সমললৈ যাওক

এলিছা ব্লচ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
এলিছা ব্লচ

এলিছা ব্লচ (ইংৰাজী: Elisa Bloch) এগৰাকী চিলেচিয়ান-ফৰাচী ভাস্কৰ্য্যশিল্পী আছিল। তেওঁৰ জন্ম আনুমানিক ১৮৪৮ চন আৰু মৃত্যু আনুমানিক ১৯০৪ বা ১৯০৫ চন। তেওঁ পাব্লিক ইনষ্ট্ৰাকচন বিষয়া, অৰ্ডাৰ অৱ দ্য লিবাৰেটৰৰ কমাণ্ডাৰ আৰু চেভালিয়াৰ অৰ্ডাৰ অৱ দ্য ড্ৰেগন অৱ আন্নাম আছিল।

এলিছা ভাস্কৰ্য শিল্পী হেনৰী চাপুৰ ছাত্ৰী আছিল। ১৮৭৮ চনত তেওঁ নিজৰ প্ৰতিষ্ঠানত তেওঁৰ প্ৰথম ভাস্কৰ্য প্ৰদৰ্শনী কৰিছিল, বিষয়বস্তুবোৰ আছিল, এম ব্লচৰ মেডেলিয়ন প্ৰতিকৃতি; তাৰ পাছত “আশা’’, “সোণালী যুগ’’, “ভাৰ্জিনিয়াছ চেক্ৰিফাইচিং হিজ দাটাৰ’’, “মোচেচ ৰিচিভিং দা টেবুল অফ দা ল’’’ আৰু অন্যান্য। ব্লচে বহুতো প্ৰতিকৃতিৰ আৱক্ষ মূৰ্তি নিৰ্মাণ কৰিছিল, ইয়াৰ ভিতৰত স্পেইন আৰু পৰ্তুগালৰ ৰজা, বাফেলো বিল, চি ফ্লেমাৰিয়ান আদিও আছিল। ১৮৯৪ চনৰ এটা ভাস্কৰ্য প্ৰদৰ্শনীত তেওঁৰ নাম সন্মান সহকাৰে উল্লেখ কৰা হৈছিল। ১৯০৩ চনত আৰ্টিষ্ট ফ্ৰান্সেইছৰ চেলুনত ব্লচে " প’ৰট্ৰেইট অফ এম ফ্ৰেডেৰিক পেচি, মেম্বাৰ অফ দা ইন্সটিটিউটৰ" নামৰ ভাস্কৰ্য প্ৰদৰ্শন কৰে।[1][2][3]

তথ্য সূত্ৰ

[সম্পাদনা কৰক]