সমললৈ যাওক

এলিছ কেণ্ডেলেফ্ট কচমা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
এলিছ_কেণ্ডেলেফ্ট_কচমা
ৰাষ্ট্ৰসংঘত এলিছ কেণ্ডেলেফ্ট কচমাৰ প্ৰতিকৃতি
ৰাষ্ট্ৰসংঘত এলিছ কেণ্ডেলেফ্ট কচমাৰ প্ৰতিকৃতি
জন্ম এলিছ কেণ্ডেলে
প্ৰায় ১৮৯৫
ডামাচকাচ, চিৰিয়া
মৃত্যু প্ৰায় ১৯৬৫
বেইৰুট, লেবানন
ৰাষ্ট্ৰীয়তা ছিৰিয়া
পেচা কূটনীতিবিদ, সমাজকৰ্মী, শিক্ষক
জনা যায় নাৰীৰ ৰাজনৈতিক আৰু শৈক্ষিক অধিকাৰৰ দিশত সক্ৰিয়তা
উল্লেখযোগ্য কৰ্ম "The World as It Is and as It Could Be"

এলিছ কেণ্ডেলেফ্ট কচমা (ইংৰাজী: Alice Kandaleft Cosma; c. 1895 – c. 1965) এগৰাকী ছিৰিয়ান কূটনীতিবিদ আৰু মহিলা অধিকাৰ কৰ্মী আছিল।[1] ১৯৪৭ চনত ৰাষ্ট্ৰসংঘৰ মহিলাৰ মৰ্যাদা আয়োগৰ প্ৰথম অধিবেশনৰ প্ৰতিনিধি হিচাপে তেওঁ স্বীকৃতি লাভ কৰে।[2] ১৯৪৬ চনত ছিৰিয়াৰ স্বাধীনতাৰ পিছত ৰাষ্ট্ৰসংঘত ছিৰিয়াক প্ৰতিনিধিত্ব কৰা তেওঁ প্ৰথম আৰব মহিলাও আছিল।[3] ছিৰিয়াত মহিলাৰ ৰাজনৈতিক আৰু শৈক্ষিক অধিকাৰৰ পোষকতাৰ দিশত কৰা তেওঁৰ কামে কিছুমান উল্লেখযোগ্য প্ৰচেষ্টাৰ সূচনা কৰে৷ তাৰে ভিতৰত ডামাস্কাছ ভিত্তিক এখন সাহিত্যিক চেলুন প্ৰতিষ্ঠা কৰা (১৯৪২), আৰব ৱমেনছ নেচনেল লীগ গঠনত সহায় কৰা (১৯৪৫), আৰু ছিৰিয়া চৰকাৰৰ দ্বাৰা নিশ্চয়তা লাভ কৰা আৰব শিক্ষাবিদ হিচাপে আমেৰিকাৰ শিক্ষানুষ্ঠানসমূহ ভ্ৰমণ কৰা (১৯৪৭)।

ৰাষ্ট্ৰসংঘৰ মহিলাৰ অৱস্থা আয়োগৰ প্ৰতিনিধি হিচাপে নিযুক্তি পোৱাৰ পূৰ্বে কাণ্ডালেফ্ট কছমাই ১৯২০ আৰু ১৯৩০ চনৰ ভিতৰত ইৰাক, লেবানন আৰু ছিৰিয়াৰ বিভিন্ন ছোৱালী বিদ্যালয়ত অধ্যাপনা কৰিছিল।[4] কাণ্ডালেফ্ট কছমাৰ প্ৰথম শিক্ষকৰ পদ আছিল বাগদাদ চেণ্ট্ৰেল কলেজ ফৰ ৱমেনত। তেওঁৰ পৰৱৰ্তী পদ আছিল বেইৰুটৰ মুছলিম গাৰ্লছ কলেজত অধ্যক্ষ হিচাপে।[4] ইয়াৰ উপৰিও তেওঁ ডামাস্কাছৰ টিচাৰ্ছ কলেজত শিক্ষাৰ অধ্যাপিকা আৰু বাগদাদৰ ষ্টেট নৰ্মেল স্কুল, বেইৰুটৰ প্ৰাইভেট নেচনেল স্কুল ফৰ গাৰ্লছ আৰু দামাস্কাছৰ ছেকেণ্ডাৰী স্কুল অৱ আৰ্টছ এণ্ড ক্ৰাফ্টছৰ অধ্যক্ষ হিচাপে কাম কৰিছিল।[4]

১৯২২ চনত আমেৰিকাত থকাৰ সময়তে কেণ্ডেলেফ্ট কছমাই চিকাগোত অনুষ্ঠিত হোৱা আন্তৰ্জাতিক মহিলা কংগ্ৰেছত অংশগ্ৰহণ কৰে আৰু তাত তেওঁ মেণ্ডেট ব্যৱস্থাৰ ৰূপত থকা সাম্ৰাজ্যবাদক নিন্দা কৰে।[5] কংগ্ৰেছৰ অধ্যক্ষৰ ভূমিকা গ্ৰহণ কৰি কাণ্ডেলেফ্ট কছমাই ১৯৩৮ চনত পেলেষ্টাইনৰ প্ৰতিৰক্ষাৰ বাবে আৰব মহিলা কংগ্ৰেছ প্ৰস্তুত কৰাত সহায় কৰে।[6] ১৯৩৯ চনত কাণ্ডালেফ্ট কছমাই ছিৰিয়াৰ শিক্ষা মন্ত্ৰালয়ত যোগদান কৰে৷[7] মহিলা সংগঠন গঠন আৰু তদাৰকীৰ কামত তেওঁ জড়িত আছিল।[7] শিক্ষা খণ্ডত প্ৰশিক্ষণ আৰু বিশেষজ্ঞতাৰ বাবে এই মহিলা সংগঠনসমূহৰ ভিতৰত কাণ্ডালেফ্ট কছমাৰ গুৰুত্ব আছিল শিক্ষকসকলক প্ৰশিক্ষণ দিয়া।[6] তদুপৰি কাণ্ডেলেফ্ট কচমাই মহিলাৰ ভোটাধিকাৰৰ বাবে অভিযানত অংশগ্ৰহণ কৰিছিল।[8]

১৯৪৫ চনত কাণ্ডালেফ্ট কছমা আৰব মহিলা নেচনেল লীগৰ প্ৰথম সভানেত্ৰী আৰু সহ-প্ৰতিষ্ঠাপক হয়।[8] এই সময়ছোৱাত তেওঁ মহিলাৰ ভোটাধিকাৰৰ পোষকতা কৰা আৰু আৰব নেতাসকলৰ পদৰ বাবে নিৰ্বাচিত হোৱাৰ পোষকতা কৰা বুলি উল্লেখ কৰা হয়।[6] ১৯৪৬ চনত তেওঁ পেলেষ্টাইনৰ ওপৰত এংলো-আমেৰিকান কমিটি অৱ ইনকুৱাৰীত জড়িত হয়।[6] দ্বিতীয় বিশ্বযুদ্ধৰ পিছত পেলেষ্টাইনৰ আৰ্থ-ৰাজনৈতিক পৰীক্ষা চলোৱাৰ দায়িত্ব দিয়া কেণ্ডেলাফ্ট কছমাক এংলো-আমেৰিকান কমিটীৰ সন্মুখত সাক্ষ্য দিয়া একমাত্ৰ মহিলা বুলি উল্লেখ কৰা হৈছে।

১৯৪৭ চনৰ আগষ্ট মাহত কেণ্ডেলেফ্ট কছমাই ইলিনয়ৰ কাৰ্বনডেলৰ দক্ষিণ ইলিনয় বিশ্ববিদ্যালয়লৈ গৈ আন এটা ভাষণ দিয়ে।[6] তেওঁ ছিৰিয়াত মহিলাৰ অধিকাৰৰ আজীৱন সমৰ্থক৷ তেওঁৰ ভাষণৰ বিষয়বস্তুত আৰব বিশ্বৰ ৰাজনৈতিক বাস্তৱতা, আৰব স্বাধীনতাই ঠাই পাইছিল৷[9]

১৯৬০ চনৰ মাজভাগত লেবাননৰ বেইৰুটত এলিছ কেণ্ডেলেফ্ট কছমাৰ মৃত্যু হয় (সঠিক তাৰিখ অজ্ঞাত), য'ত তেওঁক এতিয়া সমাধিস্থ কৰা হৈছে।[10] ছিৰিয়াত মহিলাৰ শিক্ষা আৰু ভোটাধিকাৰৰ বাবে আন্দোলনৰ পোষকতা কৰাৰ বাবে কাণ্ডেলেফ্ট কছমা পৰিচিত।[11]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. Jain, Devaki (2005) (en ভাষাত). Women, Development, and the UN: A Sixty-Year Quest for Equality and Justice. Indiana University Press. পৃষ্ঠা. 16. ISBN 9780253111845. 
  2. Wells, Karen (2020) (en ভাষাত). Teen Lives Around the World : A Global Encyclopedia. প্ৰকাশক Santa Barbara: ABC-CLIO. পৃষ্ঠা. 555. ISBN 978-1-4408-5244-2. OCLC 1096234119. http://worldcat.org/oclc/1096234119. 
  3. Robinson, Nova (2015). Sisters of Men: Syrian and Lebanese Women's Transnational Campaigns for Arab Independence and Women's Rights, 1910–1949. PhD Diss.. The State University of New Jersey. pp. 388. 
  4. 4.0 4.1 4.2 Robinson, Nova (2015). Sisters of Men: Syrian and Lebanese Women's Transnational Campaigns for Arab Independence and Women's Rights, 1910–1949. PhD Diss.. The State University of New Jersey. pp. 389. 
  5. Rupp, Leila J. (1996). "Challenging Imperialism in International Women's Organizations, 1888–1945". NWSA Journal খণ্ড 8 (1): 16. http://www.jstor.org/stable/4316421. 
  6. 6.0 6.1 6.2 6.3 6.4 Robinson, Nova (2015). Sisters of Men: Syrian and Lebanese Women's Transnational Campaigns for Arab Independence and Women's Rights, 1910–1949. PhD Diss.. The State University of New Jersey. pp. 390. 
  7. 7.0 7.1 Adami, Rebecca (2018) (en ভাষাত). Women and the Universal Declaration of Human Rights. প্ৰকাশক New York: Routledge. পৃষ্ঠা. 80. 
  8. 8.0 8.1 Malitoris, Jessica (2019). The Promise of Marriage Consent: Family Politics, the United Nations, and Women's Rights in the US, 1947–1967. PhD Diss.. Duke University. pp. 147. https://dukespace.lib.duke.edu/dspace/bitstream/handle/10161/18705/Malitoris_duke_0066D_15014.pdf?. 
  9. Robinson, Nova (2015). Sisters of Men: Syrian and Lebanese Women's Transnational Campaigns for Arab Independence and Women's Rights, 1910–1949. PhD Diss.. The State University of New Jersey. pp. 396. 
  10. دبي, متابعة ديما منصور- (13 July 2019). "أليس قندلفت.. السيدة العربية الأولى في الأمم المتحدة.. مُمثلةً سورية" (ar ভাষাত). www.emaratalyoum.com. https://www.emaratalyoum.com/online/follow-ups/2019-07-13-1.1232593। আহৰণ কৰা হৈছে: 2022-03-17. 
  11. Robinson, Nova (2015). Sisters of Men: Syrian and Lebanese Women's Transnational Campaigns for Arab Independence and Women's Rights, 1910–1949. PhD Dissertation. The State University of New Jersey. pp. 81.