সমললৈ যাওক

এলাহেহ মহম্মদী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
এলাহেহ মহম্মদী
[[File:|frameless|alt=]]
স্থানীয় নাম Persian: الهه محمدی
জন্ম ৯ মে', ১৯৮৭ (৩৯ বছৰ)
পেচা সাংবাদিক
জনা যায় মাহছা আমিনীৰ অন্ত্যেষ্টিক্ৰিয়া আৰু পৰৱৰ্তী গ্ৰেপ্তাৰৰ প্ৰতিৱেদন।

এলাহেহ মহম্মদী (ইংৰাজী: Elahe Mohammadi) জন্ম: ৯ মে' ১৯৮৭) এগৰাকী ইৰাণী মহিলা সাংবাদিক। তেওঁ দৈনিক কাকত হাম-মিহানত সামাজিক আৰু মহিলা বিষয়ৰ ওপৰত প্ৰতিৱেদন প্ৰকাশ কৰিছিল। তেওঁ বহু বছৰ ধৰি ৰাজ্য নিয়ন্ত্ৰিত সংবাদ মাধ্যম যেনে শ্বাহৰবান্দ, খবৰ অনলাইন, ইতমাদ অনলাইনত কাম কৰি আহিছে।[1] ২০২৩ চনত টাইম আলোচনীয়ে তেওঁক বিশ্বৰ ১০০ জন প্ৰভাৱশালী ব্যক্তিৰ ভিতৰত অন্যতম বুলি অভিহিত কৰে।

২০২২ চনৰ ছেপ্টেম্বৰ মাহত মাহছা আমিনিৰ অন্ত্যেষ্টিক্ৰিয়াৰ বাতৰি পৰিৱেশন কৰাৰ অভিযোগত ইৰাণৰ নিৰাপত্তা বাহিনীয়ে মহম্মদীক গ্ৰেপ্তাৰ কৰিছিল। [2]

মাহছা আমিনিৰ অন্ত্যেষ্টিক্ৰিয়া আৰু গ্ৰেপ্তাৰৰ প্ৰতিৱেদন

[সম্পাদনা কৰক]

ইৰাণৰ হাম-মিহান কাকতৰ বাবে ২২বছৰীয়া মাহছা আমিনিৰৰ অন্ত্যেষ্টিক্ৰিয়াৰ বাতৰি পৰিৱেশন কৰি থাকোঁতে স্তম্ভিত হৈ পৰে মহম্মদ। তেহৰাণৰ কুখ্যাত নৈতিকতা আৰক্ষীয়ে মাহছাক গ্ৰেপ্তাৰ কৰে, তাৰ পিছত তিনিদিন ক'মাত থাকি ১৬ ছেপ্টেম্বৰত মৃত্যু হয়।[3]

বিভাগীয় কৰ্তৃপক্ষই মহম্মদক সোধা-পোছাৰ বাবে মাতিছিল যদিও ২০২২ চনৰ ২৯ ছেপ্টেম্বৰত চোৰাংচোৱা মন্ত্ৰ্যালয়ৰ কাৰ্যালয়লৈ যোৱাৰ পথত নিৰাপত্তা বাহিনীয়ে তেওঁক গ্ৰেপ্তাৰ কৰে। মহম্মদৰ অধিবক্তা মহম্মদ আলী কামফিৰজীয়ে তেওঁৰ ছ’চিয়েল মিডিয়া পেজত এই কথা ঘোষণা কৰে। [4][1][5]

২০২২ চনৰ ৪ নৱেম্বৰত ইছলামিক ৰিভল্যুচনেৰী গাৰ্ড কৰ্পছ আৰু চোৰাংচোৱা মন্ত্ৰ্যালয়ে এক যৌথ বিবৃতি প্ৰকাশ কৰি কোনো প্ৰমাণ নোহোৱাকৈ কেইবাটাও দাবী উত্থাপন কৰে। বিবৃতিটোত মহম্মদী আৰু আন এগৰাকী মহিলা সাংবাদিক নিলৌফাৰ হামিদীক বিদেশী এজেণ্ট বুলি অভিযোগ উত্থাপন কৰা হৈছে। তেওঁলোকৰ বিৰুদ্ধে অভিযোগ উঠিছিল যে তেওঁলোকে “পশ্চিমীয়া আৰু জিয়নিষ্ট চোৰাংচোৱা সংস্থাসমূহে” চলোৱা “বহুমাত্ৰিক যুদ্ধ”ত লিপ্ত হৈছিল যাৰ লক্ষ্য আছিল “সমাজৰ বিভিন্ন অংশক, বিশেষকৈ মহিলাৰ সৈতে জড়িতসকলক প্ৰভাবিত কৰাৰ বাবে গুৰুতৰ আৰু দীৰ্ঘম্যাদী পৰিকল্পনা প্ৰস্তুত কৰা”।[6]

২০২৩ চনৰ ছেপ্টেম্বৰ মাহত তেওঁৰ ভগ্নী এলনাজ মহম্মদীক তিনি বছৰৰ কাৰাদণ্ড বিহা হৈছিল। [7]

আইনী কাৰ্য্যবিধি আৰু দোষমুক্ত কৰা

[সম্পাদনা কৰক]

২০২৪ চনৰ ১১ আগষ্টত মহম্মদীৰ অধিবক্তাই ঘোষণা কৰে যে সাংবাদিকগৰাকীক "এখন শত্ৰুতাপূৰ্ণ বিদেশী চৰকাৰ আমেৰিকাৰ সৈতে সহযোগিতা কৰা"ৰ অভিযোগত আপীল আদালতে দোষমুক্ত কৰিছে। বাকী অভিযোগৰ সন্দৰ্ভত ২০২১ চনৰ ক্ষমা আদেশৰ অধীনত তেওঁক আইনগতভাৱে সুৰক্ষিত কৰা হৈছিল।[8]২০২৫ চনৰ ১১ ফেব্ৰুৱাৰীত ১৯৭৯ চনৰ ইছলামিক বিপ্লৱৰ বৰ্ষপূৰ্তি উপলক্ষ্যে ইৰাণৰ সৰ্বোচ্চ ন্যায়িক কৰ্তৃপক্ষই মহম্মদী আৰু নিলৌফাৰ হামিদীক ক্ষমা কৰা বুলি প্ৰকাশ পাইছিল। এই ক্ষমাৰ ফলত "ৰাষ্ট্ৰীয় নিৰাপত্তাৰ বিৰুদ্ধে ষড়যন্ত্ৰ" আৰু "চৰকাৰৰ বিৰুদ্ধে অপপ্ৰচাৰ"ৰ বাকী থকা অভিযোগ প্ৰত্যাহাৰ কৰা হয়, যাৰ ফলত তেওঁলোকৰ গোচৰ বন্ধ হৈ পৰে। ১৭ মাহ কাৰাগাৰত থকাৰ পিছত আপিলৰ অপেক্ষাত থকাৰ পিছত ২০২৪ চনৰ জানুৱাৰী মাহত দুয়োগৰাকী মহিলাক সাময়িকভাৱে জামিনত মুকলি কৰি দিয়া হয় আৰু পিছত আপীল আদালতে “আমেৰিকাৰ সৈতে সহযোগিতা” কৰাৰ অভিযোগৰপৰা মুক্ত কৰে। [9] ২৫ ফেব্ৰুৱাৰীত তেওঁক সোধা-পোছাৰ বাবে মাতি অনা হয় যদিও কেইঘণ্টামানৰ পিছত তেওঁক মুকলি কৰি দিয়া হয়।[10]

বঁটা আৰু স্বীকৃতি

[সম্পাদনা কৰক]
  1. কানাডাৰ সাংবাদিকসকলৰদ্বাৰা আন্তৰ্জাতিক সংবাদ স্বাধীনতা বঁটা (CJFE), নিলুফৰ হামেদিৰ সৈতে একেলগে প্ৰদান, ফেব্ৰুৱাৰী ২০২৩[11][12]
  1. ২০২৩ হাৰ্ভাৰ্ডৰ লুই এম লায়ন্সৰ সাংবাদিকতাত বিবেক আৰু সততাৰ বাবে বঁটা, নিলুফাৰ হামেদিৰ সৈতে একেলগে প্ৰদান, মাৰ্চ ২০২৩[13][14]
  2. ২০২৩ চনৰ মাৰ্চ মাহত টুৰিন চহৰ পৰিষদে ইৰাণৰ সাংবাদিক এলাহে মহম্মদীক সন্মানীয় নাগৰিকত্ব প্ৰদান কৰে।[15]
  3. ২০২৩ চনৰ ইউনেস্কো/গুইলাৰমো কেনো বিশ্ব সংবাদ স্বাধীনতা বঁটা, নিলুফৰ হামেদি আৰু নৰ্গেছ মহম্মদীৰ সৈতে একেলগে প্ৰদান কৰা হয়।[16]
  4. ২০২৩ চনৰ এপ্ৰিল মাহত মহম্মদী আৰু নিলুফৰ হামেদিক টাইম আলোচনীৰ বিশ্বৰ ১০০ জন আটাইতকৈ প্ৰভাৱশালী লোকৰ তালিকাত অন্তৰ্ভুক্ত কৰা হয়।[17]
  5. ২০২৩ চনৰ জুন মাহত WAN-IFRA ৰপৰা গোল্ডেন পেন বঁটা, নিলুফৰ হামেদিৰ সৈতে একেলগে প্ৰদান কৰা হয়।[18]

তথ্যৰ উৎস

[সম্পাদনা কৰক]
  1. 1 2 "Journalist Elaheh Mohammadi banned for a year from reporting". 25 December 2021. https://women.ncr-iran.org/2021/12/25/journalist-elaheh-mohammadi-banned/ আহৰণ কৰা হৈছে: 29 October 2022.
  2. "الهه محمدی روزنامه‌نگار بازداشت شد" (fa ভাষাত). IranWire. https://iranwire.com/fa/jinac/108063-%D8%A7%D9%84%D9%87%D9%87-%D9%85%D8%AD%D9%85%D8%AF%DB%8C-%D8%B1%D9%88%D8%B2%D9%86%D8%A7%D9%85%D9%87%D9%86%DA%AF%D8%A7%D8%B1-%D8%A8%D8%A7%D8%B2%D8%AF%D8%A7%D8%B4%D8%AA-%D8%B4%D8%AF/ আহৰণ কৰা হৈছে: 2023-01-07.
  3. "Iran arrests reporter who covered Amini funeral: lawyer". France 24. 29 September 2022. https://www.france24.com/en/live-news/20220929-iran-arrests-reporter-who-covered-amini-funeral-lawyer আহৰণ কৰা হৈছে: 29 October 2022.
  4. "Journalist Elaheh Mohammadi Arrested". Human Rights Activists News Agency (HRANA). 29 September 2022. https://www.en-hrana.org/journalist-elaheh-mohammadi-arrested/? আহৰণ কৰা হৈছে: 29 October 2022.
  5. "Iranian police arrest journalist Elaheh Mohammadi and poet Mona Borzooi". ANF. 30 September 2022. https://anfenglish.com/women/iranian-police-arrest-journalist-elaheh-mohammadi-and-poet-mona-borzooi-62784 আহৰণ কৰা হৈছে: 29 October 2022.
  6. "Witch Hunt in Iran: Grave Concerns for Journalists Niloofar Hamedi and Elahe Mohammadi". Center for Human Rights in Iran. 2022-11-01. https://iranhumanrights.org/2022/11/witch-hunt-in-iran-grave-concerns-for-journalists-niloufar-hamedi-and-elahe-mohammadi/ আহৰণ কৰা হৈছে: 2023-03-30.
  7. "En Iran, deux femmes journalistes condamnées à trois ans de prison pour " complot " et " collusion "" (fr ভাষাত). Le Monde.fr. 2023-09-03. https://www.lemonde.fr/international/article/2023/09/03/en-iran-deux-femmes-journalistes-condamnees-a-trois-ans-de-prison-pour-complot-et-collusion_6187636_3210.html.
  8. "The lawyer of Elaheh Mohammadi announced the acquittal verdict on the charge of collaborating with a hostile foreign government in the Court of Appeal / 6 years of imprisonment confirmed for gathering, conspiracy, and propaganda activities against the regime." (Persian ভাষাত). Shargh. 11 August 2024. https://www.sharghdaily.com/fa/tiny/news-939738.
  9. "Iran pardons journalists who covered woman’s death that triggered protests" (en ভাষাত). Voice of America. 2025-02-11. https://www.voanews.com/a/iran-pardons-journalists-who-covered-woman-s-death-that-triggered-protests/7970753.html আহৰণ কৰা হৈছে: 2025-02-12.
  10. "Journalist Elaheh Mohammadi Released After Hours at Prosecutor’s Office" (en ভাষাত). Voice of America. 2025-02-11. https://iranwire.com/en/news/149517-journalist-elaheh-mohammadi-released-after-hours-at-prosecutors-office/.
  11. Expression, Canadian Journalists for Free. "Recipients of the CJFE Tara Singh Hayer Memorial Award and Arnold Amber Award for Investigative Journalism Announced" (en ভাষাত). www.newswire.ca. https://www.newswire.ca/news-releases/recipients-of-the-cjfe-tara-singh-hayer-memorial-award-and-arnold-amber-award-for-investigative-journalism-announced-895355494.html আহৰণ কৰা হৈছে: 2023-03-30.
  12. "Canadian NGO Presents Award To Two Jailed Female Iranian Journalists" (en ভাষাত). Iran International. https://www.iranintl.com/en/202302160234 আহৰণ কৰা হৈছে: 2023-03-30.
  13. "Iranian journalists Niloofar Hamedi and Elahe Mohammadi win Lyons Award for Conscience and Integrity in Journalism at Harvard" (en-US ভাষাত). Nieman Foundation. https://nieman.harvard.edu/news/2023/03/iranian-journalists-niloofar-hamedi-and-elahe-mohammadi-win-lyons-award-for-conscience-and-integrity-in-journalism-at-harvard/ আহৰণ কৰা হৈছে: 2023-03-30.
  14. "Iranian Journalists Receive Prestigious US Award While In Jail For Revolution Coverage" (en ভাষাত). Iran International. https://www.iranintl.com/en/202303307387 আহৰণ কৰা হৈছে: 2023-03-30.
  15. Mattina, Liborio La. "Conferita la cittadinanza onoraria alla giornalista iraniana Elahe Mohammadi" (it ভাষাত). www.giornalelavoce.it. https://www.giornalelavoce.it/news/attualita/530877/conferita-la-cittadinanza-onoraria-alla-giornalista-iraniana-elahe-mohammadi.html আহৰণ কৰা হৈছে: 2023-04-30.
  16. "Three imprisoned Iranian women journalists awarded 2023 UNESCO/Guillermo Cano World Press Freedom Prize". UNESCO. https://www.unesco.org/en/articles/three-imprisoned-iranian-women-journalists-awarded-2023-unesco/guillermo-cano-world-press-freedom.
  17. Rezaian, Jason (13 April 2023). "Niloofar Hamedi and Elaheh Mohammadi Are on the 2023 Time 100 List". Time. Archived from the original on 13 April 2023. https://web.archive.org/web/20230413165155/https://time.com/collection/100-most-influential-people-2023/6270464/niloofar-hamedi-and-elaheh-mohammadi/ আহৰণ কৰা হৈছে: 13 April 2023.
  18. Heslop, Andrew (2023-06-28). "Golden Pen of Freedom Awarded to Journalists Elahe Mohammadi and Niloofar Hamedi, Jailed in Iran" (en-US ভাষাত). WAN-IFRA. https://wan-ifra.org/2023/06/golden-pen-of-freedom-awarded-to-journalists-elahe-mohammadi-and-niloofar-hamedi-jailed-in-iran/ আহৰণ কৰা হৈছে: 2023-06-29.