সমললৈ যাওক

এলিচ ৱাকাৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা


এলিচ ৱাকাৰ

ৱাকাৰ,২০০৭ চনত
জন্ম এলিছ মেলচেনিয়ৰ ৱাকাৰ
৯ ফেব্ৰুৱাৰী, ১৯৪৪ (৮১ বছৰ)
ইটনতন, জৰ্জিয়া ,ইউ এচ
পেচা
  • ঔপন্যাসিক,
  • চুটি গল্প লেখিকা,
  • কবি
  • সামাজিক সক্ৰিয়তাবাদী
শিক্ষা স্পেলমেন কলেজ
ছাৰাহ লৰেন্স কলেজ (বি এ)
সময় ১৯৬৮--বৰ্তমান
ধৰণ আফ্ৰিকান-আমেৰিকান সাহিত্
উল্লেখনীয় কৰ্মৰাজি দ্য কালাৰ পাৰ্পল
উল্লেখযোগ্য বঁটা পুলিৎজাৰ প্ৰাইজ, উপন্যাসৰ বাবে, (১৯৮৩)
নেছনেল বুক এৱাৰ্ড ১৯৮৩
দাম্পত্যসংগী মেলভিন আৰ লেভেন্থাল (বি. ১৯৬৭; বিবি. ১৯৭৬)
সহযোগী ৰবাৰ্ট আই এলেন
ট্ৰেচি চেপমেন
সন্তান ৰেবেকা ৱাকাৰ
ৱেবছাইট Official website

এলিছ মেলচেনিয়ৰ টেলুলাহ-কেট ৱাকাৰ (জন্ম ৯ ফেব্ৰুৱাৰী, ১৯৪৪)[1] এগৰাকী আমেৰিকান ঔপন্যাসিক, চুটি গল্প লেখিকা, কবি আৰু সামাজিক সক্ৰিয়তাবাদী। ১৯৮২ চনত, তেওঁ দ্য কালাৰ পাৰ্পল[2][3] নামৰ উপন্যাসৰ বাবে পুলিটজাৰ প্ৰাইজ জয় কৰা প্ৰথম আফ্ৰিকান-আমেৰিকান মহিলা হিচাপে পৰিচিত হৈ উঠে।

জৰ্জিয়াৰ ইটনতনত জন্ম হোৱা ৱাকাৰ আধিয়াৰ পৰিয়াল এটাৰ নুমলীয়া সন্তান আছিল।[4] তেওঁ প্ৰথমে স্পেলমেন কলেজত অধ্যয়ন কৰিছিল আৰু তাৰ পিছত ছাৰাহ লৰেন্স কলেজৰ পৰা ১৯৬৫ চনত স্নাতক হয়। নাগৰিক অধিকাৰ আন্দোলনৰ সময়ত, তেওঁ দক্ষিণত ভোটাৰ পঞ্জীয়ন আৰু সচেতনতা বৃদ্ধিৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিছিল।

ৱাকাৰৰ সাহিত্যিক জীৱন আৰম্ভ হৈছিল কবিতাৰে‌ কিন্তু তেওঁৰ উপন্যাসবোৰে বিশেষকৈ দ্য কালাৰ পাৰ্পল (১৯৮২) উপন্যাসে তেওঁলৈ বিশেষ খ্যাতি আনি দিয়ে। এই উপন্যাসখনত চেলি নামৰ এগৰাকী আফ্ৰিকান-আমেৰিকান মহিলাৰ জীৱনৰ সংগ্ৰাম, প্ৰেম আৰু আত্ম-আৱিষ্কাৰৰ কাহিনী কোৱা হৈছে। ১৯৮৫ চনত ষ্টিফেন স্পিলবাৰ্গ ৰ পৰিচালনাত এই উপন্যাসখনক চলচ্চিত্ৰৰ ৰূপ দিয়া হৈছিল আৰু তাৰ পিছত এটি ব্ৰডৱে সংগীতৰূপে মঞ্চস্থ হৈছিল।

দ্য কালাৰ পাৰ্পল ৰ বাহিৰেও, ৱাকাৰৰ অন্য উল্লেখযোগ্য সাহিত্যকৃতিসমূহৰ ভিতৰত মেৰিডিয়ান (১৯৭৬) নাগৰিক অধিকাৰ আন্দোলনৰ বিষয়ে লিখা এখন উপন্যাস। আনহাতে, পজেচিং দ্য ছিক্ৰেট অফ জয় (১৯৯২) ত মহিলা জননাঙ্গ বিকৃতিকৰণৰ বিষয়ে আলোচনা কৰা হৈছে। তেওঁৰ প্ৰবন্ধসমূহ, বিশেষকৈ ইন ছাৰ্চ অৱ আৱাৰ মাদাৰ্ছ’ গাৰ্ডেনছ (১৯৮৩) ত, নাৰীবাদ, আধ্যাত্মিকতা আৰু সক্ৰিয়তা সম্পৰ্কে লিখা হৈছে।

তেওঁৰ কাৰ্যকালত, ৱাকাৰে নেছনেল বুক এৱাৰ্ড আৰু ও. হেনৰী এৱাৰ্ড আদি বহুতো সন্মান লাভ কৰিছে। তেওঁ বৰ্তমানো এটা প্ৰভাৱশালী সাহিত্যিক তথা সাংস্কৃতিক ব্যক্তিত্ব হিচাপে চিহ্নিত, আৰু নিজৰ প্লেটফৰ্ম ব্যৱহাৰ কৰি মানৱাধিকাৰ আৰু সামাজিক পৰিৱৰ্তনৰ পক্ষে মাত মাতি‌ আহিছে।

উপন্যাস আৰু গল্প সংকলন

[সম্পাদনা কৰক]
  • The Third Life of Grange Copeland (১৯৭০)
  • Everyday Use (১৯৭৩)
  • In Love and Trouble: Stories of Black Women (১৯৭৩)
  • Roselily (১৯৭৩)
  • Meridian (novel) (১৯৭৬)
  • দ্য কালাৰ পাৰ্পল (১৯৮২)
  • You Can't Keep a Good Woman Down: Stories (১৯৮২)
  • Beauty: When the Other Dancer Is the Self (১৯৮৩)
  • Am I Blue? (১৯৮৬)
  • To Hell With Dying (১৯৮৮)
  • The Temple of My Familiar (১৯৮৯)
  • Finding the Green Stone (১৯৯১)
  • Possessing the Secret of Joy (১৯৯২)
  • The Complete Stories (১৯৯৪)
  • By The Light of My Father's Smile (১৯৯৮)
  • The Way Forward Is with a Broken Heart (২০০০)
  • Now Is The Time to Open Your Heart (২০০৫)

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. Rose, Mike (February 9, 2023). "Today's famous birthdays list for February 9, 2023 includes celebrities Michael B. Jordan, Tom Hiddleston". Cleveland.com. https://www.cleveland.com/entertainment/2023/02/todays-famous-birthdays-list-for-february-9-2023-includes-celebrities-michael-b-jordan-tom-hiddleston.html। আহৰণ কৰা হৈছে: February 9, 2023. 
  2. "National Book Awards – 1983". National Book Foundation. Retrieved March 15, 2012. (With essays by Anna Clark and Tarayi Jones from the Awards 60-year anniversary blog.)
  3. "The 1983 Pulitzer Prize Winner in Fiction". The Pulitzer Prizes. https://www.pulitzer.org/winners/alice-walker। আহৰণ কৰা হৈছে: March 25, 2019. 
  4. Bates, Gerri (2005). Alice Walker: A Critical Companion. Greenwood Press. ISBN 9780313069093. OCLC 62321382. https://archive.org/details/alicewalkercriti0000bate. 

বহিঃসংযোগ

[সম্পাদনা কৰক]