এলিছন মেক
| এলিছন মেক | |
|---|---|
২০১৮ চনত নিউয়ৰ্ক চহৰত মেক | |
| জন্ম | জুলাই ২৯ , ১৯৮২ (৪৩ বছৰ) প্ৰীটজ, শ্লেচৱিগ-হলষ্টাইন, পশ্চিম জাৰ্মানী |
| পেচা | অভিনেত্ৰী |
| সক্ৰিয় হৈ থকা সময় | ১৯৮৯–২০১৬ |
| অপৰাধৰ শাস্তি | ৩ বছৰৰ কাৰাদণ্ড |
| অপৰাধৰ স্থিতি | এফচিআই ডাবলিনৰ পৰা মুক্তি লাভ; বৰ্তমান পৰ্যবেক্ষণত (on probation)। |
| দাম্পত্যসঙ্গী |
|
এলিছন মেক (জন্ম: ২৯ জুলাই, ১৯৮২) এগৰাকী আমেৰিকান অভিনেত্ৰী। তেওঁ ছুপাৰহিৰো ধাৰাবাহিক স্মলভিলত (২০০১–২০১১) ক্লয় ছালিভানৰ চৰিত্ৰত অভিনয় কৰিছিল আৰু কমেডী ধাৰাবাহিক ৱিলফ্ৰেডত (২০১২–২০১৪) এটা আবৰ্তক চৰিত্ৰত অভিনয় কৰিছিল।
মেক এনএক্সআইভিএম (NXIVM) নামৰ এটা যৌন সৰবৰাহকাৰী পন্থ (cult) আৰু মাল্টি-লেভেল মাৰ্কেটিং কোম্পানীৰ সদস্য আছিল।[2] ২০১৮ চনত এনএক্সআইভিএম আৰু ইয়াৰ উপ-গোট ডিঅ’এছ (DOS)ৰ সৈতে জড়িত থকাৰ বাবে ফেডাৰেল কৰ্তৃপক্ষই তেওঁক যৌন সৰবৰাহ, যৌন সৰবৰাহৰ ষড়যন্ত্ৰ আৰু বলপূৰ্বক শ্ৰমৰ ষড়যন্ত্ৰৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছিল। মেক-এ ৰেকেটিয়াৰিং আৰু ৰেকেটিয়াৰিং ষড়যন্ত্ৰৰ অভিযোগত দোষ স্বীকাৰ কৰে আৰু ২০২১ চনত তেওঁক তিনি বছৰৰ কাৰাদণ্ড বিহা হয়। তেওঁ কেলিফৰ্ণিয়াৰ এফচিআই ডাবলিন ফেডাৰেল কাৰাগাৰত ২১ মাহ কাৰাবাস খাটিছিল আৰু ২০২৩ চনৰ জুলাই মাহত মুক্তি লাভ কৰিছিল।
প্ৰাৰম্ভিক জীৱন
[সম্পাদনা কৰক]এলিছন মেকৰ জন্ম হৈছিল ১৯৮২ চনৰ ২৯ জুলাইত পশ্চিম জাৰ্মানীৰ প্ৰীটজত। তেওঁৰ পিতৃ আছিল জোনাথন মেক, যি এগৰাকী অপেৰা গায়ক আছিল আৰু মাতৃ মিণ্ডী মেক এগৰাকী স্কুলীয়া শিক্ষয়িত্ৰী তথা বুককিপাৰ আছিল।[3][4] তেওঁৰ এজন ককায়েক আছে।[5] তেওঁৰ জন্মৰ সময়ত পিতৃ জোনাথনে পশ্চিম জাৰ্মানীত অনুষ্ঠান পৰিৱেশন কৰি থকাৰ বাবে তেওঁলোক তাত আছিল; আমেৰিকা যুক্তৰাষ্ট্ৰলৈ উভতি অহাৰ আগতে তেওঁলোকে দুবছৰ ধৰি পশ্চিম জাৰ্মানীত বাস কৰিছিল।[6] পৰৱৰ্তী সময়ত তেওঁলোক কেলিফৰ্ণিয়াৰ লং বীচত স্থায়ীভাৱে বসবাস কৰিবলৈ লয় আৰু মেক তাতেই ডাঙৰ-দীঘল হয়।[7]
ব্যক্তিগত জীৱন
[সম্পাদনা কৰক]২০০০-ৰ দশকত যেতিয়া মেক ব্ৰিটিছ কলম্বিয়াৰ ভেনকুভাৰত বাস কৰিছিল, তেতিয়া কানাডিয়ান অভিনেতা চাড ক্ৰ'চুকৰ সৈতে তেওঁৰ এক দীৰ্ঘম্যাদী সম্পৰ্ক আছিল।[8] ভেনকুভাৰতে স্মলভিল ধাৰাবাহিকখন নিৰ্মাণ কৰা হৈছিল।
২০১৭ চনৰ ফেব্ৰুৱাৰী মাহত মেক এনএক্সআইভিএমৰ সহযোগী সদস্য তথা কানাডিয়ান অভিনেত্ৰী নিকি ক্লাইনৰ সৈতে বিবাহপাশত আৱদ্ধ হয়।[9] এই বিবাহ আমেৰিকাৰ অনুপ্ৰৱেশ আইনৰ পৰা ক্লাইনক ৰক্ষা কৰিবলৈ কৰা এক ভুৱা বিবাহ বুলি অভিযোগ উত্থাপন হৈছিল।[10] মেক আৰু ক্লাইনৰ বিবাহৰ সাক্ষী ইণ্ডিয়া অক্সেনবাৰ্গে পিছলৈ নিশ্চিত কৰিছিল যে এই বিবাহ আছিল ভুৱা আৰু ক্লাইনক আমেৰিকাত ৰাখিবলৈ ৰেনিয়াৰে ইয়াৰ পৰিকল্পনা কৰিছিল।[11] ২০২০ চনৰ ডিচেম্বৰ মাহত মেক-এ ক্লাইনৰ সৈতে বিবাহ বিচ্ছেদৰ আবেদন কৰে।[11] মেক আৰু ক্লাইন দুয়ো এনএক্সআইভিএমৰ প্ৰতিষ্ঠাপক কীথ ৰেনিয়াৰৰ যৌন সংগী আছিল।[12] ২০২৫ চনত মেক-এ ফ্ৰেংক মিংকৰ সৈতে বিবাহপাশত আৱদ্ধ হয়।[1]
২০২০ চনত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি মেক-এ কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়, বাৰ্কলেত শ্ৰেণীত উপস্থিত আছিল।[13]
২০২৫ চনত, কাৰাগাৰৰ পৰা মুক্তি পোৱাৰ দুবছৰতকৈও অধিক সময় ধৰি এনএক্সআইভিএমৰ জীৱনৰ বিষয়ে কোনো ৰাজহুৱা মন্তব্য নকৰাৰ পিছত, মেক-এ চিবিচি ৰেডিঅ'ৰ পডকাষ্ট আনকভাৰৰ সাতটা খণ্ডৰ বাবে নাটালি ৰ'বেমেডক সাক্ষাৎকাৰ দিয়ে। মেক-এ তেওঁৰ শৈশৱ, ৰেনিয়াৰৰ সৈতে তেওঁৰ সম্পৰ্ক কেনেকৈ গঢ় লৈ উঠিছিল আৰু কাৰাবাসৰ সময়ৰ বিষয়ে কথা পাতিছিল।[14]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- 1 2 Craighead, Olivia (2025-11-11). "Who Is Allison Mack's Reformed Neo-Nazi Husband?". The Cut. https://www.thecut.com/article/who-is-frank-meeink-allison-mack-husband.html.
- ↑ Chavez, Nicole (2019-05-24). "These are the people involved in the scandal around alleged sex cult inside Nxivm" (en ভাষাত). CNN. https://www.cnn.com/2019/05/23/us/nxivm-sex-cult-key-players/index.html। আহৰণ কৰা হৈছে: 2022-07-20.
- ↑ "Allison Mack Biography". Fandango Media. https://www.fandango.com/people/allison-mack-414790/biography। আহৰণ কৰা হৈছে: April 6, 2018.
- ↑ "Allison Mack Biography". https://www.tvguide.com/celebrities/allison-mack/bio/139221/। আহৰণ কৰা হৈছে: April 6, 2018.
- ↑ "Allison Mack’s NXIVM Podcast Revelations". E! Online. https://www.eonline.com/photos/37964/allison-macks-nxivm-podcast-revelations। আহৰণ কৰা হৈছে: 2025-11-18.
- ↑ Eramo, Steve. "Sci-Fi Blast From The Past – Allison Mack (Smallville)". SciFiAndTvTalk. https://scifiandtvtalk.typepad.com/scifiandtvtalk/2011/03/sci-fi-blast-from-the-past-allison-mack-smallville.html। আহৰণ কৰা হৈছে: May 7, 2019.
- ↑ Aurthur, Kate (November 10, 2025). "‘Smallville’ Star Allison Mack Gives First Interview on Surviving the Abusive Sex Cult NXIVM and Going to Prison: ‘I Don’t See Myself as Innocent’". Variety (magazine). https://variety.com/2025/tv/news/allison-mack-podcast-nxivm-sex-cult-keith-raniere-brainwashing-1236574209/.
- ↑ Berman, Sarah (September 13, 2018). "How NXIVM Rippled Through Vancouver Actors' Friend Networks". Vice.com. https://www.vice.com/en/article/how-nxivm-rippled-through-vancouver-actors-friend-networks/। আহৰণ কৰা হৈছে: January 22, 2021.
- ↑ AIELLO, MCKENNA (May 8, 2018). "Allison Mack Married Actress Nicki Clyne Prior to Sex Trafficking Arrest". E Online. https://www.eonline.com/news/932909/allison-mack-married-actress-nicki-clyne-prior-to-sex-trafficking-arrest। আহৰণ কৰা হৈছে: November 25, 2021.
- ↑ Harris, Chris (May 4, 2018). "Smallville's Allison Mack Married Battlestar Galactica's Nicki Clyne in 2017: Prosecutors". People. https://people.com/crime/smallvilles-allison-mack-married-battlestar-galacticas-nicki-clyne-in-2017-prosecutors/। আহৰণ কৰা হৈছে: November 25, 2021.
- 1 2 Calvario, Liz (December 12, 2020). "Allison Mack Files for Divorce From Nicki Clyne". ET Online. https://www.etonline.com/allison-mack-files-for-divorce-from-nicki-clyne-157756। আহৰণ কৰা হৈছে: December 13, 2020.
- ↑ Berman, Sarah (May 21, 2019). "The NXIVM 'Sex Cult' Story Keeps Getting More Disturbing". Vice. https://www.vice.com/en/article/the-nxivm-sex-cult-story-keeps-getting-more-disturbing/.
- ↑ Way, Katie (September 18, 2020). "Key NXIVM Leader Allison Mack is Reportedly Back in College". Vice (magazine). https://www.vice.com/en/article/nxivm-allison-mack-back-in-college-uc-berkeley/। আহৰণ কৰা হৈছে: October 4, 2020.
- ↑ Blistein, Jon (November 10, 2025). "Allison Mack Talks Role in NXIVM Sex Cult in New Podcast: 'I Don't See Myself As Innocent'". Rolling Stone. https://www.rollingstone.com/culture/culture-news/allison-mack-nxivm-keith-raniere-first-interview-prison-1235463057/.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]| ৱিকিমিডিয়া কমন্সত এলিছন মেক সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
- এলিছন মেক সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।
