সমললৈ যাওক

এলিছ এক্কা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
এলিছ এক্কা
জন্ম ৮ ছেপ্টেম্বৰ ১৯১৭
ৰাঁচী, বৃটিছ ভাৰত
মৃত্যু ৫ জুলাই ১৯৭৮
পেচা লেখিকা
ভাষা হিন্দী
ৰাষ্ট্ৰীয়তা ভাৰতীয়
ধৰণ চুটিগল্প

এলিছ এক্কা (হিন্দী: एलिस एक्का, ইংৰাজী : Alice Ekka ; ৮ ছেপ্টেম্বৰ ১৯১৭ – ৫ জুলাই ১৯৭৮) এগৰাকী ভাৰতীয় আদিবাসী লেখিকা আছিল। তেওঁ জনজাতীয় পটভূমিৰ প্ৰথম মহিলা গল্পকাৰ হিচাপে পৰিচিত।[1][2][3]

প্ৰাথমিক জীৱন আৰু কেৰিয়াৰ

[সম্পাদনা কৰক]

এক্কাৰ জন্ম হৈছিল ১৯১৭ চনৰ ৮ ছেপ্টেম্বৰত ৰাঁচীৰ এটা মুণ্ডা সম্প্ৰদায়ৰ পৰিয়ালত।[1] তেৱেঁই ঝাৰখণ্ডৰ প্ৰথম জনজাতীয় মহিলা যিয়ে ১৯৩৮ চনত কলিকতাৰ স্কটিছ চাৰ্চ কলেজৰ পৰা ইংৰাজীত স্নাতক ডিগ্ৰী লাভ কৰিছিল।[2]

তেওঁ হিন্দী ভাষাত গল্প ৰচনা কৰিছিল আৰু সেইবিলাক ১৯৫০, ১৯৬০ আৰু ১৯৭০ চনত প্ৰকাশ কৰিছিল।[1] তেওঁৰ গল্প সংকলন, এলিছ এক্কা কি কাহানিয়ান, বন্দনা টেটেৰ সম্পাদনাত ৰাধাকৃষ্ণ প্ৰকাশনৰ পৰা ২০১৫ চনত মৰণোত্তৰভাৱে প্ৰকাশ পাইছিল।[3]

১৯৬০ চনৰ তেওঁৰ গল্পসমূহ সাপ্তাহিক আলোচনী আদিবাসী পত্ৰিকাত প্ৰকাশ পাইছিল।[4]

তেওঁক "ভাৰতৰ প্ৰথম মহিলা জনজাতীয় গল্পকাৰ" বুলি অভিহিত কৰা হৈছে, আৰু তেওঁৰ গৃহ চহৰ ৰাঁচীত দুদিনীয়াকৈ অনুষ্ঠিত হোৱা "অল ইণ্ডিয়া ট্ৰাইবেল মহিলা লেখিকা মিট" সন্মিলনৰ জৰিয়তে তেওঁৰ জন্ম শতবাৰ্ষিকী উদযাপন কৰা হয়।[2]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1.0 1.1 1.2 "Our Pioneers: Alice Ekka". Pyara Kerketta Foundation. Archived from the original on 21 November 2018. https://web.archive.org/web/20181121022431/http://www.kharia.in/pyara-master.html। আহৰণ কৰা হৈছে: 20 November 2018. 
  2. 2.0 2.1 2.2 "All India Tribal Women Writer's Meet begins in Ranchi". Jharkhand State News. 7 September 2017. http://jharkhandstatenews.com/article/grapevine/36/all-india-tribal-women-writer-s-meet-begins-in-ranchi/। আহৰণ কৰা হৈছে: 20 November 2018.  উদ্ধৃতি ত্ৰুটি: Invalid <ref> tag; name "Jharkhand" defined multiple times with different content
  3. 3.0 3.1 "Alice Ekka story collection unveiled". The Pioneer. 21 November 2018. https://www.dailypioneer.com/2015/state-editions/alice-ekka-story-collection-unveiled.html। আহৰণ কৰা হৈছে: 20 November 2018. 
  4. Poyam, Akash. "Ten voices from Adivasi literature" (en ভাষাত). The Caravan. https://caravanmagazine.in/books/reading-list-ten-voices-adivasi-literature। আহৰণ কৰা হৈছে: 2021-09-29.