |
| জন্ম | ০৪ জুন, ১৮২৯ লণ্ডন, ইংলেণ্ড |
| মৃত্যু | ৩১ জুলাই, ১৯১২ (৮৩ বছৰ) লণ্ডন, ইংলেণ্ড |
| দাম্পত্যসঙ্গী | মেৰী এন্নে গ্ৰীণ্ডেল (বি. ১৮৫৩) |
| সন্তান | মাৰিয়া জেন মিনি বাৰ্নলি |
| পিতৃ-মাতৃ | জোচেফ হিউম (পিতৃ) মাৰিয়া বাৰ্নলি (মাতৃ) |
| সম্বন্ধীয় | মেৰী হিউম-ৰথাৰী (ভগ্নী) |
| শিক্ষানুষ্ঠান | ইউনিভাৰ্চিটি কলেজ হাস্পতাল ইষ্ট ইণ্ডিয়া কোম্পানী কলেজ |
| পেচা |
|
| প্ৰখ্যাত | ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰতিষ্ঠাতা ভাৰতীয় পক্ষী বিজ্ঞানৰ পিতৃ ছাউথ লণ্ডন ব’টানিকেল ইনষ্টিটিউটৰ প্ৰতিষ্ঠাপক]] |
| স্বাক্ষৰ | |
এলান অক্টেভিয়ান হিউম (ইংৰাজী: Allan Octavian Hume; জন্ম:৪ জুন, ১৮২৯ – মৃত্যু:৩১ জুলাই, ১৯১২) এলান অক্টোভিয়ান হিউম আছিল ব্ৰিটিছ ভাৰতত কাম কৰা এগৰাকী ব্ৰিটিছ ৰাজনৈতিক সংস্কাৰক, পক্ষীবিদ, বৃটিছ চৰকাৰৰ কৰ্মচাৰী আৰু উদ্ভিদবিদ। লগতে আছিল ভাৰতীয় জাতীয় কংগ্ৰেছৰ মূল প্ৰতিষ্থাপক আছিল। তেওঁ ভাৰতীয় স্বশাসনৰ সমৰ্থক আছিল আৰু ভাৰতীয় স্বাধীনতাৰ ধাৰণাক তীব্ৰ সমৰ্থন কৰিছিল[1]এজন উল্লেখযোগ্য পক্ষীবিজ্ঞানী হিউমক "ভাৰতীয় পক্ষীবিজ্ঞানৰ পিতৃ" বুলি অভিহিত কৰা হয়।[2]
প্ৰাৰম্ভিক জীৱন
[সম্পাদনা কৰক]লণ্ডনৰ ৱেষ্টমিনিষ্টাৰত জন্মগ্ৰহণ কৰা হিউম আছিল মাক-দেউতাকৰ কনিষ্ঠ সন্তান।[3] এঘাৰ বছৰ বয়সলৈকে তেওঁ লণ্ডনৰ ৬ ব্ৰাইয়ানষ্টন স্কোৱাৰৰ টাউন হাউচ আৰু নৰ্ফকৰ তেওঁলোকৰ দেশীয় বাগিছা বাৰ্নলি হলত ডাঙৰ হৈ ব্যক্তিগতভাৱে ঘৰুৱা শিক্ষকে পঢ়া-শুনা কৰাইছিল। ডাঙৰ হৈ হিউমে ইউনিভাৰ্চিটি কলেজ হাস্পতালত শিক্ষা গ্ৰহণ কৰে। ইয়াত তেওঁ চিকিৎসা আৰু অস্ত্ৰোপচাৰৰ বিষয়ে অধ্যয়ন কৰে [4] আৰু তাৰ পিছত ভাৰতীয় অসামৰিক সেৱালৈ মনোনীত হয় যাৰ ফলত তেওঁ হেলিবেৰীৰ ইষ্ট ইণ্ডিয়া কোম্পানী কলেজত অধ্যয়ন কৰে। তেওঁৰ বন্ধু জন ষ্টুৱাৰ্ট মিল আৰু হাৰ্বাৰ্ট স্পেন্সৰ আদিয়ে তেওঁৰ জীৱনত প্ৰভাৱ পেলাইছিল। ১৮৪২ চনত ভূমধ্যসাগৰত নৌসেনাৰ জাহাজত তেওঁ কিছুসময়ৰ বাবে জুনিয়ৰ মিডশ্বিপমেন হিচাপে কাম কৰিছিল।
অসামৰিক সেৱা
[সম্পাদনা কৰক]ইটাৱা (১৮৪৯–১৮৬৭)
১৮৪৯ চনত হিউমে জাহাজেৰে ভাৰতলৈ আহে আৰু কলিকতা পোৱাৰ লগে লগে তেওঁ তেওঁৰ ভতিজা জেমছ হিউমৰ [5] লগত থাককিবলৈ লয়। পিছৰ বছৰত তেওঁ বৰ্তমানৰ উত্তৰ প্ৰদেশৰ উত্তৰ-পশ্চিম প্ৰদেশৰ ইটাৱাত বংগ অসামৰিক সেৱাত যোগদান কৰে। ভাৰতত তেওঁৰ কেৰিয়াৰৰ ভিতৰত ১৮৪৯ চনৰপৰা ১৮৬৭ চনলৈকে জিলা বিষয়া, ১৮৬৭ চনৰপৰা ১৮৭০ চনলৈকে এটা কেন্দ্ৰীয় বিভাগৰ মুৰব্বী আৰু ১৮৭০ চনৰপৰা ১৮৭৯ চনলৈকে চৰকাৰৰ সচিব হিচাপে সেৱা আগবঢ়াইছিল। [6] ১৮৫৩ চনত ৰিভাৰ্ছ ফ্ৰান্সিছ গ্ৰীণ্ডেল (১৭৮৬–১৮৩২)ৰ কন্যা মেৰী এন্নে (২৬ মে' ১৮২৪, মীৰুট – ৩০ মাৰ্চ ১৮৯০, চিমলা)ক বিয়া কৰায়। [7][8] ১৮৫৩ চনত মৌচৰীত তেওঁৰ এটা ঘৰ আছিল আৰু সম্ভৱতঃ এই ঘৰটো গ্ৰীষ্মকালত ব্যৱহাৰ কৰা হৈছিল।[9] ভাৰতত প্ৰৱেশৰ মাত্ৰ ৯ বছৰৰ পিছতহে হিউমে ১৮৫৭ চনৰ ভাৰতীয় চিপাহী বিদ্ৰোহৰ সন্মুখীন হয় আৰু এই সময়ছোৱাত তেওঁ কেইবাটাও সামৰিক কাৰ্য্যত জড়িত হয়। [10][11] যাৰ বাবে তেওঁ ১৮৬০ চনত ছমাহধৰি বাথৰ সহযোগী হিচাপে থাকিবলগীয়া হয়।
১৮৫৭ চনৰ কিছু সময়ৰ পিছতে তেওঁ একাধিক সংস্কাৰৰ কাম আৰম্ভ কৰে। ভাৰতীয় অসামৰিক সেৱাৰ জিলা বিষয়া হিচাপে তেওঁ বিনামূলীয়া প্ৰাথমিক শিক্ষাৰ প্ৰৱৰ্তন আৰম্ভ কৰে আৰু এই উদ্দেশ্যে প্ৰসাৰৰ বাবে তেওঁ ৰাজহুৱা সভা অনুষ্ঠিত কৰে। তেওঁ আৰক্ষী বিভাগৰ কাম-কাজ আৰু ন্যায়িক ভূমিকা পৃথক কৰাৰ ক্ষেত্ৰত সালসলনি কৰিছিল। শিক্ষামূলক বিষয়বস্তুৰ সৈতে পঠন সামগ্ৰী অতি কম হোৱাটো লক্ষ্য কৰি তেওঁ ১৮৫৯ চনত কৌৰ লুচমান সিঙৰ সৈতে হিন্দী ভাষাৰ সাময়িকী লোকমিত্ৰ (জনতাৰ বন্ধু) আৰম্ভ কৰে। মূলতঃ কেৱল ইটাৱাৰ বাবেই ইয়াৰ খ্যাতি বিয়পি পৰে।হিউমে উৰ্দুৰ এখন আলোচনী "মুহিব-ই-ৰিয়াও" ৰো পৃষ্ঠপোষকতা আৰু পৰিচালনা কৰিছিল।[12]
শুল্ক আয়ুক্ত (১৮৬৭–১৮৭০)
[সম্পাদনা কৰক]১৮৬৭ চনত হিউমে উত্তৰ-পশ্চিম প্ৰদেশৰ শুল্ক আয়ুক্ত হয় আৰু ১৮৭০ চনত তেওঁ কেন্দ্ৰীয় চৰকাৰৰ সৈতে কৃষি সঞ্চালক প্ৰধান হিচাপে নিযুক্ত হয়। ১৮৭৯ চনত তেওঁ এলাহাবাদত প্ৰাদেশিক চৰকাৰলৈ উভতি আহে। নিমখৰ গতিবিধি নিয়ন্ত্ৰণ কৰা শুল্ক বিভাগৰ ৰক্ষণাবেক্ষণৰ বোজা হ্ৰাস কৰাৰ বাবে তেওঁ কাম কৰে। ২৫০০ মাইল দীঘল অভ্যন্তৰীণ শুল্ক লাইন তথা বেছি বাধা আছিল। হিউমে কৰা কামৰ অগ্ৰগতিৰ বাবে লৰ্ড মেয়'ই পদোন্নতি দিয়ে আৰু তেওঁক সচিব পদৰ পুৰস্কৃত কৰে আৰু ১৮৭১ চনত ৰাজহ আৰু কৃষি বিভাগলৈ স্থানান্তৰিত হয়। [13][7]
ভাৰতীয় জাতীয় কংগ্ৰেছ
[সম্পাদনা কৰক]হিউমে ভাৰত সমৰ্থক কাৰ্যকলাপৰ বাবে বিখ্যাত আছিল। তেওঁৰ মতে ভাৰতত ব্ৰিটিছ শাসন বিফল হৈছে আৰু কোনো ধৰণৰ ভাল মনোযোগৰ অভাৱৰ বাবে নহয় বৰঞ্চ অপৰ্যাপ্ত জ্ঞানৰ বাবে।
ডেকান আৰু বম্বেত কৃষক বিদ্ৰোহ আৰম্ভ হৈছিল আৰু পট্টাভি সীতাৰমায়্যাৰ দৰে কিছুমান পুৰণি লেখকৰ মতে ভাৰতীয় জনগণৰ অধিক বিদ্ৰোহৰ পৰা হাত সাৰিবলৈ ভাৰতীয়লোকৰ নিজা সংঘ এটা ভাল নিৰাপত্তা ভালভ আৰু আউটলেট হিচাপে থকাটো মত প্ৰকাশ কৰিছিল। কংগ্ৰেছৰ উৎপত্তিৰ এই তথাকথিত "নিৰাপত্তা ভালভ" তত্ত্ব, প্ৰথমে প্ৰৱৰ্তন কৰা উমেশ চন্দ্ৰ বেনাৰ্জী গোপন প্ৰতিবেদনৰ সাতটা খণ্ড কাল্পনিক বুলি ভিত্তি কৰি খণ্ডন কৰা হৈছে।
তথ্য উৎস
[সম্পাদনা কৰক]- ↑ https://www.jstor.org/stable/24701107
- ↑ Ali, S. (1979). Bird study in India: Its history and its importance. Azad Memorial lecture for 1978. Indian Council for Cultural Relations. New Delhi. https://archive.org/details/AzadMemorialBirds.
- ↑ Moulton (2004); Encyclopædia Britannica confused this with St.Mary Kent, while some older sources give his birthplace as Montrose, Forfarshire. The baptism register at St. Mary's, Bryanston Square records the date of registration as 15 July.
- ↑ "University of London". Morning Post (British Newspaper Archive). 16 July 1845. http://www.britishnewspaperarchive.co.uk/viewer/bl/0000174/18450716/007/0004.
- ↑ Mehrotra, S.R. (1979). Towards India's freedom and partition. প্ৰকাশক New Delhi: Vikas Publishing House. পৃষ্ঠা. 45. https://archive.org/details/dli.bengal.10689.12892/page/n57/mode/1up.
- ↑ Wedderburn (1913):3.
- ↑ 7.0 7.1 Moulton, Edward (2003). "The Contributions of Allan O. Hume to the Scientific Advancement of Indian Ornithology". Petronia: Fifty Years of Post-Independence Ornithology in India. প্ৰকাশক New Delhi, India: BNHS, Bombay & Oxford University Press. পৃষ্ঠা. 295–317. https://archive.org/details/moulton-hume.
- ↑ Robson, John (2012). "Richard Grindall (1751-1820). Reprinted from Cook's Log 35(2):30". https://www.captaincooksociety.com/cooks-life/people/cooks-officers-and-crew-and-contemporaries/richard-grindall-1751-1820.
- ↑ Hume, A.O.; Marshall, C.H.T. (1879). The Game Birds of India, Burmah, and Ceylon. Volume I. v.1. প্ৰকাশক Calcutta: A.O. Hume and Marshall. পৃষ্ঠা. 174. https://www.biodiversitylibrary.org/page/41961461.
- ↑ Keene, H.G. (1883). "Indian Districts during the Revolt". The Army and Navy Magazine খণ্ড 6: 97–109. https://archive.org/stream/armyandnavymaga00rngoog#page/n112/mode/2up.
- ↑ Keene, Henry George (1883). Fifty-Seven. Some account of the administration of Indian Districts during the revolt of the Bengal Army. প্ৰকাশক London: W.H.Allen and Co.. পৃষ্ঠা. 58–67. https://archive.org/stream/fiftysevensomeac00keenrich#page/52/mode/2up.
- ↑ Memorandum by M. Kempson, Director of Public Instruction, NWP, dated 19-April-1870. Home Department Proceedings April 1877. National Archives of India.
- ↑ Lydekker, R. (1913). Catalogue of the Heads and Horns of Indian Big Game bequeathed by A. O. Hume, C. B., to the British Museum. British Museum of Natural History. https://archive.org/details/catalogueofheads00britrich.