সমললৈ যাওক

এলিছা কাথবাৰ্ট

অসমীয়া ৱিকিপিডিয়াৰ পৰা
এলিছা কাথবাৰ্ট

২০১৫ চনত এলিছা কাথবাৰ্ট
জন্ম এলিছা এন কাথবাৰ্ট
৩০ নৱেম্বৰ, ১৯৮২ (৪৩ বছৰ)
কেলগাৰী, আলবাৰ্টা, কানাডা
ৰাষ্ট্ৰীয়তা কানাডিয়ান
পেচা অভিনেত্ৰী
সক্ৰিয় হৈ থকা সময় ১৯৯৬–বৰ্তমান
দাম্পত্যসঙ্গী ডিয়ন ফানেউফ (বি. ২০১৩)
সন্তান
স্বাক্ষৰ


এলিছা এন কাথবাৰ্ট (জন্ম: ৩০ নৱেম্বৰ, ১৯৮২)[1] এগৰাকী কানাডিয়ান অভিনেত্ৰী। শিশু অভিনেত্ৰী হিচাপে তেওঁ প্ৰথমবাৰৰ বাবে টেলিভিছনত এক্সট্ৰা হিচাপে অভিনয় কৰিছিল আৰ ইউ এফ্ৰেইড অৱ দ্য ডাৰ্ক? অনুষ্ঠানত আৰু জনপ্ৰিয় মেকানিক্স ফৰ কিডছ অনুষ্ঠানৰ সহ-উপস্থাপক আছিল। ১৯৯৭ চনত কানাডাৰ পাৰিবাৰিক নাটক ডান্সিং অন দ্য মুন চলচ্চিত্ৰত তেওঁ বৈশিষ্ট্যপূৰ্ণ চলচ্চিত্ৰত অভিষেক কৰে। ১৯৯৮ চনত এয়াৰস্পীড চলচ্চিত্ৰত তেওঁ প্ৰথম ডাঙৰ মুখ্য চৰিত্ৰ লাভ কৰে। ২০০১ চনত তেওঁ লাকী গাৰ্ল চলচ্চিত্ৰত অভিনয় কৰে, যাৰ বাবে তেওঁ প্ৰথম বঁটা, জিমিনি এৱাৰ্ড লাভ কৰে।

২০০১ চনত হলিউডলৈ যোৱাৰ পাছত তেওঁ ২৪ ধাৰাবাহিকত কিম বাউয়াৰৰ চৰিত্ৰত অভিনয় কৰে, যিটো তেওঁৰ প্ৰথম ডাঙৰ আমেৰিকান চৰিত্ৰ আছিল। এই চৰিত্ৰটোৰ বাবে তেওঁ দুবাৰকৈ স্ক্ৰীণ এক্টৰছ গিল্ড বঁটাৰ বাবে মনোনীত হৈছিল। ২০০৩ চনত তেওঁ অল্ড স্কুল আৰু লাভ এক্চুৱেলি চলচ্চিত্ৰত অভিনয় কৰে। ২০০৪ চনৰ কিশোৰ কমেডী চলচ্চিত্ৰ দ্য গাৰ্ল নেক্সট ড’ৰত অভিনয় কৰাৰ পাছত তেওঁ ব্যাপক স্বীকৃতি লাভ কৰে আৰু ২০০৫ চনৰ এমটিভি মুভি বঁটাত শ্ৰেষ্ঠ ব্ৰেকথ্ৰু অভিনয়ৰ বাবে মনোনীত হয়। তাৰ পিছত তেওঁ ২০০৫ চনৰ হাউচ অৱ ৱাক্স চলচ্চিত্ৰত অভিনয় কৰে, যাৰ বাবে তেওঁ টিন চয়ছ বঁটাৰ বাবে দুটা মনোনয়ন লাভ কৰে। ইয়াৰ পিছত তেওঁ দ্য কুইট (২০০৫) আৰু কেপটিভিটি (২০০৭) চলচ্চিত্ৰতো মুখ্য চৰিত্ৰত অভিনয় কৰে। এইবোৰ চৰিত্ৰ আৰু ২৪ ধাৰাবাহিকত অভিনয় কৰাৰ ফলত তেওঁ এগৰাকী চিঞৰ ৰাণী হিচাপে পৰিচিত হয়।[2][3]

২০১১ চনৰপৰা ২০১৩ চনলৈকে তেওঁ হেপি এণ্ডিংছ কমেডী ধাৰাবাহিকত এলেক্স কেৰকোভিচৰ চৰিত্ৰত অভিনয় কৰে। ২০১৬ চনৰপৰা ২০২০ চনলৈকে তেওঁ দ্য ৰেঞ্চ ধাৰাবাহিকত এবি ফিলিপছৰ চৰিত্ৰত অভিনয় কৰে।[4] কানাডাৰ কমেডী ধাৰাবাহিক জান্নত অভিনয় কৰাৰ বাবে তেওঁ কানাডিয়ান স্ক্ৰীণ বঁটাৰ বাবে মনোনীত হৈছিল।

তেওঁ বহুতো আলোচনীত প্ৰকাশ পাইছে, যেনে মেক্সিম, কমপ্লেক্স আৰু এফ এইচ এম। ২০১৩ চনত মেক্সিম আলোচনীয়ে তেওঁক "টিভিৰ আটাইতকৈ ধুনীয়া মহিলা" বুলি ঘোষণা কৰে।[5]

প্ৰাথমিক জীৱন

[সম্পাদনা কৰক]

এলিছা কাথবাৰ্টৰ জন্ম হৈছিল আলবাৰ্টাৰ কেলগাৰীত,[6] তেওঁ ক্যুবেকৰ গ্ৰীণফিল্ড পাৰ্কত ডাঙৰ-দীঘল হৈছিল। ২০০০ চনত তেওঁ চেণ্টেনিয়েল ৰিজিঅ’নেল হাইস্কুলৰপৰা স্নাতক ডিগ্ৰী লাভ কৰে আৰু ১৭ বছৰ বয়সত লছ এঞ্জেলছলৈ যায়।[7] শিশু অৱস্থাত তেওঁ কানাডাৰ গাৰ্ল গাইডছৰ সদস্য আছিল।[8]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]